ফটাঢোল

নয়ন – বৈদুৰ্য্য বৰুৱা

বেটাৰী ৰিক্সাখন লৈ নিশা অমল ঘৰলৈ উভতিছিল। পিছফালে ৰাজু। ৰাতি চাৰে দহটাৰ পাছত আৰু ভাড়া পোৱাৰ আশা কম থাকে। এইসময়ত আৰু দোকানে বজাৰেও মানুহ নাথাকে বা চহৰখনলৈ ট্ৰেইন বাছ আহিবলৈও নাথাকে। যাত্ৰীৰ বাবে খাপ পিতিও লাভ নাই। গতিকে অমল ঘৰমুৱা হৈছিল। গাঁৱৰে ৰাজুও তাৰ ৰিক্সাখনত জাঁপ মাৰি উঠিল। বোলে ভালেই হ’ল তোক পালোঁ। বাইকখন পাংচাৰ হ’ল। ৰবিৰ দোকানত পেলাই থৈ আহিছোঁ। কালিলৈ ৰাতিপুৱা লৈ যাম।

সিহঁতে ইটো সিটো কথা পাতি আহি আছিল। নগৰখন কিছু দূৰ পাৰ হৈছিল সিহঁত। নিজান বাট পথ। তেনেতে সিহঁতে ৰিক্সাৰ হে’ড লাইটটোৰ পোহৰত দেখিলে কিছু দূৰত ৰাস্তাৰ কাষত মানুহ এটা তললৈ মূৰ কৰি উবুৰি খাই পৰি আছে।

হয়তো কোনোবা মদপী হ’ব পাৰে৷ পূজাৰ বতৰ টেটুৰ গুৰিলৈকে মাৰি পঠিয়ালে৷ অমলে ভাৱিলে সি পাৰ হৈ গ’ল পৰি থকা মানুহটো এৰি।

: এই ৰচোন; ৰ ৰ কোন পৰি আছে সেইটো চাওঁ!

 ৰাজুৱে তাক চিঞৰি উঠিল।

: বাদ দে কোনোবা মদাহী৷

: কাপোৰ কানিলৈ চাই মদাহী যেন লগা নাই৷ ৰখাচোন ৰখা৷ কোনোবা চিনাকিও হ’ব পাৰে৷

অনিচ্ছা স্বত্বেও অমলে ৰিক্সাখন ব্ৰেক মাৰি ৰখাই পিছফাললৈ বুলি আকৌ বেক গিয়াৰ লগালে।

ৰাজু নামি গ’ল পৰি থকা মানুহটোৰ ফালে। তলমূৰকৈ পৰি আছে মানুহটো। উশাহ নিশাহ মন্থৰ। ৰাজুৱে মানুহটোক ধৰি ওপৰমুৱা কৰি দিলে। এজন যুৱক।মুখেৰে ফেন ওলাই আছে। কিন্তু এয়া দেখোন নয়ন৷ নয়ন দা..!

: আৰে! অমল, এয়া নয়ন দা দেখোন!

: নয়ন দা! মানে নয়ন বৰা?

: অঁ তো৷

অমলো নামি আহিল বেটাৰী ৰিক্সাৰ পৰা।

: কি হ’ল নয়ন দাৰ! নয়ন দাইতো এনেকৈ মদ নাখায়৷

: কোনোবাই কিবা খুৱাই লুটিলে যেন পাইছোঁ৷ মুখেৰে ফেন ওলাই আছে৷

: কি কৰ এতিয়া?

