ফটাঢোল

উপহাৰ আৰু প্ৰচ্ছায়া – মানবেন্দ্ৰ কুমাৰ শৰ্মা

‘হেৰা শুনাচোন৷’

ঘৰৰ পৰা ওলাই খোজটো চোতালত পেলাব লওঁতেই পাছৰ পৰা মহাৰাণীয়ে মাত লগালেই নহয়! চাল্লা, আজি মোৰ যাত্ৰাই নাস্তি! যাত্ৰা কালে পাছৰ পৰা মাত লগাব নাপায় বুলি তেওঁৰ কিবা জ্ঞান থাকিলেহে! অ’তপৰ মই ঘৰত থকা সময়ত হ’লে মুখত পিঠা ভৰাই থ’ব আৰু এতিয়া ঘৰৰ পৰা বাহিৰলৈ বুলি ওলোৱাৰ মুহূৰ্ততহে সেইখিনি ওকালিব৷

পিছে মইনো কি কৰিম? মনৰ ভিতৰত বিক্ষোভৰ আগ্নেয়গিৰি যিমান ভয়ংকৰ হ’লেও উপাই নাই, ৰজাৰ হুকুম অমান্য কৰিব পাৰিলেও এই মহাৰাণীৰ আজ্ঞা অমান্য কৰিব নোৱাৰি; আৰু তেনেকুৱা মৰসাহ দেখুওৱা বাহুৱলী এই জগতত নাই বুলিবও পাৰি৷ মইনো কোন কূটা?

‘হেৰি নহয়, আজি জানমনিৰ ল’ৰাজনৰ বাৰ্থডে, ভাল চাই গিফ্ট এটা আনিবাদেই৷’

এই কথাতহে মই চিন্তাত পৰিলোঁ৷ এওঁৰ কথা মানেই আদেশ৷ মোৰ দৰে নিমাখিত জীৱটোৱে সেই আদেশ অমান্য কৰি ঘৰতে মহাভাৰত এখন সৃষ্টি কৰাৰ নজিৰ নাই বুলিবই পাৰি৷ এইফালে মাহৰো শেষ, লালবাতি জ্বলিবলৈ আচলতে মোৰ একোৱেই বাকী নাই; পিছে তাকলৈ নো কাৰ কি আহে যায়? বঠা যিমানলৈ নবহিলেও পিঠিৰ ওপৰত উঠাই লোৱা নৌকাৰ ভাৰ লুইতে বহন কৰিবই লাগিব৷

মুঠতে অৱস্থা মোৰ যি নহ’লেও, উপহাৰৰ নামত কিবা এটা লৈহে যে আজি ঘৰত সোমাব পাৰিম সেইটো নিৰ্ঘাত।

অৱশ্যে মোৰ বাবে অলপ সকাহৰ কথা এইটোৱেই যে ‘ভাল চাই গিফ্ট’ মানে ডাঙৰ আকাৰৰ কিবা এটা আনিলেই হ’ল, দামৰ কথাটো য’ত সিমান এটা মুখ্য নহয়৷ তেওঁৰ বিবেচনাত উপহাৰ বোলা বস্তুটো সহজতে আনৰ চকুত পৰা হ’ব লাগে৷ কথাটো অৱশ্যে হয়ো, যদি আনৰ নজৰতেই নপৰে উপহাৰ দিয়াৰ সাৰ্থকতাই বা থাকিল ক’ত? মোৰতো এনে লাগে, চালানী মাছৰ থাৰ্মকলৰ খালী বাকছ এটাও যদি ৰঙীন কাগজেৰে দেখনিয়াৰকৈ মেৰিয়াই কোনোবাদিনা আনি তেওঁৰ হাতত তুলি দিওঁ, উপহাৰৰ সেই আকাৰ দেখি ভাতৰ পাতত সিদিনা তেওঁ নিশ্চয় এপিচ হ’লেও মাংস মোক বেছিকৈহে দিব৷ তাৰ ভিতৰত শিল-বালি অলপ ভৰাই দুজনমানে ধৰি-মেলিহে কিবাকৈ অলপ ইফাল-সিফাল কৰিব পৰা হ’লেতো আৰু কথাই নাই! পিছে সমস্যাটো হ’ল তেনেকুৱা আকাৰৰ উপহাৰৰ আদান-প্ৰদান সচৰাচৰ নহয় বাবে সেই উপহাৰ দিওঁতাৰ কথা যে গৃহস্থৰ ভালকৈ মনত থাকিব সেইটো খাটাং৷ তেনেক্ষেত্ৰত গুমৰ ফাঁক হোৱাৰ পাছত কাক মই কোনখন মুখ দেখামহে? অতএব এনে বাসনা পৰিহাৰ কৰাই উচিত৷

মুঠতে উপহাৰ পৰ্বই মানুহক কমখন নগুৰ-নাকতি নকৰেদেই৷ আত্মীয় কাৰোবাৰ বিয়াৰ খবৰ আহিলেই দিব লগীয়া উপহাৰৰ কথা ভাবি বহুতৰ টোপনি নাইকিয়া হয়, কিছুমানৰ শৰীৰৰ উৰ্দ্ধগামী বায়ুৰ জোখ সঠিক হিচাবত ৰাখিবলৈ আনকি ঔষধ খাবলগীয়া অৱস্থাৰো সৃষ্টি হয়৷ পৰিবাৰৰ সম্পৰ্কীয় কাৰোবাৰ এনে পৰ্ব আহিলেতো আৰু কথাই নাই! আনকি খুলশালীৰ বিয়াত উপহাৰৰ নামত পত্নীৰ ‘ডিমাণ্ড’ পূৰাব যাওঁতে আঠুৱা চাই ঠেং নেমেলাবোৰৰ ভালকৈয়ে ধাতু বাহিৰ হোৱাৰ অনেক নিদৰ্শন আছে৷

পিছে, উপহাৰৰ অধ্যায়টো কিবাকৈ মিলালেও কাচিৎহে গৃহলক্ষ্মী সুপ্ৰসন্ন হোৱা দেখা যায়৷ এই কথাক কিবাকৈ আওকাণ কৰিব পাৰিলেও বিয়া খাবলৈ গৈ যদি দেখে যে গৃহস্থই আপোনাৰ উপহাৰ চাই নাক কোঁচাইছে- তেতিয়া বিয়াৰ উলাহে আপোনাৰ হিয়া নধৰা হয়৷ আপোনাৰ কাণত পৰা-নপৰাকৈ নিকট আত্মীয় কিছুমানতো শুনাবলৈও ইতস্ততঃ নকৰে- ‘হু! বৰ একেবাৰে গিফ্টডাল দিছে৷ তাতকৈ নিদিয়া হ’লেই ভাল আছিল৷’

মোৰতো প্ৰায়েই খেলিমেলি লাগে- প্ৰকৃততে উপহাৰ পোৱাৰ আশাতহে এই অনুষ্ঠানবোৰৰ ঢাক-ঢোল কিছুমানে নবজায়তো?

আচলতে উপহাৰ শব্দটোৱে মাৰত্মক৷ আপোনাৰ পচন্দই পৰিবাৰৰ মুখচন্দ্ৰলৈ নমাই অনা প্ৰচ্ছায়াৰ প্ৰভাৱ যদি গ্ৰহণকৰ্তাৰো মুখমণ্ডলত পৰা যেন পায়, তেতিয়াতো ‘ফাট মেলা বসুমতী পাতালে লুকাও’ অৱস্থাই আপোনাৰ শেষ পৰিণতি৷ ‘না ঘৰ কা না ঘাট কা’ হ’ব নোৱৰাৰ ক্ষোভত আপোনাৰ বিগলিত হোৱা হিয়াক সান্তনা দিবলৈ কিন্তু সময়ত কোনো নাথাকে৷ বিয়াৰ দিনা ‘মান’ ধৰাৰ নামত জ্যেষ্ঠজনক সেৱা কৰি কৰি আপুনি যিমানেই আঁঠুৰ ছাল নাইকিয়া নকৰক কিয়, নিজৰ বুলি ভাবি যিমানেই ভাল ভাল উপহাৰ নিদিয়ক কিয়, এচামে কিন্তু মুখ ফুলাবই৷ ‘চাওঁ, চাওঁ তোকনো কি দিলে? তাইক দিয়াখন যে ইম্মা…ন ধুনীয়া নহয়! মোকো যিডালহে দিলে তাতকৈ নিদিয়া হ’লেই ভাল আছিলদেই৷ আৰু মইতো এনেকুৱা কাপোৰ নিপিন্ধোঁয়েই, এনেয়ে পেলাই দিয়াতকৈ কাৰোবাৰ বিয়া-চিয়াতহে দিব লাগিব৷’

আগতে এনে পৰ্বত নিমন্ত্ৰণ ৰক্ষাৰ বেলিকা সম্পৰ্কীয় মানুহবোৰে কিতাপ এখন বা খাম এটা লৈ গৈছিল৷ টকাৰ পৰিমাণটো পঞ্চাচ বা তাৰ ওপৰৰ হ’লে খাম ব্যৱহাৰ কৰাৰ যুক্তি নাছিল৷ দিওঁতাজনে কিছু সময় সেই নোটখন হাতত লৈ জোকাৰি থাকে, মানে-দেখহ শুনহ, আমি খামৰ মানুহ নহয়অ! খাম মানেই যেন দহ/বিছ টকীয়া মানুহহে! তথাপি এইখিনিয়ে কিন্তু আৰ্থিক দিশত কিছু গৃহস্থক কম সকাহ দিয়া নাছিল৷

আজিকালি ট্ৰেণ্ড সলনি হ’ল৷ এতিয়া উপহাৰ মানেই দোকানলৈ দৌৰক- তাত হৰেক ৰকমৰ বস্তু সজাই থোৱা থাকে৷ দেখিলে এনে লাগে যেন ইটোতকৈ সিটোহে চৰা৷ পিছে সেই পেঁপা কাঢ়া বাঘটোৰ দৰেই ইতিমধ্যে আপোনাৰ নেজৰো ছেলাবলৈ আৰু একোৱেই বাকী নাই, সেয়েহে মন থাকিলেও বেছি পইচা খৰচ কৰাৰ আপোনাৰ সামৰ্থ নাই; এইফালে দেখাতো লাগে ভাল৷ সাতে-পাঁচে মিলাই আজিকালি গ্লাছৰ বাতি-চেটৰ খুব কদৰ৷ সকলোৱে জানে, এইবোৰ বিশেষ একো কামত নাহে৷ কিন্তু মুখ লজ্জা ৰক্ষা পৰে৷ ঠাইতেই উপহাৰৰ পেকেট খুলি চোৱাৰ দস্তুৰ হ’লে এই ক্ষেত্ৰত অনেকৰ সান্দহ খোৱা বালি যে তল পৰিব সেইটো কিন্তু খাটাং৷ পূজাৰ পাছত বিসৰ্জিত মূৰ্তিয়ে ক’ৰবাত লাং খাই পৰি থকাৰ দৰে পিছলৈ উপহাৰৰ এই পেকেটবোৰো ঘৰৰেই এচুকত অৱহেলিত হৈ পৰি থাকে৷ কাৰোবাৰ নিমন্ত্ৰণ ৰক্ষাৰ বেলিকা এই প্ৰথাৰ বিনিময় যেতিয়া অৱশ্যাম্ভৱী হৈ উঠে তেতিয়াহে সেইবোৰলৈ মনত পৰে, স্মৃতিৰ বৰপেৰা খুচৰি মনত পেলাবলৈ চেষ্টা কৰে- ‘আমাকনো উপহাৰৰ নামত সিহঁতে কি দিছিল?’ পিছে পয়মালটো হ’ল হেজাৰ চেষ্টা কৰিলেও সময়ত এই কথা মনত নপৰে৷ গতিকে তাৰ মাজৰ পৰাই কিবা এটা উলিয়াই ৰঙচঙীয়া কাগজেৰে বন্ধা হয়৷ এনেদৰেই কাৰো কামত নহাকৈ কেতবোৰ সামগ্ৰীয়ে বিশ্ব পৰিভ্ৰমণ কৰি থাকে৷

মোৰ ল’ৰাৰ জন্মদিনত জানমণিহঁতে কি উপহাৰ দিছিল ঠিক ময়ো মনত পেলাব পৰা নাই৷ সেয়েহে আমাৰ গোঁসানী সন্তুষ্ট হোৱাকৈ কিবা এটা কিনিলেই হ’ল৷

অৱশ্যে এইবোৰক লৈ মোৰ আচলতে সিমান চিন্তাও নাই, খাবলৈহে মাতিছে; গতিকে খোৱাটোৱেই মেইন কথা৷ তেনে ঠাইত উপস্থিত হৈয়েই মই ভালকৈ উশাহ এটা টানো৷ মনঃপূত সৌৰভটো নাকত সোমালে মোৰ মন-প্ৰাণ ভৰি যায়৷ এনেয়ো খোৱা-বোৱাত মই চাৰ্বাক দৰ্শন মানি চলা মানুহ- ‘যাবজ্জীবেৎ সুখং জীবেৎ ঋণং কৃত্বাং ঘৃতং পিবেৎ৷’ পিছে মোৰেই দুৰ্ভাগ্য, সেই যে কিবা বোলেন- কপালৰ লিখন নাযায় খণ্ডন, তেনেকুৱাই আৰু৷ ‘বুফে চিষ্টেম’ত মোৰ থালখন হেঁপাহমতে সজাই উদৰ পুৰাই খাবলৈ সুযোগ পোৱাৰ দিনাখন ঘৰ সোমোৱাৰ পিছত তেওঁ যিখনহে মহাভাৰতৰ সৃষ্টি কৰে নহয়- সেই গালিত পেটত হাত দি মোৰ নিজকেই কিবা বকাসুৰ যেন লাগে৷ হাজাৰ হওক জীৱনে-মৰণে মোৰ সুখ-দুখত চামিল হোৱাৰ আশাভৰা পণ লৈয়েই তেওঁ এদিন এইখন ঘৰত সোমাইছিল, ময়ো সেই কথাত ইতিবাচক সঁহাৰি দিয়েই অগ্নিক সাক্ষী কৰি সাত পাক খাইছিলোঁ৷ সেয়েহে মোৰ খোৱাৰ পৰিমাণ আৰু ভংগীমাই ইতিমধ্যে তেওঁৰ কটা খেদোৱা নাকৰ বাকী ৰোৱা অৱশিষ্টখিনি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এতিয়ালৈ মোৰ বহুবাৰ ভীস্ম প্ৰতিজ্ঞা লোৱা হৈছে৷ আজিকালি তেওঁ লগত থাকিলে মই একেবাৰে ডায়েটিং কৰা মানুহৰ দৰেহে থালখন সজাওঁ৷ মোৰ ওচৰে-পাজৰে গোগ্ৰাসে খাই থকা মানুহবোৰলৈ চাই ঈৰ্ষাৰ চকুলো টোকাৰ বাহিৰে মোৰ আৰু বেলেগ উপায় নাথাকে৷ তথাপি বকাসুৰৰ দৰে হেঁপাহ পলুৱাকৈ খাই পত্নীৰ আত্মসন্মান লাঘৱ কৰা অনুচিত বুলি শাস্ত্ৰত উল্লেখ আছে৷

মই তেওঁৰ ভাল লগা ধৰণৰ উপহাৰ এটাই কিনিলোঁ৷ পেটটোৱেও কিবা কুৰুক-কাৰাক কৰি আছে৷ তথাপি গধূলিলৈ খালি ৰখাই ভাল৷ কুকুৰৰ নেজ ঘিঁউৰে যিমান মালিচ কৰিলেও চিধা নোহোৱাৰ দৰে পৰিবাৰ সমুখত কৰা মোৰ সেই ভীষ্ম প্ৰতিজ্ঞাও তেনে মতলীয়া কৰা সুবাস নসিকা ৰন্ধ্ৰত প্ৰৱেশ কৰাৰ লগে লগে কৰবালৈ উৰা মাৰে৷ ভাগ্যদেৱী সুপ্ৰসন্ন হ’লে তেওঁৰ চকুত ধুলি দি কিজানি আজি মোৰ হেঁপাহ পুৰোৱাৰ সুযোগ মিলেই! মুঠতে আশাই জীৱন৷

☆★☆★☆

3 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ মজা লাগিল মানবেন্দ্ৰ! উপহাৰ নো কি হে, খানাহে মেইন!

    Reply
  • লখিমী

    ভাল লাগিল দেই।বুফেত আপোনাৰ শোকে খুন্দা মৰা চেহেৰাটো মনলৈ আহি গ’ল

    Reply
  • হিৰণ্যজ্যোতি দাস

    মজা

    Reply

Leave a Reply

Your email address will not be published.