ফটাঢোল

চিটিবাছ সংবাদ – অনিন্দিতা কলিতা

নতুনকৈ চাকৰিত যোগদান কৰিবলৈ গোলাঘাটলৈ যেতিয়া গৈছিলোঁ তেতিয়া প্ৰাইভেট হোষ্টেলৰ আণ্টিয়ে (প্ৰথমে মই খুৰী বুলি মাতিছিলো। কিন্তু পিছত দেখিলোঁ খুৰী বুলিলে আণ্টিয়ে বেলেগক মতা বুলি কোনো গুৰুত্বই নিদিয়ে কাৰণ বছৰ বছৰ ধৰি তেওঁৰ আণ্টি বুলি শুনাৰ অভ্যাস) হোষ্টেলৰ ঠিক সন্মুখত থকা তিনিমহলীয়া বিল্ডিং এটালৈ দেখুৱাই কৈছিল,”তোমাৰ অফিচ সেইটোৱেই”। ক’ব নোৱাৰাকৈয়ে মুখেৰে অলপ ডাঙৰকৈ ‘কি?’ বুলি শব্দটো ওলাইছিল। মোৰ অৱস্থা বুজি আণ্টিয়ে কৈছিল, “কি হ’ল ওচৰত হোৱাৰ কাৰণে বেয়া পাইছা?” মই ‘নাই, নাই’ বুলি মুৰ জোকাৰিলেও আণ্টিয়ে ঠিকেই বুজিছিল মই যে ভালপোৱা নাই। সেই ২০১৩ চনৰপৰা ২০১৭ চনৰ জুনলৈকে ‘পানী এঢোক গিলাৰ বাটো’ নোহোৱা অফিচটোলৈ গৈ গৈ মোৰ এটায়েই লাভ হ’ল, জেওৰা খৰিৰ দৰে মইহেন মানুহজনী এতিয়া দীঘে পুতলে অথালিয়ে পথালিয়ে আহল বহল হৈ হৈ ৰঙালাও হ’লোগৈ। হোষ্টেলত ৰাতি ১১ বজালৈ আড্ডা মাৰি, ১ বজালৈ মুখপুথি পঢ়ি পুৱা ৯ বজাত সাৰ পাওঁ। আণ্টিয়ে বাঢ়ি থোৱা ভাত খাই ১০-৩০ বজাত অফিচ যোৱালৈ হোষ্টেলত মোৰ বাহিৰে এটা প্ৰাণীও নাথাকে।

গুৱাহাটীলৈ আহি যেনিবা মোৰ সান্দহ খোৱা বালি তল গ’ল। শ্ৰীমান গুৱাহাটীত থাকিলে দুখন বাহনৰ ভিতৰত কোনোমতে এখনত আৰোহণ কৰি অফিচলৈ যোৱাৰ সৌভাগ্যকণ ঘটে; নাথাকিলে ১১ নং আৰু চিটিবাছেই কণাৰ লাখুটি। কেতিয়াবা uberয়েও একৰপৰা পাঁচৰ ভিতৰত কেইটামান তৰা লাভ কৰে অৱশ্যে। কিন্তু চিটিবাছত ভ্ৰমিহে বেছি ভাল লাগে। বিভিন্ন মানুহ, বিভিন্ন কাহিনী আৰু বিভিন্ন গীত।