: কি কৰ মানে চিভিল হস্পিতালত ভৰ্ত্তি কৰি দিওঁ ব’ল৷

: ব’ল ব’ল। চা চোন চা মবাইলটো চা জেপত৷ ঘৰৰ কাৰোবালৈ ফোন এটা কৰি দিওঁ৷

: চাইছিলোঁ৷ নাই, ম’বাইল মানিবেগ সব লুটিলে৷

: ব’ল বাদ দে৷ চিভিলৰ ওচৰত নয়ন দাহঁতৰ আড্ডা এটা আছে৷ তাতে খবৰটো দি দিম ব’ল৷

সিহঁতে লৰালৰিকৈ যুৱকজনক ধৰি মেলি বেটাৰী ৰিক্সাৰ পিছফালে উঠাই চিভিল হস্পিটালৰ অভিমুখে আগবাঢ়িল।

: দাদা আপোনালোক চিভিললৈ আহকচোন৷ আপোনালোকৰ লগৰ নয়নদাৰ কিবা এটা হৈছে৷ চেঞ্চলেচ হৈ ৰাস্তাত পৰি আছিল৷ আমি পাই উঠাই আনিছোঁ৷

চিভিল হস্পিটালৰ কাষৰ নয়নে আড্ডা মৰা দোকানখনৰ আগত ই ৰিক্সাখন অলপ ৰখাই সেইফালে চাই অমলে চিঞৰিলে। দোকানখন বন্ধ কৰিবলৈ দোকানীয়ে যা যোগাৰ চলাইছিল যদিও চাৰি পাঁচটামানে তেতিয়াও আড্ডা পিটি আছিল৷

: কি কৱ! নয়নৰ কি হ’ল আকৌ! তাক ৰাতিপুৱা লগ পাইছোঁ৷

কোনোবা এটাই চিঞৰিলে।

: ক’ব নোৱাৰোঁ দাদা৷ আপোনালোক আহক৷ ঘৰত খবৰ দি চমজি লওক কেচটো৷ আমি ঘৰলৈ যাব লাগে৷ নয়ন দা বুলিহে উঠাই আনিলোঁ৷

অমল আকৌ হস্পিটালৰ ফালে আগবাঢ়িল। নয়ন অচেতন হৈ ষ্ট্ৰেচাৰ খনত পৰি আছিল। লগৰকেইটাই তাক ঘেৰি ধৰি নিজৰ মাজত আলোচনা কৰি আছিল৷ নয়নেতো আজিকালি মদ খোৱা এৰিছে৷ কোনোবাই নিশ্চয় কিবা খুৱালে৷ অহ হ’ আজি সি পঞ্চাচ হাজাৰ টকা ক’ৰবাত পে’মেণ্ট কৰিবলৈ যোৱাৰ কথা আছিল৷ সেইয়া মই ঠিক আণ্ডাজ কৰিছিলোঁ৷ মাৰচোন মাৰ তাৰ ফোনটোলৈ ৰিং এটা মাৰ৷ আৰে মাৰি চাইছিলোঁ৷ চিম খুলি দিলে৷ কোন বুৰ্বকে এতিয়ালৈকে চিম লগাই থ’ব? ইতিমধ্যে ডাক্তৰ আহিছিল। তেওঁ ৰোগীক পৰীক্ষা কৰিলে।

: ৰোগী চিৰিয়াচ৷ হাই ড’জ কিবা খুৱালে৷ ডিব্ৰুগড় মেডিকেললৈ সোনকালে নিয়া ভাল৷ সদ্যহতে এই ইনজেকচন আৰু চেলাইনকেইটা এতিয়াই আনি দিয়ক৷ আৰু এম্বুলেঞ্চৰ যোগাৰ কৰক৷

ডাক্তৰজনে কৈ উঠিল। লগে লগে সিহঁতৰ মাজত লৰা ঢপৰা লাগিল। দুটামানে এম্বুলেঞ্চৰ বাবে খবৰ কৰাত লাগিল। কোনোবা এটাই ভোলা নামৰ দোকানৰ কাম কৰা ল’ৰা এটাক টকা পইচা দি কোনোবা ফাৰ্মাচীলৈ দৰৱ আনিবলৈ পঠিয়ালে৷

: ইমান ৰাতি ক’ত ফাৰ্মাচী খোলা পাম দাদা?

: আৰে যা..আ..না..মেট্ৰ ফাৰ্মাচী খোলা পাবি৷ বহুত দেৰিলৈকে খোলা ৰাখে৷

ভাগ্য ভাল আছিল৷ মেট্ৰ ফাৰ্মাচী খোলা আছিল৷ চাতাৰখন আধা নমোৱা আছিল৷ দুই এজন গ্ৰাহকো আছিল৷ ভোলাই লৰালৰিকৈ দৰব জাতিখিনি কিনি ল’লে। দৰবৰ দাম দি সি তাৰ স্কুটীখনৰ ফালে আগবাঢ়িল। সি স্কুটীখনত বহি চাবিটো পকাই ষ্টাৰ্ট দিলে৷

: ঐ ভোলা ইমান ৰাতি ইয়াত কি কৰিছ?

কোনোবাই মতা শুনি সি পিছফালে ঘূৰি চালে। কিন্তু কিন্তু! ভোলাৰ গাৰ নোম থিয় হৈ গ’ল৷ খন্তেকৰ বাবে সি বোবা হৈ পৰিল৷ তাৰ ফালে চাই ৰৈ আছে নয়ন!

: দ..দ…ন..ন…

: এই কি হ’ল তোৰ?

ভোলা আৰু নৰ’ল। সি হস্পিতালৰ ফালে স্কুটীৰ এক্সেলেটৰ পুৰা পকাই ধৰিলে৷

ভোলা দৌৰি দৌৰি আহি হস্পিতালত সোমাইছিলহি৷

: দাদা নয়ন দা আছে নে গ’ল?

ভোলাই ওপৰলৈ আঙুলিয়াই সুধিলে ল’ৰা জাকক৷

: ঠিকেইতো আছে! তোৰ কাৰণেই আমি ৰৈ আছোঁ৷

: তেনেহ’লে ফাৰ্মাচীত মই কাক লগ পালোঁ!

: মানে?

: মেট্ৰ ফাৰ্মাচীত এইমাত্ৰ মই নয়নদাক লগ পাই আহিছোঁ৷ মোৰ লগত কথা পাতিবলৈ আহিছিল৷ মই চিধা পলালোঁ৷

: হাঁ! কি কৱ তই!

: মা…আ..আ… কচম খাই কৈছোঁ!

ভোলাই ষ্ট্ৰেচাৰত পৰি থকা নয়নলৈ চাই কৈ উঠিল৷ ইতিমধ্যে নয়নক নাৰ্চ দুগৰাকীয়ে ৱাৰ্ড এটালৈ লৈ গৈছিল।

: মাৰচোন মাৰ৷ নয়নৰ মোবাইললৈ ৰিং এটা মাৰ৷

: আৰে মইতো কৈছোৱেই তাৰ চুইচ অফ৷

: এটা কাম কৰচোন, ইফটিকাৰলৈ মাৰ৷ তাৰ লগতেই সি বেছিভাগ সময় থাকে৷

সিহঁতৰ মাজত আলোচনা চলি থাকিল। কোনোবা এটাই ইফটিকাৰলৈ ফোন লগালে।

: হেল্ল’ ইফটিকাৰ৷

: ক৷

: নয়নক দেখিছিলি নেকি?

: মোৰ লগতে আছে।

: হাঁ..!! তেনেহ’লে এইটো কোন?

: কি হ’ল?

: দেচোন দে তাক৷ মই বিচাৰিছোঁ বুলি ক৷

: এইয়া ল। কথা পাত।

: হেল্ল’ …নয়ন?

: ক।

: তোৰ চুইচ অফ যে?

: হেই..ই.. সেইটোত কালিয়েই পানী সোমালে৷ নতুন এটা ল’ব লাগিল! ক কি কথা?

: তই ইমিডিয়েত আহি যা চিভিল হস্পিতাললৈ৷

: কিয়?

: আহি যা ডাঙৰ কথা এটা আছে৷ আমি ৰৈ আছোঁ৷

নয়ন ইফটিকাৰৰ সৈতে হস্পিতালৰ কৰিড’ৰটোৰে সোমাই আহিছিল৷ লগৰবোৰৰ কথা বাদেই হস্পিতালৰ ডাক্তৰ, নাৰ্চ, ষ্টাফেও নয়নক চকু বহল কৰি চাই ৰ’ল৷ এয়াও কি সম্ভৱ!

