ফটাঢোল

কেশৱ কলিতাৰ কেশলুন – উজ্জ্বল দীপ্লু গগৈ

এবাৰ হঠাৎ জানো কি হ’ল! মনতে চুলিখিনি দীঘল কৰাৰ ইচ্ছা এটা জাগিল৷ ইচ্ছা মানে কথা ফিক্সড, অলপ দীঘল কৰি বেকব্ৰাশ্ব কৰিম৷ মুখত দাড়িকেইডাল বহুত কমকৈ ভুমুকি মাৰে বাবে মনতে ভাবিলোঁ যিদৰে বাঢ়ে বাঢ়ক, নাকাতো এইবাৰ৷ মুঠৰ ওপৰত হিপ্পী ষ্টাইলত নিজকে ৰাখিম৷ তেনেদৰে প্ৰায় তিনিমাহমান গ’ল৷ চুলি-দাড়ি বাঢ়িল, কিন্তু মই ভবা সেই ভ্ৰমণ কৰি ফুৰা হিপ্পী ষ্টাইলটো নহৈ নিজকে কিবা মন্দিৰৰ তলত বহি থকা বাবাজী ধৰণৰহে লগা হ’ল৷ চুলিত পানী বা তেল ঢালি বেকব্ৰাশ্ব কৰিলে অলপ সময় হিৰ’ নিচিনাই লাগে কিন্তু খন্তেক পাছতে পাক খাই আকৌ জপৰাতো হৈ পৰোঁ৷ বুজি পালোঁ, এই কাম মোৰ দ্বাৰা নহ’ব৷ চুলিখিনি কাটি পেলোৱাই সবাতোকৈ ভাল কাম হ’ব বুলি অৱশেষত সিদ্ধান্ত লোৱা হ’ল৷

সেইদিনা আছিল শুক্ৰবাৰ, অঘোষিত ঊইকেণ্ড মহানগৰীত৷ গতিকে গাড়ী-মটৰৰ ভীৰটো অলপ বেছি আছিল৷ চুলিখিনি কাটি পেলোৱাৰ কথাকে ভাবি ঘৰলৈ আহি আছিলোঁ৷ দুখনমান চেলুনত সোমোইছিলোঁ যদিও ভীৰ দেখি ৰৈ নাথাকিলোঁ৷ মনতে ভাবিলোঁ বাদেই দিওঁ নেকি সেইদিনাৰ কাৰণে৷ ঠিক তেনেতে গাড়ী এখন হঠাৎ ব্ৰেক মাৰি ৰৈ দিয়াত মইও কিবাকৈ নপৰাকৈ বাইকখন ৰখালোঁ৷ বাইকখন আগুৱাই নি ড্ৰাইভাৰক কিবা এটা ক’বলৈ মুখখন মেলোঁতেই ৰাস্তাৰ কাষতে দেখা পালোঁ “কেশৱ কলিতা হেয়াৰ কাটিং চেলুন৷”

বাইকখন লক কৰি চেলুনলৈ সোমাই গ’লোঁ৷ চাৰিখন চকীৰে সৰু চেলুনখন৷ চাৰিওখনৰে আগফালে চাৰিখন মস্ত আইনা লগাই থোৱা আছে৷ আইনাকেইখনৰ তলতে বেৰত লগাই থোৱা ডেশ্ববৰ্ড কেইখনত কেঁচী, ফণী, ক্ষুৰ, চুলি কটা ইলেকক্ট্ৰিক মেচিন, বিভিন্ন ক্ৰীম, পাউডাৰ, স্প্ৰে ইত্যাদিবোৰ থোৱা আছে৷ ভিতৰত নাপিত অকল এজনকেই দেখা পাইছিলোঁ, গ্ৰাহক এজনৰ দাড়ি খুৰাই আছিল আৰু হাতৰ সমানে সমানে মুখখনেও পেকপেকাই আছিল৷ মোক সোমাই যোৱা দেখি ক্ষুৰখন গ্ৰাহকৰ মুখৰপৰা আঁতৰাই দুটা আঙুলিৰ মাজত ষ্টাইল এটা দি ওলমাই ৰাখি সুধিলে, 

: দাদা, কি কাটিব, চুলি নেকি?

