ফটাঢোল

য়ে’ আজাদী জ্যুথি হ্যে – খনিন্দ্ৰ ভূষণ মহন্ত

দৃশ্যপট ১:

“থ হেৰ’, তই যে এনেকুৱা এটা কাম কৰিবি মই সপোনতো ভবা নাছিলোঁ।” – এজনৰ ভাষ্য এয়া।
“তাকেহে ককাইদেউ, ইও সেই একেই তিৰোতা-সেৰুৱা হ’ল।” – ওচৰতে থকা আন এজনে একেটা সুৰতে কথাষাৰ কৈ সেইখিনিৰ পৰা আঁতৰি গ’ল। চাই থাকোঁতেই গোট খাই থকা প্রায় পাঁচজন মানুহ অন্তর্ধান হোৱা দি হ’ল।

গাঁওখনত গেলা-মালৰ দোকান বুলিবলৈ এখনেই। আৰু দোকান বুলিলেই ভিৰ এটা থাকেই দিয়কচোন। অ, সন্ধ্যাৰ পৰা ভিৰটো বেছি হয়; সেইটো বেলেগ কথা। কোনোবাই যদি ফূৰ্ত্তী পানীকণ গ্রহণৰ সময়ত প্রয়োজন হোৱা চানা, বাদাম পকৰী, বিকাজী ভুজিয়া আদি কিনিবলৈ আহে, কোনোজন আহে দোকানৰ পিছফালৰ আন্ধাৰ-মুন্ধাৰ ঠাইকণৰ সৎ ব্যৱহাৰ কৰিবলৈ। মানে লুকাই-চুৰকৈ চিগাৰেট, ভাং টনাকেইজন। গল তিয়াই উভতি অহা দুই-এজনে সেইখিনিতেই ৰৈ ফৰফৰাই ইংৰাজী শাৰী দুটামান কৈ চাইকেলখন ঠেলি-ঠেলি গৈ থকা ছবিখনো প্রায় সকলোৰে চিনাকি।

এইখিনিলৈকে সকলো ঠিকেই আছিল। গণ্ডগোলটো লাগিল দোকানৰ সন্মুখতে ডেকা-চাঙখন বনোৱাৰ পাছৰ পৰাহে। হকে-বিহকে এটা দলে আহি তাত বোন্দা-পৰ দি বহিয়ে থাকে। স্বাভাৱিকতেই বিষয় নির্বিশেষে আড্ডা জমি উঠিছিল। কেতিয়াবা যদি ট্রাম্প, কেতিয়াবা জুবিনৰ বাটাৰ, কেতিয়াবা যদি কোহলি-অনুষ্কাৰ বিয়া, কেতিয়াবা আকৌ প্রিয়ঙ্কা চোপ্রাৰ বিয়া…চেঙেলীয়া উকীবোৰে ক্রমাৎ পৰিৱেশটো বেলেগ দিশলৈহে লৈ গৈছিল। দোকানৰ সন্মুখেদি ছোৱালী/ বোৱাৰী কোনো সাৰি নোযোৱা হ’ল।

দোকানীজনৰ পত্নী এগৰাকী শিক্ষয়িত্রী। তেখেত এসপ্তাহৰ বাবে মাকৰ ঘৰলৈ গৈছিল। ঘৰলৈ আহি এই সপ্তাহ দিনৰ ভিতৰতে দোকানৰ আগফালে ইমান পৰিৱর্তন কেনেকৈ হ’ল তাকে ভাবি আচৰিত। ৰাতিৰ ভিতৰতে দোকানী আৰু পত্নী এক ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হ’ল। কাজেই, পিছদিনাই দোকানৰ আগফালৰ দেৱালত বৰ বৰ হৰফেৰে “বাকী খুজি লাজ নিদিব”ৰ ঠাইত “ইয়াত আড্ডা দিয়া নিষেধ”, “ধুম-পান বর্জিত ঠাই” ইত্যাদি লিখা ফলক ওলোমাই দিয়া দেখা গ’ল। ফলত সেই বিখ্যাত আড্ডাবাজসকলে ‘দোকান ত্যাগ আৰু কটুবাক্য কথন’ কার্যসূচী হাতত লয় যদিও একো সুফল নাপায়।

আঁতৰৰ পৰা কোনোবা এজনে চিঞৰি কৈ গৈছিল, “য়ে’ আজাদী জ্যুথি হ্যে!”

