ফটাঢোল

আজাহাৰ, কুম্ব্লে, শৰ্মা, বাগলাৰী ইত্যাদি – সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য

চৰকাৰী বিভাগ এটাৰ মূখ্য অফিচলৈ গৈছিলোঁ আজি৷ আজি বুলি নহয়, প্ৰায় যোৱা এবছৰ ধৰি গৈয়েই আছোঁ। বিল এখন পাবলগীয়া হৈ আছোঁ আমি৷ এতিয়ালৈকে তিনিবাৰ জমা কৰিছোঁ বিলখন৷ পইচা কেতিয়া পাম সেইটো কোনেও নাজানে৷ অফিচটোৰ পিয়নটোৱেও নাজানে, কেৰাণীজনেও নাজানে; গণিকজনেও নাজানে, ময়ো নাজানো৷ মূখ্য অভিযন্তাজনেও নাজানে মুঠতে কোনেও নাজানে । সেইফালে অন্য কামত ওলাই গ’লে গতানুগতিক দৰ্শন এটা, মানে কামোৰ এটা দি আহোঁ অফিচটোত, মানুহবোৰক, কিজানিবা পাই যাওঁ পইচাটো! আজি কিন্তু মোৰ মুড বেলেগ৷ অফিচত বচৰ গালি শুনি ওলাই আহিছোঁ! হয়

Read more

ছেল্ফীৰ দহবিধ উপকাৰিতা – মনমী ভট্টাচাৰ্য্য

গৱেষণাৰ ওৰ:::ফটো মোৰ চখ। জনাই নজনাই ক্লিক কৰি ভাল লাগে। পিছে ছেল্ফী-গ্ৰুপফীৰ কৌশল আয়ত্ব কৰাত অমুকী অপাৰগ। সিদিনা তাৰ পৰিণাম ভূগিলো। মানে পাৰ্টী এটাত মান বচাই আহিবলৈ কি কি যে কৰিবলগীয়া হ’ল। ভেৰী ইচমাৰ্ট এজনীয়ে টো মুখ টিপি ঢেকেৰী জাতীয় কিবা এটা ভোৰভোৰালে। এই কথাই কথা নহয়।ঢেকেৰী টেগ আঁতৰাবলৈ ছেল্ফীৰ ওপৰত পাৰদৰ্শিতা দেখুওৱা অত্যাৱশ্যকীয়। কাৰিকৰী দিশত পণ্ডিতালি দেখুওৱাৰ চূড়ান্ত মূৰ্খামি কৰিব নোৱাৰি। জ্ঞানগৰ্ভ গৱেষণা এটিকে প্ৰস্তুত কৰা যাওক। পইণ্ট নোট ডাউন কৰি ললো। ,,,,ছেল্ফীৰ দহবিধ উপকাৰিতা,,, ছেল্ফী মাথোঁ এটি শব্দ

Read more

ওৱান ফৰ বেড্ টু ফৰ গুড্ থ্ৰি ফৰ বেটাৰ,ফ'ৰ ফৰ লভাৰ – জীতামণি দত্ত

বুঢ়া আঙুলিৰ কাষৰ সোঁহাতৰ লিহিৰি আঙুলিটো আৰু অনামিকা আঙুলিৰ কাষৰ মধ্যমা আঙুলিটো একেলগ কৰি চকুৰ আগত বা ক’ৰবাত হ’লেও দুটা বা চাৰিটা শালিকা দেখিলে ওঠৰ ওপৰত বিশেষ সুখী ভংগীমাত যিটো চুমা বতাহত এৰি দিয়া হয় , নিশ্চয় অতীতৰ সেই ছৱিখন প্ৰতিজনী ছোৱালী বা ছোৱালীকাল এৰি সাংসাৰিক মায়াত বন্দী বহুগৰাকী নাৰীৰ মনত সজীৱ হৈ আছে বা স্মৃতি হৈ কেতিয়াবা আমনি কৰে । ” আজি তোৰ যে মন বেয়া কি হ’ল ?” ইজনীয়ে সিজনীক সোধো ,লাগিলে ঘৰত বা জীৱনত সুখে চপচপাই থাকক

