ফটাঢোল

খা বাপ্পেকে ভীমকলটো- নিভা কাকতি 

দুহিতাই নতুনকৈ হিন্দী ক’বলৈ আৰম্ভ কৰিছে। য’ৰ ত’ৰ পৰা শব্দবোৰ বুটলি কিবাকৈ চলি আছে তায়ো। জোৰা-টাপলি মাৰিব পৰাকৈ মগজ অকণ আহিছে বুলি আমি মাক-বাপেকহালো সুখী। নিজে হিন্দী শিকাৰ উপৰিও দুটামানক অসমীয়া ভাষাৰ জ্ঞানো দিছে। কথাবোৰ ক’বহে শিকিছে কিন্তু ক’ত কি ক’ব লাগে সেয়া নাজানে। বৰ্তমান থকা ঠাইৰ মানুহখিনিয়ে অসমীয়া বুজি নাপায়; ৰক্ষা পৰোঁ আমি। কিন্তু আমাৰ মুখৰ সলনি হোৱা ৰঙ দেখি আলহীৰ বুজিবলৈ বাকী নাথাকে আচলতে তাই কৈছে কি আৰু আমি ভাঙনি কৰিছোঁ কি।

ওচৰৰে বন্ধু এজন এদিন নিমন্ত্ৰণ ৰক্ষাৰ বাবে আহিল।আইনুৱেও ভগা-ছিগা হিন্দীৰে স্বাগতম জনালে।বহুদেৰি লক্ষ্য কৰি দেখিলে যে মানুহজনৰ মূৰত চুলি কম আছে। মানে মাজমূৰত অলপ চুলি কম আছিল।ভাবিগুণি বাক্যটো হিন্দীলৈ অনুবাদ কৰি তেখেতক জনালে,

: আংকল আপকে মূৰত চুলি ন্যেহি হ্যে।

ভাগ্যে অতিথিয়ে বুজি নাপালে। মই চকুদুটা প্ৰায় অমৰাৰ সম ডাঙৰ বহল কৰি দিয়াত তাই যে মাৰাত্মক ভুল কৰিলে সেয়া বুজিলে। পাছত যথাযোগ্য এপালি পিঠিত পৰাত কান্দি-কাটি নিজৰ ভুল স্বীকাৰ কৰি আংকলক ছ’ৰী কোৱাৰ সিদ্ধান্ত ল’লে। কথামতেই কাম, পাছদিনা তেখেতক দেখা পায়েই একেলৰে গৈ,

: আপক্যে মূৰত বহত চুলি হ্যে৷

বুলি ক্ষমা খুজি অতি গৰ্বেৰে মোলৈ চালে। ময়ো বুজিলোঁ গৰুৰ আগত ৰামটোকাৰী বজোৱাৰ পৰিণাম৷

আন এদিনৰ কথা। চুলিখিনি ফনিয়াবলৈ দিয়া নাই তাই। ইফালে জোপোহা হৈ উখহি আছে। চৰায়ে যে এনেকুৱা বাহত কণী পাৰে তাকে বুজালোঁ, জানোচা বান্ধিবলৈ দিয়েই। চুলিৰ জোপোহাটো সাইলাখ চৰাইৰ বাহৰ দৰে দেখা হৈছিল। তাইৰ মনত বা কি খেলালে একে দৌৰে বেলকনি পালেগৈ। বহুবাৰ মাতাৰ পাছতো ভিতৰলৈ নাহে। অলপ পাছতে চিঞৰি কান্দিব ধৰিলে। ইমান দেৰি হ’ল এজনী চৰায়ো অহা নাই এতিয়ালৈ কণী পাৰিবলৈ। তাইক চৰাইবোৰে বেয়া পাইছে নেকি বুলি অবাস্তৱ কথাবোৰ সুধি ৰাউচি জুৰিলে। মোৰো বুজোৱাৰ কোনো উপাই নাছিল। বহুদেৰি বোন্দাপৰ দি থাকি আমনি পাই চৰাইবোৰক কাট্টি দি অৱশেষত ভিতৰলৈ আহিল। ময়ো কাণত ধৰিলোঁ বাটৰ কচু গাত নঘহোঁ বুলি আজিৰ পৰা।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.