ফটাঢোল

শুৱনি আমাৰ মহানগৰখনি: মিনতি মহন্ত

শুৱনি আমাৰ মহানগৰখনি
সুউচ্চ অট্টালিকাৰে ভৰা,
কংক্ৰিটৰ মাজতে লিখোঁ জীৱনী
অসংখ্য মানুহৰে ভৰা।

মঞ্চই মঞ্চই শুৱনি গায়কে সুৰীয়া সংগীত গায়,
ইয়াৰ বজাৰত বিচাৰিব জানিলে
নোপোৱা বস্তুও পায়।

শুৱনি আমাৰ ব্ৰহ্মপুত্ৰ নদী
বালিত ফেৰি লাগি ধৰে,
বহিৰাগতই দলে-বলে আহি
বেপাৰ বাণিজ্য কৰে।

চালত নবগাই লাও, জিকা, ভোল
ভঁৰাল কাৰোৰে নাই,
ঘৰৰ ওপৰত ঘৰৰ ঠিকা
খালি ঠাই পাবলৈ নাই।

খালি যদি আছিলে অকণ ঠাই
চৰকাৰী ডাষ্টবিন হৈ পৰিল,
দখলী স্বত্ব থাকক বা নাই
ম্যাদি পট্টা হৈ উঠিল।

বিজুলী বাতিয়ে খেলে লুকা-ভাকু
কেৱল আহে আৰু যায় ,
ইনভাৰ্টাৰবোৰত চবৰে চকু
বোলো চাৰ্জ হৈ আছে বা নাই।

নলা, নৰ্দমা পোতা জাবৰৰ
গোন্ধেও আমোলমোলাই।
চৰকাৰ নামৰ বিয়াগোম যন্ত্ৰই
নিজৰ অস্তিত্ব হে চাই।

কাণসাৰ দিবলৈ প্ৰজাৰ কাৰণে
এধানিও যে আহৰি নাই,
আধাৰশিলা গজে কাঠফুলাৰ দৰে
প্ৰেমলতাই কাহিনী কৈ যায়।

মাজে মাজে শুনো মেট্ৰোৱে হেনো
বৰঝাৰলৈ মানুহ কঢ়িয়াব,
মেট্ৰোৱে যদি বিজুলী নেপায়
কোনেবা ৰিক্সটো ল’ব!

এনেহেন কথা শুৱনি নগৰৰ
বৰ্ণনা হ’ব নিৰন্তৰ,
খোৱাপানী লৈয়ো কত হাহাকাৰ
দুৱাৰ মুখত পূৰ্বোত্তৰৰ।

নগৰৰ পৰা নগৰ হৈ বোলে
ৰ’প ৱে আহিব এদিন,
খুটা এটা পুতি আভুৱা ভাৰি
কাৰোবাৰ জেপ হয়তো গহীন।

উত্তৰ-পূবৰ এই মহানগৰ
তথাপিও যেন সৰগৰ দুৱাৰমুখ,
মিলিব জানিলে পাম জীৱনৰ
কিজানি ইয়াতেই অমিয়া সুখ ।

☆★☆★☆

11 Comments

  • ভাল লাগিল

    Reply
    • Anonymous

      কবিতা নহয় যেন বৰ্তমান সময়ৰ মহানগৰৰ বুৰঞ্জীহে । ভবিষ্যতৰ ল’ৰা-ছোৱালীৰ বাবেও সম্পদ হব।

      Reply
  • Rashmi Mahanta

    ধুনীয়া লাগিল…

    Reply
  • Tulika

    Very nice

    Reply
  • Bhaben Mahanta

    শুৱনি মহানগৰৰ সোণসেৰীয়া কথাৰ মাজেদি নিজক বিচাৰি চোৱাৰ প্ৰয়াসটো ভাল লাগিল l

    Reply
  • ভাল লাগিল বাইদেউ৷

    Reply
  • Rintumoni Dutta

    এইবাৰ লিখি বিৰতি ল’লেই নহ’ব দেই মা। আগলৈও আশা কৰি থাকিম

    Reply
  • Suntu

    ভাল লাগিল

    Reply
  • অভিজিৎ কলিতা

    বঢ়িয়া। ভাল লাগিল

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, ভাল লাগিল ।

    Reply
  • ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *