ফটাঢোল

টেলিগ্ৰামযোগে পাৰ্চেল : ডা° ভূপেন শইকীয়া

দুটি সৰু ঘটনাই বহু বছৰ আগতে শুনা সাধুকথা এটিলৈ মনত পেলাই দিলে৷

সেই সময়ত যি কোনো জৰুৰী বাৰ্তা প্ৰেৰণ কৰাৰ সমল আছিল টেলিগ্ৰাম৷ এই টেলিগ্ৰাম টেলিফোনৰ তাঁৰৰ মাধ্যমেৰে টেলিপ্ৰিণ্টাৰ হৈ ডাকোৱালৰ যোগেদি পাওঁতাজনৰ হাতত পৰিছিল৷ গতিকে টেলিফোনৰ তাঁৰৰ গুৰুত্ব আছিল অপৰিসীম৷

এজন হোজা গ্ৰামীণলোকে দূৰৈৰ টাউনত থকা পুতেকলৈ বুলি ঘৰৰ দৈ এটেকেলি পঠিয়াবলৈ মনস্থ কৰি পোষ্টমাষ্টৰৰ কাষ চাপিলে৷ পোষ্টমাষ্টৰক নিজৰ উদ্দেশ্য বিবৰি ক’লে,

: দুইচাই দিনতে বিহু পালেহিয়ে নহয়৷ টাউনত চাকৰি কৰা পোণাটো এইবাৰ ঘৰলৈ আহিব নোৱাৰে৷ বুঢ়ী মাকৰ খেচখেচনিত এই দৈৰ টেকেলিটোকে তালৈ পঠিয়াবলৈ আনিলোঁ৷ আপুনি এই কাকতখিলাত লিখা ঠিকনাত টেলিগ্ৰাম কৰি পঠিয়াই দিব লাগে৷

সিয়ান পোষ্টমাষ্টৰে চশমাৰ ফাঁকেৰে মূৰৰ পৰা ভৰিলৈ বৃদ্ধজনক নিৰীক্ষণ কৰি ক’লে,

: কাইলৈকে তাৰ হাতত পৰাকৈ মই জোৰ লগাই পঠিয়াই দিম৷

এমাহ পিছত বৃদ্ধজনে গাঁৱৰ এখন সবাহত পোষ্টমাষ্টৰক লগ পাই কাষ চাপি সুধিলে,

: মোৰ পোণাটোৱে বিহুৰ আগতে টেকেলিটো পালেনে বাৰু?

পোষ্টমাষ্টৰে গহীন আৰু পৰম দুখ মনেৰে বেকত কৰিলে,

: সকলো কঁপাল বুইছ, মই টেলিগ্ৰাম কৰি পঠিওৱা টেকেলিটো সিফালৰ পৰা টেলিগ্ৰামত অহা আন এটা টেকেলিৰে স’তে খুন্দা লাগি মাজবাটতে ভাঙি থাকিল!

প্ৰিয় পাঠক, উজনিৰ দুখন বেলেগ বেলেগ চহৰৰ পৰা মোলৈ বুলি মাঘ বিহুৰ আগতে পোৱাকৈ কুৰিয়াৰযোগে দুজনে দুটি পাৰ্চেল প্ৰেৰণ কৰিছিল গুৱাহাটীৰ বাসভৱনলৈ৷ এজনে পঠিয়াইছিল ভোগালীৰ জলপান, আনজনে পঠিয়াইছিল কিতাপৰ টোপোলা৷ কুৰিয়াৰৰ অফিচৰলোকে আশ্বাস দিছিল, “চিন্তা নকৰিব, কাইলৈকে পাই যাব!” পিচে আজি প্ৰায় এমাহতো কোনো এটা টোপোলা মোৰ হাতত নপৰাত ময়ো বুজি উঠিলোঁ, “কৰবাত কিবা এটা অঘটন ঘটিলতহে মোৰ কঁপালখন বেয়া হ’ল!”

☆★☆★☆

5 Comments

  • Pranita Goswami

    অভিজ্ঞতাই শিকায়‌।

    Reply
  • abhijit goswami

    ভাল লাগিল দাদা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    দৈ মানে পোষ্টমাষ্টৰে খালে৷

    Reply
  • Pankaj Lochan

    😂😂😂😂😂

    Reply
  • Manashi Borah

    দৈৰ সোৱাদ আন কোনোবাইহে ল’লে মানে..

    Reply

Leave a Reply

Your email address will not be published.