ফটাঢোল

দি ফল্চ জেমচ্–গ্যে দ্যা মোপাছাঁ, অনুবাদ- গীতিকা শইকীয়া

 

মিষ্টাৰ লেণ্টিনে তেওঁ কাম কৰা অফিচৰ সহকাৰী মুখ্য সচিবৰ ঘৰত আয়োজন কৰা সন্ধিয়াৰ এক অনুষ্ঠানত সেই কমবয়সীয়া সুন্দৰী যুৱতীগৰাকীক প্ৰথমবাৰৰ বাবে লগ পাইছিল। লগ পোৱাৰ লগে লগেই মিষ্টাৰ লেণ্টিন সেই সুন্দৰী যুৱতীগৰাকীৰ প্ৰেমত আচ্ছন্ন হৈ পৰিছিল।
সেই সুন্দৰী যুৱতীগৰাকীৰ দেউতাক পেছাত এজন চিকিত্সক আছিল। চিকিত্সক পিতৃৰ কেইমাহমানৰ আগতে মৃত্যু হোৱাৰ পাছত সুন্দৰী যুৱতীয়ে তেওঁৰ মাতৃৰ লগত পেৰিচত থাকিবলৈ আহিছিল। যুৱতীৰ মাতৃৰ পেৰিচলৈ অহাৰ উদ্দেশ্যই আছিল জীয়েকক কোনো সুপাত্ৰত বিয়া দিয়া। সেয়ে ভদ্ৰ মহিলাই জীয়েকক লগত লৈ তেওঁৰ চিনা-জনা পেৰিচৰ বিভিন্ন পৰিয়ালৰ অনুষ্ঠান আদিত যোগদান কৰি ফুৰিছিল। তেওঁলোক সঁচাকৈয়ে দুখীয়া কিন্তু ন্যায়পৰায়ণ আছিল বুলি সকলোৱে কৈছিল। সময় আৰু পৰিস্থিতিৰ দাবীৰ প্ৰতি তেওঁলোক প্ৰভাৱিত হোৱা নাছিল যেন লাগিছিল।
যুৱতীগৰাকী সঁচাকৈয়ে সকলো গুণৰে বিভূষিত এগৰাকী অতি সুন্দৰী আছিল। চহৰৰ বিবাহ উপযুক্ত প্ৰায় সকলো যুৱকেই তেনে এগৰাকী সুন্দৰী যুৱতীক নিজৰ জীৱন সংগিনী কৰাৰ হাবিয়াস পুহি ৰাখিছিল। তেওঁৰ সাধাৰণতাৰ মাজতেই এক অসাধাৰণ সৌন্দৰ্যই বিৰাজ কৰিছিল। আছিল কিবা এক স্বৰ্গিয় সৰলতাৰ প্ৰকাশ। লগতে সুন্দৰীৰ মুখত অনবৰতে বিৰাজ কৰা মনোমোহা হাঁহিয়ে যুৱতীৰ নিকা অন্তৰৰেই প্ৰকাশ কৰিছিল। চহৰৰ প্ৰায় সকলোৰে মুখত সুন্দৰী যুৱতীগৰাকীৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। যুৱতীৰ সৌন্দৰ্যৰ প্ৰশংসাত মানহে এইদৰে ক’বলৈ লৈছিল,- “সেইজন পুৰষেই অত্যন্ত ভাগ্যৱান হ’ব যিজনে এই সুন্দৰীৰ প্ৰেম পাবলৈ সক্ষম হ’ব।“
ইতিমধ্যে মিষ্টাৰ লেণ্টিনে প্ৰতি মাহে পোৱা সাতশ ফ্ৰাংক দৰমহাৰে সচ্ছলভাৱে চলি থাকিব পাৰিছে। নিজৰ এই সচ্ছলতাৰ প্ৰতি থকা বিশ্বাসেৰে তেওঁ বিবাহোত্তৰ সংসাৰো চলাব পাৰিব বুলি ভাবি সুন্দৰী যুৱতীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিলে আৰু যুৱতীয়ে সেই প্ৰস্তাৱ লগে লগে গ্ৰহণো কৰিলে।
ভাবিব নোৱাৰাকৈয়ে মিষ্টাৰ লেণ্টিন সুখী হৈ পৰিল। তেওঁৰ পত্নীয়ে ঘৰখন বৰ সুন্দৰকৈ আৰু আৰ্থিকভাৱে সুচাৰুৰূপে চলাবলৈ সক্ষম হৈ পৰিল। মিষ্টাৰ লেণ্টিনৰ অনুভৱ হ’বলৈ ল’লে যে তেওঁলোকে সঁচাকৈয়ে লাহ-বিলাহতেই জীৱন-যাপন কৰিবলৈ লৈছে। পত্নীয়ে তেওঁতেই অনবৰতে মনোনিবেশ কৰি অত্যাধিক মৰম-চেনেহ দিয়া দেখি তেওঁ বৰ আনন্দ লভিবলৈ ধৰিলে। তেওঁৰ সুন্দৰী পত্নীৰ মোহনীয়তাত ইমান বেছি আকৰ্ষিত হৈ পৰিছিল যে বিবাহৰ ছয়বছৰৰ পাছতো মিষ্টাৰ লেণ্টিনে অনুভৱ কৰিলে যে তেওঁ বিবাহৰ ঠিক পাছতেই মধুচন্দ্ৰিকাৰ দিনটোত নৱ-বিবাহিতা পত্নীক যিমান ভাল লাগিছিল এতিয়া তাতকৈয়ো অধিক ভালপাবলৈ লৈছে।
তেওঁ অৱশ্যে মাত্ৰ দুটা কথাৰ বাবেই কিছু পৰিমাণে পত্নীৰ ওপৰত মাজে মাজে বিতুষ্ট অনুভৱ কৰে। সেয়া হ’ল সুন্দৰী পত্নীয়ে নাটক চাই বৰ ভাল পাই আৰু নকল আভূষণ আদি সংগ্ৰহ কৰি ফুৰে। সুন্দৰী পত্নীৰ বন্ধু-বান্ধৱীসকলে (তেওঁলোকৰ প্ৰায়ভাগেই তেওঁৰ চিনা-জনা অফিচাৰৰ পত্নী আছিল) থিয়েটাৰ চাবলৈ গ’লেই মিষ্টাৰ লেণ্টিনৰ সুন্দৰী পত্নীৰ হাতত একো একোটা সৰু বক্স উপহাৰ দিছিল। পত্নীয়ে কৈছিল যে সেয়া প্ৰত্যেকখন থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ সন্দৰ্ভৰ কাগজ-পাতি আছিল। সুন্দৰী পত্নীয়ে স্বামী মিষ্টাৰ লেণ্টিনক তেওঁৰ মন থাকিল বা নাথাকিল সদায়েই লগত লৈ গৈছিল। অফিচত গোটেই দিনটো কাম কৰি আহি সুন্দৰী পত্নীয়ে উপভোগ কৰা সন্ধিয়াৰ এই আনন্দখিনিত যোগদান কৰিলেও লাহে লাহে মিষ্টাৰ লেণ্টিনৰ বাবে এয়া আমনিদায়ক হৈ পৰিছিল।