Read more

মুম্বাই ডায়েৰী -মাধুৰ্য্য গগৈ

মায়ানগৰী মুম্বাইৰ এটা বিশেষত্ব, ’নাইট লাইফ’। মানে ৰাতিৰ জীৱন৷ হয়, আধা দিনটো ট্ৰেফিক জামত ফচি মানুহবোৰে ৰাতি অলপ এনজয় কৰিবই দিয়কচোন৷ এই ’নাইট লাইফ’ৰে এটা অন্যতম ব্যৱস্থা ’পাব’। বাহঁগছৰ পাব বুলি ভুলতেও নাভাবিব৷ এই ’পাব’ অৰ্থাৎ ডিস্ক’বোৰ হৈছে মুম্বাইৰ নাইট লাইফৰ অন্যতম আকৰ্ষণ৷ মুম্বাইলৈ অহাৰ পিছৰে পৰাই শ্ৰীমতীৰ ’পাব’ প্ৰীতি দিনক দিনে বাঢ়ি গৈ থাকিল৷ পিছে ময়ো এলা-পেছা ভকত নহয়তো৷ গতিকে এই ’পাব’ জাতীয় বস্তুবোৰৰ পৰা এওঁক আঁতৰাই ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছিলো৷ এনেকুৱা নহয় যে মই ’পাব’লৈ গৈ পোৱা নাই, বা ’পাব’ মই বেয়া পাওঁ৷ আচলতে

Read more

ডিগ্নিটী অৱ লেবাৰ – পাৰ্থ প্ৰতিম বৰকটকী

অৰ্ণৱ, তোমাক ছাৰে মাতিছে৷ কিয়? কিয়, মই কেনেকৈ জানিম! মোৰ কাম আছে, মই যাওঁ৷ হ’ল আৰু৷ অৰ্ণৱৰ মূৰটো এনেই গৰম হৈ থাকে, তাতে এই ছাৰৰ নিমন্ত্ৰণ পালে উতলি উঠে৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ কণা বিধিৰো যদি হৃদয় বোলা অংশবিধ কেনেবাকৈ ক’ৰবাত আছে, এই ছাৰৰ নাই৷ ছাৰ, সোমাইছোঁ৷ আৰে, অৰ্ণৱ৷ আহা, আহা৷ এই কেবিনৰ হাস্যবদন আৰু প্ৰফুল্লচিত্তৰ আদৰণি আৰু সিহঁতৰ ঘৰৰ কাষৰ থানখনত বলি দিবলৈ অনা ছাগলীটোক মানুহে কৰা শুশ্ৰূষাৰ মাজত অৰ্ণৱে কোনো পাৰ্থক্য বিচাৰি নাপায়৷ ছাৰ,

Read more

শনিপাত- পূৰ্ণাক্ষী ভট্টাচাৰ্য্য

এইবাৰৰ শনি এক্কেবাৰে পঢ়াকু শনি৷ দিনৰ দিনটো লাইব্ৰেৰীত বহি থাকে৷ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে এবাৰকৈ উঠি আহে৷ কাৰণটো চাহ৷ শনি চাহপ্ৰেমী৷ পঢ়া আৰু চাহ নহ’লে শনিৰ জীৱন বৃথা৷ এপ্ৰিল মাহৰ কথা৷ লেবাৰ ৰুমত ডিউটি চলি আছে৷ শনি, মই আৰু আন তেৰজনৰ ডিউটি পৰিছে গোটেই এপ্ৰিল মাহটোত৷ পোন্ধৰজনৰ পাঁচজনকৈ তিনিটা সৰু সৰু গ্ৰুপত ভাগহৈ ইভিনিং আৰু নাইট ছিফটৰ ডিউটি কৰি আছিলোঁ‌৷ দুদিনৰ মূৰে মূৰে এদিন অফ্৷ প্ৰথম কেইদিনমান ঠিক ঠাকে গ’ল৷ কিন্তু যিমানেই বিহু ওচৰ চাপি আহিল, সিমানেই গ্ৰুপৰ মাজত এটা

Read more

অফলাইন চাট- চাহিন জাফ্ৰি

শ্ৰেণীকোঠাত টোপনিৰ বাবে বিখ্যাত হৈ পৰা এই ধুনু আপীজনীৰ আৰু এটা ইণ্টাৰেষ্টিং কেছ ক’বলৈ ওলাইছো দেই ৰাইজ৷ দায়-দোষ ক্ষেমিব৷ সেইদিনা ছাৰৰ কথাত মোৰ অকণমানি নাকটোত লাজ অকণমান লগাত পিছদিনাখন অলপ কণ্ট্ৰ’ল কৰি ক্লাছলৈ গ’লোঁ৷ সঁচাকৈয়ে সেইদিনা মই অকণো টোপনি মৰা নাছিলোঁ৷ হঠাৎ মোৰ পৰিৱৰ্তন দেখি লগৰমখা আচৰিত হোৱাৰ লগতে হতভম্বও হ’ল৷ মোৰ নলে-গলে লগা বৰপেটীয়া আপীজনীয়ে মোক সুধিয়েই পেলালে- -“কি হ’ল এ তৰ্ আজি? টোপ্নি মৰা নাই জি?“ -অ’ ৰ’ব এটা কথা ক’বই পাহৰিছো, আমি আকৌ তেতিয়া খুব অফলাইন চাট্

Read more

বৌদ্ধিক ধদুৱা- মৃদুল কুমাৰ শৰ্মা

শৰ্মানীঃ হেৰা শুনিছানে? শৰ্মাঃ কোৱা ডাৰ্লিং৷ আজি ইমান মিঠা মাত দিছা যে কেচটো কি? শৰ্মানীঃ মোৰ মাত মিঠাই, তুমিহে তিতা শুনা হ’লা আজিকালি৷ পুৰণি হ’লে সোৱাদ কমি যায় ন’? শৰ্মাঃ তুমি যিহে কেটেৰা জেঙেৰা মাৰি থাকা আজিকালি মিঠা মাতষাৰ শুনিবলৈকো নোপোৱা হ’লো৷ শৰ্মানীঃ হেৰা, শুনানা৷ ওলোৱা সোনকালে৷ শৰ্মাঃ কলৈ যাবানো? আজি কাৰোবাৰ বাৰ্থডে আছে নেকি? শৰ্মানীঃ উৱা, পাহৰিলা৷ আজি ধনতেৰচ নহয় জানো? ব’লা আক’ মাণিকচান্দৰ পৰা আহো৷ আজি কিবা সোণৰ বস্তু কিনিব লাগে নহয়৷ শৰ্মাঃ চু…..প চুপে চাপে কোৱা, বেৰৰো

Read more

মিয়াও! – জ্যোতিৰূপম দত্ত

: কি কোৱাহে? ইমান দাম? মোৰ মাতটো একেবাৰে সিংহৰ দৰে হৈ ওলাল৷ বুকুখন ছাপন্ন ইঞ্চিলৈ নহলেও তাৰ অলপ ওচৰলৈকে ফুলাই ললো৷ : বাবু, কি কম? দাম বহু বাঢ়িছে৷ কিনা দামতেই দিছো৷ লৈ যাওক৷ কিবা এটা কমাই দিব৷ কি যে হ’ব! আজি বহুদিনৰ মুৰত মাছৰ বজাৰলৈ আহিছো৷ এইহেন প্ৰকাণ্ড চহৰখনত আমাৰ দৰে কোনোমতে লেলাই ধেন্দাই চলি থকা মানুহবোৰৰ ভাতৰ পাতত মাছ এটুকুৰা দেখিবলৈ ভাগ্য লাগিব৷ ভাল ভাল ডাঙৰ মাছবোৰৰ ওচৰলৈকে যাব নোৱাৰি৷ দামো একেবাৰে জুই-চাই৷ কেতিয়াবা ডাঙৰ মাছ এচকলৰ বাবে দৰদাম

Read more

ইলিছীয় – ভাস্কৰ জ্যোতি বৰুৱা

কেইদিনৰনো আগৰ কথা, ছয় মাইলৰ বজাৰত ইলিছ মাছৰ দাম শুনি চিটিকি উফৰি আহোঁতে ভৰিত কচকা খোৱা? সেইখন বজাৰতে এতিয়া বেপাৰীয়ে মোলায়েমকৈ মাতিছে – : অ’ দাদা, লৈ যাওক, তিনচ’কে দিব। জিভাৰ বহুদিনৰ অপূৰ্ণ বাসনা পূৰণ কৰাৰ হাবিয়াসে মোক চোঁচৰাই লৈ গৈছে মাছ বেপাৰীৰ ওচৰলৈ। কিন্তু কিনিবলৈ সাহস গোটাব পৰা নাই। ৰন্ধাৰ শেষত যদি ফেচবুকতেই নিদিওঁ, তেনে মাছ খাই কি সোৱাদ পামনো? লাইক-কমেণ্টতেইতো আচল টেষ্ট। অৱশ্যে কোনেও মোক ইলিছ কিনিবলৈ বাধা দিয়া নাই। কিন্তু সন্ধিয়া ৮ ৰ টিভিত আলোচনা আৰু ফেচবুক

Read more
1 12 13 14 15 16 19