ফটাঢোল

চাইকেল – অভিজিত কলিতা

প্ৰথমতে অচিন নম্বৰ এটাৰপৰা অহা মেচেজটো দেখি কাৰোবাৰ ধেমালি বুলিয়েই ভাবিছিলো। “Please look out for a half open Post Box.” কি আচৰিত মেচেজ! গুৰুত্ব নিদিওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপাছত একেটা মেচেজকে বাৰে বাৰে অহা দেখি অলপ গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হ’লোঁ। হোৱাটচ এপতো আহিছে। একেটা মেচেজকে আহি আছে, সদায়। পুৱা সাত বজাত অৱধাৰিতভাৱে মেচেজটো আহে, পঠাওঁতাৰ নাম বা নাম্বাৰ একো নাই। কোনোবাই কিবা হেকিং কৰাৰ চেষ্টা কৰিছে নেকি? মোক হেকিং কৰি কি পাব কোনে? কিয় কোনোবাই মোৰ পিছত লাগি সময়

Read more

কৰ্পোৰেট-অমিতাভ মহন্ত

আবেলি চাৰিটামানত এয়াৰপোৰ্টৰ পৰা ওলাই আহি গাড়ীত বহিলোঁ৷ ইয়াৰ পৰা বাহিৰে বাহিৰে হোটেললৈ৷ হোটেলত চেক্ ইন কৰিয়েই গা পা ধুই সৰুকৈ পেগ এটা সাজু কৰি লেপটপ অন কৰিছিলোহে মাত্ৰ, সেই সময়তেই ইন্টাৰকমটো বাজি উঠিল৷ ফোনটোৰ সিপাৰে এটা মিঠা নাৰীকন্ঠ৷ – গুড ইভিনিং চাৰ৷ হোটেল গ্ৰেণ্ড অবেৰয়লৈ আপোনাক স্বাগতম জনাইছোঁ৷ কি মিঠা কন্ঠ! তাতে আকৌ অসমীয়াত স্বাগতম জনাইছে৷ মনটো ভৰি পৰিল৷ – আৰে আপুনিও অসমীয়া৷  ভাল ভাল৷ আকৌ এটা মিঠা হাঁহি৷ উফফ্! – মোক তুমি বুলিয়েই ক’ব চাৰ৷ মই আপোনাতকৈ সৰু

Read more

মান্যজনৰ শুভাশীৰ্বাদ

(আমাৰ বাবে অতি সুখবৰ যে, হাঁহি আৰু ব্যংগক মুখ্য উদ্দেশ্য হিচাপে লৈ এক কঠোৰ পৰিক্ৰমাৰ মাজেৰে আহি “ফটা ঢোল” অনলাইন আলোচনীখনে এবছৰত ভৰি দিলে। “ফটা ঢোল” ই-আলোচনীৰ জন্মলগ্নৰ পৰাই বহুত কেইজন পুৰুধা ব্যক্তিয়ে আমাক লিখনি তথা দিহা-পৰামৰ্শৰে উপকৃত কৰি আহিছে৷ ভবিষ্যতেও দিহা পৰামৰ্শ তথা লিখনিৰে আমাক পথ প্ৰদৰ্শন কৰি থাকিব বুলি আমি আশাবাদী৷ শ্ৰীযুত দেৱকান্ত সন্দিকৈ ছাৰ, শ্ৰদ্ধাৰ হিৰণ্য কাশ্যপ ছাৰ, শ্ৰী সৌমিত্ৰ যোগীদেৱ, শ্ৰী বৈদুৰ্য বৰুৱাদেৱকে আদিকে প্ৰমুখ্য  কৰি সমূহ মতামত দাতালৈ ফটাঢোল সম্পাদনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ

Read more

‘কইনা মোৰ ….’-দিগন্ত কুমাৰ ভট্টাচাৰ্য

বহুতেই ভাবে, মই হেনো মেগনিফাইং গ্লাছ এযোৰ দুই চকুত লগাই লৈ যাওঁ ছোৱালী চাবলৈ গ’লে। ছোৱালী চোৱা মানে কইনা চাবলৈ যোৱাৰ কথা বুজাইছোঁ। সেই গ্লাছযুক্ত দুচকুৰ কাৰণেই হেনো মোৰ কোনো এগৰাকীকে পচন্দ নহয়। বহুতে ‘সি নো এনে কি ৰণবীৰ কাপুৰৰ দৰে ধুনীয়া যে আলিয়া ভাট এগৰাকী পাব’, ‘সি নো কি এনে অৰ্মত্য সেনৰ দৰে নোবেল বঁটা বিজয়ী পণ্ডিত যে যিজনীকে বিচাৰে, পাই যাব’ – এনেধৰণৰ মন্তব্য দিয়ে। মই নিৰৱে শুনি যাওঁ। এবছৰমান আগতে মোৰ স্কুলৰে দিনৰ বন্ধু এজনক লগ পালোঁ।

Read more

এই সংখ্যাৰ আঁৰৰ কথা

২০১৭ ৰ মে’ জুন মাহৰ কোনোবা এটা সন্ধিয়া৷ আমাৰ হাস্য-ব্যংগ আলোচনী ফটাঢোলৰ জন্ম লগ্নৰ আগৰ সময়খিনি৷ এতিয়াও পাহৰিব পৰা নাই৷ অৱশেষত সেই মধুৰতম ক্ষনটো আহিছিল যিদিনা ফটাঢোল নামৰ হাস্য-ব্যংগ গোটটোৰ প্ৰশাসক সকলে মিলি অনলাইন মেগাজিন এখন উলিয়াবলৈ ডমেইন আৰু হোষ্টিং কিনি ৱৰ্ডপ্ৰেছত গোটৰ পৰা বছা বছা লিখা সমূহ তুলি দি আলোচনীখনৰ জন্ম দিছিল৷ সৌভাগ্যক্ৰমে প্ৰথম সম্পাদক জনো মোকেই ৰাইজে নিৰ্বাচিত কৰিছিল, যদিও আমি প্ৰথম সংখ্যাটো সম্পাদনা কৰিবলৈ অভিজ্ঞ হিচাবে ভাতৃপ্ৰতিম অভিজিত কলিতাক বিছাৰিছিলোঁ৷ অভিজিতৰ ব্যস্ততাৰ অজুহাতত ৰাইজে এই অধমকেই হেঁচা

Read more

অলপ প্ৰেম আৰু এশ বাইছ টকীয়া এটা চুমা – প্ৰাঞ্জল অনুভৱী

তেতিয়া চাকৰিত যোগদান কৰিছোঁ মাত্ৰ। হঠাতে মোৰ জীৱনলৈ পুনৰ (দফে) প্ৰেম আহিল। ছোৱালীজনী বৰ মৰম লগা আছিল। জনজাতীয় এটা ঠাঁচ আছিল তাইৰ মুখাবয়বত। মোতকৈ বয়সত দুবছৰমান ডাঙৰ যেন অনুমান হৈছিল। হ’ব। প্ৰেমত কোনো বয়সৰ সীমা নাথাকে। মোৰ বন্ধু এজনৰ ককায়েকৰ সম্পৰ্কীয় খুলশালীয়েক আছিল তাই। দৌলত (হলি) বৰপেটালৈ আহিছিল। প্ৰথম দৰ্শনতে প্ৰেম। ভিনীয়েকৰ চকুত ধূলি মাৰি – মৰা নদী, চাউলখোৱাৰ পাৰে পাৰে আমি ঘুৰি ফুৰিছিলোঁ। মা ৰেষ্টুৰেন্টৰ চাৰিচুকীয়া বাকচটোত সোমাই চাহ-চিঙৰা খাইছিলোঁ। কীৰ্তন ঘৰলৈ লৈ গৈছিলোঁ তাইক ফানুছ দেখুৱালৈ। আৰু আচৰিত

Read more

ভাষা, সমাজ ইত্যাদি — খগেশ সেন ডেকা

ভাষা হ’ল মানৱ সমাজৰ যোগাযোগৰ বাচিক মাধ্যম৷ মানৱ শৰীৰৰ বিশেষ অংগ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনি-প্ৰতীকৰ সৈতে অৰ্থৰ সংযোগৰ নামেই ভাষা৷ ভাষাৰ ধ্বনি প্ৰতীকবোৰ আকৌ যথেচ্ছ (Arbitrary)৷ অৰ্থাৎ, ধ্বনি বা ধ্বনি সমষ্টিৰ সৈতে সেই ধ্বনিয়ে প্ৰকাশ কৰা অৰ্থৰ কোনো সহজাত সম্বন্ধ নাই৷ এই সম্বন্ধ মানি লোৱা সম্বন্ধহে আৰু ই এক পৰম্পৰাৰে মানুহৰ মুখ বাগৰি চলি আহিছে৷ উদাহৰণ স্বৰূপে কুলাৰ দৰে কাণ দুখনেৰে সৈতে বিৰাট বপুৰ জন্তুটোৰ নাম আমাৰ ভাষাত হাতী কিয় হ’ল, সেই প্ৰশ্ন কোনেও, কেতিয়াও কৰা নাই৷ আজিৰে পৰা যদি

Read more

প্ৰৱঞ্চনাকাৰী পত্নী (মূল – টম পিচক’) – অনুবাদ: নিৰ্মালী বৰমূদৈ

মাৰ্কাচ ওচবৰ্নে মেজখনৰ ওপৰত ভৰি পাক খুৱাই এক বিশেষ ভংগীমাত বহি আছিল। তেওঁ ভাবিছিল “এই সময়ত যদি কােনোবা মোৰ অফিচত আহে, তেওঁ ভাবিব যে মই সঁচা অৰ্থত সুখী আৰু এজন সক্ষম প্ৰাইভেট ডিটেক্টিভ।” বয়স ত্ৰিছৰ ওচৰে পাজৰে ওচবৰ্ন ৬ ফুটতকৈ সামান্য ওখ, ক’লা চুলিৰে এক সুঠাম চেহেৰাৰ অধিকাৰী। তেওঁ নিজেও এই কথা মানিছিল। তিনি বছৰ ব্যৱসায় কৰাৰ পিছত তেওঁৰ প্ৰাইভেট ডিটেক্টিভ এজেঞ্চিটোৱে চহৰখনত এটা সুকীয়া নাম কৰিছিল। তেওঁ এজন অবিবাহিত  প্ৰেমিক আছিল। মাথো সমস্যাটো হ’ল তেওঁ বিবাহত মহিলা এগৰাকীৰ প্ৰেমত

Read more

দুৰ্নীতি প্ৰতিষেধক ভেক্চিন– পূণ্য শইকীয়া

সন্তৰামঃ এনেকুৱা হ’ব পাৰে নেকি? দন্তৰামঃ এনেকুৱা? মানে কেনেকুৱা? সন্তৰামঃ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতিষেধক এটা ভেক্চিন বা টেবলেট বা এণ্টিবা’য়টিক কেপচুল আৱিষ্কাৰ কৰিব নোৱাৰিনে? দন্তৰামঃ তাৰ মানে তুমি দুৰ্নীতিৰ নতুন এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ কথা কৈছা। আচ্ছা ঠিক আছে-কামটো কোনে কৰিব.. WHO সন্তৰামঃ অ’, WHO এ কৰিব, মানে বিশ্ব স্বাস্থ্য সংস্থাই কৰিব? দন্তৰামঃ ঠিক আছে তোমাৰ কথামতেই বাৰু ভেক্চিন ওলাল। তাৰ পাছত? সন্তৰামঃ দুৰ্নীতি পৰায়ণ আৰু ভ্ৰষ্টাচাৰী মানুহবোৰক ধৰি ধৰি ঠিক পাছফালৰ টপিনাতে এই ইঞ্জেকচনটো দি দিব লাগে। এমাহতে চৰকাৰী

Read more

অতিথি হৈছে দেৱতাৰ দৰে – সৌমিত্ৰ যোগী

বহুদিন কাকো ঘৰলৈ খোৱা-বোৱাকৈ মতা নাই। সন্মুখত গৰমৰ বন্ধটো দেখিয়েই আমাৰ এওঁৰ প্ৰথম সেইটো কথাই মনলৈ আহিল। মই ক’লোঁ – “সদ্যহতে নালাগে ৰ’বা”। মই কিয় নালাগে বুলি ক’লোঁ এওঁ সুধিলে, মই মুখেৰে একো নামাতিলোঁ। মই নীৰৱতা আৰম্ভ কৰাই গোটেই ঘৰখনৰ কোনো জীৱৰে মুখৰ মাত নাইকিয়া হ’ল। ভাগ্যে প্ৰেছাৰ কুকাৰৰ হুইচেল, বাচন-বৰ্তনৰ টুং-টাং শব্দকেইটা জীয়াই আছিল। ভাবিলোঁ এই কথাই কথা নহয়, আলহী মাতিব লাগিল। মই বোলোঁ হেৰা, তুমি নাভাবিবা যে মই পইচা খৰচ হোৱাৰ ভয়তে মানুহ মাতিবলৈ বেয়া পাইছোঁ। আচলতে কি

Read more
1 2 3 13