ফটাঢোল

ইমাৰ্জেন্সি ভাজি – তৃষ্ণা সোণোৱাল

“শিয়াল, কেলেহুৱা বান্দৰ। দিনটো বিছনাখনকে ঘেলেকী থাক। বান্দীয়ে খোৱাই দিবলৈ আছোঁৱেই নহয়।” গোটেই ঘৰটোৱেই কঁপি উঠিল কৰ্কশ মাতষাৰত। মানুহজনীৰ মুখৰ যিহে ভাষা, লাজতে যেন মেকুৰীজনীয়েও ঠাইতে মুখখন লুকুৱাই পেলালে।

“ৰাতিলৈ তেল দাইল একো এটা নাই। বোলো আনিবলৈ যাবিনে?”একো উত্তৰ নাপাই ধেনাৰ টেমাৰ ৰঙা তাঁৰ ছিগো ছিগো হ’ল খঙতে।

“এহ ধেনা কিনো গলা ফালি আছ ইমান গৰমত। এইখনকে ঘূৰাই দে হুঁ”, নিৰ্লিপ্ত সুৰেৰে এইবাৰ মেয়ঙে ধেনালৈ বিচনীখন আগবঢ়াই দিলে।

ধেনাজনী তেতিয়ালৈ ধেনা হৈ থকা নাছিল, সাইলাখ পুৰণি চিনেমাৰ টেলেকা চকুৱা গুণ্ডি মনোৰমা। উগ্ৰমূৰ্তি ধৰি বিচনীৰ নালেৰে মেয়ঙৰ হাতত কটপ কটপকৈ দহোটা কোব সোধাই ফোঁ ফোঁৱাই ধেনা বাহিৰ ওলাল।

“আই ঐ নাগিনীৰ সঁচ! কি এজনী মোৰ ভাগ্যত পঠিয়ালা অ’ ঈশ্বৰ? জীৱনৰ সুখ শান্তিয়ে নোহোৱা হ’ল।” বিষত মেয়ঙৰ চকুপানী ওলাল। উপায় নাপাই সিও দোকানৰ ফালে বাট ল’লে।

মেয়ং আৰু ধেনা, ঈশ্বৰে গঢ়ি পিটি কিবা ভাল ভাবিয়ে দুয়োটাকে পৃথিৱীলৈ পঠিয়াইছিল। নিজৰ ঠাইত দুয়োটাই ঠিকেই আছিল। কিন্তু কোন শতৰুৰ নজৰ লাগিল, নহ’বলগীয়া মানুহৰ মাজতহে বিয়াখন হ’লগৈ। ধেনাৰ মতে এনেহেন এলাইবাদু পুৰুষতকৈ হাউলী বজাৰত নকল ভূটিয়া দেৱাই বিকা ফকীৰটোৱে ভাল। অন্তত দিনে দুটকা হ’লেও উপাৰ্জন কৰি ঘৰ চলাইছে। পুৰুষৰটো সেয়াই কাম, টকা ঘটি আনি ঘৈণীয়েকৰ হাতত দে। বাকী ঘৰৰ যত যি কাম তায়েই আজুৰি পিজুৰি হ’লেও কৰিব। কিন্তু নাই, তাইৰ গিৰিয়েকটো হ’ল মহা নিষ্কৰ্মা। হওঁতে মেয়ং পকামিস্ত্ৰীৰ লগত কেতিয়াবা কেতিয়াবা কাম কৰিবলৈ যায়। পিছে দুদিন গৈ দহদিন জিৰণি লোৱা যোগালীয়ে কিমান টকা ঘটিব সেইটো দেখা শুনাই কথা।দিনে ৰাতিয়ে সেয়ে তাই গিৰিয়েকক আক্ৰমণ কৰি থাকে। মুখে-হাতে সমানে চলে মানুহজনীৰ।

হয় কথাটো, কামৰ নামত কুটা এগচ ইফাল সিফাল নকৰা মানুহ এই মেয়ং মহাপুৰুষ। জীৱনটোত বিচনা আৰু ডুখৰীয়া পীৰাখনৰ বাহিৰে বেলেগ একো বস্তু চিনিয়েই নাপালে। লিখা পঢ়া কৰোঁতে হাত ভৰি বিষাই বুলিয়েই আধাতেই স্কুল এৰিলে। আলাসৰ লাড়ু নুমলীয়া পুতেকে কষ্ট পাই বুলি পিতাকে খেতি খোলাও নিশিকালে। পুতেক যে চুলিৰ পৰা গোৰোহালৈকে মস্ত এটা ধোদলৈ পৰিণত হ’ল, বুঢ়া-বুঢ়ীৰ খবৰেই নাই। বিয়া পাতি দিলে ঠিকেই, পুতেকৰ হ’লে স্বভাৱ সলনি নহ’ল। ককায়েকহঁতেও আই পিতাকক লৈ বেলেগে ঘৰবাৰী কৰি ল’লে। বোলে, “এইহেন ধোদক কোনে লগত ৰাখে, কৰি খাওক নিজে”। ধেনা কামিলা বুলিহে অতদিনে ঘৰখন টানি টুনি চলাই নিছে নহলে মেয়ঙৰ সংসাৰ তেনেই নেচেল।

ইফালে মেয়ঙৰ পছন্দ আছিল লাটুমনি। সুগঢ়ী, লাৱণী চেহেৰাৰ লাটুমনিজনী কেৱল মেয়ঙৰে নহয়, গোটেই অঞ্চলৰে আশাৰ ফুলকলি। মেয়ং গৈছিলেও তাইহঁতৰ ঘৰলৈ পিতাকক লৈ। লাটুমনিৰ বাপেকৰ পছন্দ আকৌ দীপক পুলিচ। কাজেই বাপেক মহেন দোকানীয়ে মেয়ঙৰ টেঁটুত ধৰি চিঞৰিলে, “হেৰৌ মৰ কেলেহুৱা মেয়ং, কি চাই তই মোৰ ঘৰলৈ আহিলি? কি গুণ চাই তোলৈ লাটুক যাঁচোঁ হয়নে?

“খুৰাদেউৰ যে কথা আৰু, এজনীয়ে জীয়েক। আপোনাৰ ঘৰতো মানুহ লাগে দিয়কচোন। দোকানখন ধৰিবলৈও কোনোবা জানো নালাগিব?”

“আও এইটোৰ খঁক চাচোন, মোৰ ঘৰত আহি মোৰেই সম্পতিৰ ভাগ লাগে তোক হা। ধোদ, নিষ্কৰ্মা, কোনে ছোৱালী দিয়ে হেৰৌ তোৰ নিচিনা এটাক! লৈ যা পুতেৰক নহলে তোকে কাটিম বীৰেন কাই”, বিচনাৰ তলৰ পৰা মেচি দাখন উলিয়াই মহেন দোকানীয়ে দুয়োটাকে একপ্ৰকাৰ খেদা মাৰি আহিল।

ওৰে বাট বাপেকে মেয়ঙক গালি পাৰি পাৰি আহিল। বীৰেনে আকৌ ভাবিছিল মেয়ং-লাটুমনি দুয়োৰে মাজত হিয়া দিয়া নিয়া আছে। তাতে দোকানীৰ বিয়ৈ হ’ব পাৰিলে আজি অত বছৰৰ বাকী খোৱাও মাফ পাব।
ইফালে আক নহয়, মেয়ঙৰহে মন তাইলৈ। লাটুমনি আকাশৰ চন্দ্ৰ। হ’লেও বীৰেনেই কাম সিজালেহেঁতেন। ই গেধা মেয়ংটোৰ মুখখনে সৱ পণ্ড কৰিলে। বাপেকৰ কুকুৰে কাঁইট নোখোৱা গালি শুনি মেয়ং দিনতে কাপোৰৰ জাপত সোমাল।

মহেন দোকানীৰ অপমান মেয়ঙে সহ্য কৰিব পাৰিলেও বাপেক বীৰেনে নোৱাৰিলে। সেই গধূলিয়ে মহেনৰ বাৰীৰ কাষৰ লকৈৰ জীয়েক ধেনাক খুজিবলৈ গ’ল। লকৈ বীৰেনৰ আধিখোৱা, এঘৰ ল’ৰা ছোৱালীৰ লালন পালন কৰি ভাগৰি পৰা লকৈয়ে লগে লগেই বীৰেনৰ প্ৰস্তাৱত হা কৰিলে। এনেকৈয়ে মেয়ং ধেনা এটায়েও তত ধৰিব নোৱাৰাকৈয়ে সিহঁতৰ বিয়া ঠিক হ’ল।বাপেকৰ কথাত মাত মাতিবলৈ ভয় কৰা মেয়ঙে সেইদিনাও আশাভঙ্গৰ দুখত ফেকুঁৰি ফেকুঁৰি কান্দিয়েই ধেনাক ঘৰ সোমোৱাইছিলহি।

ৰাতি এপৰলৈ তিনিআলিৰ পুলত আড্ডা দি মেয়ং ঘৰ সোমালহি। দুৱাৰ খুলি দিয়া ধেনাৰ ঘোপা চাৱনিত সি তল মূৰ কৰিলে। মনে মনে থকাই উত্তম। মেকুৰী খোজেৰে চৰু বাটিৰ ঢাকনি গুচাই সি নিজৰ ভাতসাজ খাই বিচনাত পৰিল। পুৱা ধেনাই ফিকা চাহ এবাতি কৰাই ভজাৰে তালৈ আগবঢ়াই দিলে।

“মই আজি নপামলৈ যাম, পোনাক বহুদিন নাই দেখা। এৰাতি থাকিবও পাৰো। চুষ্টি চেলাই শুই নাথাকি ঘৰ দুৱাৰ চাবি ভালকৈ।”

পোনা মেয়ং-ধেনাৰ একমাত্ৰ পুত্ৰধন। টাউনৰ কাষৰ জেঠায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰা পোনা এইবাৰ হাইস্কুল পাবগৈ। ল’ৰাটো বৰকৈ ঘৰলৈ নাহেই, মন গ’লে মাক-বাপেকহালেই চাই আহেগৈ।

“ভাতকেইটা ৰান্ধি থৈ যাবিচোন। মই অকলে এভাগকে কিনো ৰান্ধি থাকিম। পাৰিলে শাক আঞ্জাও কিবা.. ” মেয়ঙৰ চল চাই দিয়া মাত শুনি ধেনাৰ উঠিল টিঙিচকৈ খং।

“সেয়া মই যাওঁ বুলি ক’লোহে তোৰ আৰম্ভ হৈ গ’ল নহয়। ৰহ তিনিদিনমান খাব পৰাকে ভাতকেইটা জুইত দি যাওঁ। খাবি আৰু শুবি। কেলেহুৱাৰ জাত”, গলৰ নলা ডাঙৰ ঘৈণীয়েকৰ ৰূপ দেখি মেয়ং সুৰসুৰকৈ বাহিৰলৈ উঠি গ’ল। খং দেখুৱালে যদিও ধেনাই ৰাতিৰ সাজলৈকে গিৰিয়কলৈ আতৌ পিতৌ কৈ ৰান্ধি থৈ গ’ল। ঘৈণীয়েক বাছত উঠিল কি নুঠিল ইফালে মেয়ং ঢেংকুলুচ কৈ বিছনাত পৰিলেই ।

উসঃ কি শান্তি। নিজম নিতাল পৰিৱেশত শুবলৈ পাই মেয়ঙৰ মন শাঁত পৰি গল। অন্তত দুদিনলৈ তাক খেচখেচাই থাকিবলৈ কোনো নাই, খা আৰু শুই থাক। জীৱন জীবলৈ আৰু কি লাগিছে!

দিনটো তাৰ ঠিকেই গ’ল। পাছদিনাহে লাগিল গণ্ডগোল। পুৱা চকু মেলিয়েই মেয়ঙৰ ভাত খোৱাৰ চিন্তা হ’ল। ইসঃ ইসঃ! ভাত খাব হ’লে ৰান্ধিব লাগিব, ৰান্ধিব হ’লে চাউল ধুব লাগিব, জুই ধৰিব লাগিব, জুই ধৰিবলৈ হ’লে খৰি চপাব লাগিব, খৰি চপাব হ’লে চোতালখনো সাৰিব লাগিব, চোতাল সাৰিব হ’লে গাও ধুব লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ’ল, এই গোটেইবোৰ কৰিবলৈ হ’লে সি বিছনাৰ পৰা উঠিবই লাগিব। আগলৈ ভাবিবই ভয় লগা হ’ল মেয়ঙৰ। যিয়ে নহওক ধেনাৰ অনুপস্থিতিৰ আৰামকণ সি এৰিব নোৱাৰে, কাপোৰখন গায়ে মূৰে ঢাকি মেয়ং পুনৰ শুই পৰিল।

দুপৰীয়াটো গধুৰ হ’ল, বন্ধ গড়ালৰ হাঁহ কুকুৰাৰ পেতেৰ পেতেৰ চিঞৰ বাখৰ আৰু ধেনাৰ মৰমৰ গাহৰি পোৱালিটোৱে ভোকত ৰ’ব নোৱাৰি তালফাল লগাই মৰা চিঞৰত মেয়ং উঠিল। উঠিল মানে এখন ভৰি মজিয়াত এখন ভৰি বিছনাতে ৰাখি ভালে পৰ ওপৰলৈ চায়ে ৰ’ল সি। কি খাব সি, কি বনাব। ভাবি গুণি ককায়েকৰ ঘৰলৈয়ে যোৱাটো ঠিক কৰিলে সি। সেইদিনা ককায়েকৰ ঘৰত খোৱা ভাতকেইটাৰেই দিনটো চলালে সি।
এৰাতিৰ বাবে যোৱা ধেনা সিদিনা নাহিল। “চেহঃ আৰাম বুলি ভাবোতে হাৰামহে হ’ল দেখোন”, মেয়ঙৰ মনটো শুকাই গ’ল।

ৰাতিপুৱা উঠিয়েই ভগৱানক প্ৰাৰ্থনা জুৰিলে মেয়ঙে, “বোলো কিৰিষ্ণ ভগৱান। আপুনি জানেই মোৰ এলাহ কিমান। এই এলাহৰ কাৰণেই কাম এটা কৰিবলৈ নিশিকিলোঁ। এতিয়া এই সিজোৱা পকোৱাৰ বাবে কিমান আলৈ-আথানি হৈছে দেখিছেই। ধেনাক আজি ঘৰলৈ পঠিয়াই দিয়কহে ভগৱান।”

“দদাইটি, অ দদাইটি”, কাৰোবাৰ মাত শুনি মেয়ং ওলাই আহিল। সেয়া ওচৰৰে ভতিজাক সম্বন্ধীয় পিতৌ।

“নপামৰ ফালে বোলে কিবা হুলস্থুল হৈছে। মাৰ পিটৰ কেছ বুলি শুনিছো। গাড়ী মটৰ বন্ধ কৰিছে, খুৰীটি আজিও আহিব নোৱাৰে। কাইলৈ আহিব বোলে, এতিয়া সোনটো কাইদৌৰ ফোনত খবৰ পঠাইছে। “

“ইয়ে ৰাম, আজিও…. “মেয়ঙৰ চকুলো বৈ কান্দোনটো উজাই আহিল।

পিতৌ অবাক হ’ল, মেয়ং দদায়েকৰ এনে ৰূপ সি প্ৰথম দেখিছে। ইমান মৰম চেনেহ ঔ দদায়েক খুৰীয়েকৰ মাজত, দুদিন আঁতৰোঁতেই চকুপানী।

উচুপি উচুপিয়ে মেয়ঙে ঘৰ সাৰিলে, গৰু গাহৰি দানা দিলে। খৰিবোৰ জাপি চাঙত উঠালে, খোৱাপানীকণ ফিল্টাৰত ভৰালে। সকলো অতাই পিতাই জুইশালত বহি তাৰ হাত দুখনলৈ চকু গ’ল। ভাওনাত দেখা হনুমন্তৰ মুখৰ ৰঙাকণ যেন লাগিল হাত দুখন। এই দুদিনতে ছাল এৰি তথৈবচ ৰূপ ধাৰণ কৰিছে। নখৰ তলিখন সুৰমা বুঢ়ীৰ ধঁপাত খোৱা দাঁতকেইটাৰ দৰেই আন্ধাৰ। ভৰি হাতত অসহ্য বিষ। কামত লাগি থাকোঁতেই আলু দাইল আনিবলৈ নহ’ল, তেলটুপিৰ বাহিৰে ঘৰত শাক-পাত এটাও নাই। ভাতকেইটা চৰুত বহাই মেয়ং দৰক লাগিল। সকলো সহ্য কৰিব পাৰিলেও সুদা ভাত সহ্য কৰিব নোৱাৰে সি। পেটত ইপিনে ভয়ংকৰ ভোক।

কি কৰা যায় ? ওলাই যাবলৈও সত যোৱা নাই এতিয়া।

হঠাৎ তাৰ চকু গ’ল দুৱাৰৰ চুকলৈ। হয় হয় সেয়া সি ভবাটোৱে হয়, ইমাৰ্জেন্সি ইমাৰ্জেন্সি সি চিঞৰি দিলে ফূৰ্তিতে। আহিম বুলি কৈ পাছদিনাও ধেনা আহিব নোৱাৰিলে। সেইফালে ভালকৈয়ে বন্ধ লাগিল। ধেনাৰ বৰ চিন্তা হ’ল। এইকেইদিন এলেহুৱাটোৱে কৰিছে কি? খাইছে বা কি? ঘৰ দুৱাৰ, পশু পখীকেইটাৰ যে অৱস্থা কি হৈছে? চিন্তাত বিতত হ’ল তাই। আবেলি এপাকত ফোন লগালে সোনটোলৈ, বোলো যাচোন দদায়েৰৰ খবৰ এটা লৈ আহ। খোৱা বোৱা কৰিছে নাই। সোনটো দোকানী মানুহ, তাৰ বাৰে পতি গৈ থাকিবলৈ সময় নাই। সৰুজনী জীয়েক মাইনাৰ হাতত ফোনটো দদায়েকৰ ঘৰলৈ দি পঠিয়াই দিলে। যি পাতিব আছে নিজে পাতি লওক খুৰীটিয়ে।

মাইনা যোৱা সময়ত মেয়ং চিলমিল টোপনিত। দদায়েকৰ কাণত মবাইলটো দি তাই মধুৰি বিচাৰি বাৰীত পালেগৈ।

“হেল্ল।”

“হেল্ল মই ধেনা।”

“হেল্ল।”

“অ’ শুনিছ, মই বোলো মই ধেনা। শুনিছনে ?”

“অওওও।”

“কিনো কৈছে মানুহটোৱে? হাঁহ কুকুৰাকেইটা ঠিকে আছেনে? গৰু গাহৰিকেইটা একা? মই যাওঁ বুলিও যাব নোৱৰা হ’লো, গাড়ীবোৰ নচলাই হৈছেচোন।”

“উ…. ম ভাল ভাল। বৰ ভাল হৈছে।”

“কি ভাল? অ মই নথকাৰ কাৰণে ভাল পাইছ? গম পাইছো নহয় চব। হুহ আৰাম মাৰিছ এতিয়া। গোটেইখন গৰু গোহালি হ’ল যেন পাইছোঁ। ৰহ গৈ লওঁ, দিম ভালকৈ তোক। “ঢোৰা কাউৰী হেন মাতৰ গালিত মেয়ঙৰ টোপনি ফাটিল।

খপজপাই উঠিল সি,
“নহয় অ’ ধেনা। ইয়াত সকলোৰে ভাল বুলিহে কৈছোঁ। মই খাই বৈ টোপনিত পৰিছিলোঁ, কিনো ক’লোঁ গমে নাপালোঁ। “

“হৈছে হৈছে, বুজিব লগাবোৰ বুজিলোৱে মই। “

“এসঃ কিনো বুজিছ তইহে জানিবি পাই। এই দুদিন অকল ইমাৰ্জেন্সি ভজা খাই খাই মূৰটোৱে কাম কৰা নাই মোৰ। “

-কি! কি ইমাৰ্জেন্সি! হেল্ল হেল্ল, কি ইমাৰ্জেন্সি ? “

“হেল্ল ধেনা, ধেত তেৰিকা মই একো নাই শুনাচোন। হেল্ল হেল্ল।“, ফোন কাট খালে ইতিমধ্যে, বেচেৰা মেয়ঙে ফোন লগাব নাজানে।

সোনটোৰ জীয়েকক পঠিয়াই দি সি আকৌ শুই পৰিল।

সিফালে ইমাৰ্জেন্সি শব্দটো শুনিয়েই ধেনাই হায়ৈ বিয়ৈ লগালে। তাইৰ মানত ইমাৰ্জেন্সি শব্দৰ অৰ্থ কেৱল বিপদ, ভয়ংকৰ বিপদ।
“কি হ’ল মোৰ মানুহটোৰ, কি ইমাৰ্জেন্সি কি ওৱান জিয় এইট হ’ল ঐ। ঐ ডাং বাই, ঐ ভিনি মোক লৈ ব’ল ঐ মানুহটোৰ ওচৰত। ইমাৰ্জেন্সি ইমাৰ্জেন্সি কৈ মাত নোহোৱা হ’ল মানুহটোৰ।”

তালফাল লগোৱা ভনীয়েকক দেখি বায়েক ভিনিহিয়েক হালেই ভয় খাই উঠিল। কি বা’ হ’ল জোঁৱাইৰ? এই কথাই কথা নহয়, বন্ধ হ’লেও গাড়ী এখন বিচাৰি উলিয়ালে ভিনিয়েকে। কাণিমুনি বেলিকা ধেনাহঁত আহি মেয়ঙৰ ঘৰ পালেহি।

মেয়ং তেতিয়াও টোপনিত। আন্ধাৰ কোঠাটোত গেৰেলা পেটেৰে উদং গাৰে মজিয়াত শুই থকা মেয়ঙক দেখি গোটেইবোৰৰে জীউ উৰি গল। কোনোবা এজনে লাইটৰ চুইচটো দি দিলে। মেয়ঙৰ কোৱাৰিয়েদি বৈ অহা লেলাৱতিৰে মজিয়া তিতি চপচপীয়া হৈ আছে।

“হায়ৈ পোনাৰ বাপেকটো, কি হ’ল তোৰ! ঈশ্বৰ দৌতা, কি কৰিলা এয়া! মাত মাত ঐ ৱান জিয় এইট, ঐ হাচপিতেল, ঐ ডাক্তৰ। মাত ঐ কোনোবাই!” ধেনাই মেয়ঙক জোকাৰি জোকাৰি চিঞৰিব ধৰিলে।
ভৰ টোপনিত মাছ মাংসৰ সপোন দেখি লেলাৱতি বোৱাই থকা মেয়ঙো এইবাৰ চক খাই উঠি বহিল।

“হৈ হৈ কি কৰিছ তই” চকুৱে মুখে পানী বোৱাই থকা ধেনা আৰু বাকীবোৰক দেখি সি অবাক, এইজনী কেতিয়া আহিল।

মেয়ঙক সুস্থ অৱস্থাত দেখি আটাইৰে মুখলৈ পানী আহিল। “অ’ তই জীয়াই আছ, দৌতা ঈশ্বৰ কোটি কোটি সেৱা ঔ আপোনাক।”

“কি আক জীয়াই আছ? জীয়াই নাথাকি মৰিব লাগিছিলে নেকি?”

“শালপতি, কি ইমাৰ্জেন্সি হৈছিলহে আপোনাৰ? আমি গোটেইগালে কিমান ভয় খালো”, ভিনিহিয়েকৰ খং উঠিছে। মিছাতে গাড়ী ভাৰাৰ ১২০০ টকা গ’ল, এইডালৰ কাৰণে।

“কি হ’ল মোৰ?”

