ফটাঢোল

নাম বিভ্ৰান্তি – ধৰিত্ৰী শৰণীয়া

প্ৰেম আৰু মোৰ মাজত যেন এক এৰাব নোৱাৰা সম্বন্ধ আছে। বাৰে বাৰে প্ৰেমত পৰো মই! কেতিয়াবা যদি ৰাস্তাৰে খৰ খোজেৰে দেউতাকৰ লগত ফোনত উচ্চস্বৰত কথা পাতি আহি থকা চছমা পিন্ধা ল’ৰাটোৰ প্ৰেমত পৰো আৰু কেতিয়াবা সাতমাইলত পাছলি বেচা ল’ৰাটোৰ! কোনোদিন হয়তো শুক্ৰেশ্বৰ মন্দিৰৰ ওখ-পাখ পাহোৱাল ডেকা পূজাৰীজনে মোৰ বুকুত ক’ব নোৱাৰাকৈয়ে অবুজ প্ৰেমৰ জোৱাৰ তোলে।

আজি লিখিবলৈ লোৱা প্ৰেম কাহিনীটো হ’ল মোৰ ডিগ্ৰী পঢ়া সময়চোৱাৰ। ব্যক্তিগত কাৰণত আগতে পঢ়া কলেজখনত এদমিচন নল’লো। মামাই এবছৰ এনেয়ে যাব বুলি “পাণ্ডু কলেজত” লেট এদমিচন কৰাৱাই দিলে। ময়ো ক্লাচলৈ যাবলৈ আৰম্ভ কৰিলোঁ। এইবাৰ লেঠা লাগিল “মেজৰ চাবজেক্ট”ক লৈ। “শিক্ষা” বিষয়ত মেজৰ লোৱাৰ দুৰ্বাৰ ইচ্ছা আছিল মোৰ। সেয়েহে “শিক্ষা” ডিপাৰ্টমেণ্টলৈ গ’লো, আসন আছেনে নাই খবৰ কৰিবলৈ। যিহেতু মোৰ লেট এদমিচন সেয়ে হেড মেমৰ ওচৰলৈ খবৰ ল’বলৈ যাব লগা হৈছিল। খবৰ ল’বলৈ ডিপাৰ্টমেণ্টলৈ যাওঁতে মেমে ক’লে যে শিক্ষা বিভাগৰ মেজৰৰ সকলো আসন শেষ। তেতিয়া মোৰ এনে লাগিছিল যেন মোৰ সকলো শেষ হৈ গ’ল। তাতেই চকুপানী সৰসৰাই পৰিবলৈ ধৰিলে মোৰ। তাতেই আছিল ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰাঞ্জল পাতিৰি চাৰ। চাৰে মোৰ মাৰ্কচিট চাই দেখিলে শিক্ষা বিষয়তকৈ মোৰ ৰাজনীতি বিজ্ঞানত বেছি নম্বৰ আছে। মাৰ্কচিট আৰু চকুত চকুপানী দেখি চাৰে সুধিলে বোলে, ৰাজনীতি বিজ্ঞানত মেজৰ ল’বা নেকি? মই যেন ভৰিৰ তলত মাটি অকণ বিচাৰি পালোঁ। ভাবিলো শিক্ষা বিষয়টোত নাপালোৱেই, এতিয়া ৰাজনীতি বিজ্ঞান বিষয়টোও হাতৰপৰা হেৰুৱাম। মই ল’ম বুলি কোৱাত তেখেতে ৰাজনীতি বিজ্ঞানৰ হেড মেমক কৈ মোক আসনৰ ব্যৱস্থা কৰি দিলে।

লাহে লাহে ক্লাচবোৰ কৰিবলৈ ধৰিলো। নিজৰ বিভাগৰ বাদেও বেলেগ বিভাগৰ লগৰবোৰৰ লগতো চিনাকী হ’বলৈ ধৰিলোঁ। তেনে এক দিনতেই খুউব স্মাৰ্ট আৰু অল্পভাষী ল’ৰা সমীৰণৰ লগত চিনাকী হ’লো। মোৰ আৰু তাৰ ক্লাচবোৰ আমাৰ ডিপাৰ্টমেণ্টৰ কাষতেই হয় কাৰণে সঘনে দেখা দেখি হ’বলৈ ধৰিলে। মোৰ কিন্তু তাক প্ৰথমে ভীষণ অহংকাৰী যেন লাগিছিল। তেনেতে মোৰ সম্পৰ্কীয় মামাৰ ছোৱালী মুনে সুধিলে,

“তহঁতৰ কলেজৰ সমীৰণক চিনি পাৱনে?”

মই কৈয়ে পেলালো,

“সেই অহংকাৰী যেন লগা ল’ৰাটো। তই কেনেদৰে চিনি পাৱ?”

তেতিয়া তাই ক’লে যে সিহঁত হায়াৰ চেকেণ্ডেৰীত একেলগে পঢ়িছিল আৰু সি অহংকাৰী মুঠেও নহয়, মাথো ছোৱালীৰ লগত বেছি সহজ নহয়।

তাইৰ কথাৰপৰাই নে কি নাজানো; চাওঁতে চাওঁতে তাৰ গহীন খোজবোৰে আৰু মিঠা হাঁহিটোৱে বুকুত বিন্ধিবলৈ ধৰা যেন কৰিলে। লগৰীয়াৰ লগত আড্ডা মৰাত মই বহুত ভাল। আমাৰ আড্ডাবোৰত সিয়ো লাহে লাহে অংশ লোৱা হ’ল।
মোৰ লগত তাৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিল অতি কম সময়তেই। এনেয়েও মই বহুত খোলা মনৰ, মানুহৰ লগত মিলিবলৈ মোক তেনেই কম সময় লাগে। সি পিছত স্বীকাৰ কৰিছিল যে মোৰ বাবেই হেনো সি ছোৱালীবোৰক সহজভাৱে ল’ব পৰা হ’ল। লাহে লাহে বাকী ছোৱালীবোৰৰ লগতো সি সমানে হাঁহি ধেমালি কৰিব পৰা হ’ল।

দিনবোৰ বাগৰিল। ইটো-সিটোৰ বহুত ভাল বন্ধু হৈ পৰিলোঁ। যদি এদিন তাক কলেজত নেদেখো গোটেই কলেজখনকে খালি খালি যেন অনুভৱ কৰা হ’লোঁ। তাৰ দুচকুৱেও যেন কয় সিও মোক সমানেই ভাল পায়। লাহে লাহে সি মোৰ বুকুত বাহৰ পাতিবলৈ ল’লে। পাছকৰ্চ একে হোৱা বাবে কেইটামান ক্লাচ একেলগে কৰিবলৈ পাওঁ। যেতিয়া সি মোৰ বুকুত কুৰুকি কুৰুকি সোমাইছিল তেনে সময়তেই তাৰ সকলোতকৈ ভাল বন্ধু অনলে তাক ছোৱালী এজনীৰ কথা কয় আৰু সি মিচিকিয়াই হাঁহি থয় আৰু এইবোৰ শুনি মোৰ বুকুত চুৰিৰে আঘাত কৰা যেন লাগে। তেনে সময়তেই এদিন তাৰ এখন কিতাপ মই আনিব লগা হ’ল। কিতাপখন খোলোতেই মোৰ ভৰিৰ তলৰপৰা মাটিকণ নোহোৱা হোৱা যেন বোধ হ’ল। চৌদিশে মাথো শূন্যতাহে দেখা পোৱা হ’লো। তাৰ কিতাপখনত লিখা আছিল এজনী ছোৱালীৰ নাম “ৰিকু”!

যিহেতু সি মোৰ বহুত ভাল বন্ধু হিচাপে পৰিগণিত হৈছিল, সেয়ে মই তাৰ ওচৰত ধৰা পৰিব নিবিচাৰিলোঁ আৰু তাৰপৰা পৰিত্ৰাণ পোৱাৰ বাবে সৰুৰেপৰা মোক প্ৰেম নিবেদন কৰি থকা মোৰ শৈশৱৰ বন্ধুজনৰ প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিলোঁ। মোৰ আৰু মোৰ শৈশৱৰ বন্ধুজনৰ প্ৰেমৰ সম্পৰ্কটো সি যেন সহজভাবে ল’ব পৰা নাছিল। তাৰ জ্বলন মই তাৰ কথা আৰু ব্যৱহাৰত দেখিবলৈ পাইছিলোঁ। সি মোক তেতিয়া প্ৰায়ে এষাৰ কথা কৈছিল,

“ভনী, (মোক লগৰবোৰে ভনী বুলি মাতিছিল) তোৰ লগত তাৰ একো নিমিলে, কিয় ভাল পালি তাক তই?”

তেতিয়া মোৰ চিঞৰি চিঞৰি ক’বলৈ মন গৈছিল,

“মইতো তোকেই ভাল পাইছিলোঁ, তইহে নেদেখিলি মোৰ ভালপোৱা!”

তাৰে বহুদিনৰ পিছত মোক চক খোৱাবলৈ গম পোৱা কথাটো হ’ল, কিতাপখনত থকা নামটো তাৰ ঘৰত মতা নামহে আছিল! হায়ৰে বিধি! ল’ৰা আৰু ছোৱালীৰ একেই নাম কিয় ৰাখে মানুহবোৰে?

☆★☆★☆

10 Comments

  • ৰাজশ্ৰী শৰ্মা

    গোটত পঢ়িছিলোঁ, আকৌ পঢ়িলোঁ।ভাল লাগিল বা।

    Reply
    • ধৰিত্ৰী শৰণীয়া

      ধন্যবাদ ৰাজশ্ৰী,অকণমান দীঘল কৰি দিছো

      Reply
  • Manash Saikia

    “নামে কি কৰে কামেহে সংসাৰ তৰে৷”
    কিন্তু,এনে আখ্যান পঢ়াৰ পিছত কব লাগিব৷নামে বিভ্ৰান্ত য়ো কৰে৷

    Reply
    • ধৰিত্ৰী

      হয় দাদা,কি কৰিম অাৰু ফুটা কপাল

      Reply
  • আগতেও পঢ়িছোঁ। খুব ভাল লাগিল বা।

    Reply
  • খনিন্দ্ৰ

    কিনো ক’ম আউ!

    Reply
  • Mousumi gogoi

    দ্বিতীয় বাৰ পঢ়িলো সখী ।নাম বিভ্ৰাট।

    Reply
  • Kamala das

    গোটত পঢ়িছিলো ।আকৌ এবাৰ পঢ়িলো ।ভাল লাগিল ধৰিত্ৰী ।

    Reply
  • সেইকাৰণে ডাইৰেক্ট সুধিব লাগে, এইবাৰৰ পৰা ডাইৰেক্ট সুধি দিব। ভাল লাগিল।

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, ভাল লাগিল ধৰিত্ৰী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *