ফটাঢোল

গাধস্তান – জ্যোতিৰূপম দত্ত

প্ৰধানমন্ত্ৰীৰ বাসভৱন৷ ৰাতিপুৱাৰ সময়৷ : হেৰৌ৷ কোন আছ’৷ ইমান দেৰিৰ পৰা আটাহ পাৰি আছো৷ কাৰো দেখা দেখি নাই যে! প্ৰধানমন্ত্ৰীৰ চিঞৰ শুনি খপজপকৈ অৰ্ডালী এজন দৌৰি আহিল৷ অৰ্ডালীজনৰ কাপোৰ কানি তথৈবচ, আধা পিন্ধা অৱস্থাতে প্ৰধানমন্ত্ৰীৰ কোঠাৰ পৰা মৰ চিঞৰ শুনি দৌৰি আহিছিল৷ অৰ্ডালীজন আহিয়েই প্ৰধানমন্ত্ৰীৰ সমুখত ঠিয় হৈ গোৰোহাৰে মাটিত ফোৰোহনি মাৰি চেল্যুট দিবলৈ লওতেই জোঁট-পোট খাই বাগৰি পৰিল৷ : উস! লাহৌল বিলাকুৱত! ভালকৈ ঠিয় দিবও নোৱাৰ’ নেকি ঐ! – প্ৰধানমন্ত্ৰী খঙত টিঙিৰি তুলা যেন হ’ল৷ : জোনাব্ ! গুড্ড

Read more

সাক্ষাৎকাৰ–বিশিষ্ট কবি শ্ৰীআনিছ উজ্ জামান ডাঙৰীয়াৰ সৈতে

ফটাঢোল ই আলোচনীৰ মাৰ্চ সংখ্যাৰ এইমাহৰ অতিথিৰ ৰূপত আছে, অসমীয়া সাহিত্য জগতৰ বিশিষ্ট কবি শ্ৰী আনিছ উজ্ জামান ডাঙৰীয়া। বিংশ শতিকাৰ নব্বৈ দশকত ‘অজ্ঞাতে'(১৯৮৯) নামৰ কাব্য পুথিৰ যোগেদি আত্মপ্ৰকাশ ঘটা জামান ডাঙৰীয়াৰ কবিতাত নব্য আধুনিকতাবাদৰ ধাৰা পৰিলক্ষিত হয়। নৱকান্ত বৰুৱা, নীলমনি ফুকন আদিৰ দৰে কবিৰ যোগ্য উত্তৰসূৰী জামান ডাঙৰীয়াৰ কবিতাত বাস্তৱবাদী চিন্তা, মানুহৰ জীৱনশৈলী, মানসিক জগত আদিৰ মুক্ত প্ৰকাশ দেখা যায়। প্ৰেম আৰু মানৱতাৰ সুকীয়া কণ্ঠস্বৰ তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। শৈশৱৰ অভিজ্ঞতা, গাঁৱৰ নিভাঁজ চিত্ৰৰ প্ৰকাশ, মহানগৰীৰ ৰুক্ষতা আৰু নানা

Read more

এপিয়লা চাহ – অনুবাদ:নীলাক্ষী কাকতি (মূল:কেথেৰিন মেঞ্চফিল্ড)

ৰ’জমেৰী ফেলক একে আষাৰতে ধুনীয়া বুলি ক’ব নোৱাৰি৷ যদি তেওঁৰ মুখমণ্ডলক ভাগ ভাগ কৰা হয় তেতিয়া তেওঁক মৰমলগা বুলি ক’ব পাৰি—-কিন্তু কোনে এই সাহ কৰিব? তেওঁ গাভৰু, বুদ্ধিমতী, আধুনিকা, দামী পোচাক পৰিহিতা। তেওঁ চহৰৰ এখন সম্ভ্ৰান্ত ঘৰৰ মহিলা৷ ফিলিপৰ সৈতে বিবাহৰ চিন স্বৰূপে তেওঁলোকৰ এটা পুত্ৰ সন্তান আছে৷ ৰ’জমেৰীৰ ঘৰৰ পাৰ্টিসমূহত চহৰৰ নামী-দামী অভিজাত লোকসকল আৰু তেওঁৰে আৱিষ্কাৰ কিছু ‘আচহুৱা’ জ্ঞানী ব্যক্তিয়ে ভীৰ কৰে৷ চহৰৰ দামী দামী দোকানবোৰ ৰ’জমেৰীৰৰ আগমনত প্ৰাণ পায় উঠে৷ প্ৰশংসাৰ তৈলমৰ্দনে তেওঁৰ মন প্ৰাণ চুই যায়৷

Read more

মেনেজাৰ চাহাব – কাজল প্ৰিয়া

ডিগ্ৰীটো শেষ হ’ল কি নহ’ল সম্পৰ্কীয় পেহী এজনীয়ে মালৈ জোঁৱাই বিচাৰি হাইৰাণ বোলে, : বৌদৌ ছোৱালী মানুহ সোনকালে বিয়া দি আজৰি হ’ব লাগে৷ যেন মই তেওঁৰ মূৰত উঠি সত্ৰীয়া নৃত্য কৰি আছোঁ আজৰি নহ’বলৈ৷ : ল’ৰা আনিম তাইক দেখুৱাবলৈ তাইক ভালকৈ সজাই মেলি থ’ব। ভণ্টিয়ে বোলে, : পেহী চিন্তাই নকৰিব হৰেণৰ ঘৰৰ হাতীটোৰ গাত চক পেঞ্চিলেৰে আঁকি আঁকি সজোৱাৰ নিচিনাকৈ মই এইৰ গাত নক্সা বনাই বনাই সজাম। মোলৈ চাই সকীয়াই থৈ গ’ল, : ঐ তোৰ দাংকাটি স্বভাৱবোৰ এৰিবি অলপ লক্ষ্মী

Read more

আপদীয়া পদ্য – কবি: জীতুল কুমাৰ (সংগ্ৰহ : ভাস্কৰ বৰডেকা)

বৰলা সকলৰ বাবে ! বয়ফ্ৰেণ্ড নথকা গাভৰু দেখিছানে? বয়ফ্ৰেণ্ড নথকা গাভৰু দেখিছানে? দেখা নাই নিশ্চয়…. ময়ো দেখা নাই! ফুলনিৰ বাগিচা বাৰেবৰণীয়া ফুলেৰে জাতিষ্কাৰ হৈ থাকে, এনে ফুলৰ মৌ চুহিবলৈ ভোমাৰাৰ আগমন ঘটিবই! এই বসুন্ধৰাত অসংখ্য গাভৰু দেখিবলৈ পাওঁ, কিন্তু বয়ফ্ৰেণ্ডহীন গাভৰু দুৰ্লভ৷ আমি ছিংগল গাভৰু বিচাৰি আবেদন কৰিছোহে কৰিছো… এজনীও কিন্তু পাবলৈ নাই! কি যে হ’ব আমাৰ দৰে জি.এফ. নথকা যুৱকবোৰৰ! এজনী গোটাবলৈ অক্ষম আমি, আনে নিজৰজনীৰ লগত বিনোদন কৰা দৃশ্য উপভোগ কৰিয়েই হা-হুমুনিয়াহ কাঢ়িছোঁ৷ বয়ফ্ৰেণ্ডহীন গাভৰু বিচাৰি বিচাৰি শেষত