মই হয় বুলি কোৱাত তেখেতে এইবাৰ ক্ষুৰখন মানুহজনৰ মুখত লগাই আইনাখনলৈ এপাক চাই মোক ক’লে, 

: দুই মিনিট ৰৈ দিয়ক, মই এখেতক চাফা দি লওঁ, তাৰপাছত আপোনাক চাফা কৰি আছোঁ৷

ক্ষুৰখন হাতত লৈ “চাফা দি লওঁ” বুলি তেখেতে কোৱাৰ ধৰণটো শুনি খন্তেকৰ কাৰণে মই থতমত খাই গৈছিলোঁ যদিও লগে লগে চেতনা ঘূৰি অহাত নিজকে বুজাইছিলোঁ “আচ্চা চাফা মানে চুলি-দাড়িৰ চাফা কৰাৰ কথা৷”

দুই মিনিটৰ ঠাইত দহমিনিট ৰ’ব লগা হৈছিল৷ কাৰণ গ্ৰাহকজনে মূৰ মালিচো কৰাইছিল৷ অৱশেষত কাম সমাপ্ত কৰি পইচাটো লৈ এইবাৰ নাপিতজনে মোক চকীখনত বহিবলৈ ক’লে৷ ডিঙিত কাপোৰখন আঁৰি দি তেখেতে কিধৰণে কাটিব লাগিব সুধিলে৷

মই পাছৰখিনি চুটি কৰি আগৰখিনি অলপ থিয় কৰি দিবলৈ ক’লোঁ৷ তেখেতে লগে লগে ড্ৰয়াৰটোৰ পৰা কেটেলগ এখন উলিয়াই “পাছ চুটি আগ থিয়” ধৰণৰ পাঁচটামান চেম্পল মোৰ মুখৰ আগত দাঙি ধৰিলে৷ মই তেতিয়ালৈকে বিৰক্ত হৈছিলোঁ, সেয়েহে তেখেতক ক’লো, 

: এইবোৰ বাদ দিয়ক, আপুনি কাটি যাওক, মই কৈ থাকিম৷

মোৰ কথাৰ সুৰত নাপিতজনৰ উৎসাহত চেঁচা পানী পৰিল৷ কেঁচী আৰু ফণীখন লোৱাৰ ধৰণতে তেখেতৰ যে কথাটো গাত লাগিল মই ধৰিব পাৰিছিলোঁ৷ 

লগে লগে তেখেতক ক’লোঁ, 

: দাদা, আপুনি দুই নম্বৰ ফটোখনৰ ধৰণে কাটি দিয়ক৷

তেখেতেও ভোৰভোৰালে, 

: আমাৰনো কি আৰু, আপোনালোকৰ ইচ্ছাৰ কথা, যেনেকৈ কয় তেনেকৈ কাটি দিম৷

ফণী আৰু কেঁচীৰ ‘কিচিক কিচিক কাচাক’ শব্দকেইটা পূৰ্ণদ্যোমে চলিবলৈ ধৰিল৷ মোৰো মনতে বেয়া লাগিল তেখেতক অলপ আগত বিৰক্তিৰে কথা কোৱাৰ কাৰণে৷ সেইবাবে মইয়ে কথা আৰম্ভ কৰি সুধিলোঁ, 

: দাদাৰ এনেই ঘৰ ক’তনো?

তেখেতৰ থিয় উত্তৰ, “ইয়াতে৷”

হম্মমম বুলি কৈ আকৌ সুধিলোঁ, 

: চেলুনখন আপোনাৰ নামতেই নে৷

এইবাৰ তেখেতৰ অলপমান মাতটো সলনি হ’ল, 

: হয় দাদা মোৰ নিজৰ নামতেই খুলি লৈছোঁ, একদম নিজৰ ব্যৱসায়৷

তেখেতৰ কথা শুনি মোৰ মনটো ভাল লাগি গ’ল৷ হওক, কেশৱ কলিতাই অসমীয়া ল’ৰাই নাপিতৰ কাম নিশিকে বুলি কোৱা কথাষাৰৰ উচিত প্ৰত্যুত্তৰ দিব পাৰিব, এটা উদাহৰণ আৰু আদৰ্শ তেখেতে তুলি ধৰিছে৷ তেখেতৰ কামক লৈ মই উচ্চ প্ৰশংসা কৰিলোঁ৷ তেখেতে “থেংক ইউ দাদা থেংক ইউ” বুলি কেইবাবাৰো শলাগিলে৷ আইনাখনত দেখা পালোঁ, তেখেতৰ মুখত হাঁহি এটা জিলিকি উঠিছে৷ মোৰো মনটো ভাল লাগিল তেখেতৰ কামৰ মাজত হাঁহি এটা জিলিকাব পাৰি৷

কিচিক কিচিক কাচাক কৰি তেখেতে চুলি কাটি থাকিল, সমান্তৰালভাৱে কথাৰ মহলাও মাৰি গৈ থাকিল৷ তেখেতৰ জীৱন বৃত্তান্তই মোৰ কাণৰ কাষৰ খটটো ক্ষুৰ নলগোৱাকৈয়ে কাট খাই যাব যেন লগা হ’ল৷ ক’ত কিদৰে নাপিতৰ কাম শিকি গণেশগুৰিৰ কোনোবা বিহাৰীলোক এজনৰ চেলুনত কাম কৰি শেষত নিজেই লোণ আৰু ধাৰধুৰ কৰি নিজাববীয়াকৈ চেলুনখন খুলিলে, কিদৰে নিজৰ তাত বেলেগ এজন ল’ৰাকো চুলি কটাবৰ কাম শিকাই আছে, দোকানখনৰ ভাড়া কিমান দিব লাগে, ৰাস্তাইদি দিনত কেইখন গাড়ী যায়, কাৰ মূৰত কিমান চুলি ইত্যাদি সকলো কথাৰ ভাৰখন মূৰ চুলিৰ ওপৰত পৰাৰ পাছত চুলিবোৰে নিজেই সৰি যাওঁ যেন কৰা হ’ল৷ ময়ো বহুত কষ্টৰে উম, অহ, হয়নেকি, বঢ়িয়া কৰি থাকিলোঁ৷ 

হঠাৎ তেখেতৰ কথাৰ সুৰ সলনি হৈ জাতীয়তাবাদী হৈ পৰিল৷ অসমৰ নিবনুৱা সমস্যা আৰু কামৰ প্ৰতি ল’ৰা-ছোৱালীবোৰৰ অনীহাক লৈ তেখেতে তীব্ৰ বাক্যবাণ চলাবলৈ লাগিল৷ তেতিয়ালৈকে মোৰ পাছফালৰ চুলিখিনি কাটি সোঁহাতৰ কাণৰ কাষৰ পৰা তেখেতে কাটিবলৈ আৰম্ভ কৰিছিল৷ মন কৰিলোঁ, কথাৰ তালে তালে নিষ্কৰ্মা ল’ৰাবোৰৰ প্ৰতি উঠি অহা খঙৰ প্ৰতিফলন কেঁচীখনত প্ৰকাশ পাইছিল৷ তেখেতক কেঁচীখন লাহে লাহে চলাবলৈ ক’লোঁ, কিন্তু অলপ পাছতে তেখেতৰ স্পীডটো গৈ একেই হৈছিলগৈ৷ 

হঠাৎ তেখেত ৰৈ গৈছিল৷ সন্মুখৰ পৰা মোৰ থুঁতৰিত ধৰি ডিঙিটো দুবাৰ দুফালে কৰি তেখেতে কিবা আন্দাজ কৰি লৈ মোৰ বাঁও দিশৰ চুলিখিনিত এবাৰ হাতখন ফুৰাই কৈ গ’ল,

 : জানিছে দাদা, একবাৰ মোৰ চেলুনখন ভালকৈ নাম হৈ ল’বলৈ দিয়ক, মই ট্ৰেইনিং ইনষ্টিটিউট খুলি তাত নাপিতৰ কাম শিকাম৷ একপ্ৰকাৰৰ চুলি কটা বিপ্লৱ কৰি দিম৷ মানুহে ফাৰ্মাচী আৰু ৱাইন শ্বপৰ বিজিনেচ হে বন্ধ নহয় বুলি কয় সদায়, কিন্তু চুলি কটা দোকানৰ কথা সদায় পাহৰি যায়, চাই থাকক আপুনি মই কি…

বুলি কওঁতেই মোৰ ধৈৰ্য্য হেৰাল৷ তথাপিও গহীন হৈ তেখেতক ক’লোঁ বোলো কলিতা দা ভালকৈ কাটক, নহ’লে নিমিলিব বুইছেনে৷

মিচিককৈ তেখেতে হাঁহি মাৰি ক’লে, 

: দাদা টেনচন নল’ব, এই কলিতাৰ হাতত কেঁচী যেতিয়া ঘূৰিছে আপুনি চাফা হ’বই হ’ব আজি, চিন্তা একদম নক…

কথাটো শেষ হ’ব নাপাওঁতেই তেখেতৰ মুখৰ পৰা “ধুৰৰ চাল্লা কাৰেণ্টডাল যাব লাগি নেকি” বুলিহে ওলাই আহিল৷ মই সচকিত হৈ পৰি তেখেতক সুধিলোঁ,

: কি হে দাদা ইনভাৰ্টাৰ, জেনেৰেটৰ একো নাই নেকি?

কলিতা দাই মুখত চিন্তাৰ ৰেখা প্ৰষ্ফুটিত কৰি ক’লে, 

:থাকোঁতে আছে ইনভাৰ্টাৰ, কিন্তু আজি বেটেৰীটোৱে প্ৰব্লেম দি আছেহে দাদা৷

কিবা এটা কৰোঁ ৰ’ব বুলি কলিতা দাই ইনভাৰ্টাৰটোৰ ওপৰত দুটা ধাক্কা মাৰিলগৈ৷ তেখেতৰ ভাষাত কেতিয়াবা হেনো তেনেকুৱা ধাক্কাত কাম হৈ যায়৷ পাছে ধাক্কাত যেতিয়া কাম নিদিলে, হঠাৎ মোৰ পাছফালে ‘চৰৰৰক’কৈ শব্দ এটা শুনি পাছফালে মূৰটো ঘূৰাব লওঁতেই আইনাখনত পোহৰ এটা জিলিকি উঠা দেখিলোঁ৷

মমৰ পোহৰ আছিল সেইয়া, কলিতা দাই মম এডাল জ্বলাইছিল মোৰ বাকীখিনি চুলি কাটিবলৈ৷ মই অদৃশ্যক ধিয়ালোঁ মনতে৷ মুণ্ড সৌন্দৰ্য্যবৰ্দ্ধনৰ সমস্ত দায়িত্ব তেৰাৰ শ্ৰীচৰণত ন্যস্ত কৰিলোঁ৷ কলিতা দাই মমৰ পোহৰ ওচৰলৈ আনি আকৌ এবাৰ মূৰটো চাই ল’লে৷ তাৰপাছত মমডাল সন্মুখত থৈ আকৌ চুলি কটাত লাগিল৷ এইবাৰ কিন্তু তেখেত সম্পূৰ্ণ নিশ্চুপ হৈ একান্তমনেৰে কামত লাগিল৷ মাজে মাজে মমডাল ওচৰলৈ আনি ভালদৰে জুপি চাই, আকৌ কামত লাগি যায়৷ 

মই এপাকত ক’লোঁ, 

: কলিতা দা,  অলপ ৰৈয়ে লওঁ নেকি, কাৰেণ্টটো আহিবলৈ দিয়ক৷

কিন্তু কলিতা দাৰ নিজৰ ওপৰত পূৰামাত্ৰাই বিশ্বাস, তেখেতে তেনেকৈয়ে কাটি দিব পাৰিব৷ মই আইনাখনত নিজৰ চেহেৰাটো ভালদৰে ধৰিব পৰা নাছিলোঁ৷ কলিতা দাও প্ৰায় শেষ অৱস্থা আহি পাইছিলহি৷ 

মোক তেখেতে ক’লে, 

: বাচ হৈ গ’ল আপোনাৰ আৰু৷

মই বোলো “খটটো নুচুলেই দেখোন!”

পুনৰ কলিতা দাৰ মাতত আত্মবিশ্বাস, “কি বুলি ভাবিছে মোক, কেঁচীৰেই মিলাই দিছোঁ৷”

ডিঙিত লাগি ধৰা চুলিবোৰ আঁতৰাবলৈ এইবাৰ কলিতা দাই গোল টেমা এটাত থকা পাউডাৰ এসোপা আনি ডিঙিৰ ওপৰত লগাবলৈ আৰম্ভ কৰিছিল৷ কাৰেণ্ট সেই সময়তে আহিছিল। মই আইনাখনলৈ চোৱাত মুখৰ পৰা ‘ইয়াআআআআআআ’কে চিঞৰ এটা ওলাই আহিছিল৷ ‘পাছ চুটি, আগ থিয়’ ষ্টাইলটো তেতিয়া য’তে ত’তে চুটি আৰু থিয় হৈ সানমিহলি ষ্টাইল এটা হৈ পৰিছিল৷ 

কলিতা দাক প্ৰায় চিঞৰি ক’লোঁ, 

: কি কৰিলে এইবোৰ আপুনি?

কলিতা দাৰ নিৰ্বাক উত্তৰ, 

: মোৰ দোষ নাই, কাৰেণ্টটো নোযোৱা হ’লে ভালেই হ’ল হয়৷

মূৰে-কপালে হাতখন দিও গম পোৱা হৈছিল যে চুলিখিনি খলপাখলপ হৈছে৷ সন্মুখত থকা কেঁচীখন তুলি লৈ কলিতা দাৰ হাতত দিলোঁ পুনৰ কাটি সৱ চুলি চুটি কৰি পেলাবলৈ৷ 

কলিতা দাই লাহেকৈ কৈ উঠিল, 

: ডাবল হেয়াৰকাটৰ কিন্তু ডাবল চাৰ্জ হ’ব দেই৷

কেশৱ কলিতাৰ কেশলুনখনৰ ভিতৰত তেখেতলৈ চাই গৰজি উঠাৰ বাহিৰে মোৰ হাতত উপায় তেতিয়া নাছিল৷

☆ ★ ☆ ★ ☆

3 Comments

  • প্ৰণৱ কুমাৰ বৰা

    তোমাৰ লগত কিন্তু ভাল জমনি কিছুমান হৈ থাকে দেই উজ্জ্বল। ভাল লাগিল,হাঁহি ও উঠিল।

    Reply
    • উজ্জ্বল

      ধন্যবাদ প্ৰণৱ দা৷

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বিৰাট ভাল পালোঁ পঢ়ি উজ্জ্বল।

    Reply

Leave a Reply

Your email address will not be published.