ফটাঢোল

মূকাভিনেতা মইনুল হকৰ সৈতে এক অন্তৰঙ্গ আলাপ

(মইনুল হক ডাঙৰীয়াৰ মূকাভিনয়ৰ এটা ভিডিঅ’৷ উৎস- ইউটিউব)


যোৱা তিনিটা দশকৰ পূৰ্বলৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মূকাভিনয়ৰ কোনো ধৰণৰ চৰ্চাই নাছিল৷ তেনে এক সময়তে অসমত মূকাভিনয়ৰ বীজ সিঁচি এক সাংস্কৃতিক জাগৰণৰ সূচনা কৰা অন্যতম ব্যক্তি আছিল মূকাভিনেতা মইনুল হক৷ সত্তৰৰ দশকত তেখেত আছিল অসমৰ মঞ্চৰ এজন সফল কৌতুক অভিনেতা আৰু পিছলৈ নিজস্ব আশাসুধীয়া প্ৰচেষ্টা তথা সাধনাৰ বলত মইনুল হকে অসমৰ সাংস্কৃতিক জগতত এখন আছুতীয়া আসনেৰে মূকাভিনেতাৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল৷ ঐকান্তিক মনোবল আৰু ধৈৰ্যৰে আৰম্ভ কৰা সাধনাৰ বলতেই তেওঁ বৰ্তমান অসমৰেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এজন সফল মূকাভিনেতা হিচাপে পৰিচিত৷ মূকাভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস কৰ্মৰাজি আৰু অৱদানৰ বাবে ২০০৯ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা সংস্কৃতিৰ উচ্চ প্ৰশংসিত সন্মান ‘সংগীত নাটক একাডেমী বঁটা’ৰে মইনুল হকদেৱক বিভূষিত কৰা হয়৷

অসম তথা উত্তৰ-পূব ভাৰতৰ সংস্কৃতিৰ জগতত মূকাভিনয়ৰ বাটকটীয়া, এইজন মহান শিল্পীৰ লগত এক অন্তৰংগ আলাপ কৰাৰ ইচ্ছাৰে আমি তেখেতক যোগাযোগ কৰিছিলো আৰু আমাৰ সদিচ্ছাক সন্মান জনাই তেখেতে আমাক তেখেতৰ বাসভৱনলৈ নিমন্ত্ৰণ কৰিছিল৷ উক্ত দিনত ‘ফটাঢোল’ আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ ৰামানুজ গোস্বামী, বিস্মিতা শৰ্মা আৰু মই দেবজিৎ শইকীয়া দিনৰ প্ৰায় ১ মান বজাত গৈ আমবাৰীস্থিত তেখেতৰ বাসভৱনত উপস্থিত হওঁগৈ৷ তেখেতৰ পৰিবাৰে আমাক আদৰেৰে ভিতৰলৈ মাতি নি বহিবলৈ দিয়ে আৰু মইনুল হক ছাৰো আহি আমাৰ লগত চা-চিনাকি হয়৷ আমাৰ গোটৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাবলৈ লওঁতে তেখেতে কয়, “যিহেতু গামোচা, গতিকে খন্তেক ৰওক ৷ মই ঘৰুৱা সাজযোৰ সলাই আহোঁ , কাৰণ এই গামোচাখনক মই যথেষ্ট সন্মান কৰো।” সম্বৰ্দ্ধনাৰ পিছতে অতি ঘৰুৱাভাৱে আমি কথা-বতৰা পতা আৰম্ভ কৰো আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰো৷

ফটাঢোল – প্ৰথমেই আমি আপোনাক আমাৰ হাস্য -ব্যংগ আলোচনী ‘ফটাঢোল’ৰ তৰফৰপৰা সাক্ষাৎকাৰৰ বাবে তথা ব্যস্ততাৰ মাজতো আমাক কিছু মূল্যৱান সময় দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো৷

মইনুল হক: আলোচনীখনৰ জৰিয়তে মোৰ মনৰ কথা প্ৰকাশ কৰিবলৈএই সুযোগ দিয়া বাবে আপোনালোকলৈও মোৰ ধন্যবাদ থাকিল৷

(ফটাঢোল গোটৰ হৈ ফুলাম গামোচাৰে মইনুল হকদেৱক সম্বৰ্দ্ধনা জনোৱাৰ সময়ত সম্পাদক দেৱজিত শইকীয়া)

ফটাঢোল – আমি সাক্ষাৎকাৰ হিচাপে নকৰি আপোনাৰ লগত অন্তৰংগ আলাপৰ দ্বাৰা আপোনাৰ জীৱনৰ কিছু ঘটনা, দৰ্শন তথা মূকাভিনয়ৰ জগতত আপোনাৰ বৰ্ণিল ইতিহাস আৰু ভৱিষ্যৎ পৰিকল্পনা সম্বন্ধে কিছু আভাস পাঠকক দিব বিচাৰিছো৷ প্ৰথমে আপোনাৰ শৈশৱ তথা পৰিয়ালৰ বিষয়ে জানিব বিচাৰো৷

মইনুল হক: মোৰ জন্ম গুৱাহাটীৰ হেদায়ৎপুৰত, মাইম একাডেমীখনৰ বাবে পুৰণি ঘৰখন সৰু হৈ পৰা বাবে বৰ্তমান আমবাৰীৰ এইটো ঘৰলৈ আহো৷ আমি ভাই-ভনী মুঠ নজন, মই তিনি নম্বৰৰ৷ বৰ্তমান এজন দাদা ঢুকাইছে৷ মই সৰুতে হেদায়ৎপুৰ এল পি স্কুলত পঢ়া ৷ তাৰ পিছত কামৰূপ একাডেমীত আৰু বি. বৰুৱা কলেজত বিজ্ঞানৰ ছাত্ৰ হিচাপে জৈৱ-ৰসায়ন শাখাত ডিগ্ৰী পঢ়ো৷ বি. বৰুৱা কলেজৰ মই সাংস্কৃতিক সম্পাদকো আছিলো৷ স্কুল-কলেজৰ দিনৰ পৰাই পঢ়া-শুনাৰ লগে লগে এই সাংস্কৃতিক দিশতো চিন্তা-চৰ্চা কৰিবলৈ লওঁ৷

ফটাঢোল -আমি জনাত আপুনি ১২ বছৰ বয়সৰ পৰাই মূকাভিনয়ৰ লগত জড়িত৷ মূকাভিনয় বা মাইমৰ প্ৰতি আপোনাৰ আগ্ৰহ কি দৰে জন্মে?

মইনুল হক: সৰুৰে পৰাই মই কৌতুক কৰি ভাল পাইছিলো, প্ৰায় ১৯৭২ চনৰ পৰাই মই মঞ্চৰ লগত জড়িত৷ সৰুতে লগৰ-সমনীয়াবোৰক কিবা-কিবি কৌতুক আদি কৰি দেখুৱাইছিলো, সিহঁতে বৰ ভাল পাইছিল৷ তেতিয়া নেহৰু ষ্টেডিয়াম, চাৰ্চ ফিল্ড্ আদিত কিছুমান অনুষ্ঠান হৈছিল৷ ব’ম্বেৰ পৰা শিল্পী আহিছিল, কিশোৰদাহঁতৰ অনুষ্ঠান চোৱাৰ সৌভাগ্য হৈছিল৷ সৌভাগ্য মানে সৰু আছিলো নহয়, আমাক গেটেদি সোমাবলৈ নিদিলে বেৰ বগাই হ’লেও অনুষ্ঠানবোৰ চাইছিলো৷ তাত মঞ্চত কৰা কমেডি অনুষ্ঠানবোৰ দেখা পাই মোৰ কমেডিৰ প্ৰতি আগ্ৰহ জন্মে৷ সেই সময়ত গুৱাহাটীত য’তেই মঞ্চানুষ্ঠান হয়, মোৰ লগৰ দুই-এজনে স্কুলৰ পৰা পলাই গৈ কমিটিৰ মানুহক খাটিৰ কৰো, যাতে কিবা এটা অনুষ্ঠান কৰিবলৈ সুযোগ দিয়ে৷ কাগজত নাম লিখি দি থৈ আহোঁ৷ কেতিয়াবা ঘৰত নোকোৱাকৈও গৈ ৰৈ থাকো আমাৰ নাম মাতিব, অনুষ্ঠান কৰিম বুলি৷ ৰৈ ৰৈ দেৰি হৈ যায়, আহি ঘৰত বহুত গালিও খাইছিলো৷ প্ৰায় ছয়-সাত বছৰমান বয়সৰ পৰা মঞ্চত আৰু স্কুলত খুহুতীয়া অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰো৷ নৱমমান শ্ৰেণীত পঢ়ি থাকোতে এবাৰ গোৱালপাৰাত সৰু অনুষ্ঠান এটা কৰিবলৈ গৈছিল৷ পিছত যেতিয়া মই বি. বৰুৱা কলেজত পঢ়িবলৈ যাওঁ, গোৱালপাৰাৰ ল’ৰা এজন আহি মোৰ লগত চিনাকি হয়৷ তেওঁ গোৱালপাৰাত মোৰ অনুষ্ঠান চাইছিল৷ তেওঁ পিছত মোক একেলগে অনুষ্ঠান কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷ সেই ল’ৰাজনেই আছিল অসমৰ এজন শ্ৰেষ্ঠ কৌতুক অভিনেতা ‘ভায়ামামা’ নামেৰে খ্যাত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী৷ ‘ভায়া’ তেওঁৰ ঘৰত মতা নাম আছিল৷

ফটাঢোল -আপোনালোক দুয়ো কেতিয়াৰ পৰা একেলগে অনুষ্ঠান কৰা আৰম্ভ কৰে আৰু সেই সময়ত আপোনালোকে পৰিবেশন কৰা অনুষ্ঠানসমূহৰ চমু আভাস এটি দিব নেকি?

মইনুল হক: ধ্ৰুৱজিৎ আৰু মই ‘চাউণ্ড এণ্ড কমেডি’ নামেৰে গ্ৰুপ এটা ১৯৭৭ চনত আৰম্ভ কৰো৷ আমাৰ আগতে থকা কমেডিয়ানসকলে কেৱল কৌতুক কৰিছিল ৷ কিন্তু আমি কৌতুকৰ লগত ক্যেৰিকেশ্বাৰ আৰম্ভ কৰিলো৷ বিভিন্ন শব্দ মুখেৰে উলিয়াওঁ গতিকে দৰ্শকেও নতুনত্ব পালে৷ আমি মুখেৰেই বিভিন্ন মাত উলিয়াইছিলো৷ স্কুটাৰৰ মাত, ৰেলৰ শব্দ, বন্দুকৰ গুলিৰ শব্দ ইত্যাদি আমি মুখেৰেই উলিয়াইছিলো৷ আনকি অসমীয়া চিনেমাতো মোক গুলিৰ শব্দ দিবৰ বাবে মাতিছিল৷ বহুতে মোক সেই সময়ত ‘ধিচুম ধিচুম মেন’ নামেই দি দিছিল ৷ আগতে কৌতুক-শিল্পীসমূহক ইমান মৰ্যাদা দিয়া নহৈছিল৷ প্ৰখ্যাত শিল্পীসকলে গীত পৰিবেশন কৰাৰ আগত বাদ্যযন্ত্ৰবোৰ ঠিক-ঠাক কৰি থকা সময়কণতহে অনুষ্ঠান কৰিবৰ বাবে সুযোগ-সুবিধা দিছিল৷ কিন্তু আমি ক’লো— ‘ নহ’ব, আমিও শিল্পী ৷গতিকে আমাকো মৰ্যাদা দিব লাগিব তথা আমাৰ অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট সময় দিব লাগিব৷’ ইয়াৰ উপৰিও আমাৰ আগৰ কৌতুক-শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰোতে কোনো নিৰ্দিষ্ট পোছাক পৰিধান নকৰিছিল ৷ কিন্তু আমি ‘চাউণ্ড এণ্ড কমেডি’ কৰা সময়ত সকলোৱে ক’লা পেণ্ট, বগা চাৰ্ট আৰু bou পৰিধান কৰিছিলো৷

ধ্ৰুৱজিৎ আৰু মই মিলি প্ৰথমে বাইহাটা চাৰিআলিত অনুষ্ঠান কৰো, আমাৰ লগত প্ৰবীন হাজৰিকাও আছিল৷ ১৯৮১ চনত গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত ‘অভিশপ্ত দুলীয়াজান’ নামৰ এটা অনুষ্ঠান কৰি আহি সেই নিশাই শান্তিপুৰ সোণাৰাম খেলপথাৰৰ বিহুমঞ্চত পুনৰ অনুষ্ঠানটো পৰিবেশন কৰো। সেই অনুষ্ঠানটো ইমানেই হিট্ হৈছিল যে পিছৰ দিনা মোৰ ঘৰৰ চোতালত মানুহে আমাৰ প্ৰগ্ৰেম বুক কৰিবৰ বাবে ভৰ্তি হৈ পৰিছিল৷ দেউতাই কৈছিল— ‘তই একো বেয়া কাম কৰি অহা নাইতো? ইমান মানুহে তোক বিচাৰি আহিছে যে!’ সেই অনুষ্ঠানটোৱে সকলো ঠাইতে বিপুল সমাদৰ লাভ কৰিছিল ৷ তাৰে মাজৰ দুই-এজন জনা-শুনা দৰ্শকে মোক কোৱা আৰম্ভ কৰে যে আপোনাৰ মুখত মাইমৰ এক্সপ্ৰেশ্বন বৰ সুন্দৰ৷ মই তেতিয়ালৈকে মাইম কি বস্তু পিছে জনাই নাছিলো৷ কিন্তু জানিবলৈ আগ্ৰহ জন্মিল যে মাইমনো কি? সেয়াই মোৰ জীৱনত মাইমৰ আৰম্ভণি৷

ফটাঢোল – সেই সময়ত অসমত মাইমৰ কোনো শিল্পী নাছিল, তেনে ক্ষেত্ৰত আপুনি নতুন বিষয়টো কিয় বাছি ল’লে আৰু কৌতুকৰ পৰা মাইমৰ প্ৰতি আগ্ৰহ কি দৰে আহিবলৈ ধৰিলে?

মইনুল হক: সেই সময়ত লাহে লাহে মোৰ নিছাটো পেছালৈ ৰূপান্তৰিত হ’বলৈ ধৰিছিল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বহু ঠাইত মঞ্চত কৌতুক পৰিবেশন কৰিলো৷ কৌতুক অভিনেতাৰ মাননিও অৱশ্যে সেই সময়ত খুবেই কম আছিল৷ মই জানিছিলোঁ যে খুহুতীয়া ভাও কৰি মই বেছি দিন খাব নোৱাৰিম৷ গতিকে মই এটা খুব কঠিন সিদ্ধান্ত লৈ পেলালোঁ যে মই নিজকে প্ৰস্তুত কৰিবলৈ ১০ বছৰ সময় ল’লো৷ সেই সময়ত মোৰ জনপ্ৰিয়তা তুংগত আছিল৷ মাইম কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে মোৰ পেছাটো পুনৰ একেবাৰে শূন্যলৈ নামি আহিল৷ কিন্তু ধৈৰ্য ,একাগ্ৰতা আৰু আগ্ৰহৰ বাবে জীৱনত কিবা কৰাৰ মানসিকতাৰে সংকল্প লৈ বহু সংঘাত আৰু সংগ্ৰামৰ মাজেদিয়েই জীৱনৰ দহটা বছৰ ব্যৱহাৰ কৰি মই পুনৰ উঠিবলৈ আৰম্ভ কৰো আৰু লাহে লাহে আজিৰ অৱস্থাত উপনীত হওঁ৷ সেই সময়ত মোৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটোৱেই আছিল যে মোক মাইম শিকাবলৈ মোৰ ওচৰত কোনো গুৰু নাছিল৷ বি. বৰুৱা কলেজত পঢ়ি থাকোতে আমাৰ কলেজৰে এজন অধ্যাপক শ্ৰদ্ধেয় ভূৱন লহকৰ ছাৰে মাইম বিষয়ক এখন কিতাপৰ কথা কয়— ‘মূকাভিনয় তত্ত্ব আৰু বিধি’৷ মই খুব কষ্ট কৰি কলিকতাৰ পৰা সেই কিতাপখন আনি লৈছিলো আৰু সঁচা ক’বলৈ গ’লে সেই কিতাপখনেই মোৰ গুৰু আছিল৷ নিজে পঢ়ি আৰু মোৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ পৰা মই মাইম কৰিবলৈ লওঁ আৰু মাইমকে মোৰ জীৱনৰ নিছা,পেছা সকলো হিচাপে গ্ৰহণ কৰিবলৈ দৃঢ়সংকল্প ল’লো৷

ফটাঢোল -মূকাভিনয় শিকা আৰম্ভ কৰাৰ পিছত কৌতুকৰ অনুষ্ঠান কৰিছিল নে? নে সেই বিষয়টো বাদ পৰি গৈছিল?

মইনুল হক: ঠিক তেনে নহয়, ১৯৮১ চনমানৰ পৰা মই মাইমৰ প্ৰতি আগ্ৰহী হওঁ যদিও ১৯৮৫ চনমানলৈকে ‘চাউণ্ড এণ্ড কমেডি’ কৰি আছিলো৷ কিন্তু সেই বছৰেই ধ্ৰুৱজিৎ আৰু মই পৃথক হওঁ৷ অন্য কাৰণ নাছিল ,তেওঁ সেই সময়ৰ অসমৰ সমসাময়িক ৰাজনৈতিক পটভূমিত কৌতুক তথা কাহিনীবোৰ কৰিবলৈ আগ্ৰহী হয় ৷ কিন্তু মোৰ কথা আছিল যে ৰাজনৈতিক কৌতুকে এচাম লোকক আকৃষ্ট কৰিব, কিন্তু সকলোকে নহয় আৰু মই সকলোৰে লগত জড়িত বিষয়বোৰহে অনুষ্ঠানৰ মাজেদি মানুহৰ মাজলৈ নিবলৈ বিচাৰিছিলো, যিটো মই এতিয়াও কৰি আছো৷ মোৰ মাইমৰ বিষয়বস্তু সাৰ্বজনীন, মানুহৰ কাহিনী, মানুহৰ বাবে ৷ ই কোনো ৰাজনৈতিক দলৰ লগত জড়িত কৰি নহয়৷ ‘চাউণ্ড এণ্ড কমেডি’ৰ পৰা ধ্ৰুৱজিৎ আৰু মই পৃথক হ’লো যদিও আমাৰ বন্ধুত্ব ভগা নাছিল৷ ‘চাউণ্ড এণ্ড কমেডি’লৈ নতুন নতুন সদস্য আহিবলৈ ধৰিলে আৰু মই মাইম শিকি আছিলো যদিও উপাৰ্জন বুলিবলৈতো কিবা এটা কৰিব লাগিব! গতিকে কৌতুকৰ অনুষ্ঠান কৰি গৈছিলো; কিন্তু খুব কম কৰিছিলো৷ ‘চাউণ্ড এণ্ড কমেডি’ত ধ্ৰুৱজিৎ আৰু মোৰ বাহিৰেও সুৰজিৎ গগৈ, ৰবীন ডেকা, সঞ্জীৱ হাজৰিকা আদিৰ দৰে প্ৰতিভাৱান শিল্পীসমূহো আছিল৷ পিছলৈ জয়ন্ত দাস আদিয়েও যোগদান কৰিছিল৷ আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা যে ভায়ামামা বৰ্তমান আমাৰ মাজত নাই৷ অসমে এজন সুন্দৰ প্ৰতিভাৱান শিল্পী অকালতে হেৰুৱালে৷ অনুষ্ঠান পৰিৱেশন কৰি আহি থকা অৱস্থাত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, সুৰজিৎ গগৈ আৰু সঞ্জীৱলাল দাসকে ধৰি মুঠ পাঁচজন শিল্পীয়ে শোকাবহ এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱতি লয়। আমাৰ সকলোৰে পৰিচিত অভিনেতা আদিল হুছেইনো এসময়ত ভায়ামামা কৌতুক গোষ্ঠীৰ এজন সদস্য আছিল।

(১৯৮২ চনৰ ‘প্ৰান্তিক’ৰ পাতত প্ৰকাশিত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, সুৰজিৎ গগৈ আৰু মইনুল হকৰ ফটো)

যি  কি নহওক মোৰ জীৱনত আটাইতকৈ টাৰ্নিং পইণ্টটো আহে ১৯৮৮ চনত৷ সেই সময়ত মই ‘আনন্দবজাৰ পত্ৰিকা’ত দেখিলো যে কলিকতাৰ অহিন্দ্ৰ ভৱনত মূকাভিনয় মহোৎসৱ অনুষ্ঠিত কৰিছে৷ মোৰ খুব ইচ্ছা হৈছিল সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ৷ কাৰণ মই মাইম কৰো বা কিতাপ পঢ়ি শিকিহে আছো, ক’তো দেখা নাছিলো৷ সৌভাগ্যবশতঃ দুদিন পিছতে মোৰ নামত কলিকতাৰ পৰা এখন নিমন্ত্ৰণী পত্ৰ আহে যাৰ দ্বাৰা মোক মূকাভিনয় মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ কলিকতালৈ নিমন্ত্ৰণ কৰে৷ প্ৰকৃততে পদ্মশ্ৰী নিৰঞ্জন গোস্বামীদেৱে মূকাভিনয় মহোৎসৱৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা মূকাভিনয়-শিল্পী বিচাৰি আছিল ৷ তেওঁক কোনোবাই মোৰ কথা জনাইছিল৷ মোৰ ঠিকনা বিচাৰি বহু বিচাৰ-খোচাৰ কৰি তেওঁ চিঠিখন দিছিল৷ ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত অনুষ্ঠান আছিল৷ মই জীৱনত প্ৰথমবাৰৰ বাবে ২৮ আৰু ২৯ তাৰিখে মঞ্চত মূকাভিনয় অনুষ্ঠান প্ৰত্যক্ষ কৰো আৰু ৩০ ডিচেম্বৰৰ নিশা নিজৰ অনুষ্ঠান পৰিবেশন কৰো৷ সেইয়া আছিল অসমৰ বাহিৰত মোৰ প্ৰথমবাৰৰ বাবে মূকাভিনয় প্ৰদৰ্শন৷ মোৰ অনুষ্ঠানে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ মোৰ অনুষ্ঠানটোৰ নাম আছিল ‘দিচহাৰ্টেইন মইনুল’৷ কলেজীয়া দিনৰ প্ৰেম আৰু পিছত প্ৰেয়সীৰ আনৰ লগত বিয়া— এনে ধৰণৰ বিষয়বস্তু আছিল৷

ফটাঢোল – কলিকতাৰ সেই অনুষ্ঠান কৰি অহাৰ পিছত অসমত তেনে অনুষ্ঠান কেতিয়া কৰিবলৈ লয়?

মইনুল হক: হয়, তাৰ পিছৰ বছৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সৌজন্যত ১৯৮৯ চনত অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটীত মূকাভিনয় কৰ্মশালা অনুষ্ঠিত কৰো আৰু লাহে লাহে মই সম্পূৰ্ণৰূপে মূকাভিনয়ত মনোনিৱেশ কৰিবলৈ লওঁ৷ ইয়াৰ পিছত ১৯৯১ চনত ‘ৰূপকাৰ’ আলোচনীৰ সম্পাদক স্বৰ্গীয় পবিত্ৰ কুমাৰ ডেকাদেৱৰ ঐক্যতান সংঠনৰ তৰফৰ পৰা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মোৰ পৰিচালনাত ‘গভাইত চোৰ’ নামৰ এখন চুটি নাটিকা অনুষ্ঠিত কৰো৷ এইখিনিতে এটা কথা কওঁ— আগতে প্ৰখ্যাত শিল্পীসকলৰ অনুষ্ঠান থাকিলে বেনাৰ অঁৰা হৈছিল৷ তেতিয়া আজিৰ দৰে ফ্লাছ নাছিল, হাতেৰেই অঁকা হৈছিল৷ খগেন মহন্তদেৱৰো বেনাৰ লাগিছিল৷ মোৰ সদায় এটা সপোন আছিল যে এদিন মোৰো নামত বেনাৰ লাগিব৷ আৰু সেই সপোনটো পূৰণ হৈছিল ১৯৯১ চনত ৰবীন্দ্ৰ ভৱনৰ সেই অনুষ্ঠানতে৷ সেই কৰ্মশালাৰ শেষত মোৰ ঘৰতে এটা কোঠালিত পদ্মশ্ৰী নিৰঞ্জন গোস্বামীদেৱৰ হতুৱাই ফিটা কটাই মই অসমত সৰ্বপ্ৰথমবাৰৰ বাবে মূকাভিনয় শিক্ষাৰ বাবে অনুষ্ঠান ‘মাইম একাডেমী’খন প্ৰতিষ্ঠা কৰো৷

ফটাঢোল – মূকাভিনয়ৰ বিষয়বস্তু কিদৰে নিৰ্বাচন কৰে?

মইনুল হক: মই প্ৰায় সকলো বিষয়তে মাইম কৰিছো৷ টি. আৰ. পি., যৌতুক, ডাইনী হত্যা,পৰিৱেশ প্রদূষণ, বাল্য-বিবাহ, নিৰক্ষৰতা, দেশপ্ৰেম, শিশু-শ্ৰমিক, প্ৰেম আৰু নতুনকৈ স্বচ্ছ ভাৰত অভিযান আদিক লৈ বিভিন্ন বিষয়বস্তুৰ ওপৰত মাইম কৰিছো। চ’ল’ৰ ভিতৰত ‘মইনুলৰ ল’ৰালি কাল’, ‘বেলুনৱালা মইনুল’ , ‘মইনুল ইন বক্সিং ৰিং’ আদি আৰু গ্ৰুপৰ ভিতৰত ‘হাংগাৰ’, ‘আমেৰিকা আমেৰিকা’ আদি খুব জনপ্ৰিয় হৈছিল৷ মই বিভিন্ন সময়ত মানুহক লক্ষ্য কৰো, বিষয়বোৰ সূক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰো৷ বিষয় এটা মনলৈ আহিলে মই সকলো সময়ত সেই বিষয়টোকে ভাবি থাকো৷ আনকি ক’ৰবাত এনেকুৱাও হৈছে যে মই অন্যমনস্ক হৈ ভাবি আছো, পিছত মানুহ এগৰাকীয়ে কৈছে — “আপুনি কিয় মোলৈ এনেকৈ চাই আছে?” ৷ গালিও খাওঁ কেতিয়াবা৷

ফটাঢোল – মঞ্চত অনুষ্ঠান পৰিবেশন কৰাৰ আগত আপোনাৰ প্ৰস্তুতি কেনেদৰে কৰে?

মইনুল হক: মই কেতিয়াও স্ক্ৰিপ্ট লিখি নলওঁ৷ লিখা-মেলা কাম মই একেবাৰে নকৰো৷ অনুশীলন কৰাৰ সময়তো মই লিখি নলওঁ৷ বিষয় এটা মনলৈ অহাৰ পিছত সেই বিষয়টো কি দৰে উপস্থাপন কৰিম, মনতেই এটাৰ পিছত এটাকৈ দৃশ্য ভাবি লওঁ আৰু নিজকে এজন দৰ্শক হিচাপে আৰু শিল্পী হিচাপে সকলো দিশ জুকিয়াই চোৱাৰ পিছত বিষয়টোৰ কাম আৰম্ভ কৰো৷ এটা বিষয় বাছনি কৰি তাক মঞ্চত উপস্থাপন কৰালৈকে প্ৰায় তিনিবছৰ সময় লওঁ৷ মঞ্চত পৰিবেশন কৰাৰ আগত মঞ্চখন মোৰ চিনাকি হ’ব লাগিব৷ প্ৰায় তিনিঘণ্টামান আগতেই গৈ মই মঞ্চৰ ওচৰত বহি থাকো আৰু বিভিন্ন এংগলৰ পৰা মঞ্চখন নিৰীক্ষণ কৰি তাৰ পিছতহে অনুষ্ঠান পৰিবেশন কৰো৷ এই কথাটো মই মোৰ ছাত্ৰসকলকো শিকাওঁ যে মঞ্চ আৰু শিল্পী সদায় একাত্ম হ’ব লাগে, মঞ্চত উঠিলে আৰু পৰিবেশন কৰিলে এনে হ’ব নালাগে কাৰণ মঞ্চখনেই আমাৰ বাবে সকলো৷

ফটাঢোল – মূকাভিনয়ত ৰং, পোছাক আৰু সংগীতৰ ভূমিকা কেনেধৰণৰ?

মইনুল হক: নাট্যশাস্ত্ৰৰ মতে বগা ৰংটোৱে হাস্য আৰু ক’লা ৰংটোৱে কাৰুণ্যক প্ৰতিনিধিত্ব কৰে৷ মুকাভিনয় প্ৰধানতঃ মুখৰ অঙ্গী-ভঙ্গীৰ দ্বাৰা পৰিবেশন কৰা হয় ৷ সেয়ে মুখৰ এক্সপ্ৰেশ্বন ডাঙৰ কৰাৰ বাবে আৰু অধিক স্পষ্ট কৰাৰ বাবে মুখমণ্ডলত বগা ৰং লগোৱা হয়, চকুত কাজল, ওঁঠত ক’লা ৰং বা কাজল ব্যৱহাৰ কৰে। সাধাৰণতে মূকাভিনয়ৰ বাবে কোনো নিৰ্দিষ্ট পোছাক নাথাকে ৷ তথাপি মূকাভিনয়ত সাধাৰণতে ক’লা ৰঙৰ পোছাক, হাতত বগা গ্লোভচ্ আৰু ভৰিত বগা মোজা পিন্ধা হয় যাতে অঙ্গী-ভঙ্গীসমূহৰ পৰিবেশনটো অধিক দৃশ্যমান হয়। তথাপি ই বাধ্যতামূলক নহয়। পোছাকৰ ক্ষেত্ৰত মাত্ৰ মন কৰিবলগীয়া কথা হ’ল যে পোছাকযোৰ পিন্ধোতে যাতে মুখখন অস্পষ্ট হৈ নায়ায়৷ কাৰণ মূকাভিনয়ত মুখখনৰ ভাৱ-ভঙ্গীৰ গুৰুত্ব অপৰিসীম৷ সেইকাৰণে ৰঙা ,হালধীয়া ইত্যাদি ৰং পোছাকত ব্যৱহাৰ কৰা নহয়৷ নহ’লে অতি কাঢ়া ৰঙৰ কাপোৰৰ বাবে মুখখনৰ ভাৱ-ভঙ্গীমাবোৰ দৰ্শকে বুজি পোৱাত ব্যাঘাত জন্মিব। কিন্তু বৰ্তমান সাজ-পোছাকৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে আৰু ই ইতিবাচক।
সংগীতৰ কথা ক’বলৈ গ’লে সংগীত হ’ল মূকাভিনয়ৰ প্ৰাণ। মূকাভিনয়ৰ বিষয়বস্তুৰ লগত ৰজিতা খুৱাই সংগীত ব্যৱহাৰ কৰা হয়। যিহেতু মূকাভিনয়ত কোনো সংলাপ বা ভাষা ব্যৱহাৰ কৰা নহয় ৷ গতিকে সংগীতে যথেষ্ট সহায় কৰে। প্ৰথম প্ৰথম আমি কেচিঅ’ৰ কিছুমান স্পিচিয়েল ইফেক্টেৰেই মাইম কৰিছিলো৷ কিন্তু তাৰ পিছৰে পৰা মই অনুষ্ঠানত লাইভ সংগীতৰ মাজেদি কৰা হ’লো৷ কোনো ধৰণৰ ৰেক’ৰ্ডিং ব্যৱহাৰ নকৰো৷ মোৰ লগত ৰতন দাস নামৰ সংগীত শিল্পীজন য়োৱা ১৫-১৬ বছৰ ধৰি বাদ্য-যন্ত্ৰবাদক হিচাপে আছে৷

ফটাঢোল – অসমৰ বাহিৰেও বিভিন্ন ঠাইত আপুনি অনুষ্ঠান পৰিবেশন কৰিছে৷ এই বিষয়ে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জনাবচোন৷