Read more

পঞ্চখাদক– ঈশান জ্যোতি বৰা

(১) প্ৰথম খাদক নাম: আলোড়ন বৰুৱা বয়স: সোতৰ বৃত্তি: ছাত্ৰ খাদ্য: তেজ যেতিয়ালৈকে সূৰুযৰ ফট্‌ফটীয়া পোহৰে নিত্যানন্দ বৰুৱাৰ ঘৰৰ আগচোতাল নুছুৱেহি, যেতিয়ালৈকে ঘৰগৃহিণী অৰ্থাৎ নিত্যানন্দ বৰুৱাৰ একমাত্ৰ পত্নী প্ৰতিভা বৰুৱাৰ অন্তহীন পুত্ৰবিৰোধী আস্ফালনে ওচৰ-চুবুৰীয়াৰ কাণ-মূৰ ঘেলঘেলীয়া কৰি নিদিয়েহি,আৰু যেতিয়ালৈকে তাৰ মৰমৰ প্ৰেমিক চৰাই প্ৰিয়াৰ পৰা অহা ফোনকলৰ সংখ্যাই ত্ৰিশৰ পৱিত্ৰ ঘৰত পদধূলা নেপেলায়হি,তেতিয়ালৈকে আলোড়ন বৰুৱাৰ চকুহালে বাহিৰৰ পোহৰ আৱিষ্কাৰ নকৰে৷ আহ্! টোপনিৰ কি যে মধুৰ,অমৃতময় আৱেশ! সুখনিদ্ৰাৰ যে কি এক পৰম,আকুল অনুভূতি! আৰু কিবা লাগেনে মানুহক? উহহু..নেলাগে৷ একোৱেই নেলাগে৷ সেয়েহে

Read more

সম্পাদকীয়–চাহিন জাফ্ৰি

এই সময়, অশান্ত সময়৷ সেয়ে ভাৰাক্ৰান্ত মন৷ যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত যি নাৰকীয় ঘটনা ঘটি গ’ল ই সঁচাকৈ সমগ্ৰ মানৱ জাতিৰ বাবে এটা ক’লা দিন হৈ ৰ’ব৷ আমাৰ দেশৰ ৪৪ জন সাহসী চি.আৰ.পি.এফ জোৱান শ্বহীদ হ’ল আত্মঘাটি সন্ত্ৰাসবাদী বোমাৰুৰ আক্ৰমণত৷ দেশৰ ভিতৰত এনে আত্মঘাটি আক্ৰমণে আমাৰ দেশৰ কাৰণে এক ভয়াবহ পৰিবেশ-পৰিস্থিতিৰ ইংগিত বহন কৰিছে৷ ইৰাক, চিৰিয়া আদি দেশত আত্মঘাটি আক্ৰমণৰ ভয়াবহ ছবিবোৰ নিউজ চেনেলৰ পৰ্দাত বা বাতৰি কাকতৰ পৃষ্ঠাত দেখি আহিছিলোঁ ইমান দিনে! কিমান নিৰপৰাধী মানুহ এনেবোৰ নৃসংশ আক্ৰমণৰ

Read more

ভাটৌ বিদ্যা – অত্ৰেয়ী গোস্বামী

ভাটৌ চৰাই। এইবিধ চৰাইৰ প্ৰতি যে মোৰ আচৰিত দুৰ্বলতা। অকণমানি সেউজীয়া শৰীৰটোত ৰঙা টিকটিকীয়া ঠোঁট। যেন শাৰী শাৰী নাহৰৰ মাজত পলাশৰ আলফুলীয়া আঁচোৰ! যেন কুমলীয়া ওঁঠত বৰহমথুৰি বোলোৱা এজনী সদ্যস্নাতা কিশোৰী! আইৰ ঘৰৰ পদূলিৰ কাষতে থকা বাঁহনি ডৰাত বছৰৰ এটা সময়ত এজাক ভাটৌৱে জিৰাইহি৷ সিহঁতৰ কিচিৰ-মিছিৰ মাতত চৌদিশ মুখৰিত হৈ পৰে৷ বাঁহপাতৰ সেউজীয়াৰ সৈতে সিহঁতৰ কোমল সেউজীয়াবোৰ মিলি যায়৷ সৰুৰে পৰাই ভাটৌ বুলিলে মই ক’ব নোৱাৰা হওঁ৷ ধৰিবলৈ বাউলি হৈ পৰোঁ৷ এই আকৰ্ষণৰ একমাত্ৰ কাৰণ আছিল সিহঁতৰ মুখৰ শব্দবোৰ৷ যিটোকে

Read more
1 2 3 4 8