নয়ন ৱাৰ্ডটোলৈ সোমাই আহিল৷ চেলাইন হাতত লৈ বিচনাত অচেতন হৈ পৰি থকা নয়নলৈ চালে৷ সি মাত্ৰ নয়নলৈ বিষ্ফোৰিত নেত্ৰেৰে চাই ৰ’ল!! এয়াও কি সম্ভৱ…!!

( এটা ৰহস্য ৰোমাঞ্চৰ গল্পৰ দৰে লাগিলেও কেইদিনমানৰ আগতে ঘটা এইটো এটা সত্য আমোদজনক ঘটনা। দুয়োজন নয়নৰ চেহেৰাৰ অদ্ভুত সাদৃশ্য আছিল। ইজন নয়ন বোকাখাতৰ ফালৰ কোনোবা জিতেন আছিল। পেছাত মেডিকেল ৰিপ্ৰেজেনটেটিভ। অৰুণাচলত কিবা অফিচৰ কামত কেইদিনমান থাকি ঘৰলৈ আহি আছিল৷ মাৰ্ঘেৰিটাত নামি এ.টি.এম. এটাৰ পৰা কিবা জৰুৰী কামত অলপ টকা উঠাইছিল৷ তাতেই মানুহ এজনক লগ পাইছিল৷ মানুহজনো বাছত একেলগে মাৰ্ঘেৰিটাত উঠিছিল৷ প্ৰথম চিনাকিতে আপোন যেন লাগিছিল মানুহজনক৷ খুব গৰম পৰিছিল সিদিনা৷ মানুহজনে নিজেও এটা ফ্ৰুটি মুখত লৈ আন এটা নয়নলৈ আগবঢ়াই দিছিল৷ নয়নে সেই ফ্ৰুটিটো খোৱাৰ পাছত আৰু কি হ’ল ক’ব নোৱাৰে৷

যিকি নহওক আমাৰ এই নয়নেই সেই নয়নক ডিব্ৰুগড় মেডিকেললৈ নি সকলো খৰচ বহন কৰি সম্পূৰ্ন সুস্থ কৰি তুলিলে। দুয়োজন এতিয়া ভাল বন্ধু। সেই নয়নে এই নয়নক একেলগে এসাঁজ ভাত খাবৰ বাবে লগতে পূজা চাবৰ বাবেও বোলে নিমন্ত্ৰণ দি ফোন কৰিয়েই আছে৷

এই নয়ন মোৰ ওচৰৰে। মোৰ ভাইটীৰ দৰে। এই ঘটনাটোৰ বিষয়ে প্ৰত্যক্ষদৰ্শীৰ পৰা শুনি আছিলোঁ যদিও মই সেইদিনা নয়নক হঠাতে লগ পাই কথাটো মনত পৰি সুধিলোঁ। নয়নেই ঘটনাটো মোক ভালদৰে ক’লে। সেই নয়নৰ চেহেৰাটো হেনো এই নয়নৰ সৈতে 90% মিল আছে! যিহেতু নয়নৰ পৰা এই বিষয়ে লিখিবলৈ একো অনুমতি লোৱা নহ’ল সেইকাৰণে চৰিত্ৰবোৰৰ আচল নাম দিয়াটো অনুচিত হ’ব বুলি ভাৱি নামকেইটা সলাই দিলোঁ৷

☆★☆★☆

3 Comments

  • ৰোমাঞ্চকৰ ঘটনা। তেওঁলোক ভালে থাকক, বন্ধুত্বৰ এনাজৰী মজবুত হওক।

    Reply
  • deepjyoti handique

    অহঃ আমি পৃথিৱীত সাত জন একে দেখা মানুহ বুলি শুনি আহিছো । আমাৰ ঘৰত ভাৰা লৈ আছিল এটা পৰিয়াল । মোৰ নিচিনা একো মানুহ গৰাকী । সকলোৱে দেখিলে মই বুলিয়ে মাতি থৈ যায় ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল পঢ়ি চাৰ।

    Reply

Leave a Reply

Your email address will not be published.