 

দৃশ্যপট ২:

“গাঁওবুঢ়া খুড়াৰ এজনীয়ে ছোৱালী। তাইৰ বিয়াতে যদি ৰাইজে ফূর্তি অকণ নকৰে, কেতিয়া কৰিব!”-বিয়ালৈ তিনিদিন থাকোঁতে গাঁৱৰ ডেকা ল’ৰাখিনিক গোটাই কৰা অনানুষ্ঠানিক সভাখনতে এজনে কথাটো ক’লে। এনেই ডেকা মন, তাতে গাঁওবুঢ়াৰ ঘৰৰ কথা। না কোৱাৰ প্রশ্নই নাহে। মুঠতে সেইদিনা যে ডি.জে’. বক্স লগাই এপাক এপাক ভালকৈয়ে দিব, তাৰ বাবে সকলো সাজু হৈ ল’লে। দুজনমান ‘অভাৰ এক্সাইটেদ’ প্রাণীয়ে সেইদিনাৰ বাবে গান নির্বাচনতো লাগি গ’ল। “ঐ ইউ-টিউবত ‘মেৰিয়েজ স্পিচিয়েল চং’ বুলি চার্চ কৰ আহি যাব”, “অৰিজিত সিঙৰ গান নালাগে দেই, ইমান পেন-পেনীয়া সেইটোৰ গানবোৰ”, “মিকাৰ গান বিচাৰ, সেইবোৰহে নাচিবলৈ ভাল লাগিব। ফিলটো নাহেই নহ’লে”-এনেকুৱা কথাৰে কোঠাতো ভৰি পৰিল। প্রস্তাৱটো শুনি কইনাৰ মনটোৱেও কল্পনা সাগৰত উটি-ভাঁহি ফুৰিলে। “একদম চিনেমাত দেখুওৱা বিয়াবোৰৰ নিচিনা তাইৰ বিয়াতো নাচোন-বাগোন হ’ব! কিমান যে ভাল লাগিব!”

গাঁওবুঢ়া দদাইৰ কাষৰ ঘৰৰ ছোৱালীজনীয়ে মেট্রিক দিব। বিয়াৰ পিছদিনাৰ পৰা পৰীক্ষা আৰম্ভ। মাক-বাপেক হালেই আনৰ ঘৰত হাজিৰা কৰি বৰ কষ্টৰে তাইক পঢ়ুৱাইছে। পৰীক্ষা ওচৰ চপাত তাই নিজেও যিমান পাৰে পঢ়াত মন দিছে। তাইৰ লগতে বিদ্যালয়খনেও তাইৰ পৰা ভাল ৰিজাল্ট এটাৰ আশা কৰি আছে। কথাটো গাঁওবুঢ়াৰ পত্নীয়ে ভালকৈয়ে জানে। গতিকে, ডি.জে’. বক্সৰ কথা শুনি ততা-তৈয়াকৈ পাকঘৰৰ পৰা ওলাই গৈ ৰাইজৰ আগত পৰীক্ষাৰ কথাটো ক’লে। লগে-লগে জীয়েকে মুখ ফুলাই গোবৰ পাচি হেন কৰি ভিতৰলৈ ফোঁ-ফোঁৱাই গুচি গ’ল। এজনে থিয় হৈ নিজৰ পক্ষত যুক্তি দিলে, “থৈ দিয়ক হে’ মেট্রিক পৰীক্ষা। এনেখন ফুলাব তাই! আৰু পৰীক্ষা বছৰে বছৰে আহিব। কম্পার্টমেণ্টেল পৰীক্ষা দিও বহুতে ভাল ৰিজাল্ট কৰিছে। বিয়াখন জীৱনত অকল এবাৰেইহে হ’ব! গতিকে আনৰ কথা ভাবি থাকিব নালাগে। নিজৰ বিয়াখনত আনন্দ কৰাৰ স্বাধীনতা সকলোৰে আছে।”
গাঁওবুঢ়া কিছু অস্বস্তিত পৰিছিল যদিও নাছোড়বান্দা ডেকাচামৰ হেঁচা আৰু জীয়েকৰ ফুলা মুখৰ আগত মেট্রিক পৰীক্ষাই হাৰ মানিলে। কাষৰ ঘৰৰ মানুহখিনিৰ বাবে স্বাধীনতাৰ নতুন সংজ্ঞা এটাই বাট চাই আছিল…

 

দৃশ্যপট ৩:

সাধাৰণতে ‘এঞ্জেল’, ‘প্রিয়া’ জাতীয় নামৰ একাউণ্টবোৰ এৰাই চলোঁ যদিও সেইদিনা কিনো মন গ’ল, এজনীক বন্ধুত্বৰ প্রস্তাৱটো দিলোঁ। ঘৰো একেটা মহকুমাতে। মোক আচৰিত কৰি প্রায় দহ মিনিটতে তাই প্রস্তাৱটো গ্রহণ কৰাত মোৰ মনত হাজাৰজনী জোনাকী পৰুৱাৰ নাচোন। লগে-লগে ভিতৰ বাকচলৈ গৈ “মোৰ বন্ধু হিচাপে লোৱাৰ বাবে ধন্যবাদ” বুলি লিখি দিলোঁ। আধা ঘণ্টা, এঘণ্টাকে সময়বোৰ গৈ থকাৰ পাছত প্রায় তিনি ঘণ্টাৰ মূৰত বার্তাটো তাই চালে যদিও কোনো প্রত্যুত্তৰ নাহিল। মই নিৰাশ নহৈ পুনৰ লিখি দিলোঁ, “হাই, কি ক্রিছা? তুমি ভুত ভুত ধুনীয়া! তোমাৰ হোৱাটচ্-এপ নাম্বাৰটো দিয়া না।” ভাবিলোঁ অসমীয়া পঢ়িব নাজানে কিজানি! নামেই ইংৰাজীত লিখি থৈছে যেতিয়া…! “Hey Babes, talk in English” বুলি লিখিলোঁ এইবাৰ। ওহোঁ, তেতিয়াও বার্তাটো চাই থৈ দিলে। মোৰ ধৈর্যৰ সীমা পাৰ হৈ গ’ল। আৰে, যি হ’লেও ফটা-লেবেল এটা অমুকাৰো আছে না! “তই নিজকে কি বুলি ভাব হা? মন কৰিলে তোৰ নিচিনা হাজাৰজনী মোৰ বাবে থিয় কৰাই দিব পাৰোঁ। নামটো এঞ্জেল ৰাখিলেই কোনো এঞ্জেল হৈ নাযায় বুজিছ। নিজকে আইনাত চা এবাৰ। তোৰ ফটো সৰু ল’ৰা-ছোৱালীয়ে দেখিলে দিনতে ভয় খাব। এনে এঞ্জেলজনী ওলাইছে!” মোক আচৰিত কৰি এইবাৰ তাই মেচেজ দিলে, “মই দেৱজ্যোতি শইকীয়াৰ ভনীয়েক। দাদাক কৈ আছোঁ ৰহ। চাই ল’ব তোক।” মোৰ পিলাই চমকি গ’ল। দেৱজ্যোতি শইকীয়া আমাৰ অঞ্চলৰ ‘দাদা’। সেইজনাক জোকাই লোৱা আৰু বলিয়া কুকুৰৰ নেগুৰত গচক দিয়া একে কথা। সেই দিন ধৰি তাইক ‘ব্লক’ত চাকৰি দি নিজেও মুখপুথিৰপৰা আঁতৰি আছোঁ।

আম্বেদকাৰৰ আত্মাক লগ পালে সুধিম, “আমি কেনেকুৱা এখন স্বাধীন দেশত বাস কৰোঁ? যিখন সংবিধানত মুক্ত মনেৰে আনৰ লগত কথাও পাতিব নোৱাৰি তেনে এখন দেশত! আন নালাগে, ভিতৰ বাকচৰ বার্তাৰ বাবে প্রাণৰ সংশয় হোৱাটো কম লাজৰ কথা নে? মুঠতে “য়ে’ আজাদী জ্যুথি হ্যে!”

☆★☆★☆

5 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি খনীন্দ্ৰ

    Reply
  • Suntu

    হা হা, মজ্জা

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল খনিন্দ্ৰ!

    Reply
  • Anonymous

    বৰ মজা ৷

    Reply
  • ৰাস্না বৰা

    সচাই ভিতৰবক্স ৰ স্বাধীনতা নাপালে কিহৰ আজাদী। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.