ফটাঢোল

কৌতুক – ডাঃ পার্থসাৰথি ভূঞা

নগেনে বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছিল। কোনোবা ছোৱালীৰ সন্ধান পালেই সি তাইৰ জন্ম কুণ্ডলীখন লৈ চহৰৰ বিখ্যাত জ্যোতিষীজনৰ ওচৰলৈ যায়। সেই সময়ত সৰু-সুৰা ব্যৱসায় কৰি চলি থকা নগেনৰ আৰ্থিক অৱস্থা বৰ এটা ভাল নাছিল। সেয়েহে সি জ্যোতিষীৰপৰা প্ৰধানকৈ এইটো কথা জানিব বিচাৰে যে বিয়া পাতিবলৈ ওলোৱা ছোৱালীজনীয়ে তাৰ আৰ্থিক ভাগ্য সুপ্ৰসন্ন কৰিবনে নাই। কেইবাজনীও ছোৱালী কেঞ্চেল হোৱাৰ পাছত মালতীৰ কুণ্ডলী চাই জ্যোতিষীয়ে ক’লে যে এইগৰাকীয়ে তোমাৰ বাবে হাতী, ঘোঁৰা, জাহাজ লৈ অহাৰ যোগ দেখিছোঁ কিন্তু!

মালতীক বিয়া কৰালে সম্পত্তি বৃদ্ধি হ’ব বুলি ফুৰ্তি পাই নগেনে মালতীৰ লগতে বিয়াখন পাতিলে। পিছে বিয়াৰ পাছদিনা মালতীয়ে লগত লৈ অহা বস্তুবোৰৰ লগত বিশেষ কিবা এটা দেখিহে নগেনৰ মূৰত সৰগ ভাঙি পৰিল। বস্তুটোৰ লগত আছিল শহুৰেকৰ এটা টোকা, “মৰমৰ জোঁৱাই, আজৰি পৰত মালতীয়ে ময়ে প্ৰায়ে খেলিছিলোঁ, এতিয়া মাজে মাজে সময় পালে তোমালোকেও খেলিবা”। বস্তুটো আছিল ডবা খেলৰ বৰ্ড (Chess Board) আৰু তাৰ গুটিকেইটা।

জ্যোতিষীয়ে কোৱা মালতীয়ে আনিবলগীয়া হাতী, ঘোঁৰা, জাহাজবোৰ তাৰমানে ডবা খেলৰ গুটিবোৰহে আছিল!

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.