ফটাঢোল

মোৰ ফটাৰো ফটা প্ৰেম – হিয়া শৰ্মা

প্ৰেমনো নাহে কাৰ জীৱনলৈ! সকলোৱে এবাৰ হ’লেও প্ৰেমৰ পথত উজুটি খায়েই। মোৰো তেনেকৈ উজুটি খাইয়ে প্ৰেম ফাটি চিৰাচিৰ কিমানবাৰ যে হৈছিল তাৰ হিচাপ নাই। তেতিয়া মই ক্লাছ নাইনমানত পঢ়ি আছোঁ। মনটো পখিলা উৰাদি উৰিয়েই থাকে। তাতে আকৌ স্কুললৈ কাঢ়া ইস্ত্রি মাৰি মেখেলা-চাদৰ পিন্ধি যোৱাৰ কোব কি চাবা! এই উৰণীয়া মনটো যে ধৰি ৰখাৰ উপায় নাই।

তেতিয়া আকৌ মোৰ সাধাৰণ মানুহবোৰ ভালেই নালাগে। চেলিব্রেটিবোৰকে ভাল পাওঁ‌। আজি যদি যতীনদাক ভাল লাগে, কাইলৈ আকৌ ৰবিদাক। দেখিবলৈ সিহঁতৰ নিচিনা যদি ল’ৰা দেখো, মোৰো মনটোক দুদিনমানলৈকে বেলেগত বহুৱাই থ’ব নোৱাৰোঁ। আজি যদি যতীনদাৰ লগত সপোনত নৈ পাৰত নাচিলোঁ, কাইলৈ আকৌ বেলেগৰ লগত। এনেকৈয়ে মোৰ প্ৰেম পুৰাদমে চলি গৈ আছে।

তেনেতে আকৌ পৰিলো নহয় প্ৰেমত অভিজিৎ সাৱন্ত নামৰ ল’ৰা এজনৰ। তেঁৱো আকৌ সাধাৰণ ল’ৰা নহয়, ইন্দিয়ান আইদলৰ প্ৰথমজন বিজেতা আছিল। তেওঁৰ প্ৰেমত ইমানেই বলীয়া হ’লো যে সঁচাকৈয়ে তেওঁক লগ পাবৰ মন গ’ল। তেওঁক পাবলৈ কি কি যে নকৰিলো! তেওঁ গোৱা গানবোৰ মুখস্থ কৰি পেলাইছিলো। টিভিৰ সন্মুখত বহি থাকো তেওঁৰ গান দিয়াৰ সময়ত। ফটো আনি য’তে ত’তে ঘৰৰ চুকে-কোণে লগাই পেলাইছিলো। পেপাৰ কাটিঙো বাদ দিয়া নাছিলো। তেনেকৈ অভিজিতৰ প্ৰেমত হাবু-ডুবু খাই থাকোঁতে এদিন স্কুলত তেওঁৰ নিচিনা ল’ৰা এটা দেখিলো। মইও কি দেখিলো জানো তাৰ মাজত আৰু সি স্কুললৈ আহিলে ইমান ভাল লাগে। খালী মাতবোলহে নকৰো।

মোৰ লগৰবোৰে তাৰ প্ৰতি জাগৰণ হোৱা মিঠা অনুভৱৰ কথা কেনেকৈ গম পালে জানো! কথাটো ইকাণ সিকাণকৈ বাগৰি তাৰ কাণতো পৰিলগৈ। যদিও মোৰ মনত সেইবোৰ লাড্ডু ফুটি আছিল তাৰ আগত ঘূণাক্ষৰেও নেদেখুৱাওঁ। তাতে ফটা লেবেল এটা দি থাকো কাৰণেই ল’ৰাবোৰে সহজতে মাতিবলৈ টান পায়। কিন্তু সি মোৰ মনৰ কথা গম পোৱাৰ পিছত দেখোন বপুৰা ‘টুটেলী চেঞ্জড’। অ’ আই! যিটো ল’ৰাই মোক মাতিবলৈকে আফচোচ কৰে সি আকৌ যিহে চ্ছাল দিবলৈ আৰম্ভ কৰিলে। নিজকে ‘অভিজিৎ’ বুলিয়েই ভাবি লৈছিল নেকি মহাশয়ে!

