ফটাঢোল

হেট ইউ জিন্দেগী – তৃষ্ণা সোণোৱাল

কলেজৰ দিনবোৰত সমীৰণৰ কাৰণে আমি তিনিওজনীয়েই পাগল আছিলোঁ। তাৰ সুদৰ্শন চেহেৰাই মহিমাক মুহি ৰাখিছিল, উপমা বলিয়া আছিল তাৰ কবিতাৰ বাবে আৰু তাৰ ব্যক্তিত্বৰ প্ৰেমত পৰিছিলোঁ মই। তাৰ প্ৰতি থকা আকৰ্ষণৰ কথা সি জানিছিল নে নাই সেই কথা আমি এজনীয়েও নুবুজিলোঁ। পাকে প্ৰকাৰে, আকাৰে ইংগিতে প্ৰতিজনীয়ে তাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কিন্তু এৰা নাছিলোঁ।
উপমা আছিল এখোপ চৰা, তাইহে যেন সমীৰণৰ সুবিধা অসুবিধা সকলোবোৰৰ ঠিকা লৈ থৈছে। ক্লাছত প্ৰায়ে তাই সমীৰণৰ প্ৰক্সি মৰাৰ বাবে ভূঞা ছাৰৰ গালি খায়।

: মিছ উপমা দেৱী। সমীৰণ নহৈ যদি সমীৰা হ’লহেঁতেন মই নিশ্চয় তোমাৰ প্ৰক্সি মানি ল’লোহেঁতেন। যিহেতু তুমি উপম নহৈ উপমাহে আৰু ময়ো ভগৱান নহৈ ভূঞাহে, গতিকে পুৰস্কাৰৰূপে তোমাৰ আজিৰ এটেনডেন্স এবছেণ্ট বুলিয়েই প্ৰদান কৰিলোঁ৷

সমীৰণক ৰেগুলাৰ কৰিবলৈ গৈ বেচেৰী প্ৰায়েই ননকলেজিয়েট হওঁ হওঁ হয়গৈ। সমীৰণ বুলিলে কেৱল আমি তিনিজনীয়েই নহয় গোটেই কলেজৰ ছোৱালীবোৰৰ হৃদয়তে চাগৈ ঠাই আছিল। সি কিন্তু বন্ধুতকৈ বেছি পাত্তা কাকো দিয়া নাছিল, হৃদয়চূৰ্ণ হোৱা সুন্দৰী ছোৱালীবোৰৰ মতে সি এটা মস্ত বুৰ্বক।
কিন্তু মই ভাবোঁ সি আচলতে শিয়ালতকৈ টেঙৰহে। বেষ্ট ফ্ৰেণ্ড পাতি ছোৱালীবোৰৰ হতুৱাই কাম আদায় কৰাত সি ওস্তাদ আছিল। প্ৰেক্টিকেল, ড্ৰয়িং, এছাইনমেণ্ট আদি যিকোনো কাম তাৰ বাবে কৰি দিবলৈ ছোৱালীবোৰ সদায়েই প্ৰস্তুত। মহিমাও ব্যতিক্ৰম নাছিল, সমীৰণৰ প্ৰেক্টিকেল পৰীক্ষাবোৰত উপযাচি গৈ হাঁহি হাঁহি পঁইতাচোৰা, গৰৈ মাছ, ভেকুলীৰ অপাৰেচন কৰি আহি আমাৰ আগত ওকালি ওকালি তত নাপাইছিল। প্ৰেমে কি কি নকৰায় মানুহক।

তিনিটা বছৰ তেনেকৈয়ে শেষ হৈছিল, ভাল পাইছিলোঁ যদিও বন্ধুত্ব ছিঙাৰ ভয়ত মহিমা, উপমা আৰু মই সেই কথা তাক কেতিয়াও মুখ খুলি ক’ব নোৱাৰিলোঁ। আফচোচ থাকি গ’ল সেয়াই….

সময়ৰ লগে লগে ঢেৰ কিবা কিবি সলনি হ’ল, কলেজ শেষ কৰি সি গুচি গৈছিল গুৱাহাটীলৈ আৰু আমি ৰৈ গ’লোঁ সেই সৰু মফচলীয় চহৰখনতে। উপমা জাতীয় বিদ্যালয়ত আৰু মই সোমালোঁ ডেভেল্‌পমেণ্ট ব্লকৰ ঠিকাভিত্তিত কম্পিউটাৰ এছিছটেণ্ট হিচাবে।
মহিমা বিয়া হৈ নগাঁও পালেগৈ মানে আমাৰপৰা একেবাৰেই আঁতৰত। বাকী থকা আমি দুজনীৰ বিয়াও ওচৰৰ একেখন চহৰলৈকে হ’ল। একেই চহৰ একেই সহপাঠী সেই সুবিধাতে লগ হৈ থাকোঁ দুইজনীয়ে প্ৰায়ে।

আবেলি সময়ত উপমা আহিছিল হাজবেণ্ডৰ বাইকৰ পাছফালে বহি। উপমাৰ গিৰিয়েক পশু চিকিৎসক, ক্ষীণ চেহেৰাৰ উপমাই গিৰিয়েকক জিণ্টিয়ে ‘তন্ত্ৰী নামৰ মন্ত্ৰী’ নাম দি লৈছে।

আজিও চিঞৰিছিলেই, দেউতাকৰ ধমক খাইহে তাই পলাল। সেই উপমাই খবৰ দিলেহি,

: সমীৰণ ইয়ালৈ ট্ৰেন্সফাৰ হৈ আহিল নহয়।

সমীৰণ তেতিয়ালৈ পাহৰণিৰ এটা চুকত কোঁচ খাই সোমাই আছিল, খোঁচ এটা খালেই মনত অহাকৈ। তাক শেষ লগ পাইছিলোঁ মহিমাৰ বিয়াতে, ফৰেষ্ট বিভাগৰ চাকৰি হৈছিল তাৰ। মহিমাৰ দুখ আৰু আমাৰ দুজনীৰ চকুত সুখৰ ফুল ফুলাই সি আগতকৈয়ো সুন্দৰ হৈ ধৰা দিছিল। নতুন চাকৰি, লোভনীয় দৰমহাৰে তাৰ উজ্জ্বল ভৱিষ্যত এটা দেখি আমি দুইজনীয়ে সঁচাকৈয়ে সুখী হৈছিলোঁ।

: উফ্ সমীৰণটো ইমান ধুনীয়া হৈ গৈছে কিয় বাৰু? এতিয়াই এই অৱস্থা, ইয়াক দৰাৰ সাজত দেখিলেতো মই পাগল হৈ যাম জান সুজাতা।

উপমাই গোটেই বাট সেইদিনা তাৰ কথাই কৈ আহিছিল। ময়ো ভাল পাইছিলোঁ তাক কিন্তু কিয় জানো তাৰ লগত বিয়া হোৱাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰিলোঁ। দুবছৰৰ ভিতৰতে আমাৰ দুইজনীৰো বিয়া হৈ গ’ল, উপমাক সমীৰণৰ কথা সুধিছিলোঁ তাইৰ বিয়াৰ দিনা। সমীৰণৰো তাইৰ প্ৰতি দূৰ্বলতা এটা আছিল বুলি মই জানো।

: ধুইত এইজনী, সমীৰণৰ লগত চেনি খাবলৈহে ভাল বুজিছ বিয়া হৈ পস্তালেহে হ’ব।

: কিয়? তাৰ কেৰিয়াৰ ভাল, পাৰ্ছনেলিটিও বঢ়িয়া আৰু হেণ্ডচামো।

: সেইটোৱেই কথা। ইমান হেণ্ডচাম মানুহ এটাৰ ৱাইফ হৈ জ্বলি পুৰি মৰোঁ বুলিলেহে হ’ব।

উপমাই হাঁহি উৰুৱাই দিলে কথাবোৰ। তাইৰ মতে অমুকৰ তুলনাত ঘৈণীয়েক বৰ ধুনীয়া টাইপৰ মানুহৰ লগতহে বিয়া পাতিব লাগে। কথাটো হয়ো পিচে, তন্ত্ৰীক দেখি মানুহবোৰৰ অট’মেটিক সেই ফিলিংটো আহিয়েই যায়। সমীৰণ আমাৰ চহৰলৈ অহাৰ কথা মই স্বৰাজক ক’লোঁ। সহপাঠী বন্ধুক এবাৰ লগ কৰাৰ কথা শুনি তেওঁ মোক ঘোপাকৈ চালে, অৰ্থ কাম নাই আৰু তোমাৰ! বাদ দিলোঁ সেইবাৰলৈ। বন্ধ দিনবোৰত আমি দুয়োটা পৰিয়ালে মিলি প্ৰায়ে ফুৰোঁ। ফৰ্থ ছেটাৰডেৰ বন্ধ, পুৱাতে উপমাই অগ্নিগড়লৈ বুলি লগ ধৰিলে। স্বৰাজৰ মন নাছিল যাবলৈ, গাড়ীত যোৱাকালি তেল ভৰাইছে। শুনিয়েই ভোৰভোৰালে, মিছাতে ইমান দূৰ গৈ খৰচ কৰাৰ কি দৰকাৰ, ওচৰৰ ইক’লজখনতে পাক এটা মাৰি ঘূৰি আহিলেই হ’ল।

আচলতে স্বৰাজে উপমাৰ গিৰিয়েকৰ সংগ সমূলিয়েই ভাল নাপায়। স্বৰাজৰ স্বভাৱ যিমানে নীৰৱ, সুধীৰ সিমানেই কথকী। সুধীৰে আকৌ ভাৱে স্বৰাজ প্ৰকৃততে এজন ভাল শ্ৰোতা। যিহেতু সমস্যা স্বৰাজৰহে, মোৰ বা সুধীৰৰ নহয়। কাজেই স্বৰাজৰ কথা নৰজিল, আগবেলাতেই আমাৰ গাড়ীখন লৈ যাত্ৰা আৰম্ভ কৰিলোঁ। কিনকিনিয়া বৰষুণৰ মাজেৰে গাড়ী আগবাঢ়িল, আগচিটত সুধীৰৰ নৱগঠিত চৰকাৰৰ ওপৰত বিৰাট বিশ্লেষণ। আটাইতকৈ মজাৰ কথাটো হ’ল, স্বৰাজৰ ভাষাত হাজাৰবল্কি সুধীৰৰ ভাষণ এওঁ নিজেও পূৰ্ণোদ্যমে ভাগ লৈছে আজি। সঁচাকৈ, ৰাজনীতিৰ আলোচনা কৰিবলৈ পালে নিবোকা পুৰুষো যে বিদূৰ হৈ যায় কথাটো ভালকৈয়ে বুজিলোঁ।

টাউন সোমোৱাৰ ঠিক আগে আগে আমাৰ গাড়ীখন ঘপহকৈ ৰৈ গ’ল। হঠাতে কিনো হ’ল একোৱেই ধৰিব নোৱাৰিলোঁ আমি।

: উস্‌! মোৰ পেটত প্ৰচণ্ড বিষ।

স্বৰাজে পেটটো খামুচি কৈ উঠিল, মই ধৰফৰাই নামি তেওঁৰ ওচৰ পালোঁগৈ।

: ওচৰতে নাৰ্চিংহোম এখন আছে, ব’লাচোন ব’লা।

সুধীৰে অট’ এখন ৰখাবলৈ লওঁতেই কলা ধুনীয়া গাড়ী এখন ৰ’লহি।

: হেই তোমালোক!!!!!

