ফটাঢোল

শহুৰ ধেমেলীয়া — তৃষ্ণা সোণোৱাল

শহুৰৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে থকাকৈ যাব ওলাইছোঁ, বুকুখন ঢপঢপাবই দিয়কচোন। বিয়া পতা বেছিদিন হোৱা নাই, যি দুবাৰ গৈছোঁ শ্ৰীমতীৰ লগতে গৈছোঁ। এনেদৰে অকলশৰে যোৱাটো কোনো দুঃসাহসিক ক্ৰীড়াতকৈও কম নহয়, আনৰ নহলেও অন্তত মোৰ বাবে।
-ঔ আই, আমাৰ দেতা বাঘ নে সিংহ অ। ইমান ভয় নে তোমাৰ।
শ্ৰীমতীক পছন্দ কৰিছিলোঁ মাটিহেন ৰূপত,দুবছৰৰ দুৰ্বাৰ প্ৰেম কৰিলোঁ। সেই কেইদিন মোৰ সাংঘাতিক ৰোমাণ্টিক মন, শৰীৰত নীলিম কুমাৰ, হীৰেন ভট্টাচাৰ্যয়ো এনিটাইম প্ৰবেশ কৰি থাকে। এওঁক মানে স্বপ্নাক ছিগো ছিগো চিলাইৰ কামিজৰ কথা কওঁতেও মিচিকিয়া হাঁহিটোহে মাৰিছিল। বাৰিষাৰ ৰাতি স্বপ্নাৰ খোপাৰ বৰ্ণনা কৰি দিয়া চিঠিৰ উত্তৰো আহিছিল মাত্ৰ পাঁচশাৰী(মৰমৰ অনন্তদা আৰু ইতি আপোনাৰ স্বপ্না লগাই তিনিশাৰী হলেই)। লগ পোৱাৰ পাছতো চেপি চেপি ওলোৱা মাতৰ ওঁ আ কেইটাই পাগল কৰি দিছিল মোক।
আঃ ইমান নীৰৱ তটিনী মধুৰ ৰাগিনী, মুঠতে এওঁৰ মাতষাৰ পাবলৈ মই ব্যাকুল হৈ থাকোঁ। বিয়াৰ এমাহৰ পাছতে নিমাতীৰ মাত শুনি মোৰ তৎ হেৰাইছিল,টুটেলী ছাৰপ্ৰাইজ যে গলৰ নলা ইমান ডাঙৰ কেনেকৈ হব পাৰে।
মই কেং কৰিলে এওঁ ঘ্ৰেং কৰি খেদি আহে, জনাই জানে ক্ৰেং ডাঙৰ নে ঘ্ৰেং।
এতিয়া এওঁক কোনে বুজাই শহুৰ সিংহ নে ৰাক্ষস।
শহুৰৰ লগতে শ্ৰীমতীৰ হুকুম যেতিয়া যাবতো লাগিবই, খুলশালীৰ বিয়া ওলাইছে। একমাত্ৰ ভিনিহিয়েকটো হৈ খবৰ এটা নললেগৈ হব জানোঁ।
-তুমিও ওলোৱা নহলে। ৰাতিটো কটাই পুৱাতে আহি দিম।
এওঁক কৈ চালোঁ, এনেই বাৰু মাকৰ ঘৰলৈ যাবলৈ পালে ঠেং দাঙিয়েই থাকে। একে আষাৰে মানা কৰিলে, বোলে গলে সপ্তাহ চেৰেকলৈ যাব, এৰাতি থকাকৈ যোৱা মানুহ স্বপ্না শইকীয়া নহয়।
উপায় নাই,দুয়ো একেলগে বজাৰ কেইটামান কৰিলোঁ। শাহুলৈ কাপোৰ এযোৰ, শহুৰলৈ ভালৰো ভাল চামৰাৰ ছেণ্ডেল এযোৰ আৰু বাকীবোৰলৈ লাংখা লিংখি কিবাকিবি এওঁ বান্ধি দিলে। যোৱাৰ পৰত মুখখনত বেজাৰৰ চিন দেখিম বুলি ভাবিছিলোঁ, নাই একো প্ৰতিক্ৰিয়া নাই।
দাড়ি চুলি নিমজকৈ কটাই আনিছোঁ আখিৰ চছুৰাল ভ্ৰমন কী বাত হে। এওঁ প্ৰেছ মাৰি দিয়া পেন্ট চাৰ্টযোৰ পিন্ধি নিজকে কিবা ইন্টাৰভিউলৈ ওলোৱা যেনহে লাগিল।
-শুনিছা, নিজকে কিবা ছোৱালী চাবলৈ যোৱা যেনহে লাগিছে দেখোন।
জোকাওঁ বুলিয়ে মাতষাৰ দিছিলোঁ, কিন্তু শনিৰ অৱস্থান আছিল নাথাকিবলগীয়া ঠাইত। মুখখন ওফোন্দাই এওঁ পাকঘৰত সোমাল, ভাঁহি ভাঁহি আহি থাকিল ঘ্ৰেং ঘ্ৰেং শব্দ কিছুমান।
-অ, ভনীজনীক চাবলৈ যে লৰা আহিল সেই লৈ হিংসা। নিজৰ বেলিকা নাপালে বুলি মানুহ ইমানো পেটকুলী হব নাপায়।
তভক মাৰিলোঁ হিংসা কৰিবলগীয়া কথা কি, এইবোৰৰ লগত ধেমালি এটা কৰিব নোৱাৰি দেই। বিনাবাক্যব্যয়ে টোপোলাটো বাইকত ওলোমাই কীক মাৰিলোঁ।
-চকৰ পৰা মিঠাই নিবলৈ নাপাহৰিবা।
দিলে নহয় পিছফালৰ পৰা মাতষাৰ,মই উত্তৰ নিদিলোঁ।
বেলি পৰোঁ পৰোঁ হওঁতেই ৰজাচাপৰি চক পালোঁগৈ, শ্ৰীমতীৰ ফালৰ মানুহৰ সংখ্যা বেছি। দুহাল ককায়েক-বৌক,তেওঁলোকৰ ভাগৰ চাৰিটা লৰা ছোৱালী, ভায়েক দুজন, ভনীয়েক এজনী, আকৌ শাহু-শহুৰ লগাই মুঠতে তেৰজনলৈ গণি গণি তেৰটা চিংৰা কিনিলোঁ, মই চিংৰা নাখাওঁ । দুই ডজন পেৰা আৰু আধা কেজি বেকাৰীৰ বিস্কুট কিনি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ।
মুনিচুনি বেলিকা, বাৰাণ্ডাত ভৰি থোৱাৰ লগে লগে কাৰেন্টটো গ’ল।বাৰাণ্ডাত কিবা এটাত ভৰি লাগি খুটুং কৈ বাজিল। এতিয়া বিদ্যুত বিভাগেই বেয়া নে মোৰ কপালখনেই বেয়া নাজানোঁ আৰু।
-ছেই… ছেই
এখন হাতত লেম্প এটা আনখনত টাঙোন এডাল লৈ শাহু ওলাই আহিল, মই বোলো মনতে আইমাতৃ মই জোৱাঁইহে, কুকুৰ নহয় দিয়ক।
-মইহে মা..
মৃদুকৈ কাঁহ এটা মাৰিলো গহীনত।
শাহুৱে লাজে পালে নে কিয়ে, ওৰনিখনেৰে মুখখন ঢাকি কঁপিবলৈ ধৰিলে(হাঁহিছে যেনো লাগিল) । তলৰফালে জেকা জেকা লগাত দেখোঁ গোটেইখন পানী পানী।
-জোঁৱাইৰ কাৰনেই আনি থৈছিলোঁ পানী বাল্টি।
মই একো মাত নামাতিলোঁ, জলপ্ৰবেশ মানে গৃহ প্ৰবেশৰ নিয়ম বুলিয়েই ধৰি ললোঁ।
জোঁৱাইৰ নাম শুনি গোটেই বোৰ ওলাই আহিল,আলহ দুলহ কৰি সোধা পোছা কৰিলে। চ’ৰাঘৰত বহি মই মাত্ৰ এওঁৰ খবৰবোৰ দি আছোঁ।
-দেউতা নাই নেকি সৰু?
সৰু মানে এওঁৰ ডাঙৰটো ভায়েক।
-দেউতা চ’কলৈ ওলাই গ’ল।
-জোঁৱাইয়ে ভাল পাই বুলি ছাগলীৰ মাংস অকন আনেগৈ বোলে।
শাহুৱেও টপৰাই মাতটো দিলে, শাহুৱে মোক জোঁৱাইৰ বাহিৰে তই তুমি সম্বোধন কিয় নকৰে বুজি নাপাওঁ দেই কথাটো।
-ইস,মোৰ লগতে আহিব পাৰিলেহেঁতেন। মই আক নেদেখিলোঁৱে নহয়।
-হ’ব দিয়ক ভিনদেউ, অট চলিয়েই থাকে ন মানলৈকে। আহি যাব তেওঁ।
হাত মুখ ধুই ললোঁ, বৰ গৰম ইয়াত। বিচনী ঘূৰাই ঘূৰাই বহি আছোঁ বাৰাণ্ডাত, কঠালগুটিয়া ভতিজাটো পালেহি। এওঁ কোৱামতে কঠালগুটিয়া বিৰাট খটাসুৰ, বিনা কাৰনত কাৰো ওচৰ নাচাপেই সি। পিলিক পালাকৈ ইফালে সিফালে চাই সি মোৰ কানত ফুচফুচালে,
-অ পেহা, আপোনালৈ মিঠাই চাৰিটা আহিব।খবৰটো আগতীয়াকৈ দিলোঁ, ফিফটি পাৰ্চেন্ট এটা মোৰ। মই এইফালে পাৰ হৈ যাওঁতে আপুনি ঐ বিতু, মিঠাই খোৱা বুলি মাতি দিলে হৈ যাব।
জোঁৱাই অবাক, এই টেটোনটো দেখোন দালালৰো ওপৰত।

সেইমতেই কৰিলোঁ, বাকী তিনিটা পোৱালীৰ দুখৰ চাৱনীয়ে বুকুত নিবিন্ধা নহয়। পিছে বুদ্ধি যাৰ মূলুক তাৰ নীতিতহে মই বিশ্বাসী।
বাহিৰত গলখেকাৰি মাৰি শহুৰে নিজৰ উপস্থিতি জাহিৰ কৰিলে, গলখেকাৰিৰো কি শক্তি বাহ!
টেটোনৰ ফাইলটো লগে লগে পঢ়া টেবুলত বহিলগৈ, দুয়োজনী নবৌৱে ওৰনি টানি পাকঘৰত সোমাই পৰিল। খুলশালী কেইটাও নিজ নিজ কোঠাত সোমালগৈ, ককাইদেউ এজনো নাই পিছে ঘৰত। মই সন্ত্ৰস্ত হৈ তিনিজনীয়া চোফাখনৰ কাষৰ ছিট দুটা এনেয়ে জাৰি জোকাৰি থলোঁ।
-জোঁৱাই, আহিলা।
-অ দেউতা, বজাৰলৈ গৈছিল নেকি আপুনি?
-দেখিছিলোঁ তোমাক, মাত দিবলৈহে নহল। আইজনীৰ খবৰ কেনে?
শহুৰদেউতাই কিবা কিবি সুধি থাকিল, মই তলমূৰকৈ উত্তৰ দি গৈ আছোঁ। সন্ত্ৰস্ত নহম কিয় বাৰু?
স্বপ্নাক আনলৈ ঠিক কৰা বুলি শুনি যিটোহে দম দিছিলোঁ শহুৰৰ আগত, এতিয়া মনত পৰিলেই বুকুখন চিৰিং কৰি মাৰে।
স্বপ্নাৰ বেজাৰত ধৰা পানীটুপিৰ কৃপাত ফাপৰে খোৱা শগুন, বুঢ়া ছাগলী, নেগুৰছিঙা বান্দৰ আদিৰ দৰে অপূৰ্ব শব্দৰ কি সুন্দৰ ব্যাখ্যা দিছিলোঁ সেইদিনা শহুৰৰ মুখৰ আগত ।
ইমানবোৰ জীয়া ইনচাল্টৰ পাছতো শহুৰে একো মাত নিদি স্বপ্নাক মোলৈ দি পঠিয়াইছিল। তেনেকেই আমাৰ বিয়াখন হৈছিল, নীতি নিয়মবোৰ পাছৰ কথা।
এতিয়া ভাবোঁ তেলেই ফাটিছিল নেকি মোৰ।
এতিয়া যদি শহুৰে আগৰ কথাবোৰ ওলিয়াই কি অৱস্থা হব মোৰ! ভগৱানক চিন্তিছোঁ সোনকালে ৰাতিটো পুওৱাই দিয়া আৰু প্ৰভু।
– মাইনুৰ বিয়াখন কেতিয়ালৈ পেলোৱাৰ কথা ভাবিছে দেউতা।
-দেৰি নকৰো বুজিছা জোঁৱাই, সোনকালে দি মেলি আজৰি হোৱাৰহে কথা। নহ’লে ফুল দেখি কিমান ভেনা মাখি উৰে তুমিটো জানাই নহয়।
মই চৰ্চৰণি খাই গ’লো, দেউতাইটো মৌমাখি বুলিও ক’ব পাৰিলেহেঁতেন। ভেনা মাখি কিয়?
-আইজনীৰ বিয়াখন মনে বিচৰামতে পাতিব নোৱাৰিলোঁৱে এইখনেই ধূমধামকৈ পাতিম আৰু। মাৰায়ো কৈ আছে বোলে জোঁৱাই সেৱাত দিয়া পাটৰ কাপোৰ এসাজ পিন্ধিব বৰ মন গৈ আছে।
টিঙিচকৈ খংটো উঠি আহিল, এনে লাগিল বুঢ়ীলৈ অনা কাপোৰযোৰ নলাত পেলাই অহা হলে ভাল আছিল।
আগে জনা হ’লে নোম টেঙৰ বুঢ়াৰ ছেণ্ডেলপাটো যেন পাৰিলে ফুটাই পেলাম সোঁমাজতে। মুখখন খজুৱাইছে কিন্তু কবওটো নোৱাৰোঁ একো, ডাঙৰ জোঁৱাই যে।
ভাতৰ পাততো শান্তি নাই, খোৱাৰ মাজতে দেউতাই সুধিলে,
-জোঁৱাই, মাংস ভাল হৈছেনে?
-বঢ়িয়া দেউতা।
লিকটিয়া চালচিটা চোবাবলৈ যত্ন কৰিলোঁ, ৰন্ধা ভাল যদিও মাংসৰ কোৱালিটি একদমেই বেয়া।
সেইবোৰনো কওঁ কেলেই।
-ভাল পাইছা যদি ভালেই, আজি বজাৰত মাংসৰ বৰ আকাল। বুঢ়া ছাগলীৰ মাংস হলেও যিখিনি পালোঁ লৈ আনিলোঁ ।
শশুৰে মাংসৰ জোলত তৃপ্তিৰে শোহা এটা মাৰি কৈ উঠিল, মোৰ লিকটিয়া মাংস উফৰি সিপাৰে পৰিলগৈ। ডাঙৰ ককাইদেৱৰ মুখৰ পানী উফৰি পৰিল। বৌ, শাশু আৰু মাইনুহঁতে ইজনীয়ে সিজনীক চোৱাত লাগিছে।
মই চকুমুদিয়ে ভাতকেইটা গিলিলো, কি কুক্ষনত বুঢ়া ছাগলীৰ নামত গালি দিছিলোঁ জানো!

খাই উঠি টিভিৰ সন্মুখত বহিলোহি আটাইবোৰে। বুঢ়ালৈ ভীষন ভয় সোমাইছে এতিয়া মোৰ। ঠিকেই কথা পাতি থাকিব, মাজতে যিটো খোঁচ মাৰি আক্ৰমণ কৰে ঔ মোৰ কান্দিবলৈকেহে বাকী থাকেগৈ। সৰু ককাইদেৱে লাগ বান্ধ নোহোৱা প্ৰশ্নবোৰ সুধি কথাটো সলাই দিয়ে বুলিহে।
-তোমালোকৰফালে তামোলৰ পোনত কিমান?
-কন্ট্ৰলৰ চেনী কেইকেজিকৈ দিয়ে?
-জিঅ নেটৱৰ্ক আগতকৈ বেয়া হ’ল।
ইত্যাদি ইত্যাদি, ময়ো ঢৌতে খৰ মাৰি উত্তৰ বোৰ দি যাওঁ। আমাৰ পিছে তামোলৰ বাৰীও নাই, বিপিএলতো নপৰো আৰু জীঅ চিমৰো গ্ৰাহক নহওঁ।
শাহু আৰু মাইনুৱে ইতিমধ্যে বিচনা ঠিক কৰিলে, মই শুৱাটোৱে উত্তম বুলি ভাবিলোঁ। পুৱাতে ফুটিম আৰু ইয়াৰপৰা।
গাৰুটোত মূৰটো পেলাইছোঁহে, শহুৰ পালেহিয়েই নহয়।
-আপুনি শুৱাই নাই দেউতা।
মই খপজপাই উঠিলোঁ।
-এ শুম ৰবা, আমাৰ ইয়াত চুঙা বাদূলীৰ বৰ উৎপাত। আঠুৱাখন তৰিছানে নে নাই কৈ যাওঁ বোলো কথাটো। শুৱা তুমি, ৰাতিপুৱা পাতিম বাকীবোৰ কথা।
তেওঁ গুচি গল, ইফালে বাদূলীৰ লগত আঁঠুৱাৰ যোগসূত্ৰ বিচাৰি পগলা হলোঁ মই। বুঢ়াই কাট মাৰি গৈছে হয় কিন্তু তেওঁক বাদূলী বুলিটো মই কোৱা নাছিলোঁ কেতিয়াও। তেনে কিয় কলে বাদুলীৰ কথাষাৰ?
ঠিক ঠিক, মনত পৰিছে মোৰ। বিয়াৰ পাছতে গান্ধী চছমা পিন্ধা তপামূৰীয়া শহুৰক বাদুলীৰ লগত ৰিজাইছিলো কিবা কথাত। স্বপ্নাৰ আগত কৈ হাঁহোতে তাই মুখ ওফোন্দাইছিল সঁচা কিন্তু বাপেকৰ আগত যে এইষাৰো কবহি মই সপোনতো ভাবিব পৰা নাছিলোঁ।
কি বিভেদকামী নাৰী তুমি স্বপ্না, শপত খাই কৈছোঁ আৰু কেতিয়াও শহুৰৰ ঘৰলৈ অকলে ৰাতি থকাকৈ নাহোঁ। লাগিলে একেবাৰেই নাহিম তথাপিটো এই অপমান ভোগ নকৰোহি আৰু।
টোপনী নাহিল আৰু মোৰ, বাহিৰ ফুৰিবলৈ ওলাই আহোঁতে কাষৰ কোঠাৰ পৰা শহুৰ শাহুৰ মাত ভাঁহি আহিল,
-কি মানুহ হে আপুনি, প্ৰথমবাৰলৈ অহা জোঁৱাইককনো খোচ মাৰি থাকিব লাগেনে।
-এ থহেৰ তোৰ কথা।বেটা অনন্তই এই নন্দেশ্বৰ দত্তক দম দিব আহে,দিয়েও কি বুলি? বোলে বুঢ়া ছাগলী, ফাপৰে খোৱা শগুন, চুঙা বাদুলী।
-যি হ’ল হৈ গল, এতিয়া সি আপোনাৰ জীয়েকৰ গিৰিহঁত।
-হেৰ মিনতি, মই ইমান অঁকৰা নহয় যে গোটেই জীৱনলৈ খোঁচ মাৰি থাকিবলৈ। এয়াই প্ৰথম এয়াই শেষ। এতিয়াই ৰং নেচালে কিহস শহুৰ হলোঁহে মই।
-মনতে বেয়া পাই বুলিহে ভয়, আইজনীয়ে ভুগিব লাগে যদি।
-নাপায় দে, এশিকনি দিবলৈহে আজি বুঢ়া ছাগলীৰ মাংস খুৱালোঁ। তেলাল হাঁহ এটা আনি থৈছোঁৱে দেখোন, আখিৰ ডাঙৰ জোঁৱাই প্ৰথমবাৰলৈ আহিছে ভাই!
উহঃ মোৰ বুকুখন পাতল লাগি গল শুনি, হওঁক দিয়ক। ধুৰন্ধৰ বুলি ভাবি থকা শশুৰ যে ধেমেলীয়া ওলাল। শান্তিৰে শুব পাৰিম এতিয়া মই!

বিচনাত পৰি ভালেপৰ হাঁহিলো বুঢ়াৰ কাণ্ডত, কি যে শহুৰটো মিলিল মোৰ কপালত।
চিন্তামুক্ত হৈ গধূৰ টোপনি এটাৰ অন্তত পুৱা আকৌ শহুৰৰ মাততে সাৰ পালোঁ,
-বোলো জোঁৱাই উঠিলানে? এপাক ফুৰি আহোঁ বলা। আজি শগুন দেখুৱাম তোমাক, ফাপৰে ধৰা শগুন।

☆★☆★☆

7 Comments

  • Rintumoni Dutta

    বাপ ৰে, কি লিখিছা হে! ভাগ্য ভাল, ইমান “ধেমেলিয়া” শহুৰ নাপালো

    Reply
  • জাহ্নৱী

    হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ

    হাঁহিৰ কোবত চকুপানী ওলাই গৈছে ঔ

    Reply
  • কমল তালুকদাৰ

    হায়ৰে ! মোৰ ফুটা কিস্মত , •••• নেপালো নহয় এনেকুৱা “ধেমেলীয়া” চচুৰ । ___ তামাম হাঁহিলো দেই ভাল লাগিছে গল্পটি ।

    Reply
  • বৰ ৰস পালোঁ। ইমান ভাল লাগিল। এনেকুৱা শহুৰ পোৱাও ভাগ্য।

    Reply
  • কাবেৰী মহন্ত

    কি জমনি চচুৰ !

    Reply
  • RIMJHIM BORTHAKUR

    HAHAHA Bhal lagil

    Reply
  • মানসী বৰা

    বৰ ৰস পালো দেই …

    Reply

Leave a Reply

Your email address will not be published.