ফটাঢোল

দ্যা প্ৰপ’জেল-ৰিমঝিম বৰঠাকুৰ

: ঐ ছোৱালী এবাৰ ভাল পাই চাবি নেকি?

: নাচাওঁ।

: চা না বেহ্, মাত্ৰ এবাৰ। কিয় নহয় কথাবোৰ হিন্দী চিনেমাৰ দৰে,

বিশেষ এটা ভংগীমাত তাইলৈ চাই কোৱা কথাকেইটাত মালবিকাই ৰিপ্লাই দিলে,

: চা, মানস তোক ভাল পাবলৈ মোৰ অলপো মন নাই, মাত্ৰ এবাৰ নালাগে, তোৰ মুখখন চাই থাকিবলৈ এক ছেকেণ্ডো মন নাই। চাওঁ গুচ এতিয়া ইয়াৰ পৰা। আৰু শুন কেতিয়াবা নিজৰ ভাষাও ব্যৱহাৰ কৰিবিচোন প্ৰপ’জ কৰিবলৈ।

চকুকেইটা ঘোপা কৰি জইন লগা চেলাউৰিকেইডাল কোঁচ খুৱাই মালবিকাই কথাকেইটা কৈ স্কুটিখন ষ্টাৰ্ট কৰি ভোঁ-ভোঁৱাই মুহূৰ্ততে সেই জেগাখিনিৰ পৰা প্ৰস্থান কৰিলে।

মানস আৰু মালবিকা দুয়ো সৰুৰে পৰা একেখন স্কুলৰে একে শ্ৰেণীতে পঢ়া। মেট্ৰিক পাছ কৰাৰ পিছত দুয়োটা বেলেগ বেলেগ কলেজত পঢ়িছিল যদিও আহোঁতে যাওঁতে প্ৰায়েই দেখাদেখি হয়। ঘৰ দুখন অৱশ্যে বৰ বেছি ওচৰত নহয়, তথাপিও একে গাঁৱৰে দুয়োটা। আজি অলপ দিনৰ পৰা মানস মালবিকাৰ পিছত লাগি আছে। তাইক বোলে সি সিহঁতৰ ঘৰলৈ বোৱাৰী কৰি নিবই নিব। মালবিকাই এইকেইদিন ক’তো ওলাবই নোৱাৰে। মানসে যেন তাইৰ পিছত চোৰাংহে দিছে। য’লৈকে তাই যায়, সিও পিছতে ওলাইগৈ। আগতে হোৱা হ’লে চাগে তাইৰ স্কুলো ওলালেগৈহেঁতেন। এতিয়া কৰ’ণাৰ কৃপাত স্কুলবোৰ বন্ধ বুলিহে মালবিকাই ৰক্ষা পাইছে।

আচলতে প্ৰেম বুলিবলৈ মানসৰ ফালৰ পৰাহে আছে। মালবিকাৰ ফালৰ পৰা একেবাৰে জিৰ’, কিন্তু সেইটোকে সি বুজি নাপায়। একেবাৰে নেৰা-নেপেৰাকৈ লাগিছে। আগতে দুবাৰমান স্কুলত লাগিছিল, কিন্তু সেইবাৰ সিহঁতৰ মাজত প্ৰকাশ অহাত মানসে চাইড কাটিবলগীয়া হৈছিল। যেতিয়া গম পালে প্ৰকাশ আৰু মালবিকাৰ মাজৰ প্ৰেমে ভূমিকম্পত মাটি ফটাৰ দৰে ফাঁট মেলিলে মানসে আকৌ এবাৰ ট্ৰাই কৰাতনো কি আপত্তি বুলি ট্ৰায়েল মাৰি আছে।

সঁচা কথা ক’বলৈ গ’লে মালবিকাৰ মানসক একেবাৰে বেয়া নালাগে। দেখাই-শুনাই ভাল, একেষাৰতে হেণ্ডচাম। প্ৰথম দেখাতে যিকোনো ছোৱালীৰে ক্ৰাশ্ব হোৱাৰ যোগ্য। পঢ়া-শুনাতো একেবাৰে বেয়া নহয়, ডিগ্ৰী পঢ়ি থাকোঁতেই পোষ্ট অফিচত চাকৰি পালে। ঘৰৰ অৱস্থাও ভাল। গতিকে সকলোবোৰ মিলাই চালে একেবাৰে পেলাই দিবলগীয়া ল’ৰা নহয় মানস। তথাপিও সকলোৰে পচন্দ অপচন্দৰ মাজত মালবিকাৰ মানসৰ ফোঁপযহী স্বভাৱটো একেবাৰে হজম নহয়। যাৰ কাৰণে তাক দেখিলেও যদি তাইৰ মনটো কোমলে কিন্তু তাৰ মুখখন মেল খালেই তাইৰ বিতৃষ্ণা আহে। 

