ফটাঢোল

ফটা পঞ্চপদী – হেমেন ডেকা

১ ধূঁৱলিৰ মাজতো আশাৰ সোণালী আভা কুঁৱলী ফালি ওলাইছে আজি সূৰ্যপ্ৰভা নীৰৱতাই ভাল নালাগে কোলাহল ঢাক-ঢোল বজাই পাতি লাভ নাই সভা৷ ২ জেওৰা-জপনা নাইকিয়া হ’ল জুমুঠিহে শাকনিত মাথোঁ ৰ’ল উদঙীয়াৰ উৎপাত উঁইপোকৰো বাহ তাত জাবৰণিত বুৰঞ্জী জহি গ’ল৷ ৩ গৃহস্থকে দিছে ওলোটাই দাবী বোলে আমাক কিডালনো কৰিবি ঢোঁৰা-কাউৰীৰ বাক বৰ-কথকীৰ জাক বাপ্পা ঐ, বকিয়ে আছে কিবাকিবি৷ ৪ অগ্নিবৰষা কথাৰ কাৰচাজি অৱশ্যে বুজো নেতাৰ টালিবাজি যিমানে নিদিয়ক চমক সি যে ফুলজাৰিৰ ভমক হাঁহতো ৰাজী আমি মাহতো ৰাজী৷ ৫ শাকাহাৰীৰ চটফটনি, শ্বাপদৰ

Read more

ফটাপ্ৰেম – শংকৰজ্যোতি বৰা

সেইজনা তেতিয়া নগাঁৱত পলিটেকনিকত পঢ়ি আছে৷ পলি বয়জ হোষ্টেলৰ পিছফালেই এখন ডাঙৰ কবি বাৰী আৰু তাৰ পিছফালেই আমাৰ নগাঁও কমাৰ্চ কলেজ৷ মই তেতিয়া কলেজৰ পৰা ওলোৱা বহুত দিন হ’ল যদিও প্ৰায় সন্ধিয়া কলেজৰ মুখত আড্ডা দিবলৈ যাওঁ৷ ‘বিবিচি’ বাবলুদা পাণ দোকানীক নুসুধিলেও সি দিনটোৰ সেইখিনিত হোৱা কাহিনীবোৰ অনৰ্গল বকি থাকে৷ বাবলুদাৰ মুখতে সেইজনাৰ বিষয়ে শুনিছিলোঁ৷ বোলে তামাম চেনি পোৱালি এটাই পলি হোষ্টেল তালফাল লগাই আছে৷ ‘চশমিছ’ ল’ৰাটো দেখা-শুনাৰ লগতে স্বভাব চৰিত্ৰ ভালেই যদিও তাৰ বাবেই হোষ্টেলৰ কোনো ল’ৰা প্ৰেমত পৰিব

Read more

এই সংখ্যাৰ আঁৰৰ কথা – অলকেশ ভাগৱতী

টুটুটুটু টুটুটুটু টুংটুংটং…… শুনাৰ লগে লগেই মূৰটো গৰম হৈ যোৱা শব্দটো বাজি উঠাৰ দহ চেকেণ্ডমানৰ পিছত চৰম বিতৃষ্ণাৰে ফোনটোলৈ চালোঁ৷ সঞ্জীৱ কলিং ….. সঞ্জীৱ মানে আমাৰ সঞ্জীৱ ভট্টাচাৰ্য্য৷ টুটুটুটু টুটুটুটু টুংটুংটুং…… সঞ্জীৱ নামটো দেখাৰ লগে লগেই বিৰক্তিকৰ শব্দটোও মোৰ কাৰণে মধুৰ সংগীতলৈ ৰূপান্তৰিত হৈ গ’ল৷ সন্ধিয়াৰ সময়ত সঞ্জীৱৰ ফোন পালেই মনটো ভাল লাগি যায়৷ কিবা এক সন্মোহিনী গুণ আছে ল’ৰাটোৰ৷ টুটু…. “সঞ্জীৱ কোৱা!” “অলকেশদা, ক’ত আছে? ৰিণ্টুদা গুৱাহাটীলৈ আহিছে৷ তেওঁ সন্ধিয়া ছয় বজাত মোক হোটেল অম্বৰীশলৈ মাতিছে৷ লগতে আপোনাকো লৈ

Read more

দ্যা এভেঞ্জাৰছ: মিউটেন্টচ্-ইউনাইটেড (কল্প কাহিনী) – ভাস্কৰজ্যোতি দাস

চিন ১: পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৪লাইট ইয়েৰ আঁতৰৰ তৰা প্ৰক্সিমা চেন্টাউৰিৰ আগ্নেয়গিৰিৰ দৃশ্য৷ কিছুসময়ৰ পাছতে আগ্নেয়গিৰিৰ লাভাৰ মাজৰ পৰা দুটা মিউটেন্ট ওলাই আহে৷ এটা শকত-আৱত আৰু মধ্যপ্ৰদেশ বিকশিত৷ আনটো চালিয়া৷নাম পৰশমণি শৰ্মা৷ কিছুদূৰ ওপৰলৈ উৰি দুয়োটা হিৰো আলম টাইপ মাটিত লেণ্ডিং কৰে৷ পৰশঃ মহাজন দেউ, বহুদিন ভিতৰত সোমাই থাকি আপোনাৰ এতিয়া ভোক লগাটো স্বাভাৱিক৷ কি খাব কওক?  ভিতৰত ইমান গৰম৷ ক’ল্ড ড্ৰিংক্চ্ খাব নেকি? মহাজনঃ গৰমেহে গৰম কাটে৷ আজি প্ৰায় দহ হাজাৰ বছৰ ধৰি মই এই চ’লাৰ চিষ্টেমটোৰ মালিক

Read more

মানৱ অধিকাৰ (মূল: ড° নৰেন্দ্ৰ কোহলী) – অনুবাদ: হিমাংশু ভাগৱতী

চোৰটোৱে কোঠাটোৰ খিৰিকিৰ আইনা ভাঙি ৰেলিং কাটি ভিতৰলৈ সোমাল। কোঠাটোত এজন মানুহ আৰামত নাক বজাই শুই আছিল, অইন কোনো নাছিল। চোৰৰ চুৰি কাৰ্য্যৰ বাবে কৰা আগতীয়া অনুসন্ধান অনুসৰি মানুহজনৰ ঘৈণীয়েক ঘৰতে আছে যদিও এই ৰাতি ওচৰত ক’তো দেখা পোৱা নাই। কোঠাটোত এখনেই বিচনা, সৰু, এজনীয়া। মানে পতি-পত্নী বেলেগ বেলেগকৈ শুৱে। কিবা ভিতৰুৱা খেলিমেলি আছে ছাগে! চোৰটোৱে ভাবিলে, সুবিধাই হ’ব। যিকোনো বস্তু লৈ যাব পাৰিম। চকুৰ সমুখত থকা সকলোবোৰ উঠাব পৰা যাব। আজি লগত মিনিট্ৰাক বা অ’টোভেন জাতীয় কিবা লৈ নাহি

Read more

মহাপলায়ন পৰ্ব (প্ৰথম খণ্ড) – অভিজিত কলিতা

আগকথা: আগকথাৰ আগৰখিনি নকওঁ, এই আগকথা আচলতে শেষ পৰ্বৰহে আগভাগ… বিগিনিং অৱ দি এণ্ড। এণ্ড অৱ দ্যা বিগিনিঙলৈকে সকলোৱে জানেই। গতিকে মোৰ আৰু পাঠকৰ সময় নষ্ট নকৰোঁ। আগকথাখিনিও অলপ খৰধৰ কৰিম, কাৰণ পিছকথাখিনিত বহু কাহিনী আছে। ফেচবুক মহাসমৰত জোলোকা জোলোকে পানী খাই গোৰ হাৰণ খোৱাৰ পাছত ফটাঢোলৰ মানুহবিলাকৰ মৰেল একেবাৰে ডাউন হৈ গ’ল। তেওঁলোকে নিজে কৰা ভুল মৰ্মে মৰ্মে উপলব্ধি কৰিলে আৰু অনুশোচনাৰ অগ্নিয়ে তেওঁলোকৰ দেহ মন অনবৰত দহন কৰিবলৈ ধৰিলে। এই যন্ত্ৰণাৰ পৰিত্ৰাণ কি? কি তেওঁলোকে মৃত্যুৰ পাছত অনন্ত

Read more

কৌতুক – অমিতাভ মহন্ত

মাকে ফোনত জীয়েকৰ সৈতে কথা পাতি আছে৷ টপিক জীয়েকলৈ অহা নতুন পাত্ৰৰ খবৰ৷ বোধহয় ফোনৰ সিপাৰে জীয়েকৰ ভীষণ আপত্তি৷ মাকে বুজাই আছে, পৰা নাই৷ ময়ো এনেই কাণখন থিয় কৰি থৈছোঁ৷ উপায়হীন হৈ মাকে এইমাত্ৰ শেষ অস্ত্ৰ এৰিলে, – হ’ব দে অ’৷ অলপ চাপৰ হ’লে কিনো ইমান ডাঙৰ কথা হ’ল৷ বিয়াৰ পিছত তাক আমি নাৰিকল পৰা কামত নলগাওঁ নহয়! ☆★☆★☆

Read more

মি: ডাক্তৰ – বৈদুৰ্য্য বৰুৱা

কথা এটা মই প্ৰায়ে মন কৰোঁ। মই যিখন নগৰত থাকোঁ; তাৰপৰা যদি পিচুৱাই গৈ থাকোঁ দেখা যায় বাটত পোৱা ঠাইবোৰো বা অঞ্চলবোৰো ক্ৰমে সকলো ফালৰপৰা পিচ পৰি অনুন্নত হৈ গৈ থাকে, কিন্তু প্ৰাকৃতিক পৰিবেশ হিচাবে ক্ৰমে আগবঢ়া আৰু উন্নত হৈ গৈ থাকে। পিচুৱাই যোৱা মানে মানুহবোৰ পিচুৱাই যোৱাৰ কথা কোৱা নাই। মই বুজাবলৈ চেষ্টা কৰিছোঁ যে মোৰ নগৰখনত আধুনিক নাগৰিকে ভোগ কৰিবপৰা যিমান সা-সুবিধা আছে পিচুৱাই গৈ থাকিলে যিবোৰ নগৰ পোৱা যায় সেইবোৰত সিমান সা-সুবিধা পোৱা নাযায়। বেছিকৈ পিচুৱাই গ’লে

Read more

ভাৰ্চুৱেল জীৱ, ভাৰ্চুৱেল জীৱন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘কোটটোৰ ৰং ৰঙা, জেপৰ তলফালে দুটা ফুটা, এবাৰ সোমায়, এবাৰ ওলায়- নিগনি দুটা সিহঁতৰ আঁচোৰত হাতত দাগ বিৰিঙি উঠা তেজৰ ৰঙো ৰঙা’ Dr. Drabha Loiha’ৰ এই ইংৰাজী কবিতাটোৰ অনুবাদ কৰাৰ ৰাতি, ক’বলৈ গ’লে মধ্যৰাতিহে ভদ্ৰকান্ত ‘লাইমলাইট’লৈ আহিছিল। সৰু চাকৰিটোত ‘গাধা-খাটন’ দি ভাড়াঘৰটোলৈ উভতি আহি কুকাৰটোত ভাত আৰু আলু এটা বহাই কুকাৰটোৰ হেন্দেলডালত পাঁচ বৰ্গ ছেণ্টিমিটাৰৰ শিলটো ‘ফিট’ কৰি তলত জুই দি আজৰি হয় মানে ৰাতি এঘাৰ বাজেই। তাৰ পাছত মাটিতে পাৰি থোৱা তুলিখনত বহি ফে’চবুক অথবা হোৱাটচ্এপ খোলে সি। গাঁৱৰ

Read more

মায়দিয়া ভ্ৰমণৰ লটি-ঘটি – অঞ্জলি গগৈ বৰগোহাঞি

মায়দিয়া মানেই আকৰ্ষণ, আৰু সেই আকৰ্ষণৰ কাৰণ বৰফ আৰু ৰয়িঙৰ পৰা যাওঁতে পাই যোৱা নৈসৰ্গিক দৃশ্য| সাধাৰণতে জানুৱাৰী মাহত নহয়, ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰাহে মায়দিয়া বৰফেৰে আৱৰি থাকে| কিন্তু জানুৱাৰী মাহতো মাজে মাজে বৰফ পৰে| আমি যাম বুলি গম পাই কোনোবাই ক’লে মায়দিয়াত হেনো আগদিনা বৰফ পৰিছিল| মনত বৰ আনন্দ পিছদিনাও নিশ্চয় পৰিবই| গতিকে বৰফত খোজ কাঢ়িবলৈ জোতা, হাতমোজা, টুপী, পেৰাচুট, জেকেট এইবোৰো জৰুৰী বস্তু| ইফালে আমি ডিব্ৰুগড় গৈ পোৱালৈকে মায়দিয়ালৈ যোৱাৰ কোনো প্লেন নাছিল| ভণ্টি আৰু ভনী-জোঁৱাইটোৱে ঢলা-শদিয়া চাবলৈ

Read more
1 2 3 12