আজি পুৱা গণেশগুৰিৰ পৰা বশিষ্ঠলৈ যোৱা চিটিবাছখনত উঠিয়েই ভাল লাগি গ’ল। প্ৰথম কাৰণটো হ’ল দুৱাৰৰ কাষতে থকা প্ৰথম ছীটটো পালোঁ। দ্বিতীয় কাৰণটো হ’ল, ড্ৰাইভাৰজন বয়সস্থ লোক। গতিকে ধীৰে সুস্থিৰে চলাব বুলি বিশ্বাস। চেঙেলীয়াবোৰৰ দৰে এখন হাতেৰে ‘ৰজনী’ৰ পেকেট খুলি আনখন হাতেৰে আনখন বাছক অভাৰটেক কৰাৰ প্ৰৱণতা নাথাকে আৰু তৃতীয় কাৰণটো হ’ল আজি বাছখনত ভূপেনদাৰ গান বাজি আছিল। প্ৰথমে ‘কঁহুৱা বন মোৰ অশান্ত মন’, তাৰ পিছত ‘কি যে তোমাৰ সংগ প্ৰিয়া’ আৰু শেষত শুনিবলৈ পোৱা গীতটোৰ সুৰটো মই চিনি পোৱা নাছিলোঁ, খুব মন দি আছোঁ কি গান হ’ব পাৰেনো? গানটোৰ প্ৰথমতে অলপ উৰুলিও দি ল’লে। তথাপিও ধৰিব নোৱাৰিলোঁ। তেনেকৈয়ে বেলতলা তিনিআলি পালোগৈ। মনতে ভাবিলো ‘ধেৎ গমেই নাপাম এতিয়া কি গান’ । তেনেতে নেত্ৰালয়ৰ সন্মুখতে ভূপেনদাই গাবলৈ ল’লে, ‘হে বৰ বৰিবা যায় মেনকা সংগে দুনী ঘট, মাথাৰ কাপোৰ গুচাই চাইলা জোঁৱাই উলংগত হে’। বহুদিনৰ মূৰত গীতটো শুনি মনটো ফৰকাল হৈ গ’ল।

অফিচ ছুটীৰ পাছত সন্ধিয়া লক্ষ্মীমন্দিৰত আকৌ গণেশগুৰি অভিমুখে বাছত উঠিলোঁ। আকৌ পালোঁ প্ৰথম ছীটটো। এইবাৰ একো গান নাবাজিল। কেৱল হেন্দিমেনৰ মুখত গণেশগুৰি, পল্টনবজাৰহে বাজি থাকিল। বেলতলা তিনিআলিত বাছখন ৰখোৱাৰ পিছত হেন্দিমেন আৰু তাৰ কণ্ঠটো নোহোৱা হ’ল। মই ইফালে সিফালে চালোঁ ক’লৈ গ’ল। নাই, নেদেখিলো। পাঁচ মিনিটৰ পাছত সি আহিল। এখন হাতত disposable প্লেটত এক প্লেট পকোৰা আৰু আনখন হাতত একে প্লেটত এক প্লেট চাটনি লৈ। আহিয়েই ড্ৰাইভাৰৰ ওচৰ পালেগৈ। ড্ৰাইভাৰে টপকৈ মুখত দুটামান ভৰাই পুনৰ গাড়ী চলোৱাত লাগিল আৰু বাকী পকোৰা হেন্দিমেন আৰু কণ্ডাক্টৰে মিলি শেষ কৰিলে।

মাজতে হাউচিঙত কাম এটা থকা বাবে বাছখনৰপৰা নামি অলপ ৰৈ কামটো কৰি দিনটোৰ শেষ চিটিবাছখনত উঠিলোঁ চিধা গণেশগুৰিলৈ। কিন্তু এই তিনি নম্বৰ বাছখনে মোক বৰ দুখ দিলে। উঠিবলৈ লওঁতে অকণমানি, পেণ্টটোও ভালকৈ পিন্ধিব নজনা (সি বাৰে বাৰে টানি আছিল ওপৰলৈ; যিহে কেটেঙা, ডাঙৰ হৈছে চাগৈ পেণ্টটো!) চেঙেলীয়া হেন্দিমেনজনে ক’লে, ‘ভণ্টি, উঠা উঠা’; হুহ্ ফুকলীয়াটোৱে মোক ভণ্টি বুলি কয়! ইমান সাহ! ৰাতি সি কমকৈ দেখে চাগৈ; নহ’লেনো মোৰ কপালৰ ৰঙা লাইচেন্সখনো দেখা নাপায়নে!

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    ভিন-ভিন অভিজ্ঞতা, ভাল লাগিল

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.