স্কুলীয়া দিনত ক্লাছ টেনত, যেতিয়া মানসে মালবিকা প্ৰেমপত্ৰ লিখি প্ৰেম নিবেদন কৰিছিল চিঠিবোৰত সোপাকে এগালমান কবিতাই আছিল। কবিতাবোৰ পঢ়ি মালবিকা নিশ্চিত যে এইবোৰ তাৰ লিখা কেতিয়াও হ’ব নোৱাৰে। কবিতা লিখা, গল্প লিখা গুণ মানসৰ গাত যে নাই সেই কথা মালবিকাই জনা আছে। লোকৰ মাল চুৰি কৰি কবিতা লিখাৰ খঙত পিছদিনা যেতিয়া মালবিকাই তাক দেখিও ঘূৰি চোৱা নাছিল, সিয়েই পিছফালৰ পৰা চিঞৰি চিঞৰি,

: ঐ মালো শুনচোন। কালি চিঠিখন পঢ়িলিনে। কবিতাকেইটা কেনে পালি। কচোন, বহুত কষ্টত লিখিছিলোঁ।

: তোৰ কবিতা তোৰ লগতে ৰাখ। লোকৰ পৰা চুৰ কৰি আনি লিখা কবিতাই প্ৰপ’জ কৰিবলৈ লাজ নালাগে। 

বুলি মালবিকাই উচাৎ মাৰি গুচি গ’ল। মালবিকাৰ কথাখিনি মানসৰ গাত লাগিল। বিশেষকৈ চোৰ শব্দটোত। ইমান অপমান সি সহ্য কৰে কেনেকৈ! সেইকাৰণে তাইৰ পিছে পিছে আহিয়েই তাই শুনাকৈ চিঞৰি কৈছিল,

: এই আমুকাই কাৰোপৰা একো চুৰ নকৰে দেই। দস্তুৰমত কলেজৰ কেৰাণীৰ পুতেক মণ্টুক পাঁচপেকেট শিখৰ দিছোঁ, তাৰ বিনিময়ত সি মোক কবিতা লিখি দিছিল।

কথাকেইটা কৈ সি খঙতে কি কৈ দিলে বুলি জিভা কামুৰি ইফালে সিফালে চাই মালবিকাৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰোঁতে দেখিলে তাই ঠাট্টাসূচক হাঁহি এটা মাৰি সেই ঠাই ত্যাগ কৰিলে।

তাৰ কেইদিনমান পিছত গম পালে মালবিকা ক্লাছ টুৱেলভত পঢ়া প্ৰকাশৰ লগত ছেটেলড্ হ’ল। হ’ল বুলিয়েই মানসে একেবাৰে আশা এৰি নিদিলে। মাজে মাজে লগ পালে মালবিকাক নিজৰে জহ গাবলৈ নেৰে। মালবিকায়ো ওফাইদাঙৰ ওফাইদাং গুচাই নাই বুলি তাক ঠাট্টা কৰি থৈ যায়।

মানসেতো চাকৰি আগতেই পালে, মালহিকায়ো এম.এ পাছ কৰি গাঁৱৰপৰা অলপ দূৰৈৰ হাইস্কুলখনত টেট দি চাকৰি পালে। মানসেও অফিচলৈ যাবলৈ ট্ৰেইনত উঠিবলৈ আহিলে দুয়োটাৰে মুখামুখি হয়। মালবিকায়ো কেতিয়াবা স্কুটীখন ৰখাই দুই এটা কথা পাতে। এনেকৈ দেখি দেখি মানসৰ পুৰণি প্ৰেমভাৱ আকৌ জাগ্ৰত হৈ উঠিল। যেতিয়া গম পালে মালবিকা ইজ চিংগল, ৰেডী টু মিংগল‌। মানসক পাই কোনে! দুয়োটাৰে ফোন নম্বৰৰ আদান-প্ৰদান হোৱাত প্ৰায়ে সি মালবিকাক হোৱাটছএপত জুবিনৰ গান কিছুমান লিখি পঠিয়ায়। কেতিয়াবা যদি “মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি”, কেতিয়াবা আকৌ “নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে।”। মুঠতে সন্ধিয়াই হওক, ৰাতিয়ে হওক এটা গানৰ কলি মালবিকালৈ দিবই। তাৰ গান পঠিওৱাৰ প্ৰকোপ দেখি এদিন মালবিকাই তাক কৈয়ে দিলে “আজিকালি কবিতা লিখাৰ হাজিৰা কোনোৱে নোলোৱা হ’ল নেকি?” তাইৰ প্ৰশ্নত সি লাজ পালে নেকি দুদিনমান গান পঠিওৱা বন্ধ কৰিলে। কিন্তু মেছেজ কৰা বন্ধ নকৰিলে। কেতিয়াবা মালবিকাই ৰিপ্লাই দিয়ে, কেতিয়াবা নিদিয়ে। নিদিলেও মানসে আপত্তি নকৰে, সি হাই, হেল্ল, গুডমৰ্ণিং, গুড নাইটৰে নিজৰ কৰ্তব্য কৰি থাকে। কেতিয়াবা অফিচত হোৱা ঘটনাৰ এবকলা লিখি দিয়ে। কেতিয়াবা আকৌ তাক কোনোবা এগৰাকী কলিগে কৰা প্ৰপ’জৰ কথা শুনায়। তাই বোলে তাৰ পিছত বহুতদিনৰ পৰা লাগি আছে, সিহে পাত্তা দিয়া নাই। মানসৰ কথাৰ যে আশী শতাংশই মিছা মালবিকাই জানে।

অলপদিনৰ পৰা মানসে মালবিকাক ফোন কৰিবলৈ লৈছে। ফোনতেই নহয়, তাইক ফল’ কৰে। স্কুল বন্ধ হোৱাৰ পৰা মালবিকাৰ বৰ বিশেষ ক’তো ওলোৱা নহয়। কেতিয়াবা ক’ৰবাত গ’লেও সি জানো কেনেকৈ খবৰ পাই, লগে লগে হাজিৰ। অৱশ্যে মালবিকাই ওলাই গ’লেও দেওবাৰ বা শনিবাৰে আবেলিহে যায় তেতিয়া আকৌ মানসৰো সুবিধা হয়। কেইদিনমানৰ পৰা তাৰ অকল প্ৰেমৰ কথা। তাইক বোলে ভাল পায়। কিমান যে লোকৰ কবিতাসোপা মাতি মাতি শুনাইছে তাইক। আগৰ স্বভাৱডাল মানে যোৱাই নাই ইয়াৰ। লগ ধৰি আকৌ সোধে, “ঐ ছোৱালী এবাৰ ভাল পাই চাবি নেকি?” এইখিনিতো মানে লোকৰ কবিতাৰ পংক্তি।

আজি মানস অলপ জৌচত আছে। মালবিকাৰ ফোনতে কথাকেইটা শুনি এনেকুৱা লাগিছে সি অলপ ৰঙীন হৈ আছে নেকি। ফোন কৰাৰ সময়টোও তেনেকুৱাই, ৰঙীন হোৱাৰ সময়। বাৰে বাৰে তাইক প্ৰপ’জ কৰি আছে, আৰু তাই বাৰে বাৰে না কৰি আছে। এপাকত সি আৱেগতে কৈ উঠিল 

: চা মালো, তোক অকল ময়ে ভাল নাপাওঁ। মোৰ মায়েও তোক বোৱাৰী হিচাপে বিচাৰে। প্লীজ এবাৰ ভাল পাই চা।

মানসৰ কথাত মালবিকাই অলপ সময় মনে মনে থাকি মাত দিলে,

: অ’কে মই বাৰু তোক ভালপালোঁ। তই মোৰ কাৰণে কি কৰিব পাৰিবি।

মালবিকাৰ কথাত মানসে আৰু অলপ জৌচ পাই ঘপককৈ কৈ দিলে 

: মই তোৰ কাৰণে নজৰুল, তুলসীৰ ঠেং ভাঙি দিব পাৰিম। সিহঁতক ন’হোৱেৰ কৰিব দিব পাৰোঁ। তই গম পাৱনে মই যে কিমান ওপৰৰ মাল।

জৌচতে একেৰাহে কৈ যোৱা মানসক কোনোমতে মালবিকাই ব্ৰেক মৰাই মালবিকাই তাক ঠাট্টাসুৰত ক’লে,

: তই সঁচাকৈয়ে ওপৰৰ মাল অ’ মানস। আজিও লোকৰ ডায়লগ চুৰি কৰিয়েই তই মোক প্ৰপ’জ মাৰিলি। তই দেখোন এইবোৰ বেলেগৰ ডায়লগ কপি কৰি “দ্যা প্ৰপ’জেল” নামৰ কিতাপ লিখিব পাৰ।  এইবোৰ ডায়লগ মাৰি বেলেগক বিয়া পাতগৈ। মোৰ পিছত আৰু লাগি নাথাকিবি প্লীজ। এইবাৰ যদি মোৰ পিছত লাগি থাক, ময়ো তোক ন’হোৱেৰ কৰি দিম। ফোন থ এতিয়া।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    তথাপিও মালোই তাক এটা চাঞ্চ দিব লাগে আৰু😁

    Reply
  • মানসী

    বেচেৰা মানসটোলৈ বেয়াই লাগিল…

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • বন্দিতা জৈন

    😁😁😁বেয়া লাগিল মানসলৈ,,,,ইমান চেষ্টা বিফল হোৱাৰ বাবে

    Reply

Leave a Reply

Your email address will not be published.