ফটাঢোল

অসমীয়া জাতিৰ আয়ুস ৰেখা- দীপাঙ্কৰ মল্ল বৰুৱা 

এটা জাতি জীয়াই থাকিবলৈ যিবোৰ উপাদান প্ৰয়োজনীয় তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটোৱেই হৈছে জাতিটোৰ সাংস্কৃতিক আত্ম পৰিচয়। এজন অসমীয়া মানুহে যদি চকু মুদি নিজৰ অসমীয়া আত্ম পৰিচয়ৰ অনুসন্ধান কৰে, প্ৰথমেই বোধহয় বিহুৰ কথাই মনলৈ আহিব। বিহু আৰু বিহু গামোছাই বিশ্বৰ দৰবাৰত অসমীয়া জাতিক পৰিচয় কৰাই দিছে। অসমীয়া মানুহে বিহুৰ মাজতে জাতীয় চেতনা আৰু জাতীয় অভিমান বিচাৰি পায়।

অসম নামেৰে পৰিচিত লুইতৰ পাৰৰ এই সাৰুৱা ভূখণ্ডত অতীজৰে পৰা বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰি আহিছে আৰু সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা-সংস্কৃতি, নৃত্য-গীত, উৎসৱ- পাৰ্বণ আছে। অলপ মন কৰিলেই বুজিব পাৰিযে বৈচিত্ৰৰে পৰিপূৰ্ণ বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখা এনাজৰীডালেই হৈছে বিহু। অসমৰ সকলো থলুৱা জাতি জনগোষ্ঠীয়ে বিহুক অসমৰ উমৈহতীয়া জাতীয় উৎসৱ ৰূপে গ্ৰহণ কৰিছে। আন কথাত ক’বলৈ গ’লে, বিহুৰ একতাৰ ডোলেৰে বান্ধ খোৱা জাতিটোৱেই হৈছে অসমীয়া জাতি। বিহুৰ ঢোলৰ গুমগুমনি আৰু পেঁপাৰ মাতত দেহ মন পুলকিত হোৱাজনেই হ’ল অসমীয়া।

বিহু অসমীয়াৰ প্ৰাণৰো আপোন। মুকলি পথাৰ আৰু গছতলত আৰম্ভ হোৱা কৃষিভিত্তিক উৎসৱ বিহুৱে এতিয়া আধুনিকতাৰ ধামখুমীয়াত পৰি মঞ্চ, টেলিভিছন, ইণ্টাৰনেট সকলোতে বিস্তাৰ লাভ কৰিছে। দেশে-বিদেশে বিহুনৃত্য সমাদৃত হৈছে। প্ৰবাসী অসমীয়াসকলে দেশে বিদেশে বিহু-সংস্কৃতিৰ চৰ্চা কৰিছে। বিহু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। বিহুৰ মাজতে অসমীয়াই বিচাৰি পায় জাতীয় চেতনা। বিহুগীত আৰু বিহুনাচৰ জৰিয়তে আনন্দ প্ৰকাশ কৰাটো অসমীয়াৰ জাতীয় চৰিত্ৰ। ধৰ্ম নিৰপেক্ষ বিহু উৎসৱ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে একক আৰু অনন্য উৎসৱ বুলিব পাৰি। স্বাভাৱিকতে অসমৰ জাতীয় সত্বাক প্ৰতিনিধিত্ব কৰা বিহু অসমৰ আপুৰুগীয়া জাতীয় উৎসৱ।
এসময়ত বিহু শব্দটো সংস্কৃত শব্দ ‘বিষু’ বা ‘বিষুব’ৰ পৰা আহিছে বুলি বিশ্বাস কৰা হৈছিল। কিন্তু মনকৰিবলগীয়া যে বিহুত আৰ্যমূলীয় উপাদানতকৈ মংগোলীয় উপাদানৰহে অধিক পয়োভৰ আছে। অতীজতে অসমত বিহুৰ আৰম্ভণি হয়তো অসমৰ এই ভূ-খণ্ডলৈ অহা তিব্বত-বর্মী আৰু টাইসকলেই কৰিছিল। তিব্বত-বর্মীসকলৰ বড়ো, মিচিং, চুতীয়া, মৰাণ, মটক, কছাৰী, ডিমাচা, তিৱা, ৰাভা আৰু টাইসকলে বৈছাগু, আলি-আয়ে-লিগাং, বিছু, বুচু, বিছুৱা, দোমাহী, পয়হু, পিহু আদি বিভিন্ন নামেৰে অতীজৰে পৰা বসন্তকালীন কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছিল। এই বসন্তকালীন উৎসৱেই কালক্ৰমত বিভিন্ন জাতি জনগোষ্ঠীৰ উপাদানৰ সংমিশ্ৰণত বিহুৰ ৰূপ লৈছিল।

আহোমসকল অহাৰ বহু আগতেই চুতীয়াসকলে উজনি অসমৰ শদিয়া অঞ্চলক কেন্দ্র কৰি এখন শক্তিশালী ৰাজ্য স্থাপন কৰিছিল। চুতীয়াসকলৰ ৰাজত্ব কালতেই পোন-প্রথমে বিহু নামৰ বসন্ত উৎসৱৰ অংকুৰণ হৈছিল আৰু পাছত আহোমসকলে ইয়াৰ লালন-পালন কৰিছিল বুলি বিভিন্ন গৱেষকে মতপোষণ কৰে। বিহু নামৰ উৎপত্তিৰ বিষয়েও বিভিন্ন গৱেষকে বিভিন্ন মত দি গৈছে। ড° পৱন চন্দ্র শইকীয়াই তেওঁৰ ‘দেউৰী চুতীয়া’ গ্ৰন্থত তথ্য সহকাৰে উল্লেখ কৰিছে যে, “চুতীয়া ভাষাত বিহুক ‘বিচু’ বুলি কোৱা হয়। ‘বি’ মানে অতি, ‘চু’ মানে আনন্দময় বুজায়। গতিকে, ‘বিচু’ শব্দটি অপ্রভংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।” আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈৰ মতে, “টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। ‘পয়’ মানে উৎসৱ আৰু ‘হু’ মানে গৰু। বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা হয় আৰু পবিত্র গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক ‘পয়হু’ বোলা হয়। সেই ‘পয়হু’ শব্দৰ অপভ্রংশই ‘বিহু’ হোৱা বুলি কৰা গৱেষকগৰাকীয়ে মতপোষণ কৰিছে।

‘বিচু’ নাইবা ‘পয়হু’, য’ৰ পৰাই বিহুৰ উৎপত্তি নহওক কিয়, এটা কথাৰ কোনো দ্বিমত নাইযে, বিহু মূলতঃ বিভিন্ন মংগোলীয় জাতি জনজাতিৰ অৱদান। বিহু আছিল অসমৰ ইতিহাসৰ বহুতো ঐতিহাসিক ক্ষণৰ সাক্ষী। আহোম ৰজাসকলৰ বিহু প্রীতিৰ বিষয়ে ইতিহাসৰ পাতৰ পৰাও জানিব পৰা যায়। জয়ধবজ সিংহৰ ৰাজত্ব কালত অসম আক্রমনকাৰী মিৰজুমলাৰ লগত অহা পার্চী ইতিহাসবিদ চাহাবুদ্দিন তালিচে তেঁওৰ অসম-সম্বন্ধীয় টোকাত স্বর্গদেউসকলৰ বিহুপ্রীতিৰ কথা উল্লেখ কৰিছে। আনহাতে জমিলি নামৰ ভ্রমণকাৰী এজনে লিখিছে, “ৰাজকাৰেঙৰ ওচৰতে বিশেষভাৱে সজোৱা বিহুতলিলৈ ৰজা আহে ৰং চৰোৱা হাতীত উঠি। সোণ চৰোৱা সাজপাৰ আৰু মুকুট পিন্ধি অহা ৰজাৰ চাৰিওকাষে খোজকাঢ়ি আহে যাঠি আৰু চেপেটা তৰোৱালধাৰী দেহৰক্ষী। পাছে পাছে দোলাভাৰীয়ে কান্ধেৰে কঢ়িয়াই অনা দোলাত আহে পাত্র- মন্ত্রীসকল। সমবেত দর্শকসকলে অলপ দূৰৈৰ পৰা ৰজাক সেৱা জনায়। বিহুৱা দলবিলাকে বিহু নৃত্য কৰে। ৰজাই নাচ-গান দেখি সন্তুষ্টি প্রকাশ কৰে আৰু প্রশংসা কৰে।”