অলপদিনৰ পাছত মিষ্টাৰ লেণ্টিনে তেওঁৰ পত্নীক চিনা-পৰিচয় থকা আন দুই-এগৰাকী ভদ্ৰমহিলাক লৈয়েই সন্ধিয়াৰ আনন্দ-স্ফূৰ্তিখিনি উপভোগ কৰিবলৈ যাবলৈ টানি অনুৰোধ কৰিলে। প্ৰথমতে সুন্দৰী পত্নীয়ে মিষ্টাৰ লেণ্টিনৰ প্ৰস্তাৱটো মানিব খোজা নাছিল, কিন্তু মিষ্টাৰ লেণ্টিনে বহুত বুজোৱাৰ পাছত তেওঁৰ মৰমৰ স্বামীৰ মনৰ আনন্দৰ বাবেই স্বামীৰ প্ৰস্তাৱটোত সন্মতি জনাইছিল।
হঠাতে, নাটকৰ প্ৰতি থকা অহৈতুক প্ৰীতিৰ লগতে মিষ্টাৰ লেণ্টিনৰ সুন্দৰী পত্নীৰ মনত নিজকে সজোৱাৰ এক আকাংক্ষা তীব্ৰতৰ হ’বলৈ ধৰিলে। এইটো সঁচা যে, তেওঁৰ সাজ-পোছাক আগৰদৰেই সাধাৰণ আৰু তেওঁৰ ৰুচি অনুযায়ী বিশেষ আকৰ্ষণীয় হৈয়েই থাকিল, কিন্তু অচিৰেই তেওঁ কাণত প্ৰকৃত হীৰাৰ দৰে জিলিকি থকা নকল হীৰাৰ ডাঙৰ আকৃতিৰ ধুনীয়া ধুনীয়া ফুলিয়ে শোভাবৰ্ধন কৰিবলৈ ল’লে। তেওঁৰ ডিঙিতো নকল মুকুতাৰ মালা অথচ দেখিবলৈ সঁচা মুকুতাৰ নেকলেছ তথা হাততো সোণৰ দৰে দেখাত নকলি খাৰুৱে শুৱনি কৰিবলৈ ধৰিলে।
স্বামী মিষ্টাৰ লেণ্টিনে পত্নীৰ এই বিশেষ পৰিবৰ্তনক সহজভাৱে ল’ব নোৱাৰি সঘনাই নিজৰ আপত্তি দৰ্শাবলৈ ধৰিলে,-
“মাই ডিয়েৰ, যিহেতু তোমাৰ প্ৰকৃত হীৰাৰ গহনা কিনিবলৈ সক্ষমতা নাই, তেনেক্ষেত্ৰত নকল হীৰাৰ গহনা পিন্ধাতকৈ আগৰ দৰেই তোমাৰ সৌন্দৰ্য আৰু অমায়িকতাকেই প্ৰদৰ্শন কৰিব পাৰা। প্ৰকৃততে এই সঁচা সৌন্দৰ্য আৰু অমায়িকতাৰ সংমিশ্ৰণ আজিৰ সমাজত অতিকৈ বিৰল।“
সুন্দৰী পত্নীয়ে মুখখন এক মিঠা হাঁহিৰে ভৰাই তুলিলে আৰু লাহেকৈ ক’লে,-
“মই আৰু কি কৰিব পাৰো কোৱাচোন? গহনাৰ অত্যাধিক প্ৰেমত মই আছন্ন হৈ পৰিছো। এয়া মোৰ একমাত্ৰ দুৰ্বলতা! আমি আমাৰ স্বভাৱৰ সহজতে পৰিবৰ্তন কৰিব নোৱাৰোঁ।“
এনেকৈ কৈ পত্নীয়ে মুকুতাৰ মালাধাৰ হাতৰ তলুৱাত লৈ দেখাই আৰু ধুনীয়া উজ্বল মুকুতাবোৰ লিৰিকি-বিদাৰি স্বামীক সেইবোৰৰ প্ৰতি আকৰ্ষিত কৰিবৰ চেষ্টা কৰিবলৈ ধৰে। স্বামীৰ থুঁতৰিত লাহেকৈ ধৰি পত্নীয়ে লেনিয়াই কয়, –
“কোৱাচোন, এই মুকুতা-হীৰাবোৰ ধুনীয়া নহয় নে বাৰু? কোনোবাই দেখিলে নিশ্চয়কৈ ক’বই যে এইবোৰ সঁচা হীৰাই হয়।
মিষ্টাৰ লেণ্টিনে তেতিয়া লাহেকৈ হাঁহি উত্তৰ দিয়ে, –
“মাই ডিয়েৰ, তোমাৰ মাজত আচৰিতভাৱে এক বহেমিয়া ষ্টাইল আছে।“
সন্ধিয়াবোৰত বহা কোঠাৰ ফায়াৰপ্লেছৰ কাষত বহি দুয়ো যেতিয়া চাহ খাই দুই-চাৰিষাৰ কথা পাতিবলৈ লয়, তেতিয়া সুন্দৰী পত্নীয়ে সেই নকলি হীৰা, মকুতাৰ মালা তথা নকল সোণৰ খাৰুবোৰ ৰখা সৰু চামৰাৰ বাকচটো চাহৰ টেবুলখনত থৈ দিয়ে। উল্লেখযোগ্য যে পত্নীৰ সেই নকল গহনা ৰখা বাকচটোক মিষ্টাৰ লেণ্টিনে “আৱৰ্জনা” বুলি অভিহীত কৰিছিল। পত্নীয়ে নকল মুকুতাবোৰ উলিয়াই লৈ গভীৰভাৱে পৰীক্ষা কৰা দেখিলে এনে লাগে যেন সেইবোৰ যিকোনো প্ৰকাৰে অন্তৰৰ গভীৰ কোণত সুপ্ত হৈ থকা কোনো গুপুত আনন্দৰ লগতহে যেন জড়িত হৈ আছে! পত্নীয়ে প্ৰায়েই তেওঁৰ স্বামীৰ ডিঙিত তেনে একোডাল নেকলেচ পিন্ধাই দিবলৈ চেষ্টা কৰিছিল আৰু পিন্ধাই উঠি সশব্দে হাঁহি হাঁহি ক’বলৈ লৈছিল, –
“তোমাক যে কেনেকুৱা বহুৱাৰ দৰে লাগিছে! “- তাৰপাছত পত্নীয়ে হঠাতে আহি স্বামীৰ গাত-গা লাগি বহি পৰিছিল আৰু আৱেগেৰে সাৱতি ধৰি আদৰৰে চুমা দিবলৈ লৈছিল।
এদিন সন্ধিয়া পত্নীয়ে নাটক চাবলৈ গ’ল আৰু ঘৰলৈ উভতি আহোঁতে তীব্ৰতৰ ঠাণ্ডা অনুভৱ কৰিলে। পিচদিনা পুৱাৰে পৰা তেওঁ কাঁহিবলৈ ল’লে আৰু এনেকৈ কাঁহি কাঁহি বিষ হৈ হাওঁফাওঁ উখহি আঠদিনৰ দিনা তেওঁ মৃত্যুমুখত পৰিল।
পত্নীক হেৰুৱাই সীমাহীন দুখত আক্ৰান্ত হৈ মাত্ৰ এক মাহতে মিষ্টাৰ লেণ্টিনৰ চুলি পকি বগা হ’বলৈ লৈছিল। তেওঁ অনবৰতে কান্দি থাকিছিল। অন্তৰত সোমাই পৰা বিচ্ছেদৰ বিষে তেওঁক কোঙা কৰি পেলাইছিল। তেওঁৰ সুন্দৰী পত্নীৰ ধুনীয়া হাঁহি, সুন্দৰ, অমায়িক স্বৰ, তেওঁৰ প্ৰতি দেখুওৱা মৰম ইত্যাদিৰ স্মৃতিৰে থকা-সৰকা হৈ গৈছিল।
কথাতে কোৱা হয় যে সময়ে সকলো পাহৰাই দিয়ে। পিচে মিষ্টাৰ লেণ্টিনৰ লগত সেইটো হোৱা নাছিল। অফিচৰ সময়ছোৱাত যেতিয়া সহকৰ্মীসকলে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছিল তেতিয়া প্ৰায়েই মিষ্টাৰ লেণ্টিনৰ দুচকু লোতকেৰে ভৰি আহিছিল আৰু তেওঁ সকলোৰে সন্মুখতেই চিঞঁৰি চিঞঁৰি কান্দিবলৈ ধৰিছিল। তেওঁৰ পত্নীৰ শোৱনিকোঠাৰ প্ৰত্যেকটো বস্তুৱেই পত্নী ঢুকুৱাৰ আগতে যেনেকৈ আছিল তেনেকৈয়ে ৰাখিছিল। তেওঁ নিজকে পত্নীৰ সান্নিধ্যৰ অনুভৱৰ কথাবোৰৰ পৰা আঁতৰাব পৰা নাছিল আৰু তেওঁৰ জীৱনৰ অস্তিত্বৰ কাৰক হৈ পৰা মৃত পত্নীৰ স্মৃতিক এক আপুৰুগীয়া সম্পত্তিৰ দৰে মনত ৰাখিব বিচাৰিছিল।
কিন্তু তেওঁৰ জীৱনৰ দৈনন্দিন সংগ্ৰামখনেও দেখা দিবলৈ লৈছিল। তেওঁৰ আয়ৰে তেওঁৰ পত্নীয়ে ঘৰখনৰ সকলো খা-খৰচ মিলাবলৈ সক্ষম হৈছিল, অথচ সেই একেখিনি আয়ৰে এতিয়া দেখোন তেওঁৰ কেৱল নিজৰ দৈনন্দিন খৰচৰ জোৰা-টাপলি মাৰিবলৈও অপাৰগ হৈ পৰিল! তেতিয়া তেওঁ ভাবিবলৈ ধৰিলে যে কেনেকৈ তেওঁৰ পত্নীয়ে ইমান দামী সুৰা কিনিবলৈ সক্ষম হৈছিল, আৰু কেনেকৈ এনে কিছুমান বিৰল দ্ৰব্যৰে ঘৰখন সজাইছিল যিটো এতিয়া তেওঁ অকলে একেখিনি অৰ্থৰে কৰিবলৈ সক্ষম হোৱা নাই।
তেওঁ অভাৱৰ জোৰা মাৰিবলৈ কিছুমান ধাৰ কৰিবলৈ বাধ্য হ’ল আৰু অতি শীঘ্ৰে সম্পূৰ্ণভাৱে দৰিদ্ৰ হৈ পৰিল। এদিন ৰাতিপুৱা হাতত এটাও চেণ্ট (টকা) নথকাত তেওঁ ঘৰৰে কিবা বস্তু বেচি দিবলৈ চিন্তা কৰিলে। লগে লগেই পত্নীৰ সেই নকল গহনাখিনিৰ কথা তেওঁৰ মনলৈ আহিল। সৰ্বশেষত সেই নকল গহনাখিনিৰ প্ৰতি থকা তেওঁৰ ক্ষোভৰ যে অন্ত পৰিব সেই কথাটোক লৈ তেওঁৰ মনলৈ প্ৰথমবাৰৰ বাবে কিবা এক আনন্দৰ ভাৱে অহা-যোৱা কৰিবলৈ ধৰিলে। অতীতত তেওঁক সেই নকল গহনাবোৰে প্ৰায়েই বিৰক্ত কৰিছিল আৰু সেই বিৰক্তিৰ বাবেই নকল গহনাখিনি দেখাৰ লগে লগেই মৃত প্ৰিয়তমা পত্নীৰ স্মৃতি ক্ষন্তেকতে নাইকিয়া হোৱা যেন লাগিছিল।
তেওঁৰ পত্নীয়ে জীৱনৰ শেষ দিনলৈকে সেই নকল গহনাবোৰ কিনাটো অব্যাহত ৰাখিছিল। প্ৰায় প্ৰতিটো সন্ধিয়াই নাটক চাবলৈ গৈ উভতি আহোঁতে নতুন নতুন নকল গহনা, হীৰা, মুকুতাবোৰ কিনি ঘৰলৈ আনিছিল। তেওঁৰ পত্নীয়ে আটাইতকৈ বেছিকৈ মোহিত হোৱা গধুৰ নেকলেচডালকে তেওঁ বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। তেওঁ ভাবিলে যে নেকলেচডালত বোধহয় ছয় অথবা সাত ফ্ৰাংকমান পাবলৈ সক্ষম হ’ব। অৱশ্যে নকলি হ’লেও নেকলেচডালৰ কাৰুকাৰ্য অত্যন্ত সুন্দৰ আছিল বুলি মিষ্টাৰ লেণ্টিনৰ অনুভৱ হৈছিল।
নেকলেচডাল তেওঁৰ কোটৰ পকেটত থ’লে আৰু বেচিবৰ বাবে কোনো আভূষণৰ দোকানৰ সন্ধানত ওলাই গ’ল। তেওঁ ৰাস্তাৰ কাষত প্ৰথমে দেখা আভূষণৰ দোকানখনতেই সোমাই গ’ল, কিন্তু তেওঁৰ দুৰ্দশা দেখুৱাবলৈ সামান্যভাৱে বিতত হৈও পৰিল। লগতে পকেটত থকা নিচেই সামান্য মূল্যহীন নেকলেচডাল দেখুৱাবলৈও ইতস্ততঃবোধ কৰিলে।
আভূশণৰ দোকানৰ গাদীত বহি থকা বেপাৰীজনক উদ্দেশ্যি তেওঁ সামান্য থেৰুগেৰুকৈ ক’বলৈ ধৰিলে,-
“মহাশয়, অনুগ্ৰহ কৰি এই নেকলেচডালৰ মূল্য কিমান হ’ব জনাব পাৰিব নেকি?”.
বেপাৰীজনে নেকলেচডাল তেওঁৰ হাতৰ পৰা লৈ অকনমান সময় পৰীক্ষা কৰি তেওঁৰ সহযোগীজনক মাতি আনিলে আৰু ফুচফুচীয়া স্বৰত কিবা-কিবি কথা পাতি নেকলেচডাল কাউণ্টাৰৰ টেবুলত থৈ কিছু দূৰৈৰ পৰা পুনৰ নিৰীক্ষণ কৰিবলৈ ধৰিলে। যেন সেইডাল কিবা অত্যন্ত মূল্যৱান নেকলেচহে!
মিষ্টাৰ লেণ্টিনক বেপাৰীজনৰ এই কাণ্ড-কাৰখানাই অতিষ্ঠ কৰি তুলিছিল আৰু এইবুলি ক’বলৈ বিচাৰিছিল যে, হয় দিয়ক, মই ভালকৈয়েই জানো যে এই নেকলেচডালৰ কোনো মূল্য নাই বুলি, কিন্তু ঠিক তেনেতে আভূশণৰ বেপাৰীজনে সুধিলে, –
“মহাশয়, এই নেকলেচডাল আনুমানিকভাৱে বাৰৰ পৰা পোন্ধৰ হাজাৰ ফ্ৰাংকৰ মূল্যৰ হ’ব। কিন্তু আপুনি এনে মহা-মূল্যৱান নেকলেচ ক’ত পালে সেইটো নজনোৱালৈকে মই এইডাল কিনিব নোৱাৰোঁ।“
বিপত্নীক মিষ্টাৰ লেণ্টিনে চকুহাল হঠাতে বহলকৈ মেলি বেপাৰীজনক চাবলৈ ধৰিলে আৰু বেপাৰীজনে কি কৈছে সেইয়া যেন তেওঁ বুজিব পৰা নাই তেনে ভাৱতেই অলপপৰ তেনেকৈয়ে তধা লাগি চাই থাকিল। অৱশেষত তেওঁ থোতা-মোজাকৈ ক’বলৈ ধৰিলে, –
“আপুনি কি কৈছে, আপুনি বাৰু খাটাংকৈ কৈছে নে?”
বেপাৰীজনে সামান্য ব্যংগৰ সুৰত উত্তৰ দিলে, –
“আপুনি আন দোকানত সোধা-পোছা কৰিব পাৰে আৰু বিচাৰি চাওক কোনোবাই যদি আপোনাক ইয়াতকৈ বেছি মূল্য দিব পাৰে! মই এই নেকলেচডাল পোন্ধৰহাজাৰ ফ্ৰাংক হ’ব বুলি ঠাৱৰ কৰিছো। যদি আন ক’তো ইয়াতকৈ বেছি মূল্য নাপায় তেন্তে ইয়ালৈ উভতি আহিব পাৰে।“
মিষ্টাৰ লেণ্টিনে চকু-মুখত বিয়পি পৰা পৃথিৱীৰ সমস্ত আশ্বৰ্যৰে নেকলেচডাল টেবুলৰ পৰা তুলি ল’লে আৰু দোকানখনৰ পৰা ওলাই গ’ল। তেওঁক প্ৰকৃতিষ্ঠ হ’বলৈ অলপ সময় লাগিল।
বাহিৰত অলপ সময় তেনেকৈ থাকি মিষ্টাৰ লেণ্টিনৰ সঁচাকৈয়ে হাঁহিবলৈ মন গ’ল, আৰু নিজকে নিজে ক’বলৈ ধৰিলে, –
“মূৰ্খ ক’ৰবাৰ! বেপাৰীজনে ভাবিছে ছাগৈ মই তেওঁৰ কথাত বিশ্বাস কৰিছো বুলি! সেই গহণা বেপাৰীজনে প্ৰকৃত হীৰা আৰু নকলি হীৰাৰ কোনো পাৰ্থক্যই কৰিব নাজানে।“
অলপ সময়ৰ পাছত তেওঁ পেৰিচৰ আটাইতকৈ আভিজাতিক অঞ্চল “ৰু্ দ্যা লা পেই”ৰ এখন আভূষণৰ দোকানত সোমাল। দোকানৰ মালিকজনে নেকলেচডাল দেখাৰ লগে লগেই চিঞঁৰি উঠিল,-
“হে ভগৱান! এই নেকলেচডাল মই ভালকৈয়ে চিনি পাইছো। এইডাল মোৰ দোকানৰ পৰাই কিনা হৈছিল।“
মিষ্টাৰ লেণ্টিন অস্থিৰ হৈ পৰিল আৰু সুধিলে, –
“এই নেকলেচডালৰ মূল্য কিমান হ’ব পাৰে?”
“আচলতে এই নেকলেচডাল মই বিশ হাজাৰ ফ্ৰাংকত বিক্ৰী কৰিছিলো। এতিয়া মই ওঠৰ হাজাৰ ফ্ৰাংকত কিনিবলৈ প্ৰস্তুত আছো। কিন্তু তাৰ আগতে মহাশয়, আমাৰ আইনগত ব্যৱস্থাৱলীৰ বাবে এটা কথা সুধিব খুজিছো যে এই নেকলেচডাল আপোনাৰ হাতলৈ আহিল কেনেকৈ?”
এইবাৰ মিষ্টাৰ লেণ্টিনে সঁচাকৈয়ে থতমত খালে। তেওঁ লাহেকৈ ক’লে-
“কিন্তু— কিন্তু, আপুনি আকৌ এবাৰ অলপ ভালকৈ পৰীক্ষা কৰি চাওকচোন! ঠিক এইমূহুৰ্তলৈকে মই এই নেকলেচডাল নকলি বুলিয়েই ভাবি আছিলো দেখোন!”
আভূষণৰ দোকানীজনে পুনৰ ক’লে,-
“আপোনাৰ নামটো ক’ব পাৰিবনে, মহাশয়?”
“মোৰ নাম লেণ্টিন, মিনিষ্টাৰ অৱ ইনটেৰিয়োৰ বিভাগত কাম কৰোঁ। মই “ৰু দ্যা মাৰ্টিয়াৰ্ছ”ৰ ঘৰ নম্বৰ ১৬ ত থাকোঁ।“
বেপাৰীজনে তেওঁৰ বিক্ৰী খাটা বহীখনত লিখি থোৱা জমা-খাটাবোৰ ভালদৰে নিৰীক্ষণ কৰি লেণ্টিনৰ ঘৰৰ ঠিকনাটো বিচাৰি পালে আৰু ক’লে, –
“এই নেকলেচডাল শ্ৰীমতী লেণ্টিনৰ বাবে এই “ৰু দ্যা মাৰ্টিয়াৰ্ছ”ৰ ঘৰ নম্বৰ ১৬ৰ ঠিকনাটোতে ১৮৭৬ চনৰ জুলাই মাহৰ ২০ তাৰিখে পঠিওৱা হৈছিল।“
মিষ্টাৰ লেণ্টিন আৰু বেপাৰী দুয়োজনে ইজনে সিজনক অলপ সময় চাই থাকিল, – বিপত্নীক ব্যক্তিজনৰ চকুত আশ্বৰ্যৰ লগতে বিব্ৰতবোধ হোৱাৰ চাৱনিয়ে দেখা দিছিল, কিন্তু বেপাৰীজনৰ চকুত কোনোবা গহনা চোৰক দেখাৰ দৃষ্টি স্পষ্টকৈ বুজা গৈছিল। বেপাৰীজনে হঠাতে মিষ্টাৰ লেণ্টিনক ক’বলৈ ধৰিলে, –
“মহাশয়, আপুনি বাৰু চৌব্বিশ ঘণ্টাৰ বাবে এই নেকলেচডাল ইয়াতে থৈ যাব পাৰিবনে? মই ইয়াৰ বাবদ আপোনাক এখন ৰছিদ দিম।“
“নিশ্চয়”- মিষ্টাৰ লেণ্টিনে ততাতৈয়াকৈ উত্তৰ দিলে। তাৰপিচত বেপাৰীজনে দিয়া ৰছিদখন তেওঁৰ কোটৰ পকেটত ভৰাই দোকানখনৰ পৰা ওলাই গ’ল।
তেওঁ দোকানৰ পৰা ওলাই গৈ কোনো লক্ষ্য নোহোৱাকৈ অনাই-বনাই পদপথত ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ মনটো ভয়ংকৰভাৱে খেলিমেলি হৈ পৰিছিল। তেওঁ বাৰে বাৰে নিজক বুজাবলৈ চেষ্টা কৰি থাকিল। তেওঁ নিজে তেনে এক অতি মূল্যৱান আভূষণ কিনিবলৈ সক্ষম কেতিয়াও নহয়। নিশ্চয়কৈ নহয়। কিন্তু, সেইটো বোধহয় কোনোবাই দিয়া উপহাৰ হয় ছাগৈ, -হয় হয়, উপহাৰেই হয় ছাগৈ, কিন্তু এনে মূল্যৱান উপহাৰ কাৰ পৰা পালে? আৰু কি কাৰণেনো এনে মহা-মূল্যৱান উপহাৰ তেওঁৰ পত্নীক কোনোবাই দিব?”
এনেদৰে চিন্তা কৰি কৰি খোজ কাঢ়ি গৈ থাকি তেওঁ হঠাতে মাজ ৰাস্তাতে ৰৈ দিলে। তেওঁৰ মনলৈ এক ভয়ংকৰ সন্দেহে উকমুকাবলৈ ধৰিলে, -তেওঁ বাৰু তেনে নেকি?
তেন্তে সেই গহনাৰ বাকচটোত থকা সকলোবোৰ মণি-মুকুতা, হীৰাৰ গহনাবোৰো হয়তো কোনোবাই উপহাৰ দিয়া! মিষ্টাৰ লেণ্টিনৰ ভৰিৰ তলৰ পৃথিৱীখন কঁপিবলৈ ধৰা যেন লাগিল, ৰাস্তাৰ কাষত থকা তেওঁ চকুৰে দেখি থকা গছজোপা বাগৰি তেওঁৰ গাতে পৰা যেন লাগিল, হঠাতে তেওঁ অনুভৱ কৰিলে যে তেওঁৰ হাতদুখন সৰি পৰিছে, তেওঁ অচেতন হৈ মাটিত বাগৰি পৰিল। ৰাস্তাইদি গৈ থকা মানুহে তেওঁক ওচৰৰে এখন ফাৰ্মাচীলৈ লৈ গ’ল, তেওঁ চকু মেলি চালে আৰু অলপ সুষ্ঠ হোৱাত মানুহখিনিয়ে তেওঁক তেওঁৰ বাসস্থানত নমাই থৈ গ’ল। ঘৰত উপস্থিত হৈয়েই তেওঁ শুৱনি কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিলে আৰু সন্ধিয়া হোৱাৰ লৈকে কান্দি থাকিল। কান্দি কান্দি ভাগৰি যোৱাত তেওঁ বিছনাত বাগৰি পৰিল আৰু গোটেই ৰাতিটো ইকাটি-সিকাটি কৈ উজাগৰি নিশা পাৰ কৰিলে।
পিচদিনা ৰাতিপুৱা তেওঁ শোৱাৰ পৰা উঠিল আৰু অফিচলৈ যাবলৈ সাজু হ’বৰ আয়োজন কৰিব ল’লে। কিন্তু এনে এটা হতভম্ব হ’ব পৰা ঘটনাৰ পাছত অফিচত গৈ সহজভাৱে কাম কৰাটো সম্ভৱ নাছিল। তেওঁ মেনেজাৰলৈ দিনটোৰ বাবে ৰেহাই দিবলৈ অনুৰোধ জনাই এখন দৰ্খাস্ত লিখি পঠালে। তেনেতে তেওঁৰ মনলৈ আহিল যে তেওঁ সেই আভূষণৰ দোকানখনলৈ গৈ নেকলেচডাল উভতাই ল’ব আছে। পিচে তেওঁ কথাটো বৰ এটা ভাল নাপালে, কিন্তু সেই নেকলেচডাল বেপাৰীজনৰ হাতত ৰখাৰো পক্ষপাতী নাছিল। সেয়ে পোছাক সলাই তেওঁ দোকানখনলৈ ঢাপলি মেলিলে।
দিনটো বৰ সুন্দৰ আছিল। চহৰখনৰ ব্যস্ত ৰাজপথত আকাশৰ নীলাখিনিয়ে মিচিকি হাঁহি বিলাইছিল আৰু অৱকাশৰ সময় কটাই ভাল পোৱা মানুহবোৰে কোটৰ পকেটত হাত ভৰাই আপোনমনে অহা-যোৱা কৰি আছিল।
সেই মানুহবোৰক নিৰীক্ষণ কৰি গৈ থকা মিষ্টাৰ লেণ্টিনে নিজকে নিজেই ক’বলৈ ধৰিলে, – “ধনী মানুহবিলাকেই বাস্তৱিকতে সুখী মানুহ। লগত ধন থাকিলে গভীৰৰ পৰা গভীৰ দুখো পাহৰি যাব পাৰি। কোনোবাই য’লৈকে যাব খোজে যাব পাৰে আৰু তেনেকৈ ক’ৰবাত ফুৰিবলৈ গ’লে মনৰ বা-মাৰলিক আনফালে গতি দিব পাৰে, মনৰ দুখ পাতলাবলৈ সেয়া এক মহৌষধি হৈ পৰিব পাৰে। অস! ময়ো যদি ধনী মানুহ হ’লোহেঁতেন!”
তেওঁৰ লাহে লাহে ভোক লাগিবলৈ ধৰিলে, কিন্তু তেওঁৰ পকেট খালী আছিল। লগে লগে তেওঁৰ নেকলেচডাললৈ মনত পৰিল। ওঠৰ হাজাৰ ফ্ৰাংক! ওঠৰ হাজাৰ ফ্ৰাংক! কিমান যে মোটা অংকৰ ধন সেয়া!
তেওঁ অতি সোনকালেই “ৰু দ্যা লা পেই”ৰ সেই আভূষণৰ দোকানখনৰ সন্মুখত উপস্থিত হ’লগৈ। ওঠৰ হাজাৰ ফ্ৰাংক! তেওঁ ভাবিবলৈ ধৰিলে। মনটোৱে বাৰে বাৰে যাবলৈ কয়, কিন্তু তেওঁৰ লজ্জাবোধে তেওঁক বাৰে বাৰে দোকানখনলৈ যাবলৈ বাধা দিয়ে। তেওঁ ভোকাতুৰ আছিল, অতি বেছি ভোক লাগিছিল, আৰু তেওঁৰ পকেটত এক চেণ্ট মুদ্ৰাও নাছিল। তেওঁ লৰালৰিকৈ সিদ্ধান্ত ল’লে, ৰাস্তাৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ দৌৰি পাৰ হৈ গ’ল যাতে সেই ভাৱবোৰে তেওঁক বেছি বাধা দিব নোৱাৰে আৰু গৈয়েই দোকানখনৰ ভিতৰত প্ৰৱেশ কৰিলে।
আভূষণৰ দোকানখনৰ মালিকজনে তেওঁক দেখাৰ লগে লগেই আগবাঢ়ি আহিল আৰু সন্মানসূচক ভাৱেৰে তেওঁক বহিবলৈ চকী এখন আগবঢ়াই দিলে, কাষতে কাম কৰি থকা কেৰাণীজনে তেওঁলৈ চিনাকি মানুহক দেখাৰ দৰে চাৱনিৰে চালে।
“মিষ্টাৰ লেণ্টিন, মই খবৰ-খাতি ল’লো”,- মালিকজনে ক’বলৈ ধৰিলে,- “আৰু যদি এতিয়াও আপুনি এই নেকলেচডাল বিক্ৰি কৰিব খোজে, তেন্তে মই কালি আগবঢ়োৱা দাম দিবলৈ প্ৰস্তুত।“
“নিশ্চয় মহাশয়” – মিষ্টাৰ লেণ্টিনে খোনোৱাৰ দৰে লাগিল।
লগে লগেই আভূষণৰ দোকানৰ মালিকজনে টেবুলৰ ড্ৰয়াৰৰ পৰা ওঠৰ হাজাৰ ফ্ৰাংকৰ নোটখিনি হিচাব কৰি উলিয়াই আনিলে আৰু মিষ্টাৰ লেণ্টিনৰ হাতত দিলে। কেৰাণীজনে আগবঢ়াই দিয়া ধনৰ পৰিমাণটোৰ ৰছিদখনত চহী কৰি মিষ্টাৰ লেণ্টিনে কঁপা কঁপা হাতেৰে ধনৰাশি লৈ কোটৰ পকেটত ভৰালে।
লাহে লাহে দোকানৰ পৰা যাবলৈ ওলাই তেওঁ পুনৰ মালিকজনৰ ফালে আগবাঢ়ি যোৱা দেখি মালিকজনে চিনাকি মানুহক পোৱাৰ দৰে হাঁহি মাৰিলে। মিষ্টাৰ লেণ্টিনে মূৰটো সামান্য হাউলি দি ক’লে,-
“মোৰ, মানে মোৰ হাতত এই একেটা সূত্ৰৰ পৰাই পোৱা আৰু কিছুমান মণি-মুক্তা তথা হীৰাৰ গহনা অলপ আছে। সেইখিনিও আপুনি কিনিব খোজে নেকি?”
মালিকজনে মূৰটো লৰাই ক’লে, – “নিশ্চয় মহাশয়।“
মিষ্টাৰ লেণ্টিনে সকাহ পোৱাৰ দৰে উত্তৰ দিলে, – “তেন্তে মই সেইবোৰ আপোনাৰ ওচৰলৈ আনি আছো।“
এঘণ্টাৰ পাছত তেওঁ সেই সকলোবোৰ মণি-মুক্তা আৰু হীৰাৰ গহনাখিনি লৈ দোকানখনত উপস্থিত হ’ল।
ডাঙৰ আকৃতিৰ হীৰাৰ ফুলিযোৰৰ মূল্য বিশ হাজাৰ ফ্ৰাংক আছিল, ব্ৰেছলেটযোৰৰ দাম পঁয়ত্ৰিশ হাজাৰ ফ্ৰাংক আছিল, আঙঠিকেইটাৰ একোটাৰ দাম ষোল্ল হাজাৰ ফ্ৰাংকৰ, পান্নাৰ ছেট আৰু ইন্দ্ৰনীল মণিৰ হাৰৰ প্ৰতিযোৰ ছেটৰ দাম আছিল চৈধ্য হাজাৰ ফ্ৰাংককৈ, সোণৰ চেইন তথা ৰত্নখচিত ফুলিৰ ছেটটোৰ দাম আছিল চল্লিশ হাজাৰ ফ্ৰাংক, -এই গোটেইখিনি মিলাই মুঠ ধনৰাশিৰ পৰিমাণ এক লাখ তিৰাল্লিশ হাজাৰ ফ্ৰাংক হ’লগৈ।
আভূষণৰ দোকানখনৰ মালিকজনে সামান্য ধেমেলীয়া সুৰতেই ক’বলৈ ধৰিলে, – “আপোনাৰ পত্নীয়ে তেওঁৰ আৰ্জনৰ সকলোখিনি কেৱল মণি-মুক্তা, দুস্প্ৰাপ্য হীৰা-জহৰীতেই বিনিয়োগ কৰি গ’ল।“
মিষ্টাৰ লেণ্টিনে সেইবাৰ গম্ভীৰভাৱে উত্তৰ দিলে,-
“নিজৰ কষ্টৰ ধন বিনিয়োগ কৰাৰ এয়া এক অতি সুন্দৰ পথ।“
সেইদিনা তেওঁ পেৰিচৰ আটাইতকৈ অভিজাত ৰেষ্টুৰেণ্ট “ৱৈজিন্চ”ত দুপৰীয়াৰ আহাৰ খালে আৰু বিশ ফ্ৰাংকৰ অতি দামী সুৰা পান কৰিলে। তাৰপাছত তেওঁ এখন ঘোঁৰাবাগী ভাড়া ল’লে আৰু পেৰিচ চহৰৰ অভিজাত ঠাইসমূহ পৰিভ্ৰমণ কৰিবলৈ ল’লে। সেই অভিজাত অঞ্চলবোৰৰ বিভিন্ন ঠাইত ৰৈ তেওঁ কাৰোলৈকে ভ্ৰুক্ষেপ নকৰি নিজকে নিজেই ক’বলৈ ধৰিলে,-
“এতিয়া ময়ো ধনী মানুহ হৈ গ’লোঁ। দুশ হাজাৰ ফ্ৰাংক অৰ্থেৰে মই ধনী মানুহ হৈ পৰিলো।“
হঠাতে তেওঁৰ চাকৰিটোৰ কথা মনত পৰিল। তেওঁ লগে লগেই অফিচলৈ গ’ল আৰু আনন্দৰ আতিশৰ্যৰে মেনেজাৰক ক’বলৈ ধৰিলে,-
“মহাশয়, মই মোৰ চাকৰিৰ পৰা ইস্তফা দিবলৈ আহিছো। মই অলপ আগতে বংশানুক্ৰমিকভাৱে তিনিশ হাজাৰ ফ্ৰাংকৰ অধিকাৰী হ’লোঁ।“
তেওঁ অফিচৰ সহকৰ্মীসকলৰ লগত কৰমৰ্দন কৰিলে আৰু ভৱিষ্যতে কৰিবলগীয়া ব্যৱসায়ৰ কিছুমান পৰিকল্পনা ফাদিল কৰিলে। তাৰপিচত তেওঁ পেৰিচৰ আন এখন অভিজাত ৰেষ্টুৰেষ্ট “কেফে এংগ্লায়াৰ্ছ”ত সন্ধিয়াৰ সাজ খাবলৈ গ’ল।
তেওঁ এজন আভিজ্যাতিক বেশ-ভূষাৰ ব্যক্তি বহি থকা টেবুলৰ কাষৰ চকীখনতে বহিল আৰু আহাৰ খাই থকা সময়ছোৱাত তেওঁ সেই ব্যক্তিজনক জনালে যে অলপ আগতে বংশগতভাৱে তেওঁ মুঠ চাৰিশ হাজাৰ ফ্ৰাংক ধনৰ গৰাকী হৈছে।
সেইদিনা জীৱনত পোন প্ৰথমবাৰৰ বাবে তেওঁ নাটক চাই আমনি পোৱা নাছিল আৰু গোটেই ৰাতিটো বিভিন্ন ক্লাৱৰ আমোদ-প্ৰমোদৰ নামত কটাই দিছিল।
ছয়মাহৰ পাছত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ দ্বিতীয় পত্নী এগৰাকী অতি গুণশালী নাৰী আছিল। পিচে স্বভাৱত অতি উগ্ৰ আছিল। দ্বিতীয় পত্নীয়ে তেওঁক আৰু অধিক মানসিক দুখ দিছিল।

 

ফৰাচী গল্পকাৰ গ্যে দ্যা মোপাছাঁ (৫ আগষ্ট ১৮৫০ – ৬ জুলাই ১৮৯৩) বিশ্বৰ গল্প সাহিত্য জগতৰ এক নমস্য নাম। গল্পৰ লগতে মোপাছাঁ কবি আৰু উপন্যাসিক হিচাবেও জনপ্ৰিয় আছিল। আধুনিক গল্প সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা মোপাছাঁৰ গল্পত সাধাৰণতেই মানুহৰ জীৱন ধাৰা আৰু কপালৰ লিখন তথা সামাজিক নিয়ম-কানুনৰ প্ৰতি ভত্সনা আৰু প্ৰায়েই জীৱনৰ প্ৰতি নিৰাশাবাদী ভাৱধাৰাৰ প্ৰকাশ দেখা পোৱা গৈছিল।
১৮৫০ চনত ফ্ৰান্সৰ নৰমাণ্ডিত জন্মগ্ৰহণ কৰা মোপাছাঁই ১৮৬৯ ত পেৰিচলৈ আহি আইন বিষয়ত পঢ়া-শুনা আৰম্ভ কৰে যদিও সেই সময়ত চলি থকা ফ্ৰান্স-প্ৰুশিয়া যুদ্ধৰ ফলত সেনাবাহিনীত যোগদান কৰিবলগীয়া হয়। সেয়ে মোপাছাঁৰ প্ৰায়বোৰ লিখনিতেই যুদ্ধৰ ফলত সাধাৰণ মানুহে ভূগিবলগীয়া হোৱা অৱস্থাৰ, পৰিস্থিতিৰ হৃদয়স্পৰ্শী বৰ্ণনা পোৱা যায়। তেওঁৰ শ্ৰেষ্ঠ গল্প ৰূপে অভিহীত “ব্যুল দ্য সুইফ” নামৰ গল্পটোত ফ্ৰান্স-প্ৰুশিয়া যুদ্ধৰ পটভূমিত এগৰাকী বেশ্যাৰ জীৱনক লৈ ৰচনা কৰা হৈছিল।
সেইসময়ৰ ফৰাচী সাহিত্যৰ পুৰোধা ব্যক্তি গুস্তাভ’ ফ্ল’বেয়াৰৰ উত্তৰসুৰী হিচাবে পৰিচিত মোপাছাঁৰ বিশ্ব প্ৰসিদ্ধ গল্পবোৰৰ ভিতৰত অন্যতম “দি নেকলেচ”, “মাদামোয়াজেল ফিফি”, “ইউজলেছ বিউটি”, চুইচাইদ ইত্যাদি অন্যতম। মাত্ৰ তিৰাল্লিশ বছৰ বয়সতে ইহসংসাৰৰ পৰা বিদায় মাগা মহান গল্পকাৰ, কবি, উপন্যাসিক গ্যে দ্যা মোপাছাঁই কেৱল এক দশকৰ বাবেহে সাহিত্য চৰ্চা কৰা সময়খিনিৰ ভিতৰতে সৰ্বমুঠ ৩০০ টা চুটি গল্প, ছয়খন উপন্যাস, তিনিখন ভ্ৰমণমূলক গ্ৰন্থ, তিনিটা খণ্ডৰ কথা-কবিতাৰে ফৰাচী সাহিত্য তথা বিশ্ব সাহিত্যক চহকী কৰি থৈ গৈছিল।
“দি ফল্চ জেম্চ” গল্পটিত এজন ব্যক্তিয়ে পত্নীৰ ৰূপৰ আধাৰত প্ৰেমত মজি থাকোঁতেই পত্নীৰ মৃত্যু হৈ যায়। মৃত্যুৰ পিচতহে তেওঁ পত্নীৰ পৰ-পুৰুষৰ লগত থকা সম্বন্ধৰ কথা জ্ঞাত হয়। প্ৰথমা পত্নীৰ বিশ্বাসঘাটকতাই কোঙা কৰি পেলোৱা মানুহজনে গুণৱতী বুলি ভাবা এগৰাকী নাৰীক বিয়া পাতিলে। কিন্তু গুণৱতী দ্বিতীয় পত্নীৰ উগ্ৰ মেজাজৰ সন্মুখত তেওঁ বেছি কষ্টহে পোৱা যেন অনুভৱ কৰিবলৈ ধৰিলে। মানুহজনে তেতিয়াহে উপলব্ধি কৰিলে যে ৰূপৱতী-গুণৱতী বুলি ভাবি লোৱাতেই মানুহ সুখী হ’ব নোৱাৰে। সুখী হ’বলৈ তেনে কোনো গুণ-ৰূপৰ আৱশ্যকতাই অৱশ্যে নাথাকে।
অৰ্থাত চকুৰে দেখা সৌন্দৰ্যই সকলো নহয়। চকুৰে দেখা মণি-মুকুতা-হীৰা সকলোবোৰ সঁচা নহবও পাৰে।

☆★☆★☆

9 Comments

  • utpala kaur

    বঢ়িয়া

    Reply
  • ভাল লাগিল গীতিকা৷ বৰ গধুৰ ভাৱধাৰা সোমাই আছে৷ বাহিৰত দেখা সকলো যে একে নহয় বুজিলোঁ৷ শেষত লিখকৰ ওপৰত দিয়া টিপ্পণীটোৱে সোনত সুৱগা চৰাইছে৷

    Reply
    • Gitika Saikia

      ধন্যবাদ দাদা। মোপাছাঁৰ গল্পৰ এক সুকীয়া আমেজ আছে।

      Reply
  • ৰূপাঞ্জলী

    ভাল লাগিল

    Reply
  • পঢ়ি বহুত ভাল লাগিল।

    Reply
  • ধ্ৰুৱ জ্যোতি অৰ্জুন

    মোঁপাছা মোৰ খূউৱ প্ৰিয়তম লিখক । তেঁওৰ প্ৰতিটো গল্পই মোৰ খূউৱ প্ৰিয় ।

    Reply
    • Gitika Saikia

      পঢ়ি কেনে পালা নক’লা যে……… যিনহওক, ধন্যবাদ পঢ়ি চোৱাৰ বাবে।

      Reply
  • Purabi M kotoky

    সাংঘাতিক অনুবাদ বা, বহুত ভাল লাগিল ।
    আগলৈও এনেকৈ তুমি কৰা অনুবাদ পঢ়িবলৈ পাম বুলি আশা কৰিলো ।

    Reply
  • Papari Barman

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *