ফটাঢোল

ইয়াতে মাৰিলো টিপা… – ডা° ভৃংগেশ্বৰ শৰ্মা

আবেলি বাৰাণ্ডাতে বহি আছিলো। ডিঙি মেলি মেলি ৰাস্তাৰ ফালে চাই আছিলো। কোনোবা এজনক পোৱা হ’লে। বহুদিন ভালদৰে কথা ক’ব পৰা নাই। কিমান কথাই যে মনত ঠাহ খাই আছে। কাৰোবাক ক’বৰ মন যায়। মনটো পাতলাবৰ মন যায়। চাহৰ কাপ দুটা লৈ কাষত শ্ৰীমতী। একাপ মোৰ ফালে আগবঢ়াই দি নিজেও একাপ লৈ কাষতে বহিল। মই বোলো- “হেৰা, আজি দেখোন তুমি মোৰ কাষত বহিলা? এনেয়ে দেখোন আঁ‌তৰি আঁ‌তৰি ফুৰা?” “ডিঙি মেলি মেলি কাক চাইছা?” “কোনোবা চিনাকি মানুহ আহে নেকি চাইছোঁ।” “সেইকাৰণেই মই বহিলো।

Read more

ডিজিটেল বিহু – কুল শইকীয়া

আৰু মই নিশ্চিত হ’লো যে এটা জনপ্ৰিয় গীতৰ পলিফ’নিক সুৰৰ মূৰ্চ্ছনা বৈ আহিছে নাতিদূৰত টেবুলৰ ওপৰত ৰখা মোৰ ম’বাইল ফোনৰ পৰা- এই বাজিছে, বন্ধ হৈছে, আকৌ বাজিছে, মুঠ কথাত এক এলাৰ্ট টোন অৰ্থাৎ মোক সকীয়াই দিয়া সংকেত যে কোনোবা শুভকাংক্ষীয়ে পঠিয়াইছে এছ এম এছ আৰু এতিয়া এই বিহুৰ বতৰত এছ এম এছ মানেই হ’ল শুভেচ্ছাৰ বাণী, ৰং ৰহইচৰ বতৰা, লগতে হ’ব পাৰে বিহুতলীৰ আজিৰ প্ৰগ্ৰামৰ চুটি খতিয়ান, ক’ত কেনেদৰে কোন কলা-কুশলীয়ে কি গান গাব, নাচিব…! আৰু মই এবাৰ জ্বলা এবাৰ

Read more

এদিন এনেকৈয়ে – দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

ছমাহ মানৰ আগৰ কথা। কিতাপ এখন প্ৰকাশ কৰি উলিয়াম বুলি যো-জা চলাইছিলোঁ। প্ৰায় ত্ৰিশটামান কবিতা গোট খাইছিলও। কিতাপখনৰ নামটো কি দিম ভাবি উলিয়াব নোৱাৰি বন্ধু এজনক ফোন কৰিছিলোঁ। -“শুনচোন, মই মানে নামটো ‘তোমাৰ হিয়াত মোৰেই ছবি’ ধৰণৰ নাম এটা ভাবি থৈছোঁ। চলিব নে?” সুধিছিলোঁ তাক। ‘খেকখেক’কৈ বহুদেৰি শব্দ এটা শুনি থাকিলোঁ। যেন বন্ধু নহয়, ক’ৰবাৰ পৰা মলুৱা এটাইহে ফোনটো ধৰি আছে, হাঁহি আছে। -“ঐ কি হ’ল? নাহাঁহিবি…” -“আজিকালি একো নচলে বন্ধু!” সি ক’লে। -“মানে?” -“মানে আকৌ কি! এই ‘হিয়া’, ‘প্ৰেম’,

Read more

কৰ্পৰেট ভূত – অমিতাভ মহন্ত

পোন্ধৰ মিনিটমান হ’ল৷ মৰাৰ পিছত কাম বন বুলিবলৈ বিশেষ নাই৷ এনেয়ে ইফালে সিফালে ঘূৰি আছোঁ‌৷ সন্মুখৰ ঘড়ীটোত সময় চালোঁ, আঠটা বাজিছে৷ পঞ্জিকা হিচাপত আৰু দুঘন্টা আছে যমদুতক আত্মাটো হেণ্ডঅভাৰ কৰিবলৈ৷ মই সম্পূৰ্ণ সাঁজু হৈ আছোঁ‌,যমদূতৰহে তেতিয়াৰপৰা একো খা খবৰ নাই৷ বৈদ্য কামোৰ খাইছোঁ‌৷ আটাইতকৈ ডাঙৰ ভেজালটো হৈছে যে মৰাৰ পিছত ফ্ৰি জিঅ’ চিমখনে কাম কৰা নাই৷ এনেই এইখিনিত এয়াৰটেলৰ নেটৱৰ্ক বেয়া নহয়৷ পিছে সেইখন ৰিচাৰ্জ কৰা বাদেই দিলোঁ নহয়, কাম কৰিলেহেঁতেন যদিও এতিয়া জনাৰ একো উপায়েই নাই৷ এতিয়া যমদূত নহালৈ

Read more

সম্পাদকীয় – দেৱজিত শইকীয়া

____________________________________________________________________________________________________________________________  “অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ এয়ে পৃথিৱীৰ সেউজী দূবৰি যাউতিযুগীয়া সাঁথৰ “                        – নিৰ্মলপ্ৰভা বৰদলৈ সঁচাকৈয়ে, মানুহৰ জীৱনটো সুখ-দুখ, হাঁহি কান্দোনেৰে সমৃদ্ধ এক অবুজ সাঁথৰ৷ তথাপি প্ৰতিজন মানুহেই জীৱনত সুখী হ’বলৈ বিচাৰে আৰু এই ’সুখ’ মানুহৰ মনৰ এক অধিৱস্থা৷ সংগ্ৰাম অবিহনে কাহানিও প্ৰকৃতিত এটা সাধাৰণ বেক্টেৰিয়াও জীয়াই থাকিব নোৱাৰে৷ সংগ্ৰামৰ মাজেদিয়েই ঠন ধৰি ডাল পাত মেলি ডাঙৰ হোৱা বট-বৃক্ষজোপাকহে প্ৰকৃতিয়ে নিৰ্বাচন কৰে৷ কাঁইটৰ মাজতেই গোলাপৰ কলিটো

Read more

ভেকুলী-বিয়াৰ সাধুকথা – হৰেকৃষ্ণ ডেকা

উত্ৰাৱল হৈ জপিয়াই ফুৰিছে খহুৱা ভেকুলী৷ কি হ’ল ভেকুলী তোৰ? তোৰ বিয়া পাতিবলৈ গঞাই তোক বিচাৰি ফুৰিছে৷ অ’ সেয়েহে ফুৰিছো লৱৰি৷ ৰ’দৰ পোৰণি, পিঠিৰ খহুত উঠিছে ৷ বিয়াৰ পীৰাত যদিহে উঠে ছট্ ফটনি, নালাগিবনে বাৰু শীতল পানীৰ জুৰণি? খাল-বিলত পিণ্ডত দিবলৈকে এটুপি পানী নাই, পিঠিৰ পোৰণিত দিবলৈনো থাকে ক’ত? গঞাই বিচাৰিছে তোৰ বিয়া পাতি আনিব পানী, তইহে খাল-বিলত পানী বিচাৰি খাইছ হাবাথুৰি৷ লুকাই থকা মেঘে শুনিলে কিজানি, মাৰিলে হাঁহিৰ গিৰ্জনি৷ বৰষুণ নামিল ধাৰাসাৰ, গঞাই ভাবিলে, আশীৰ্বাদ ভেকুলীৰ বিয়াৰ৷ বৰষুণ নাথামে৷

Read more

অখিলৰ কল – বৈদুৰ্য্য বৰুৱা

অসহ্য গৰমৰ পৰা কিছু হ’লেও মুক্তি পোৱাৰ দৰে লাগিছে৷ ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিললৈ দিনকেইটা মুটামুটি ঠিকেই আছে৷ কিন্তু এই মে’ৰ পৰা আগষ্ট লৈকে দিনকেইটা মই বৰ এটা ভাল নাপাওঁ৷ বিশেষকৈ জুনৰ পৰা আগষ্ট লৈকে মহা অশান্তি৷ পিছে অকল মই কিয়; কোনেও এইকেইটা দিন পচন্দ নকৰে৷ ঘৰত অকলে আছিলো৷ দুদিন হ’ল৷ পৰিয়াল গ’ল মাক আৰু মোমায়েকৰ ঘৰলৈ৷ বিয়া এখন আছে৷ মই ব্যস্ততাৰ বাবে নগ’লো৷ গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খিচিৰিয়েই চলিছে৷ খিচিৰিৰ কাৰবাৰটো সহজ পাওঁ৷ চাউল, ডাইল, আলু, কচু, নিমখ, হালধি য’ত

Read more

ইনফেকচ্যন – উৎপলা কৌৰ

শইকীয়াই কাক কাক যে কোৱা নাই, কাক কাক যে অনুৰোধ কৰা নাই আজি নমাহে। ক’তনো নমাহ? ডাক্তৰে ভাল খবৰটো দিয়াৰ পৰাই আচলতে অনুসন্ধান, মানুহক অনুৰোধ কৰাৰ পৰ্বটো আৰম্ভ হৈছিল। কিন্তু পোৱা জানো ইমান সহজ? অফিচৰ পিয়ন, অফিচৰ বাহিৰত চাহ বেচা দোকানী, অফিচ সৰা-মোচা কাম কৰিবলৈ অহা বাইগৰাকী, যিমান চিনাকি ড্ৰাইভাৰ, পিয়নজাতীয় গ্ৰাম্যমূলৰ মানুহ আছে সকলোকে দেখিলেই ক’য় শইকীয়াই। কেইজনক হাজাৰ-বাৰশ টকা দিলেও গাঁৱলৈ গৈ বিচাৰিবলৈ। অনাৰ পাছত আকৌ উপহাৰৰ টোপ! কিন্ত্ত নাই। দৰৱত দিবলৈও নাই। সকলোৰে উত্তৰবোৰ এনেকুৱা, বোলে ইমান দূৰলৈ নাহে, স্কুলতে আজিকালি

Read more

পেডেল মাৰি মাৰি… – তৃপ্তি বৰা

লেভেন্দাৰ ফুলবোৰৰ মাজে মাজে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন উৰুৱাই গৈ আছে। সি বিমুগ্ধ দৃষ্টিৰে তাইক অনুসৰণ কৰিছে। লেভেন্দাৰৰ মিঠা সুবাস আৰু ৰিব ৰিব বতাহ জাকে ৰোমাণ্টিক কৰি তুলিছে পৰিবেশটো। দুয়ো চঞ্চল হৈ পৰিছে। এপাকত তাই বতাহত এৰি দিলে তাইৰ বেঙেনাবুলীয়া দুপাট্টাখন। বতাহত উৰি আহি দুপাট্টাখনে সাৱটি ধৰিলেহি তাৰ গালে মুখে…. : এনেকৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।পঢ়া শুনাৰটো নাম গোন্ধই নাই।হেৰৌ সময়মতে কলেজখনলৈকে যাচোন…. মাকৰ বকনি আৰু হাত সমানে চলিল।বকি বকি দেবু শুই থকা বিছনাখনৰ আঠুৱাখন খুলি দিলে। আঠুৱাখনে তাৰ

Read more

ধৌখা – মণিষা কাকতি

অৱশেষত সেই দিনটো আহিছিল৷ কলেজীয়া জীৱনত প্ৰথমটো খোজ পেলোৱাৰ দিন৷ নতুন কলেজ, নতুন উদ্যম, নতুন পৰিবেশ, নতুন কিছুমান মুখ.. মুঠতে কিবা এটা অবুজ ভাললগা ভাৱে সেইদিনা মোৰ চাৰিওফালে ক্ৰীড়া কৰিবলৈ ধৰিছিল৷ সময় যোৱাৰ লগে লগে অনুভৱ কৰিছিলোঁ, স্কুলীয়া জীৱনৰ সজাত বন্দী পখীটি যেন এতিয়া মুকলি আকাশৰ বুকুত দূৰ-দিগন্তলৈ উৰা মাৰিছে নতুনত্বৰ দানা বিচাৰি৷ মনৰ আনন্দত উলাহে নধৰা হিয়া.. যেন উৰিয়েই থাকিম, উৰিয়েই থাকিম.. হেঁপাহ নপলোৱালৈকে৷ কলেজৰ ক্লাছৰুম, জিৰণিকোঠা, কেণ্টিনৰ বতাহত যেন কোনোবাই কিবা মিহলাই দিছিল আৰু তাৰ বেৰবোৰে নতুনকৈ প্ৰাণ

Read more
1 2 3 9