মুঠতে আহোম স্বর্গদেউসকলৰ দিনতেই পথাৰ আৰু গছতলৰ বিহু আহি ৰংঘৰৰ বাকৰি শুৱনি কৰিলে। বুৰঞ্জীত উল্লেখ নেথাকিলেও স্বর্গদেউ ৰুদ্রসিংহই পোনপ্রথমে বিহুক জাতীয় উৎসৱ হিচাপে ৰাজকীয় মর্যদা দিয়ে বুলি জনশ্ৰুতি আছে। গতিকে ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ ফলতেই বিহুৱে আহোম ৰাজ্যত জাতীয় উৎসৱৰ মৰ্যাদা লাভ কৰিছিল।

ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিলেও আহোম ৰাজ্যৰ শাসন ৰংপুৰ কেন্দ্ৰিক হোৱাৰ কাৰণেই আহোম ৰাজত্বত বিহু প্রধানকৈ উজনি অসমতে সীমাবদ্ধ আছিল। এই সময়ছোৱাত বিভিন্ন জনগোষ্ঠীয়ে বিহু পালন কৰিলেও নামনি অসমৰ সমাজখনক বিহুৱে স্পর্শ কৰিব পৰা নাছিল আৰু এই ধাৰা কুৰি শতিকাৰ পঞ্চাশৰ দশকলৈকে অব্যাহত আছিল। আনহাতে, আহোমসকলৰ পাছত বৃটিছৰ শাসনকালত বিহুৱে শাসকৰ পৃষ্ঠপোষকতাৰ পৰিৱর্তে প্রত্যাহ্বানৰহে সন্মুখীন হৈছিল অধিক। অৱশ্যে অসমৰ গাভৰুৰ দেহত- নাচত ‘wanton movement(!)’ দেখা পোৱা বৃটিছ লেখক উইলিয়াম ৰবিনছনকে আদি কৰি বহুজনে বিহুক অসমৰ প্রধান উৎসৱ বুলিয়ে অভিহিত কৰি গৈছে। উইলিয়াম ৰবিনছনে তেঁওৰ ‘A Descriptive Account of Assam’ গ্রন্থত বিহুৰ বিষয়ে লিখিছে, “The Assamese have two principal festivals, called Bihu.The first festival of the year termed the Baisak Bihu and is celebrated in the first three days of Baisak. On this occasion people devote the whole of the first day to mutual visit and compliment, as Europeans to the first day of the year.’ বিহুক দুটা বুলিহে উল্লেখ কৰিলেও এই বৰ্ণনাৰ পৰা বুজিব পৰা যায় যে ব্ৰিটিছৰ শাসনকালতো বিহুৱে অসমৰ প্ৰধান উৎসৱৰ মৰ্যাদা অক্ষুন্ন ৰাখিছিল। এইকথা সহজেই বুজিব পাৰি যে, বৃটিছ শাসনৰ সময়ছোৱাতো বিহু অসমৰ, বিশেষকৈ উজনি অসমৰ জনসাধাৰণৰ মাজত সবাতোকৈ জনপ্রিয় উৎসৱ আছিল।

পিচে বৃটিছ শাসনৰ সময়ছোৱাতে সেই সময়ৰ সামাজিক পৰিস্থিতি আৰু মতবাদৰ সংঘাতে বিহুৰ অস্তিত্বৰ প্রতি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছিল। বিশেষকৈ, পাশ্চাত্যৰ ন-শিক্ষাৰে শিক্ষিত তথা কলিকতীয়া বাঙালী সংস্কৃতিত প্ৰতিপালিত কিছু অসমীয়া মধ্যবিত্তই বিহুক অশ্লীল বুলি অভিহিত কৰিছিল। এই সকলৰ ভিতৰত বাংলাভাষাত আসাম বুৰঞ্জীৰ প্রণেতা হলিৰাম ঢেকীয়াল ফুকন, গুনাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য আদি আছিল অন্যতম। কবি বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই বিহুৰ পৰিবর্তে অসমৰ জাতীয় উৎসৱ ‘দুর্গা-পূজা’ হ’ব লাগে বুলি মত প্রকাশ কৰিছিল। বৰবৰুৱাৰ ভাষাত, “বুঢ়াৰজা স্বর্গদেৱৰ দিনত ১৫৩৫ শকৰে পৰা অসমত দুর্গাপূজাৰ প্রচলন হ’লেও আজি ইমান দিনে সেই পূজা অসমীয়া জাতিৰ জাতীয় উৎসৱ শাৰীত কিয় সোমাব পৰা নাই, তাক ভাবিহে আমি আচৰিত মানিছোঁ।” দেখা যায় যে সেই সময়ৰ কলিকতীয়া সংস্কৃতিৰ মোহগ্ৰস্থ এচাম অসমীয়া মধ্যবিত্তই বিহুক এলাগী কৰি বঙলুৱা সংস্কৃতি অসমত প্ৰৱৰ্তন কৰিবলৈহে উঠি পৰি লাগিছিল।

১৮২৯ চনতেই হলিৰাম ঢেকিয়ায়াল ফুকনে বিহুৰ বিৰুদ্ধে বিষাদ্গাৰ কৰিলেও, বিহুলৈ ডাঙৰ প্রত্যাহবান আহিল ১৮৯৮ চনত। সেই বছৰত প্রথম ইংৰাজী-অসমীয়া অভিধান প্রণেতা বুদ্ধীন্দ্রনাথ ভট্টাচাৰ্যৰ ৰাষ্ট্রীয় পর্যায়ৰ কাকত ‘The National Guardian’ত বিহুক ‘notorious’ আখ্যা সি ‘The Assamese Bihoo’ শীর্ষক প্রৱন্ধ লিখি বিহুক নিষিদ্ধ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আবেদন জনাইছিল। ভট্টাচাৰ্যই কথা মতেই বৃটিছ চৰকাৰে বিহুক নিষিদ্ধকৰণৰো ব্যৱস্থা গ্রহণ কৰিছিল। কিন্তু সেই সময়ৰ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ উদ্যোগত পুৰনিগুদাম অঞ্চলৰ হালোৱা গাঁৱৰ ঢোলৰ ওজা মৈমত টাটিঙা হাজৰিকা আৰু তেখেতৰ ভনীয়েক চেনি গাভৰুৱে অন্য কেইজনমান সহযোগীৰ সৈতে গুৱহাটীত গর্ডন চাহাবৰ আগত বিহু নাচি প্রমাণ কৰিছিল যে, বিহু নাচত অশ্লীলতাৰ পৰিৱর্তে অসমীয়া জনজীৱনৰ কলাত্মক উপস্থাপনহে আছে। উল্লেখযোগ্য যে, মৈমত টাটিঙা হাজৰিকা ধর্মসূত্রে মুছলমান আছিল। এই কথাই ইয়াকো প্রমাণ কৰে যে বিহু কোনো বিশেষ ধর্ম বা বর্ণৰ মাজতে সীমাবদ্ধ নাছিল, বৰং জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই বিহুক আপোন বুলি গ্ৰহণ কৰিছিল। সেইবাবেই হয়তো ধৰ্ম নিৰপেক্ষ বিহুৱে ধর্মীয় গণ্ডীৰ ভিতৰত থকা দুর্গাপূজাক অতিক্ৰম কৰি অসমৰ জাতীয় উৎসৱৰ ৰূপ লৈছিল। কালক্ৰমত বিহুৱে উজনিৰ পৰা মধ্য অসম হৈ নামনিলৈও জনপ্রিয়তা লাভ কৰি প্ৰকৃত জাতীয় উৎসৱৰ মর্যদা পাবলৈ সক্ষম হ’ল।

মনকৰিবলগীয়া যে সেইসময়ত বিহুবিৰোধীসকলক প্ৰত্যাহ্বান জনাই অসমৰ আন এচাম শিক্ষিত মানুহে বিহুক অসমীয়া জনমানসত প্ৰতিস্থিত কৰাৰ অহৰহ চেষ্টা কৰিছিল। বিলাত ফেৰৎ অভিযন্তা বলিনাৰায়ন বৰা, পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈৰ নাম এইক্ষেত্রত বিশেষভাবে উল্লেখযোগ্য। সাহিত্যৰথী বেজবৰুৱাই এই চেষ্টাৰ নেতৃত্ব দিছিল। পৰৱর্তী যুগত জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ দৰে লোকে বিহুক জনপ্ৰিয় কৰাত বিশেষভাৱে অৰিহণা আগবঢ়ালে। বিহুৰ প্রসংগত হেমাংগ বিশ্বাসে কোৱা এই কথাখিনি বিশেষ তাৎপৰ্যপূৰ্ণ, “যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোন এই বিহু। অসমৰ পাহাৰ-পর্বত, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কর্মৰত নাৰী-পুৰুষৰ এনে পেনোৰামা ভাৰতৰ লোকসংগীতত বিৰল। বিহুৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ সৌধ।”

দেশৰ স্বাধীনতাৰ পাছত বিহুলৈও আমোল পৰিবর্তন আহিল। তাহানিতে বিহু হৈছিল পথাৰত, গছতলত, ৰজাঘৰৰ বাকৰিত অথবা গৃহস্থৰ চোতালত। কিন্তু কুৰি শতিকাৰ মাজভাগত বিহু গৈ মঞ্চত উঠিলগৈ। ১৯৫২ চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত গুৱাহাটী বিহু সন্মিলনেই আছিল বহুচৰ্চিত প্ৰথম বিহু মঞ্চ। দৰাচলতে এইখন মঞ্চবিহুৰ আদর্শতেই অসমত সকলোপিনে মঞ্চবিহুৰ জনপ্রিয়তাৰ ভেটিটো গঢ়ি উঠিল।

কৃষিজীৱি মানুহৰ উৎসৱ এটা মধ্যবিত্ত শ্রেণীৰ হাতত লালিত-পালিত হ’লে কেনে ৰূপ ধাৰণ কৰে, তাৰ উৎকৃষ্ট উদাহৰণ হ’ল বর্তমান সময়ৰ বিহু মঞ্চসমূহ। বিহু মঞ্চসমূহৰ ওপৰিও আজিৰ সময়ত বিহুক অসমৰ সকলো ঠাইতে আদৰি লোৱাত সহায় কৰা আনসমূহ মাধ্যম হ’ল- ৰেডিঅ’, গ্রাম’ফোন ৰেকর্ড, অডিঅ’ কেছেট আৰু বিহুভিত্তিক ভিচিডি ছবিসমূহ। গ্রাম’ফোন ৰেকর্ডত ড° ভূপেন হাজৰিকা, খগেন মহন্তৰ দৰে মহান শিল্পীৰ বিহুনাম আৰু বিহুসুৰীয়া গীতসমূহ অসমৰ সকলো প্রান্ততে বিয়পাই দিয়াত সহায় কৰিলে। তদুপৰি আশীৰ দশকৰ পৰা এই শতিকাৰ প্রথম দশকলৈকে অডিঅ’ কেছেটৰ বিহু এলবামসমূহেও বিহুগীতসমূহ জনপ্রিয় কৰি তোলাত বিশেষ অৰিহণা যোগালে। এই ক্ষেত্রত বিহু ভিত্তিক ভিচিডি ছবিসমূহৰ অৱদানো কোনো গুণে কম নহয়। অৱশ্যে বহু সময়ত, আই নাম, বিয়া নাম, নাগাৰা নাম আদিৰ বিভিন্ন সুৰত গোৱা এই গীতসমূহে প্রকৃত বিহুনামক কিছু পৰিমাণে বিকৃত কৰিলেও বিহুগীতক জনপ্রিয় কৰাত ঠিকেই সহায় কৰিছিল। শেহতীয়াকৈ, ব্যক্তিগত মালিকাধীন টিভি চেনেলসমূহেও বিহুক অসমৰ চুকে কোণে জনপ্রিয় কৰি তোলাত আগভাগ লৈছে।
সাম্প্রতিক কালত, যথার্থতেই বিহু হ’ল অসমীয়া মানুহৰ সাংস্কৃতিক চেতনাৰ প্রতীক তথা জাতীয় জীৱনৰ চানেকি স্বৰূপ। নানান ঘাট প্ৰতিঘাটৰ মাজেৰে আহি বিহু আজি অসমৰ অবিসম্বাদী জাতীয় উৎসৱ হৈ পৰিছে। লোক-সংস্কৃতিৰ সকলো উপাদানেৰে পৰিপূৰ্ণ বিহু অসমৰ গৌৰৱ। ভূপেন হাজৰিকায়ো বহাগ আৰু বিহুক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈ থৈ গৈছে। বিহু অসমীয়া জাতিৰ সাংস্কৃতিক আত্ম পৰিচয়। বিহু থাকে মানে অসমীয়া জাতিক কোনেও মাৰিব নোৱাৰে।

☆ ★ ☆ ★ ☆

One comment

  • rintumoni dutta

    খুব ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.