“উৱা, তয়েই অথনি কোৱা নাই জানো ইমাৰ্জেন্সি ইমাৰ্জেন্সি বুলি।”, ধেনাও তত ধৰিব পৰা নাই।

মেয়ং সঁচাকৈয়ে আচৰিত এইবাৰ। সিনো কেতিয়া ক’লে যে তাৰ ইমাৰ্জেন্সি হৈছে! তলমূৰকৈ ভালেপৰ ভাবিলে, উপস্থিতৰ মনত হাহাকাৰ লাগিল, “কি কথা? ই ইমান চুপচাপ কিয়?”

মৌনতাৰ ওৰ পেলাই অৱশেষত মেয়ং হাঃ হাঃ কৰি হাঁহি উঠিল,”মোৰ ইমাৰ্জেন্সি হোৱা নাই অ’, মই ইমাৰ্জেন্সি ভাজিহে খাইছো বুলি কৈছিলো। ধেত তইনো কি শুনি পাৱ, গোটেইখনকে উঠাই লৈ পালিহি। হাঃ হাঃ হাঃ।”

“ইমাৰ্জেন্সি ভাজি কি বস্তু?”, বিস্মিত সকলোৱে একেলগে মাত দিলে এইবাৰ।

এইবাৰহে মেয়ঙৰ ভয় হ’ল, এইজনীয়ে ইমাৰ্জেন্সি ভাজি কি গম পালে তাক সুদাই নেৰে। তাতে গোটেই বোৰকে মেয়ঙৰ কাৰণেই লৰা ঢপৰা কৰি আনি লাজ পাইছেই। হ’বলগীয়া পৰিস্থিতিৰ কথা ভাবি মেয়ং কিংকৰ্তব্যবিমূঢ় হ’ল।

“কি ইমাৰ্জেন্সি খালি নকৱ কিয়?” ধেনাৰ মাতত প্ৰচণ্ড খং। বাকীবোৰৰো খং উঠিছে লাহে লাহে।

মেয়ঙে লাহেকৈ পাকঘৰৰ চুকত থকা কেৰাহীটোলৈ আঙুলিয়াই দিলে। সকলোৱে উৎসুকতাৰে দৃষ্টি ঘূৰালে সেইফালে ।

কি আছে তাত? কি এই ইমাৰ্জেন্সি ভাজি!

নিমখ হালধি, ভাতৰ কণা, খেৰ খৰিৰ টুকুৰাৰে বিশৃংখল হৈ থকা জুইশালৰ ক’লা কেৰাহীখনত সেয়া আধা কেৰাহীমান কণী ভজা। মেয়ঙৰ ভাষাত ইমাৰ্জেন্সি ভাজি।

“পটাপট হৈ যায় কাৰণে কণী ভজাখিনিক মই ইমাৰ্জেন্সি ভাজি বুলি কৈছিলো। এই ধেনাইহে ভুল বুজিলে।” মেয়ঙে ফুটা নুফুটা মাতেৰে কৈ উঠিল।

গোটেইবোৰৰ গিৰ্জনিত মেয়ঙৰ ঘৰ উৰোঁ উৰোঁ হ’ল।

ধেনাৰ কিবা মনত পৰিল। তাই ঢপলিয়াই দুৱাৰৰ চুকত পালেগৈ এইবাৰ। বাহটো তেনেই চৌ চৌ, খালী বাহটোত ষ্টাইলত বহি থকা হাঁহজনীয়ে দাঁত নিকটাই ধেনাক যেন ইতিকিংহে কৰিছে। ক’ৰবাৰ পৰা কিনি আনি হাঁহ জগাবলৈ ডেৰ ডজন কণী উমনিত দিছিল তাই। দহাই দহাই গিৰিয়েকক কৈ গৈছিল কণী আৰু হাহঁক চাবলৈ। সেই কণী সোপাকে খাই মেলি গিৰিয়েকে নিৰ্মূলে শেষ কৰি পেলালে । প্ৰচণ্ড খঙত মনোৰমাৰ ৰূপ ল’বলৈ গৈ থকা ধেনাক দেখি মেয়ঙে সেপ ঢুকিলে। কি অৱস্থা হয় ঠিক নাই। পৰিস্থিতি বিষম দেখি আলহীও গাড়ীত বহিলগৈ।

ঠেকেচ।

হাহঁজনীৰে সৈতে বাহটো গিৰিয়েকৰ গালৈ দলিয়াই পঠিয়ালে গুণ্ডি মনোৰমাই। লক্ষ্যস্থান পোৱাৰ আদবাটতে হাঁহ ঢপঢপাই উৰি পলাল যদিও বাহৰ বাকী সকলোবোৰ মেয়ঙৰ মূৰতে পৰিলগৈ।

“আনক দেখুৱাই কেটেৰা জেঙেৰা, ভিতৰি নেৰিবা বেথা। আজি গম পালোঁতো ধেনাৰ গিৰিয়েকলৈ কিমান চিন্তা। হায়ৈ মোৰ ইমাৰ্জেন্সি ভাজি, তোমাৰ কি অপাৰ মহিমা।”
খেৰ কূটাবোৰ গাৰ পৰা জোকাৰি মোহাৰি মেয়ঙে টেপেককৈ মাত দিলে।

হঠাতে যেন যাদু হৈ গ’ল। কথাষাৰ শুনিয়েই মনোৰমা ওৰফে ধেনা গুণ্ডি গলিল। গলিল মানে একেবাৰে মম গলাদি সলসলাই বৈ গ’ল তাইৰ খং। মেয়ঙৰ গালৈ দলিয়াবলৈ তুলি লোৱা কেৰাহীখনেৰে নিজৰ মুখখনকে ঢাকি ধৰিলে তাই, লাজ আৰু আনন্দতে।

☆★☆★☆

13 Comments

  • Mitali saharia

    ৱাওও। ধুনীয়া লাগিল তৃষ্ণা।

    Reply
  • গীতিকা শইকীয়া

    কি যে ভাল লাগিল পঢ়ি। সহজ-সৰল গাঁৱলীয়া চৰিত্ৰৰ স্বভাৱসিদ্ধ কথা-বতৰাৰে এটা অন্যন্য গল্প লিখিলা। সঁচাকৈয়ে তোমাৰ গল্পৰ অনুৰাগী হৈ পৰিছোঁ।

    Reply
  • ধৰত্ৰী

    মজ্জা।কণী গাল খালে মেয়ং জহনীয়ে ন!

    Reply
  • Suntu

    সুন্দৰ গল্প

    Reply
  • সদানন্দ ভূঞা

    আই ঐ তৃষ্ণা, এইটো কি সাঙ্ঘাটিক লিখিলা । হাঁহি হাঁহি পেট বিষাই গল ।

    Reply
  • Mousumi gogoi

    ভাল জমনি দেই ।

    Reply
  • Rajib Sarma

    বঢ়িয়া

    Reply
  • Anonymous

    ইমাৰ্জেন্চি ভজা খাই মই ও খুব ভাল পাও তৃস্না ।😂😂😂😂🤣কমলা দাস

    Reply
  • ইমাৰ্জিন্সি বৰ ভাল পালো

    Reply
  • ৰিণ্টু

    টেৰিফিক, এটাই শব্দ

    Reply
  • হেমন্ত কাকতি

    কি বুলি কমেন দিম ঐ মৰতী, আলাভু বুলিয়ে কলোং যা ৷
    ইতি
    এজন মেয়ঙ ৰ বংশৰেই মানুহ!

    ইউ আৰ অ’চাম তৃষ্ণা৷

    Reply
  • ৱাহ, বৰ ধুনীয়া গল্প। আমাৰ গাঁৱতো সাইলাখ মেয়ঙৰ নিচিনা এজন মানুহ আছে। ঘৰত কি আছে কি নাই, তিৰি চলি কি খালে কি নাখালে এইবোৰৰ একো খবৰ নাৰাখে। বহুত ভাল লাগিল।

    Reply
  • তৃষ্ণা সো.

    সকলো লৈকে অন্তৰেৰে ধন্যবাদ জনালো।

    Reply

Leave a Reply

Your email address will not be published.