চুলিত ৰং কৰি, জেল লগাই গোটেইটো হেণ্ডছাম হাংক হৈ স্কুললৈ আহিবলৈ ধৰিলে। এদিন স্কুলৰপৰা চাইকেল চলাই আহি আছোঁ, পিছে পিছে সিও আহি আছে। মই ভাবিছোঁ এইটোৰ আকৌ হ’ল কি! মনতে অলপ ভাল লাগিছিল যদিও বিশেষ পাত্তা নিদিলো। সি আহি পিছফালৰপৰা মাতিলে, ‘অকণমান ৰ’বাচোন’। মইও কি হ’ল জানো তাৰ মাত শুনি ৰৈ দিলো, আৰু সুধিলো তাক, ‘কি হ’ল?’ সি বেগৰপৰা অভিজিতৰ কেছেট এটা উলিয়াই ক’লে, ‘এইটো শুনিবা।’ মই কেছেটটো লৈ ৰোৱাই নাই, চিধাচিধি ঘৰ পালোহি। কেছেটটো আনি গানবোৰ শুনি শুনি গোটেইকেইটা গান মুখস্থ কৰি পেলালো।

গানকেইটা শুনি থাকিলে তাৰ কথা মনত পৰে যদিও তাক সেই কথা নেদেখুৱাওঁ। কেছেট লোৱাৰ পিছদিনা স্কুলত তাক দেখিয়ো নামাতিলো। সি মাতিবলৈ সুযোগ বিচাৰি আছিল যদিও মই আকৌ ফটা লেভেলৰ অধিকাৰিণী যে। এনেকৈয়ে গৈ আছে সময়। তাক অভিজিতৰ দৰে দেখি ভাল লাগি গৈ আছে যদিও মোৰ এই ভাল লগাৰ কথা বপুৰাই গমেই পোৱা নাই!

এদিন তাৰ লগৰ ল’ৰাৰ মুখৰপৰা গম পালো যে সি বোলে মোৰ প্ৰেমত পৰিছে। অহ, এইবোৰ কি! মোৰ তাক ভাল লাগিছিল দেখিবলৈ সি অভিজিৎ সাৱন্তৰ নিচিনাৰ কাৰণেহে! কিন্তু মইতো তাক ভাল পাওঁ বুলি কেতিয়াও দেখুওৱা নাই। মই এতিয়া কৰিম কি! আমাৰ ঘৰৰ ওচৰৰে ছোৱালী এজনীক তাৰ লগত জোৰা হওক বুলি চিনাকি কৰাই দিলো। তাইৰ আকৌ তাক বোলে আগৰেপৰাই ভাল লাগিছিল, কিন্তু তাৰহে মনৰ উমান পোৱা নাছিল। এনেকৈয়ে নতুন বছৰ আহিল। সকলোৱে কিনাৰ দৰে সিঁ‌হত দুয়োটাই গ্ৰিটিংছ কাৰ্ড কিনিলে। লগৰজনীয়ে কিনিলে তালৈ, সি কিনিলে মোলৈ। মই কিন্তু কালৈকো নিকিনিলো। লাহে লাহে সময়বোৰ গৈ থাকিল। এদিন সি মোক প্ৰেমৰ প্ৰস্তাৱ দিলে, মই লগে লগে নাকচ কৰিলো। কাৰণ মোৰ তাক ভাল লাগিছিল যদিও প্ৰেমটো আছিল অভিজিৎ সাৱন্তৰ প্ৰতিহে। মই না কৰাত সিও অকৰা মৈত উঠাৰ দৰে উঠিল। মই তাক ক’লো যে মই তোমাক ভাল নাপাওঁ। কিন্তু সি নামানে। মানে মই তাৰ প্ৰেমৰ প্ৰস্তাৱত সন্মতি জনাবই লাগিব। বহুত বুজালো ল’ৰাজনক। শেষত যেনিবা বুজাবুজি হ’ল যে সি দিয়া কেছেটটো মই তাক ঘুৰাই দিব লাগিব। মইও তাৰ প্ৰেমৰ প্ৰস্তাৱৰপৰা হাত সাৰিবলৈ একেষাৰে হ’ব বুলি ক’লো। সিও মোৰ কথাত মান্তি হ’ল আৰু মোৰ পিছ ল’বলৈ এৰি দিলে। এনেকৈয়ে সেই প্রেম কাহিনীৰ অন্ত পৰিল। ইফালে আচল যিজন অভিজিৎ সাৱন্ত, যাৰ প্ৰেমত হাবু-ডুবু খাইছিলো, তেওঁকো দুদিনমানৰ পিছত বাই বাই দিলো।

☆★☆★☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    হা হা হা। বৰ ভাল লাগিল ফটা চেলিব্ৰেটী প্ৰেম।

    Reply
  • ধৰিত্ৰী

    মই যে এতিয়াও মাধৱনক ভাল পাও অ!

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া ফটাৰো ফটা প্ৰেম ।

    Reply
  • সদানন্দ ভূঞা

    ফটাৰো ফটা প্ৰেম পঢ়ি বৰ দুখ লাগিল দেই ।

    Reply
  • Anonymous

    ধ্যনবাদ সকলোকে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *