ফটাঢোল

ভাজুক – ঈশান জ্যোতি বৰা

(১) আৰ্কিমিডিছেই আছিল হ’বলা,  এই যে আৱিষ্কাৰটো কৰি উঠি গা-ধোৱা ঘৰৰ পৰাই মাজৰাস্তালৈ দুপ্‌দুপকৈ লৰ মাৰিছিল আৰু আনন্দত উত্ৰাৱল হৈ ‘ইউৰেকা,ইউৰেকা’ বুলি চিঞৰিছিল! মোৰো এতিয়া তেনেকুৱা কেইটামান চিঞৰ মাৰিবলৈ মন গৈছে৷ অকল সেইয়াই নহয়, কান্ধত প্ৰকাণ্ড ঢোল এটা ওলোমাই, কাষতে কেইজনীমান নাচনী লৈ আবতৰীয়া বিহুনাচ এটা নাচি দিয়াৰো প্ৰবল ইচ্ছা হৈছে৷ মন গৈছে-এতিয়াই যেন ছ’ছিয়েল মিডিয়ালৈ ঢপলিয়াই যাওঁ আৰু উধৰ পৰা মূধলৈকে মনৰ সমস্ত ভাৱ-অনুভূতি লিপিবদ্ধ কৰি ৰাইজৰ পৰা বিপুল পৰিমাণৰ ‘কংগ্ৰেছুলেছন’ সংগ্ৰহ কৰোঁ৷ কিন্তু প্ৰৱল ইচ্ছা সত্ত্বেও মই ইয়াৰ

Read more

সিন্ধি – গীতিকা শইকীয়া

বাপুকনৰ ঘৰত যোৱা ৰাতি কোনোবা চোৰে সিন্ধি খান্দিলে৷ খবৰটোৱে গাঁওখন তথা ওচৰ-পাঁজৰৰ গাঁওবোৰতো এক প্ৰকাৰৰ হুলস্থূলেই লগাই দিলে৷ ক’বলৈ গ’লে গাঁওকেইখনত বহুত বছৰ ধৰি কাৰো ঘৰতে একো চুৰি-টাৰি হোৱা নাই৷ মানে গাঁৱৰ ৰাইজে হ’বলৈ দিয়া নাই৷ দুই-এবাৰ গাঁৱৰেই কাম-বন নকৰাকৈ থকা দুটামানে দুই-এঘৰত চুৰি কৰিছিল, গাঁৱৰ মানুহে ধৰি নামঘৰলৈ নি আঁঠু কঢ়াই কাণত ধৰাই ৰাইজৰ আগত শপত লোৱালে যে নিজৰ তথা ওচৰ-পাঁজৰৰ গাঁওকেইখনত যেন চুৰি-টাৰি নকৰে৷ দুই-এজনে সিহঁতক পুলিচত দিয়াৰ কথা কৈছিল৷ কিন্তু গাঁৱৰ মানুহে পুলিচত দিয়াৰ কথা ভাবিবও নোৱাৰে৷

Read more

আমি অসমীয়া – ডাঃপাৰ্থ সাৰথি ভূঞা

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ! আমাৰ এই সুন্দৰ অসমখনত মাজে মাজে দুই এটা অনাকাংক্ষিত ঘটনা ঘটে আৰু তাৰ পিছতেই আমি নিজেই, অসম সঁচাই জংঘলী ঠাই, বাহিৰৰ মানুহ অসমলৈ নাহিব আদি বহু মন্তব্য আগবঢ়াওঁ৷ অৱশ্যে এয়া এনে অনাকাংক্ষিত ঘটনাত ক্ষোভিত লোকৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ! পিছে মই ভাবোঁ অসমীয়া বুলি আমি গৌৰৱান্বিত হোৱা উচিত৷ বিশ্বৰ বুকুত আমি এমুঠি মানুহ হ’লেও, নানা জাতি উপজাতিৰ সমষ্টি আমাৰ অসমীয়া জাতিৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে৷ আমাৰ মাজত নাই ধৰ্মান্ধতা, বাল্য