দুৱাৰ খুলি নামি অহা আগন্তুকক দেখি হতবাক হ’লোঁ।
সমীৰণ….

আন সময়ৰ কথা বেলেগ আছিল কিন্তু এইটো সময়ত মই তাৰ উপস্থিতি একেবাৰেই কাম্য কৰা নাছিলোঁ। পৰিস্থিতি বিষম দেখি সিয়েই লৰালৰিকৈ আমাক নি নাৰ্চিংহোম পোৱালেগৈ। বিশেষ একো হোৱা নাছিল, গেছৰ প্ৰব্লেম। ডাক্তৰে ইনজেকচন এটা দি বিদায় দিলে। সমস্যা হ’ল আহোঁতেহে, এইটো অৱস্থাত স্বৰাজক গাড়ী চলাবলৈ দিব নোৱাৰি। সুধীৰৰ হাতত ফ্ৰেকচাৰ আৰু আমি দুজনীতো একো কামৰে নহয়। সমীৰণে প্ৰস্তাৱ দিলে তাৰ গাড়ীত অহাৰ, উপমা আৰু মই ইজনী সিজনীৰ মুখলৈ চালোঁ।

: নালাগে দিয়ক, গাড়ীখন এৰি থৈ যাব নোৱাৰি। অলপ ৰৈয়ে দিওঁ, ভাল পালে গুচি যাম নে কি কোৱা।

স্বৰাজে পিছৰখিনি মোক উদ্দেশ্যি ক’লে, বুজিলোঁ ধোঁৱা ওলাইছে অলপ চলপ, নিশ্চয় ক’ৰবাত জুই জ্বলিছে। সমীৰণে মানি লোৱাৰ কথাই নাহে, আমাৰ গাড়ীখন থ’বলৈ ইয়াত তাৰ চিনাকি বহুত। পাছত বাৰু সিয়েই নিয়াৰ ব্যৱস্থা কৰিব গাড়ীখন, শেষত তাৰ গাড়ীত অহাটোৱেই খাটাং হ’ল।

সমীৰণৰ চিকচিকিয়া ক’লা ৰেনাল্ট ডাষ্টাৰ বৰষুণ ফালি আগবাঢ়িল। গাড়ীৰ গতিৰ সমান্তৰালকৈ ফ্লেছবেকৰ দৰে কলেজৰ দিনবোৰ মোৰ মনলৈ আহিল, উপমাৰো চাগে একেই গতি। সমীৰণে এতিয়াও বিয়া পতা নাই, তাৰ ভাষাত বিন্দাচ লাইফ এনজয়। ক’লা টি চাৰ্ট, মাখন ৰঙী জিন্সে তাক কলেজৰ দিনতকৈ ধুনীয়াকৈ তুলি ধৰিছে। তাৰ দেহৰ উগ্ৰ পাৰফিউমৰ গোন্ধটো গাড়ীখনৰ ভিতৰত দুলি থাকিল।
নিজকে অস্বস্তি অনুভৱ কৰিলোঁ, দুবছৰৰ পাছত চল্লিশ চুমগৈ আমি কিন্তু সমীৰণৰ তুলনাত নিজকে মান্ধাতা যুগৰ আপচু যখিনী যেন লাগিল। হাতৰ নখকেইটালৈ চালোঁ, চেঃ নতুন ৰং নাই বাৰু কমচেকম পুৰণাখিনিকে এৰুৱাই আহিব নোৱাৰিলোঁ নে? উফ…. জীৱন কি হৈ গ’ল।

হাতত কিবা আঠা যেন লগাত উপমালৈ চকু গ’ল, তাই বেচেৰী ইমান খৰখেদাকৈ আহিছে যে পিন্ধি থকা নতুন শাড়ীখনৰ প্ৰাইচ টেগটোকে এৰুওৱা নাই।
চে…. ৰে… ক..

লাহেকৈ এৰুৱাইছিলোঁ, যিটো শব্দ হ’ল উপমাৰ লগতে সুধীৰ আৰু সমীৰণেও ঘূৰি চালে। বেঙীৰ হাঁহিটো মাৰিলোঁ, উপমাই ঘোপাকৈ চাই আছে মোক। মনত ভাৱিছে চাগে, লাজ দিবলৈ ঠাই নাপালি তই। সমীৰণ আগতকৈয়ো সপ্ৰতিভ হ’ল, অনৰ্গল কথা তাৰ। সমীৰৰ চাকৰি, অফিচ ট্যুৰ, মুম্বাই আৰু ৰুৰকিত লোৱা নতুন ফ্লেট দুটা, শ্বেয়াৰ মাৰ্কেটৰ গধুৰ ইনভেষ্টমেণ্টৰ বিষয়ে সি উৎসাহেৰে কৈ গ’ল, সঁচা অৰ্থত সফল সি। সুধীৰে মাহিলী ইনষ্টলমেণ্টৰ দীঘলীয়া তালিকাখন গাই গৈছে, মাজে সময়ে সমীৰণৰ দুই এটা পৰামৰ্শ। উপমাই খিৰিকীৰ গ্লাছত আউজি একান্ত মনে বাহিৰলৈ চাই গৈছে, মুখত স্পষ্ট বিৰক্তি।

: পিচে তুমি ক’লৈ আহিছিলা সমীৰণ?

সুধীৰ আৰু সমীৰণৰ কথাৰ মাজতে মাত দিলোঁ মই, বিষয়টো সলনি হ’ব লাগে মুঠতে।

: কি ক’বা। এইযে চলাই আহিছোঁ গাড়ীখন, ছমাহ হৈছে কি নাই অফিচৰ জুনিয়ৰ এজনে একেই এখন ল’লে। তাৰ পাছত আৰু কি, কোনে চলাই এইখন। নতুন এখন বুক কৰি থৈ আহিলোঁ।

: বাঃ বৰুৱা, অভিনন্দন৷ পিচে কোনটো মডেল এইবাৰ?

উপমাৰ গিৰিয়েক তেনেই নিৰীহ প্ৰাণী, এখেতৰ মনত জ্বলা পোৰা বোলা বস্তু এটা ভগৱানে হয়তো নিদিলেই। মই জ্বলিছোঁ, পুৰামাত্ৰাই জ্বলিছোঁ আৰু এশএক শতাংশ নিশ্চিত যে উপমাও জ্বলিছে।

: মাহিন্দ্ৰা এক্স ইউ ৱি ফাইভ ডাবল জিৰ।

সমীৰণে উৎসাহেৰে উত্তৰ দিলে। কিনো হ’ল জানো, মোৰ বুকুখন হমহমাই উঠিল। স্বৰাজলৈ চালোঁ, টোপনীত লালকাল দি মোৰ গাত ঢলি পৰিছে তেওঁ। হঠাতে খং এটা ভমককৈ উঠিলহি, কৰ সমীৰণৰ ছমাহো নোহোৱা নতুন গাড়ী এৰি এক্স ইউ ভি নে ৱি কিনাৰ প্লেন আৰু ক’ৰ আমাৰ ইফালে গেষ্ট্ৰিকত লেবেজান হোৱা ৰাইজ। সন্মুখৰ চিটৰ আঙুলিৰ মূৰত মাহিলী কিস্তিৰ হিচাব দিয়া ভেটেৰনেৰী ডাক্তৰডাল আছেই। মূৰটো টিংটিঙাই উঠিল, এজনকো দেখিবলৈ মন নোযোৱা হৈ থাকিল মোৰ। স্বৰাজৰ ওপৰতে খংটো উঠি আহিল, তোমাৰনো আজিয়ে গেষ্ট্ৰিক উক দিব লাগেনে। দিনটোৰ উৎসাহত পানী পৰিল, তাতে লগ পালোঁ এইডালক। মিছামিছি টেনচন এখিনি গোটাই ললোঁ, উফ এই নোপোৱাৰ বেদনাখিনি৷

কিয় কিন্তু নাজানো, কাঠ এডালেৰে নিজৰ মূৰতে মৰিয়াই দিম যেন লাগিল। অলপ আগত পেহী এগৰাকীৰ ঘৰ আছে, স্বৰাজক চোঁচোৰাই হ’লেও লৈ যাম। মই জানো উপমাও হয়তো নামিব মোৰ লগত, মুঠতে এনেকৈ গৈ থাকিব নোৱাৰি আৰু।
জোৰেৰে চিঞৰি উঠিলোঁ,

: গাড়ী ৰখোৱা……

☆★☆★☆

14 Comments

  • নীলাক্ষি

    মই তোমাৰ গল্পকেইটাৰ বাবে সদায়েই আগ্ৰহেৰে বাট চাওঁ তৃষ্ণা। আগৰদৰেই ভীষণ ভাল লাগিল পঢ়ি। আগবাঢ়ি যোৱা এনেদৰেই। শুভাশীষ সদায়েই আছে।

    Reply
    • তৃষ্ণা সো

      ধন্যবাদ নীলাক্ষি বা।

      Reply
  • Rintumoni Dutta

    কানিয়া স্বভাৱটো এৰা আৰু চিৰিয়াচলি লিখা-মেলা কৰা আৰম্ভ কৰা।

    এজ ইউজুৱেল, এটাই শব্দ, অতীৱ সুন্দৰ

    Reply
  • বৰ ভাল পাওঁ তোমাৰ গল্পবোৰ। সদায়েই বেলেগ বেলেগ সোৱাদেৰে পূৰ্ণ তোমাৰ গল্পবোৰ। আজিও ব্যতিক্ৰম নহ’ল।
    অনন্য–

    Reply
  • কমল তালুকদাৰ

    সেই একেই সাৱলীল লিখনী ,
    মজা লাগিল গল্পটি ।

    Reply
  • কাবেৰী মহন্ত

    তোমাৰ বৰ্ণনা অতুলনীয় ৷ বৰ ভাল লাগিল পঢ়ি ৷ সদায়েই আমেজ পাঁও তোমাৰ গল্প পঢ়ি ৷

    Reply
  • ৰিমঝিম

    বেলেগকৈনো কি ক’ম। আৰু বিচাৰোঁ তোমাৰ পৰা।

    Reply
  • খুব ভাল লাগিল৷

    Reply
  • Dhruba Jyoti Das

    গল্পটো ত বাস্তৱ ৰ জীয়া ছবি এখন প্ৰতিফলিত হোৱা দেখা গৈছে—- বৰ ভাল লাগিল পঢ়ি

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা।

    গল্পটো পঢ়ি ভাল লাগিল। কোনোবা এজনীয়ে হ’লেও সময়ৰ শৰ সময়ত মাৰিব লাগিছিল।

    Reply
  • তৃষ্ণা সো.

    আপোনালোকৰ বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ।

    Reply
  • parishmita

    মজ্জা মজ্জা

    Reply
  • HEMANTA KAKATI

    বৰ ধুনীয়া তৃষ্ণা৷ ভাল লাগিল

    Reply
  • কি যে দিন কাল পৰিল। নিজৰ গাড়ীখনৰ নিচিনা কোনোবাই গাড়ী ললেও কোনো কাৰণ নোহোৱাকৈ গাড়ী সলোৱা হ’ল। মুঠতে সকলোতকৈ ওপৰত থকাটো বিচাৰে। ভাল লাগিল দেই তৃষ্ণা।

    Reply

Leave a Reply

Your email address will not be published.