মইনুল হক: মই বিভিন্ন ঠাইত অনুষ্ঠান পৰিবেশন কৰিছো, ভাৰতৰ বিভিন্ন ঠাইৰ আনকি বিদেশী বহু লোকেও মোক নিমন্ত্ৰণ কৰে মাইম শিকাবৰ বাবে বা অনুষ্ঠান পৰিবেশন কৰিবৰ বাবে৷ বহু ঠাইত মোৰ মাইম বহুতে নকলো কৰে ৷ এই বিষয়ে বিভিন্ন সময়ত বিভিন্নজনে মোক অৱগতও কৰিছে৷ সাধাৰণতে মোৰ মাইমৰ বিষয়বস্তু ইউনিভাৰচেল৷ কোনো ৰাজনৈতিক বিষয় মই বাছনি নকৰো৷ সেইকাৰণেই মোৰ বিষয়বোৰ সকলো ঠাইতে সকলোৱে আঁকোৱালি ল’ব পাৰে৷ মানুহৰ জীৱনত দৈনন্দিন ঘটি থকা সৰু-ডাঙৰ কথাবোৰ, ইচ্ছা, হাবিয়াসবোৰ তথা সমাজৰ এখন প্ৰতিচ্ছবি মই ডাঙি ধৰিবলৈ চেষ্টা কৰো, যিটো আমাৰ অসমৰ মানুহৰ বাবেই হওক বা বিশ্বৰ যিকোনো এজন ব্যক্তিৰ বাবে একেই হ’ব৷ সেইকাৰণে মোৰ বিষয়বস্তুক সকলো ঠাইতে সকলো মানুহেই সমানে আদৰি ল’ব পাৰে৷ উদাহৰণ স্বৰূপে মোৰ ‘হাংগাৰ’ নামৰ প্লে’খন আমেৰিকাৰ মানুহৰ বাবে যি ,পৃথিৱীৰ আন ঠাইৰ মানুহৰ বাবেও একেই৷ এতিয়ালৈকে মই কমেও অসমতেই হওক বা বাহিৰতেই হওক ৫,০০০-তকৈ অধিক শ্ব’ কৰিছো আৰু মানুহৰ জীৱনৰ লগত ঘটি থকা তথা সমাজৰ প্ৰতিটো দিশ প্ৰতিটো সমস্যাৰ ওপৰতে মই বিষয় বাছনি কৰি মুকাভিনয় কৰিবলৈ চেষ্টা কৰিছো৷

অনুষ্ঠান পৰিবেশনৰ উপৰিও বৰ্তমান মই দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিবৰ বাবে যাওঁ। অসমৰ বিশ্ববিদ্যালয়কেইখনৰ লগতো বৰ্তমান ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। ফ্ৰান্সৰ পৃথিৱী বিখ্যাত মুকাভিনেতা ,যাক মুকাভিনয়ৰ পিতৃপুৰুষ আখ্যা দিয়া হয়, তেওঁৰ কৰ্মশালাতো মই অংশগ্ৰহণ কৰিছো৷ এই সকলোবোৰেই মোৰ জীৱনৰ একো একোটা অভিজ্ঞতা।

ফটাঢোল -এতিয়া আহো অলপ ব্যক্তিগত কথালৈ৷ আপুনি বাইদেউক ক’ত আৰু কেনেকৈ লগ পাইছিল তথা পৰিয়ালে মূকাভিনয়ৰ ক্ষেত্ৰত আপোনাক কিদৰে সহযোগিতা কৰে?

মইনুল হক: মোৰ পত্নী শ্ৰীমতী অঞ্জনাময়ী শইকীয়া ৷ তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা, লগতে এগৰাকী প্ৰতিভাশালী ওডিছি নৃত্যপটিয়সী৷ আমি ১৯৯০ চনত নৃত্যৰ অনুষ্ঠানত লগ পাওঁ৷ আমাৰ প্ৰেম-বিবাহেই হৈছিল ৷ আমাৰ ল’ৰা এটা— ৰোশন হক, বৰ্তমান উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ; লগতে মূকাভিনয় চৰ্চাও কৰে। চৰকাৰৰ পৰা বিশেষ চি. আৰ. টি. জলপানিও ২০১১-১২ চনত লাভ কৰিছে। মাৰ বৰ্তমান বয়স হৈছে। দেউতা ঢুকাল। আগতে প্ৰথম যেতিয়া মঞ্চত অভিনয় কৰিবলৈ যাওঁ, দেউতাই কয় ‘ভিক্ষা বৃত্তিটো এৰ৷’। কাৰণ দেউতাই পঢ়াত মনোনিৱেশ কৰিবলৈ কৈছিল আৰু আমি পলাই পলাই অভিনয় কৰি ফুৰিছিলো। দেউতা খুব সহজ-সৰল লোক আছিল, পিছে দুখ লাগে যে দেউতাই বৰ্তমান সময়খিনি দেখা নাপালে৷

ফটাঢোল – মূকাভিনয়ৰ ভবিষ্যৎ আৰু আপোনাৰ ভবিষ্যৎ পৰিকল্পনাৰ বিষয়ে জনাব নেকি?

মইনুল হক: মই যেতিয়া প্ৰথম মূকাভিনয় আৰম্ভ কৰো, সেই সময়ত অসমত মূকাভিনয় নামৰ শব্দৰ মূলভাব বুজি পোৱা লোকৰ সংখ্যা তেনেই তাকৰ আছিল। তাতোকৈ ডাঙৰ কথা যে মঞ্চত মূকাভিনয়-শিল্পীয়ে অনুষ্ঠান পৰিবেশনৰ বাবে ৰৈ থকা সময়ত হাঁহি-ঠাট্টা-তাচ্ছিল্যহে কৰিছিল৷ বহুতে কয় — “মুখত চূন সানি লৈছ যে! বান্দৰ ওলাবি নেকি?” দোষো নাই, কাৰণ মূকাভিনয়নো কি তাকো নাজানিছিল। কিন্তু এতিয়া এনে নহয়। দৰ্শক যথেষ্ট বাঢ়িল। মানুহে বুজিও পোৱা হ’ল, আকৃষ্ট হ’ল৷ আনকি শিকিবলৈ খোজা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও যথেষ্ট বাঢ়িল। এতিয়াতো মোক অসমৰ হওক বা ভাৰতৰ অন্য ঠাই আনকি বিদেশৰো ছাত্ৰ-ছাত্ৰীয়ে শিকাবলৈ জোৰ কৰে , মইহে সময় দিব নোৱাৰো। মই পইচা আহৰণৰ বাবে আচলতে ‘মাইম একাডেমী’ খোলা নাই ৷ মই ১০-১২ জনমান ছাত্ৰ-ছাত্ৰীক বহুত বাছি বাছি লওঁ ৷ তাৰে বহুতে এতিয়া বিভিন্ন স্কুল-কলেজত মূকাভিনয় শিকায়ো আছে আৰু মোৰ তাত শিকিও আছে। বিশ্ববিদ্যালয়ে বিষয় হিচাপে মাইম দিবলৈও বিচাৰিছে, কিন্তু সেই অনুপাতে শিক্ষক প্ৰস্তুত কৰিব পৰা নাই।
ভবিষ্যৎ পৰিকল্পনা বুলিবলৈ কাৰনো আশা নাথাকে ! আশাৰ জানো কেতিয়াবা শেষ আছে! তথাপি মই ১৫০ জন দৰ্শক বহিব পৰাকৈ হেদায়েৎপুৰৰ পুৰণি বাসগৃহত নিজাববীয়াকৈ এটা অ’ডিট’ৰিয়াম বনোৱা আৰম্ভ কৰিছো।

ফটাঢোল – পাঠক আৰু গুণমুগ্ধসকলক কি ক’ব বিচাৰিব?

মইনুল হক: মোৰ জীৱনৰ এটাই মন্ত্ৰ — ‘লাও-জিকা-ভোল হ’বলৈ নিবিচাৰিবা, এজোপা নাৰিকল গছ হোৱা, লাও-জিকা-ভোল সোনকালে বাঢ়ে ৷ কিন্তু থাকেও কম দিন আৰু আনৰ ওপৰত ভেজা দিহে থাকে । নাৰিকল পুলিটো গছ হৈ গুটি লাগিবলৈ সময় লাগে ৷ কিন্তু বহু বছৰ ফল দিয়ে আৰু প্ৰতিটো কামতে লাগে, নিজৰ ভৰিতে ঠিয় হৈ থাকে৷ গতিকে এজোপা নাৰিকল গছৰ দৰে হোৱা৷’

ফটাঢোল – বৰ সুন্দৰ কথা ক’লে ৷ আশা কৰো আমাৰ পাঠক আৰু আপোনাৰ গুণমুগ্ধসকলে কথাষাৰ নিশ্চয় হৃদয়ঙ্গম কৰিব। অসমৰ নতুন প্ৰজন্মই আপোনাৰ পৰা শিকিবলগীয়া আৰু অসমে আপোনাৰ পৰা পাবলগীয়া বহুত আছে৷ আশা কৰো আগলৈও আপোনাক লগ পাম, বহু কথা শুনিব আৰু শিকিব পাৰিম৷ সংস্কৃতিৰ পথাৰখনত আপোনাৰ চেষ্টা আৰু জয়যাত্ৰা নিৰন্তৰ অব্যাহত থাকক ৷ তাৰেই কামনা কৰিলো।

মইনুল হক: ধন্যবাদ, মই আশা কৰিছো হাস্য-ব্যংগৰ আলোচনীখনেও ভবিষ্যৎ প্ৰজন্মক বহু নতুন চিন্তাৰে নতুন পথত যোগাত্মক দিশলৈ আগুৱাই নিয়াত অনুপ্ৰেৰণা যোগাব৷

☆★☆

7 Comments

  • ramanuj

    বৰ সুন্দৰ…খুৱেই মাটিৰ গোন্ধ থকা…

    গুণৱন্ত লোক তেখেত…

    Reply
  • জ্যোতিৰূপম দত্ত

    বৰ সুন্দৰ৷ সাৱলীল সাক্ষাৎকাৰ৷

    Reply
  • dhanjit baruah

    বহুত ভাল পালো ৷ তেখেতৰ অভিনয় গুৱাহাটীত থাকোতে চাইছিলো ৷ এক সু পদক্ষেপ আমাৰ আলোচনীৰ ৷

    Reply
  • অতি সুন্দৰ। সাক্ষাৎকাৰটিৰ জৰিয়তে আমি স্বনামধন্য হক দেৱৰ জীৱনৰ বহু কথাই জানিব পাৰিলোঁ।

    Reply
  • অঞ্জলি

    বহুতো নজনা কথা জানিলোঁ । ভাল লাগিল সাক্ষাৎকাৰটো

    Reply
  • ৰিণ্টু

    প্ৰিয় অভিনেতাজনৰ বিষয়ে বহুতো নজনা কথা জানিলো, আপ্লুত হ’লো।
    বৰ সাৱলীল হৈছে ইণ্টাৰভিউটো। সম্পাদকৰ লগতে সাক্ষাৎকাৰটোৰ লগত জড়িত সকলোলৈ ধন্যবাদ

    Reply
  • বৰ মনযোগেৰে পঢ়িলো কিছু কথাত চকু চলচলীয়াও হৈ গ’ল ৷ তেখেতৰ বিষয়ে ইমানখিনি কথা ৰাইজক জনোৱা টোও ত আমি গৌৰৱান্বিত হৈছো ৷ বহু নজনা কথা জানিলো ৷ বৰ ভাল হৈছে সাক্ষাৎকাৰ টো ৷
    ধন্যবাদ ৰামানুজ, বিস্মিতা আৰু দেৱজিত ৷

    Reply

Leave a Reply

Your email address will not be published.