ফটাঢোল

দা ৰিয়েল ট্ৰুথ অব  কনল’ৰা- জ্ঞান বৰদলৈ

মই কনল’ৰা, হয় অসমীয়া মাধ্যমত পঢ়া প্ৰতিজন ব্যক্তিৰে শৈশৱৰ  হিৰ’ মই কনল’ৰা৷ মই অতি বুদ্ধিমান ল’ৰা৷ মোৰ সমান বুদ্ধিয়ক ল’ৰা এই  ভূ-ভাৰস্তত নাই। মোৰ বুদ্ধিৰ বাবে মোৰ গাঁওখন বহু বিপদৰ পৰা উদ্ধাৰ পাই উঠে৷ মোৰ বুদ্ধিৰ শলাগ মই নিজেই লোৱাতো বহু  কমহে হৈছে। অসম চৰকাৰেও মোৰ বুদ্ধি দেখি সকলো খাৰ খোৱা অসমীয়া ল’ৰা মোৰ সমান বুদ্ধিয়ক হওক বুলি জীৱনৰ প্ৰথম স্কুলীয়া কিতাপ  ‘কুঁহিপাঠ’ত মোৰ বিষয়ে ‘কনল’ৰাৰ বুদ্ধি’ বুলি এটা পাঠ তাহানিতে সন্নিবিষ্ট কৰিছে। পাঠটোত অবশ্যে মোৰ বুদ্ধিৰ যি কথা উল্লেখ কৰিছে, সেয়া অতি সামান্য৷ মোৰ বুদ্ধিৰ অতি নগণ্য উদাহৰণ। ক’বলৈ গ’লে মোৰ বুদ্ধিৰ সাগৰখনৰ মাত্ৰ এটোপাল বুদ্ধি।

আপোনাৰ চাগৈ সেই ‘কনলৰাৰ বুদ্ধি’ কাহিনীটো মনত আছেই। অৱশ্যে নাথাকিবও পাৰে, কাৰণ কথাতে কয়  নহয়  All are  not equal. সকলোৰে মোৰ সমান মগজু নাই মানে বুদ্ধি নাই৷ কাহিনীটো মই মনত পেলাই  দিছোঁ, তেতিয়া আপোনাৰ মনত পৰিবই বুলি এই  কনল’ৰা  ২৯৪% খাটাং।

এদিন আবেলি মই কনল’ৰা খেতি পথাৰৰ মাজৰে ঘৰলৈ বুলি আহি আছিলোঁ। তেনেতে দেখিলোঁ এটা গড়, খেতি পথাৰত পকা ধান খাই আছে। মই আহি গাঁৱৰ মানুহক কথাটো ক’লোঁ। তেতিয়া গাঁৱৰ ৰাইজে  জুই জ্বলাই, টিং বজাই গড়টোক খেদি পঠিয়াই দিলে। আৰু মই গড় দেখি ভয় নাখাই, হুলস্থূল নকৰি, ৰাইজক খবৰটো দিয়াৰ বাবেই গাঁওখন ৰক্ষা পৰিল বুলি ৰাইজ তথা চৰকাৰখনে মানি ল’লে, আৰু মোৰ কাহিনীটো কিতাপত প্ৰকাশ কৰিলে৷

আজি আপোনাৰ আগত মই সচাঁ কথা ক’বলৈ আহিছোঁ। আচলতে সেই গড় খেদা কাহিনীটোত মোৰ বুদ্ধিহে নালাগে মোৰ কোনো অৱদানেই  নাছিল। চৰকাৰেনো সেই ঘটনাত মোৰ কি বুদ্ধি দেখিলে, আজি অত বছৰে মই হেন অতি চোকা বুদ্ধিৰ মগজুৰেও উলিয়াব নোৱাৰিলোঁ। আচল কথাটো হ’ল স্কুলৰ ফিল্ডত ফুটবল খেলি, গাঁৱৰ চুকত থকা শিৱ মন্দিৰত  ভাং অলপ খাই, সন্ধ্যা ৰণ দাৰ দোকান বন্ধ কৰাৰ আগতেই শিখৰ কেইপেকেটমান ল’বলৈ বুলি পথাৰৰ মাজৰে চমু ৰাস্তাটো লৈছিলোঁ৷ তেনেতে গড় এটাই ধান  খাই থকা মই দেখিছিলোঁ৷ কিন্তু ভাংৰ নিচা, খেলৰ ভাগৰ আৰু দোকান বন্ধ হোৱাৰ আশংকাত গড়টোক  হেই বুলি খেদিবলৈও মন নগ’ল। তাতে এনেও গড়টোৱে মোৰ নিজৰ পথাৰৰ ধান খোৱা নাছিল। গতিকে গড় খেদিবলৈ বা হুলস্থূল কৰিবলৈ মোৰ কোনো গৰজো নাই। মোৰ কুবাকুবিকৈ গৈ শিখৰ লোৱাতহে ধান্দা৷

দোকানৰ ওচৰ পাই দেখোঁ ৰণ দাদাই দোকান বন্ধ কৰিবলৈ লৈছে আৰু দোকানৰ সন্মুখত কেইজনমান ডাঙৰ দাদাই আড্ডা পিতি আছে; যিকেইজনৰ সন্মুখত মোৰ দৰে সৰু ল’ৰাটোৱে  শিখৰ কিনা অসম্ভৱ।
গতিকে তেওঁলোকক দোকানৰ সন্মুখৰ পৰা আঁতৰাবলৈহে গড়ে ধান খোৱা কথাটো ক’লোঁ। দাদাকেইজনেও কথাটো ছিৰিয়াছলি ল’লে আৰু বাকী ৰাইজক  লগত লৈ গড় খেদিবলৈ গ’লগৈ৷ আৰু ময়ো পাঁচ পেকেট শিখৰ  বাকীকে লৈ ঘৰ পালোঁহি।

আচল সত্য হ’ল এইটো, বাকীখিনি ৰাইজ আৰু চৰকাৰৰ সিদ্ধান্ত। তাত এই কনল’ৰাৰ একো হাত নাই৷ সচাঁ কথাটো আপোনাক ক’লোঁ, আপুনি কিন্তু কাকো নক’ব। অৱশ্যে কাৰোবাক ক’লেও ক’ব পাৰে, Who Cares! এনেও মোৰ নামৰ পাঠটো এতিয়া স্কুলত  প্ৰচলিত নহয়৷ গতিকে মোৰ কোনো ভয় নাই। তাতেই মই বহুত বুদ্ধিমান ল’ৰা৷

এইখিনি কথা কোৱাৰ বাবে আপুনি নাভাবিব যে মই প্ৰকৃততে অলগৰ্ধ বুলি৷ গাঁওখনক কিমান বিপদৰ পৰা  মোৰ বুদ্ধিৰে উদ্ধাৰ কৰিছিলোঁ আপোনালোকক এটা এটাকৈ কৈ যাম। তেতিয়া আপুনি নিজেই গম পাব  আপোনাৰ শৈশৱৰ হিৰ’ কনল’ৰা কিমান বুদ্ধিমান আছিল৷ আজিলৈ আহোঁ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.