ফটাঢোল

আমাৰ প্ৰথম গাড়ীখন – মণ্টু কুমাৰ ডেকা

শীতৰ কোনোবা এটা গধূলি খেৰ ভৰোৱা সেই বস্তাকেইটাৰ ওপৰত “দ” হৈ শুই মই জুইৰ মধুৰ আমেজ লোৱাত ব্যস্ত।ওচৰতে দেউতাৰ দুই এজন বন্ধু, মা, ককাইদেউ, বাইদেউ আৰু হলধৰ খুড়া। তেওঁলোকে কি কথা পাতিছে তাত মোৰ মন কাণ নাই। ওচৰতে শুই থকা কালুৰ ফালে চাই তাৰ নকল কৰি আছো। মাজে-মাজে তাৰ দৰে এটা চকু মেলি তাৰ ফালে চাইছো, সিও চাইছে, চকুৱে চকুৱে পৰাত সি নেজডাল লৰাইছে, মই আকৌ চকুকেইটা মুদি দিওঁ, আকৌ চাওঁ। কালুৰ লগত আমি আমাৰ নিজৰ পৃথিৱীত ব্যস্ত। বাকী কথাত ধ্যান নাই। পিছে দেউতাৰ এটা কথাই মোৰ ধ্যান আকৰ্ষণ কৰিলে। মই ঘপহকৈ উঠি বহিলো। তাকে দেখি কালুও উঠিল। নেজডাল লৰাই মোৰ ওচৰলৈ আহিল।দেউতাক দুনাই সুধিলো, “গাড়ী আনিবি?” দেউতাই একো গুৰুত্ব নিদিলে। ওচৰতে বহি থকা বাইদেউৱে লাহেকৈ ক’লে, “গাড়ীত উঠিব পাৰিবা”।
স্কুললৈ যোৱা আৰম্ভ কৰা নাছিলো যদিও জুইৰ কাষত বহি মাটিৰ ফলিত “ক, খ”কেইটা লিখি পেঞ্চিলেৰে ঘূৰাই-ঘূৰাই ফলিখন ভৰাই তোলো। নাকেৰে শেঙুন বৈ আহি মুখ পাইহি, তালৈ মোৰ মন নাই। সেইদিনা সেইকেইটা সোনকালে লিখি জোৰ জোৰকৈ মাতি পঢ়া সিমানতে সমাপ্ত কৰি একে দৌৰে গৈ মাৰ পিঠিত জাপ মাৰি উঠিলো। ভয়ে-ভয়ে সুধিলো, “গাড়ীখন কেতিয়া আহি পাব?” মায়ে ক’লে, “চকাকেইটাহে আনিবলৈ গৈছে মোমায়েৰে বঙালী বস্তিৰপৰা। তিনি বজাত আহি পাব।” কথাটো বাইদেউ আৰু দাদাক ক’লো।
°°°°°°°
গাঁৱৰ দুজনমানে দেখোন কেইডালমান বাঁহ কান্ধত লৈ আমাৰ নঙলাত পেলাইছে, দুজনমানে বাঁহবোৰ কাটিছে। ভেৱলো ককাই তামোলৰ পাগ লৈ লৈ হুকাটো হুপিছে। হুকাৰ মধুৰ গোন্ধটো আহি মোৰ নাকত সোমাইছে। “কামটো আজিয়েই শেষ কৰিব লাগিব, কাইলে শনিবৰীয়া বজাৰ, হলধৰে গাড়ীখন বজাৰলৈ লৈ যাব পাৰিব।” দেৱৰু খুড়াৰ কথাত একমত নহৈ ভেৱলো ককাই ক’লে, “নহয় নহয়, নতুন গাড়ী, অন্ততঃ কামত লগোৱাৰ আগতে নাম ঘৰত শৰাই এখন দি গীতাখন এবাৰ পাঠ কৰক।”
গাড়ীখন বনোৱাৰ কামখিনি শেষ কৰি, শৰাই দি, গোঁসাই ঈশ্বৰৰ নাম লৈ দেওবাৰে ৰাতিপুৱাতে হলধৰ খুড়াই কঁকালত গামোচাখন বান্ধি সাজু হ’ল। “গাওঁবুঢ়াৰ ঘৰৰ ধান আৰু বেহাৰ দুমোন, মহাজনৰ ঘৰৰ ছয় মোনমান জহা ধান, অমুকাৰ তমুকাৰ….” – হলধৰ খুড়াই দেউতাক হিচাপবোৰ দি গ’ল। মায়ে গোহালি ঘৰত থকা আমাৰ বৃহৎ কজলা আৰু পখৰা হালোৱা গৰু দুটাক পেট ভৰাই খাবলৈ দি কিবা কিবি কৈ আছে। “ভালকৈ খাই ল, কামলৈ যাব লাগিব। মানুহৰ যেন নজৰ নালাগে।”
ৰাতিপুৱাতে সোনকালে উঠি ময়ো সাজু গাড়ীত বহি বজাৰলৈ যাবলৈ। আজি প্ৰথমবাৰৰ বাবে দেওবৰীয়া বজাৰলৈ যাম। চুৱেটাৰ এটা কিনি দিব দেউতাই ভূটীয়াৰ দোকানৰপৰা। ভেৱলো ককা আৰু আইতাও ওলালে। আইতাজনীৰ কঁকালৰ বিষ। ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ কোনো নাই। ৰাতিপুৱাতে আহি দেউতাক কথাটো ক’লে। দেউতাই দুয়োজনকে সাজু হৈ থাকিবলৈ ক’লে। ভেৱলো ককাই নিজে গাড়ীখনৰ বেঁতৰ কামখিনি কৰিলে, মৰাপাট আৰু ম’বিলেৰে চকাকেইটাৰ কামখিনিও ধুনীয়াকৈ কৰিলে। ককাহঁতৰো হেনো আগতে ৰঙামাটি পামত থাকোতে ম’হৰ গাড়ী আছিল। পুতেককেইটা ডাঙৰ হৈহে মাটি বাৰী সকলো বেচি উদং কৰি বেলেগ বেলেগ হৈ গ’ল। গাওঁবুঢ়াৰ ঘৰৰ মাটিতে ককাই সৰুকৈ ঘৰ এটা সাজি তাতে থাকে। বাৰিষা খৰালি অকণমান সহায়ো কৰি দিয়ে।
°°°°°°
আজিকালি হলধৰ খুড়াই আমাৰ গাড়ীখন নচলায়। মহাজনৰ সৰু পুতেকে গাড়ী এখন আনিলে। হলধৰ খুড়াক হেনো দুই টকাকৈ বেছি দৰমহা দিব। এদিন খুড়া আমাৰ গাঁৱলৈ আহিছিল। গাঁৱৰ মানুহে চোৰ বুলি খুব মাৰধৰ কৰিলে। পিছে দেউতাইহে খুড়াক বচাই আমাৰ ঘৰতে ৰাখিলে। খুড়াৰ ঘৰ নগাঁৱৰ মৈৰাবাৰীত। মাহীমাকৰ অত্যাচাৰত থাকিব নোৱাৰি ঘৰ এৰি এদিন পলাইছিল। অতি সোনকালে তেওঁ আমাৰ ঘৰৰ আপোন হৈ পৰিছিল। প্ৰথমতে মই তেওঁক আমাৰ ঘৰৰে বুলি ভাবিছিলো। আমাৰ ঘৰ এৰি মহাজনৰ ঘৰত থাকিবলৈ লোৱাত মায়ে খুব কান্দিছিল। সেইদিনা ৰাতি দেউতাই মাক বুজাইছিল – “এদিন সি আহিব। তেজৰ সম্পৰ্ক নাই যদিও সি মোৰ ভাই।” দেউতাৰো চকু চলচলীয়া হৈছিল।
°°°°
ডাঙৰ মামাৰ বিয়া। মহাজনৰ গাড়ীখন আৰু আমাৰখন, দুখন গাড়ীত মানুহ কিছুমান যাব। বাকীবোৰ খোজকাঢ়ি যাব। দেউতাই নতুনকৈ লোৱা ৰেলী চাইকেলখনত মই যাম। চাইকেলখনৰ আগত এটা সৰু বক্স আছে। তাৰ তলত এটা লাইট। ৰাতি আন্ধাৰত লাইট জ্বলাই চাইকেলৰ আগত বহি যোৱাৰ মজাই বেলেগ। দুটা লেম্প গাড়ী দুখনৰ আগত বান্ধি দিছে। হলধৰ খুড়াই আমাৰ গাড়ীখন এৰি দিয়াৰপৰাই ডাঙৰ মামাইহে আজিকালি সেইখন লৈ বজাৰলৈ যায়। নতুন গৰুহালেও কেৱল মামাকহে চিনি পায়। সেইদিনা ওচৰৰ গাঁৱৰে লক্ষ্মীধৰক গাড়ীৰ চালক হিচাপে লৈ আহিছিল। যোৱাৰ সময়ত কেনেবাকৈ গাড়ীখন লৈ কইনা আনিবলৈ গ’লো। পিছে ঘূৰি অহাৰ সময়তে গৰুহালে লক্ষ্মীধৰৰ কথা নুশুনি ইফালে সিফালে দৌৰিবলৈ ধৰিলে। উপায় নেপাই মামাই কইনা চইনা এৰি নিজে গাড়ীখন চলাই ঘৰ পালেহি। দৰা চাব খোজাসকলে দৰা চাই থাকিল!
°°°°°°°
সময়বোৰ পাৰ হৈ গ’ল। দেউতাই আমাৰ সপোনবোৰ পূৰ কৰিবৰ বাবে গাড়ীখন ল’লে। ইখনৰ পাছত সিখন নতুন চাইকেল। সেই গাড়ী আৰু চাইকেলৰ মাজত শৈশৱৰ বহুতো ৰঙীন সময় পাৰ কৰিলো। আঘোণ পুহ মাহবোৰত ধাননি পথাৰৰপৰা ধান অনা নিয়া কৰা দিনবোৰত গাড়ীখনৰ পাছফালে ওলমি ওলমি পথাৰলৈ গৈছিলো, দেওবাৰ, শনিবাৰ আৰু শুকুৰবৰীয়া বজাৰ খোলাবোৰ, গাঁৱৰ বিয়া-সভাবোৰ আৰু কত যে মধুৰ দিন সেই গাড়ীখনৰ লগত জড়িত হৈ আছে। এদিন দেউতাক কৈছিলো ডাঙৰ হ’লে ময়ো গাড়ী কিনিম। দেউতাই কৈছিল গৰুৰ গাড়ী নহয় ইঞ্জিন থকা গাড়ী কিনিব লাগিব। দেউতাৰ সপোন পূৰণ কৰিবৰ বাবে দিনে ৰাতিয়ে লাগি গ’লো। সময়বোৰ পাৰ হৈ গ’ল। এদিন দেউতাই অকস্মাতে আমাক এৰি বেলেগ এখন জগতলৈ গুচি গ’ল। তথাপিও ভাবিছিলো মা আছে। অন্ততঃ দেউতাৰ শেষ ইচ্ছাখিনি পূৰ কৰিম। এদিন গাড়ী কিনিম, মাক বহুৱাই বজাৰলৈ লৈ যাম। সেই দেওবৰীয়া বজাৰলৈ। পিছে দেউতা ঢুকোৱাৰ তিনি মাহ পাছত মাও এই পৃথিৱীত নাথাকিল।
সময়ৰ সোঁতত ময়ো এদিন জীৱনৰ প্ৰথম ইঞ্জিন থকা গাড়ীখন কিনিলো। তাৰপাছত দেউতাৰ দৰে এইখনৰ পাছত আন এখন। আজিকালি চলাবলৈ হলধৰ খুড়াও নাই। ওচৰত বহিবলৈ দেউতা, মা বা সেই দেৱৰু খুড়া বা ডাঙৰ মামাও নাই। আছে মাথোন হুমুনিয়াহ আৰু বুজাব নোৱাৰা বেদনা। ভঁড়াল ঘৰৰ ওচৰত সজাই থোৱা দেউতাৰ প্ৰথম গাড়ীখনৰ সেই বৃহৎ চকাযোৰ চুই চুই স্মৃতিৰ দলিছাত জহি খহি গৈ কিমান সময় পাৰ কৰিলো গমেই নেপালো। চকুলো নিগৰি গ’ল। ওচৰতে থকা মোৰ ছবছৰীয়া ল’ৰাজনে আঙুলি এটাত ধৰি ঘনাই সুধি আছে, “পাপা সেইকেইটা কি, কেলেই ৰাখিছে সজাই?”
☆★☆★☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    ইমান নষ্টালজিক গল্প। আমি গৰু গাড়ী ভালকৈ নেদেখিলোৱেই। কেতিয়াবা বৰ মন যায় উঠি চাবলৈ।

    Reply
    • মণ্টু কুমাৰ ডেকা

      অশেষ ধন্যবাদ |

      Reply
  • বৰ ধুনীয়াকৈ লিখিছে। ল’ৰালিৰ এইবোৰ স্মৃতিয়ে আজিৰ বিলাসী জীৱনকো তুচ্ছ কৰি তোলে। ভাল পালোঁ।

    Reply
    • মণ্টু কুমাৰ ডেকা

      আন্তৰিক ধন্যবাদ বাইদেউ |

      Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল। শৈশৱৰ স্মৃতি বিলাক বৰ মধুৰ।

    Reply

Leave a Reply

Your email address will not be published.