Read more

গুৱেহেটীক আৰু কেথানো নাযাওঁ – সদানন্দ ভূঞা

কিছুবছৰৰ আগৰ কথা৷ চাকৰি সম্বন্ধীয় বিশেষ কাৰণ এটাত গুৱাহাটীলৈ যাবলগীয়া হৈছিল৷ সেই কামটোৰ বাবে কোৰ্টৰ এফিদেফিট এখনৰো প্ৰয়োজন হৈছিল৷ মোৰ সৰু মামাৰ ডাঙৰ ল’ৰাটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা৷ ভাবিলোঁ- মোমাইৰ পুতেক হ’লেও ভাই এটা আছে যেতিয়া আনলৈ হাত মেলোঁ কিয়৷ সিয়েই সহজতে কম সময়ৰ ভিতৰত কামটো কৰি দিব পাৰিব৷ সেয়ে তালৈ ফোন কৰি সবিস্তাৰে সকলো কথা বুজাই ক’লোঁ৷ সিও বোলে-“আও, বহুদিনৰ পিছত আপোনাৰ মাতটো শুনিলোঁ দেই৷ আহক আহক, মই যিমান সোনকালে পাৰোঁ কামটো কৰি দিম৷” দুয়ো কিছু সময় ঘৰুৱা

Read more

দাদা আৰু নাই – ভাস্কৰজ্যোতি বৰুৱা

অপলক নেত্ৰে চাই ৰলোঁ ম’বাইলৰ স্ক্ৰীনত। দাদা আৰু নাই। কিয় এনে কৰিলে দাদাই? দুখ, ক্ষোভ, হতাশাই নিমিষতে আগুৰি ধৰিলে মোক। আকৌ এবাৰ লক্ষ্য কৰিলোঁ – মই ভুল দেখা নাইতো? নিশ্চিত হ’লো, মই ঠিকেই দেখিছোঁ। সেই তাহানি কেমেষ্ট্ৰীৰ প্ৰেকটিকেলত টেষ্ট টিউবৰ তৰলৰ ৰং আকাংক্ষা কৰা ধৰণে সলনি হ’বলৈ কৰা বৃথা অপেক্ষাবোৰৰ দৰে আজিও মই যিমানে চাই নাথাকিলেও এই ৰং যে সলনি নহয় সেয়া বুজি পালোঁ।“ফ্ৰেণ্ড” আৰু “ফ’ল’ৱিঙ” শব্দ দুটা যেন এখন বগা কাপোৰেৰে ঢাকি দিলে দাদাই। এতিয়া মই যিমানেই চাই নাথাকিলেও

Read more

ক’ত মোৰ ঊষাৰ নগৰ – চৈয়দ আহমেদ শ্বাহ

১৯৭০৷ নতুন চহৰ৷ নতুন স্কুল৷ নতুন ইউনিফৰ্ম৷ দৰ্জীয়ে আজি দিম, কালি দিম কৰি আছে৷ পিঠিখনেও আজি মাৰখাম কালি মাৰখাম কৰি আছে৷ লোকাইচাৰৰ চকুৰ পৰা লুকাই থকা টান৷ তৃতীয় দিনা শ্ৰেণীকোঠাৰ পৰা বহিষ্কাৰ৷ নেভাৰমাইণ্ড৷ নিজকে বুজনি দিলোঁ৷ ‘বহিষ্কাৰ হোৱা কথাটোতে এটা গৌৰৱ নিহিত হৈ থাকে৷ সাহসীজনক বহিষ্কাৰ কৰা হয়৷ যি নিয়মৰ বিপৰীতে অৱস্থান কৰে৷ কালক্ৰমত তেওঁ এজন মহান ব্যক্তিৰূপে চিহ্নিত হোৱাৰ নজীৰ পৃথিৱীৰ ইতিহাসত ভৰি আছে৷ যেনে জাতিৰ পিতা৷’- আচলতে এইবিলাক একোকে ভবা নাছিলো৷ তাম্মাম লাজ লাগিছিল৷ প্ৰথম পিৰিয়ডটো বাহিৰত কটাব

Read more

নিজেও জুখিব পাৰে আপুনি মূৰ্খ, ঋষি নে দেৱতা – সৌমিত্ৰ যোগী

আগৰ দিনৰ কথাবোৰ অলপ বেলেগ আছিল৷ জোখ-মাখৰ পদ্ধতিও সেই হিচাপে বেলেগ বেলেগ আছিল৷ ধৰি লওক মুহিধৰৰ ঘৰৰ পৰা মেনকাহঁতৰ ঘৰলৈ তামোল এখনৰ বাট আছিল৷ এতিয়া আমি অনুমান কৰিব নোৱাৰোঁ মুহিধৰে কিমান ডাঙৰ তামোল খাইছিল৷ কুমলীয়া তামোল পকতিয়াইছিল নে পূৰঠ তামোল এখন চূণ-চাধা মিলাই গোন্ধপাণৰ সৈতে মেনকাৰ মন কুমলি যোৱাকৈ মহমহীয়া গোন্ধ এটা চাৰিওফালে বিয়পাই দি চোবাই গৈছিল? নে ওপৰত গোবৰ দি সযতনে পুতি ৰখা তামোল উলিয়াই তাৰে এখন মলাধঁপাতৰ লগত জুতিকে খাই গৈছিল? ঘনে ঘনে চোবাইছিল নে জুতি লৈ লৈ

Read more

চিকিৎসকৰ দিনলিপি (চাকৰি জীৱনৰ কিয়দাংশঃ কেইটিমান স্নেপশ্বট) – ডা: ভূপেন শইকীয়া

গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ আন এটি জনপ্ৰিয় নাম হ’ল এম এম চি হস্পিতাল৷ চৰকাৰী চাকৰিৰ প্ৰথম কৰ্মজীৱন মোৰ আৰম্ভ হৈছিল এই এম এম চি হস্পিতালতেই৷ পোনতে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অনুমোদন ক্ৰমে, পিছত এপিএচচিৰ সাক্ষাৎকাৰ দি, চাকৰি নিয়মীয়াকৰণ হয়৷ তাত কাম কৰি ভাল লাগিব ধৰিলে৷ মানুহৰ মাজত কম সময়তে মোৰ কথা প্ৰচাৰিত হ’ল- মেডিচিনৰ এজন ভাল ডাক্তৰ আহিছে বুলি৷ ফলত বহিৰ্বিভাগত সময় শেষ হোৱাৰ পিছতো কাকো নিৰাশ নকৰি মই ৰোগী চাই গৈছিলোঁ৷ এদিনৰ আমোদজনক কথা এটি মই পাহৰা

Read more

বিয়া-সংবাদ – হীৰকজ্যোতি বৈশ্য

বিয়া বুলি ক’লে গা সাতখন-আঠখন লাগে৷ ভাইটি আৰু মোৰ সবাতোকৈ প্ৰিয় মাংসৰ মলমলীয়া গোন্ধ আৰু খাই উঠাৰ পিছত বিবাহপ্ৰাৰ্থীয়ে বটাত যছা গুৱামুৰিৰ সতেজ ছবিখন মনত ভাঁহি উঠে৷ বিয়ালৈ সচৰাচৰ আমি মাৰ লগত নাইবা দেউতাৰ লগত নাইবা মা, দেউতা দুয়োৰে লগত যাওঁ৷ কিন্তু সিদিনা মাৰ জ্বৰ আৰু দেউতাৰ ডিছেণ্ট্ৰি৷ আনফালে বিয়াখনলৈ নগ’লে নহয়৷ ভাইটি আৰু মই দেউতাক বিয়ালৈ যাবলৈ বাৰে বাৰে তাগিদা দি আছোঁ৷ কি কৰোঁ কি নকৰোঁ ভাবি দেউতাই শেষত সিদ্ধান্ত দিলে যে বিয়ালৈ ভাইটি আৰু মই যাব লাগিব…৷  ভাইটি

Read more

কপ্‌লিং ছিগা ৰেল”ৰ কেইটিমান ৰচনা – ড°লীলা গগৈ

“ইঞ্জিনৰ গতি” এইখন ‘স্পুটনিক’ৰ যুগৰ গাড়ী৷ ঘণ্টাত ১৩০০ মাইল যাব পৰা যান-বাহন ওলোৱাৰ দিনত আমাৰ গাড়ী ঘণ্টাত ওঠৰ মাইল যায়৷ এইটো চৰকাৰে বান্ধি দিয়া নিৰিখ৷ কিন্তু ঘণ্টাত ওঠৰ মাইল চলিলেই গাড়ী বেয়া হ’ব নোৱাৰে৷ কাছ আৰু শহাৰ প্ৰতিযোগিতাৰ কথাটো মনত পৰা নাই নে? পিচে এটা কথা, – ঘণ্টাত ওঠৰ মাইল যোৱাৰ এটা কাহিনী আছে৷ এইখন গাড়ীত চলা ইঞ্জিন কেইটা হেনো ‘বৰতি’ চাহাবৰ দিনৰে৷ কোনো কোনোৱে কয় – ‘ইঞ্জিন কেইটাই হেনো মহাৰাণীৰ দিনতো একঠা চাউল খাবলৈ পাইছিল৷ তেতিয়াৰ দিনত হেনো ইঞ্জিন

Read more
1 2 3 10