ফটাঢোল

সঁচা কথা – ব্ৰজেন বৰদলৈ

জিনা মাষ্টৰণী আৰু এই অভাগী একে বিদ্যালয়ৰ শিক্ষক হিচাপে আছোঁ।

মই অসমীয়া পঢ়ুৱাওঁ। জিনায়ে আকৌ দ্বিতীয় শ্ৰেণীৰ অংক পঢ়ায়। ওচৰত থকা ক্লাচ বাবে ছাত্র-ছাত্ৰীকেইজনক কিবা এটা লিখিবলৈ দি কেতিয়াবা জিনাৰ ক্লাচৰ মুখতে ৰৈ থাকোঁ।

এদিন জিনায়ে অংক পৰীক্ষা লৈ আছে। মই হুলস্থুল নাই বাবে গৈ চালোঁ। এটা ল’ৰাই থিয় হৈ এঘণ্টা অংক কৰি আছে। আকৌ এবাৰ গৈ দেখা পালোঁ যে সেই ল’ৰাজনেই পথালি হৈ টেবুলত অংক কৰিছে।

কথাটো কি!

ভালকৈ চাই দেখিলোঁ যে ব’ৰ্ডত বাইদেউৱে লিখি থৈছে,

১/থিয়কৈ যোগ কৰা।

২/পথালিকৈ যোগ কৰা।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *