ফটাঢোল

ধনখুড়াৰ স্বপ্নৌষধ – মনোজ নেওগ

: ঐ, তোৰ বাৰু ভাল বিশ্বাসী পেটুৱা মানুহৰ লগত চিনাকি আছে নেকি?

ধনখুড়াৰ কথাটোত দাঁত কৰালি থকা অৱস্থাত হনুৰ কব্জা দুখন লাগি ধৰা ধৰণে মুখখন বিশেষ ভংগীমাৰে ৰৈ গ’ল মোৰ। পিছৰ পাকত মুখখন “ওমম-নিয়ময়ময়ম-ম-ম” কৰাৰ দৰে কৰি চিন্তা কৰিলোঁ, “এখেতে কি বা অথন্তৰখন কৰিবলৈ ওলাইছে!” ধনখুড়াই আগ্ৰহেৰে মোৰফালে চাই আছে। মই সুধিলোঁ,

: পেটুৱা মানুহ কিয় লাগে খুড়া?

নিজৰ বহা চকীখনত হাউলি বহি লৈ ধনখুড়াই তালুখন খজুৱাই ল’লে। ইয়াৰ পিছতেই কথাৰ মধুনাটো বাজ হ’ল। ধন খুড়াই হেনো সপোনত দৰব এটা পালে৷ দৰবো এনে দৰব – সেইটো দৰবে হেনো বিয়াগোম পেট একোটাক একেকোবেই সৰু কৰি পেলাব। এমাহৰ কৰ্ছ এটা কৰিলেই হ’ল৷ এতিয়া সপোনত পোৱা দৰবটোকে পৰীক্ষা কৰিবলৈ পেটুৱা মানুহ এজন লাগে। মোৰ ফালে হাউলি আহি এহাতৰ তলুৱাখন পটা এখনৰ দৰে কৰি আনটো হাতৰ মুঠিটো থিয় পটাগুটি এটাৰ দৰে খুন্দাটো মাৰি ক’লে,

: ঐ চা, পেট একদম নিপেট।

মই বোলো মনতে, “নিপেট হ’লে ভালেই। সেইটো ঔষধ খাই নিপাত হৈ গ’লে সৰ্বনাশ! সপোনত পোৱা দৰবৰ গেৰাণ্টি কোনে ল’ব!” মই নিজৰ পেটটো যিমান পাৰোঁ ককলিয়াই একেবাৰে চেপেটা কৰি থ’লোঁ l যাতে অলপমানকৈ বাঢ়ি অহা মোৰ পেটটো ধনখুড়াৰ চকুত নপৰে। ইফালে ধনখুড়া জেলুক লগাদি লাগিলেই নহয়! দায়িত্বটো লওঁ বা নলওঁ সেই কথা নাই, মোৰ ওপৰত দায়িত্ব জাপিলেই তেওঁ। মানে মই সোনকালে পেটুৱা এজনক যোগাৰ কৰি দিব লাগিব। বোলে, লগৰ ইমানবোৰ ল’ৰাৰ মাজত পেটুৱা এটা নোলাবনে!

এইটো বাৰু কিবা কথা হ’লনে! যেনিবা লগৰ কেইবাটাও পেটুৱা আছে, সবেই পেটটোক এনেকুৱা এটা পৰীক্ষাৰ কাৰণে আগ কৰি নিদিয়ে নহয়। আওপকীয়াকৈ আজিকালি পেটুৱা বুলিলেই কিবা ধনী ধনী ভাৱ এটা লাগিহে থাকে বহুতৰ। অৱশ্যে বেছিকৈ বাঢ়িলে সমস্যা বহুত। বঢ়া পেট কমাবলে বৰ জটিল। পেট বঢ়াৰ লগতে গেছৰ সমস্যা, এলাহ এলাহ ভাব। ঘপকৈ মজিয়াত বহিব নোৱাৰা। কিবা কাৰণত বেংকে, কৰ্টে শাৰী পাতিবলগীয়া হ’লে বাঢ়িযোৱা পেটে দিয়া সমস্যাৰ কথা নক’লোঁৱেই যেনিবা। মনে মনে আকৌ কথা এটাও লাগি আছে, ক’ব নোৱাৰি, বহুতেই সপোনত চমৎকাৰী দৰব পাই হেনো! ধনখুড়াৰ দৰবে যদি কাম দি দিয়ে; তেতিয়াটো একদম হাঁহাকাৰ লাগি যাব। পেটুৱা মানুহে শাৰী পাতিবহি। যিহে দিনকাল পৰিছে – একেৰাতিতে দেশখনত তল ওপৰ লাগি যাব। তাতে যিটো হাৰত পেটুৱা মানুহৰ সংখ্যা বাঢ়িছে, এতিয়া মাছ মাংসৰ বজাৰত এশজনীয়া মানুহৰ গোট এটাত আধাতকৈ বেছিহে পেটুৱা বুলি ক’লেই ভুল কোৱা নহ’ব। ডাঙৰ ডাঙৰ ব্যৱসায় ডাঙৰ ডাঙৰ পেট। ডাঙৰ ডাঙৰ নেতা-লগতে পালিনেতাৰ ডাঙৰ ডাঙৰ পেট। ডাঙৰ ডাঙৰ ঠিকাদাৰ, বৰবাবু, ডাঙৰ ডাঙৰ চাকৰিয়াল, প্ৰায়বোৰকে পুৰণ-হৰণ, যোগ-বিয়োগ কৰিলে, সমান চিহ্নৰ পিছত ডাঙৰ পেট একোটা থাকেগৈ। তাৰে বহুতে পেট কমোৱাৰ নামত কিমান ভাবি থাকে। কিমানে কি কি কৰে। কিবা নামজ্বলা ঔষধ পালে লাখটকাতো কিনিবই কিনিব। মোৰ মনলৈও কথাটো নহাকৈ থকা নাই, যদিহে ধনখুড়াৰ সপোনৰ দৰবটোৱে ফল দেখুৱাই দিয়ে। জিন্দেগী একদম মলমলীয়া হৈ যাব৷

যোৱা দুদিনমান মোৰ এটাই কাম হৈছে। এটা হোৱাটচ্ এপ গ্ৰুপ খুলিছোঁ। লগতে ফোনটোত নামৰ পিছত উপাধিৰ দৰে পেটুৱা বুলি লিখি থোৱা গোটেই লগৰকেইটাক তাতে এড কৰি লৈছোঁ। ভাবি আছোঁ-ইহঁত কোনোবা এটাৰ ওপৰতে দৰবটো পৰীক্ষা কৰাৰ সুবিধা এটা কৰিব লাগিব। চিধাই কথাটো কৈ দিব নোৱাৰি। লাহে লাহে ওপৰৰ বতাহত উৰি থকা চিলা নমাবলৈ লেটাই পকোৱাৰ ধৰণে কথাটো পকাই আছোঁ। গ্ৰুপৰ আলোচনা যিয়েই নহওক মই পাকে প্ৰকাৰে পেটলৈ পোনাই নিওঁ। ধৰক, ৰাজনীতিৰ আলোচনা চলি আছে, মই চিধাই অমুক ৰাজনৈতিক নেতাৰ পেটটো চাবিচোন, ইমান বেয়া দেখি! গোটেইকেইটা তাপ মাৰে। নতুন কাপোৰ কিনাৰ আলোচনা ওলালে কওঁ, পেট বাঢ়িলে হ’লে কোনো চাৰ্ট বা টি-চাৰ্টে মানুহক নুশুৱাই দেই। আলোচনা আগ নাবাঢ়ে। শেষত  নিজৰ অকণমান বাঢ়িবলৈ ওলোৱা পেটটোৰ পাৰোঁমানে বদনাম গাবলৈ লাগিলোঁ। সিহঁতক লগ পোৱাৰ সময়ত পাৰোঁমানে বতাহ সুমুৱাই পেটটো ফুলাই ৰাখোঁ। চেলফি লওঁতে খৰাহি এটাৰ দৰে পেটটো জিলিকি থকাকৈ ৰাখোঁ। এতিয়া সিহঁতকেইটায়ো নিজৰ নিজৰ পেটটোৰপৰা পোৱা অসুবিধাবোৰ ক’বলৈ লৈছে। মানে মোৰ কামটো অলপ সিজা যেন লাগিছেগৈ। এতিয়া মই ভৱা ধৰণে গ্ৰুপটোত এনেকুৱা হ’লগৈ যে, অকল পেটৰ আলোচনাহে হয়। নিজৰ নিজৰ পেটৰ ফটো দিয়ে৷ মই গেঞ্জি ডাঙি পাৰোঁমানে ফুলাই লৈ তোলা পেটৰ ফটোখন প’ষ্ট কৰি লিখোঁ,

: এইটোৰপৰা উপায় নাইকিয়া হৈছে অ’। চাচোন চোলাটো কিমান বেয়া দেখাইছে?

অভিজিতে ওপৰতে কয়,

: তোৰটো সৰুৱেই। মোৰ চা পেটৰ জেগাত ফাট মেলি আছে চাৰ্টটো৷

ৰিণ্টুৱে কয়,

: মজিয়াত বহিব নোৱাৰি, কিমান জ্বালা ঔ! তাতকৈ অসুবিধা জোতাৰ লেছ্ মাৰোঁতে৷

বিজয়,

: মই হ’লে প্ৰস্ৰাব কৰোঁতে বৰ অসুবিধা পাওঁ, পেটটোৰ বাবে এইমটো ধৰিব নোৱাৰি৷

ইটোৱে কয়,

: কালিলৈৰপৰা এঘণ্টা দৌৰোঁ ওলা৷

কথাবোৰ এদিন দৌৰা পৰ্যায়ত শেষ হয়। আকৌ এদিন খোজকঢ়াত। আকৌ পিছদিনাৰপৰা  দুটামানে জীম জইন কৰাতে শেষ হয়। এদিন এনেকৈ পেটৰ আলোচনাতে আমি বহি আছোঁ। সুযোগ বুজি এপাকত গোটেইকেইটাক ক’লোঁ,

: কিবা মেডিচিন খাব লাগিব বুজিছ৷

অভিজিত জাঁপমাৰি উঠিল,

: না না, এইবোৰ মেডিচিনত ভীষণ চাইড এফেক্ট আছে।

মনতে ভাবি আছোঁ, কামটো লাইনত আহি গৈছে। সেইদিনা সন্ধিয়া গোটেইকেইটা লগ হওঁতে কথা গৈ পেটলৈ পোন হওঁতেই আকৌ মেডিচিনৰ কথাটো উলিয়ালোঁ,

: খুড়া এজনে গাঁৱলীয়া দৰব দিয়ে। একো চাইড এফেক্ট নাই, বৰঞ্চ ভিটামিনহে পাব শৰীৰে। আগৰ কালত আমাৰ ভাৰতত কি তামাম দৰব আছিল। চব বনৌষধ। এতিয়াও আছে, কিন্তু জনা মানুহ নাই। মেডিকেলত ঠিক কৰিব নোৱৰা কেছ গাঁৱলীয়া দৰবত চুটাই দিয়ে। বিজয়ক সোধ, তিনিপালি খাইছিল৷

বিজয়ৰফালে গোটেইকেইটাই চালে। ৰিণ্টুৱে সন্দেহে সুধিলে,

: বিজয়ে কি দৰব খাইছিলি?

মই তপকৈ ক’লোঁ,

: পাইলচ্৷
বিজয়ে কওঁ নকওঁকৈ মুখখন তপালিলে,

: মোৰহ’লে গাঁৱলীয়া দৰবৰ ওপৰত বিশ্বাস আছে৷

শেষত কথাটোৰ চয়-নিশ্চয় হ’লগৈ। মানে গোটেইকেইটাই দৰবটো খাব লাগিব। মই বোলো,

: মোতকৈ তহঁতৰ পেট ডাঙৰ, তহঁত কোনোবা এটাই ট্ৰাই কৰি চা৷

এইবোৰ কথা নৰজে বুলি জানো, তথাপিও কৈ চাইছিলোঁ। অগত্যা ময়ো ভাবিলোঁ, নহ’লে কামটো নিসিজিব। গতিকে ময়ো গোটেইকেইটাৰ লগতে সুৰ মিলালোঁ। মানে আমি গোটেইকেইটাই ধনখুড়াৰ দৰবটো এবাৰমান খাই চাম।

ধনখুড়াক কথাটো ক’লোঁ। আগতীয়াকৈ দৰবটোৰ বিষয়ে কিবা ক’ব নেকি সেইটোও জানিব খুজিলোঁ। ধনখুড়া একেবাৰে গোৰগোৰাই উঠিল। বোলে-সপোনত দেখা দৰব আনক তেনেকৈ ক’লে নেফাপে। যাৰ প্ৰয়োজন তেনেজনক কাণে কাণে মন্ত্ৰৰ দৰে দিব লাগিব। তহঁত এটাতকৈ বেছি যেতিয়া একেলগে শৰণৰ মন্ত্ৰ দিয়াদি দিম দৰবটো। মই অবাক হৈ সুধিলোঁ,

: প্ৰকৃততে এইটো পেট কমোৱা দৰব নে মন্ত্ৰ?

ধনখুড়ায়ো ক’লে,

: এইটো টু ইন ওৱান। মঙলবাৰে তহঁত আহিবি৷

কথাবোৰ সিহঁতক ক’লোঁ৷ এয়াও লগতে ক’লোঁ,

: বিশ্বাসে মিলয় হৰি…। গোটেইকেইটাক একেলগে হেনো শৰণৰ মন্ত্ৰ দিয়াদি দিব।

মঙলবাৰ আহিল। ইটোক ফোন কৰিছোঁ, সিটোক ফোন কৰিছোঁ। শেষত গোটেইকেইটা গৈ ধনখুড়াৰ ঘৰ পালোঁগৈ। বিজয়ৰ হাতৰ টোপোলাটোত ধূপ, গুৱাপাণ, চবেই কিবা এটা অৰিহণা ভৰাই দিছে। ধনখুড়া ওলাই আহিল। গোটেইকেইটাক মই চিনাকি কৰি দিলোঁ। ধনখুড়াই মুখলৈ চোৱাতকৈ গোটেইকেইটাৰ পেটকেইটালৈ চাই ল’লে। অভিজিতে টি-চাৰ্টটো অলপমান টানিটুনি লোৱাৰ দৰে কৰিলে, ৰিণ্টুৱে পেটৰ দুটা বুটামৰ মাজত “ওৱাও” নিচিনাকৈ মেলি থকা মুখখনৰদৰে অংশটো আঙুলি দুটাৰে পিন এটাৰ দৰে ধৰি থাকিল। বিজয়ে গুৱাপাণৰ পলিথিনটোৰে পেটটো লুকুৱাই থোৱাৰ দৰে কৰিলে। আৰু মই যিমান পাৰোঁ পেটটো ককলিয়াই দিলোঁ। আৰম্ভণি কথাবতৰা হ’ল। পিছত আমাক কাষৰে কোঠাটোলৈ মাতিলে। চাৰিখন ঢৰা পৰা আছে। তাতে বহোঁতে মোৰবাদে গোটেইকেইটাই নিজৰ নিজৰ শৰীৰটো কিছুমান অদ্ভুত আসনৰ বিভিন্ন ভংগীমাৰে সুচল কৰি থেপেক থেপেককৈ বহিল। মই হাতেৰে গুৱাপাণৰ টোপোলাটো ধনদাৰফালে আগ কৰি ক’লোঁ,

: গুৰু মাননি৷

ধনখুড়াই চকুকেইটা এবাৰ বন্ধ কৰিলে। আকৌ এবাৰ নে দুবাৰমান মেলো নেমেলোকৈ ধেল উলিয়াই জোকাৰ দুটামান মাৰিলে। বিজয়, অভিজিত, ৰিণ্টুৱে মোলৈ চালে। মই কাণ সজাগ কৰিলোঁ।

: ঘৰৰপৰা প্ৰায় তিনি কিলোমিটাৰ দুৰত্বত থকা গছ এজোপাৰ নাম কওক৷

ধনখুড়াৰ চকু মুদা অৱস্থাত। মই কাণ দুখনেৰে ঠিকেই শুনিলোঁ নে ভুলেই শুনিলোঁ বুলি অভিজিতলৈ চালোঁ। সি চালে বিজয়লৈ।

: কওক কওক…

মই মনতে ভাবিলোঁ, সেইটো কেনেকুৱা আজব প্ৰশ্ন! অভিজিতৰ কাণত মই ফুচফুচাই ক’লোঁ,

: ঘৰৰপৰা প্ৰায় তিনি কিলোমিটাৰ দূৰৈত কি গছ আছে কৈ দে৷

তেনেতে বিজয়ে কৈ দিলে,

: ইউকেলিপটাচ৷

ধনখুড়াই সুধিলে,

: আৰু…?

আমিও ভাগে ভাগে ক’লোঁ,

: আম, বগৰী….

মনে মনে বোলোঁ,

“হে প্ৰভূ, কি দৰব দিবলৈ গৈ আছে!”

ধনখুড়াই চকু মুদি মুদি কিবা ধিয়ান কৰাৰ দৰে কৈ থাকিল,

: যি কেইজোপা গছ, তাতেই দৰব লুকাই আছে!

ধনখুড়াই ক’বলৈ ল’লে, গোতেই আদি অন্ত…। যিমানেই তেওঁ চকু মুদি দৰব আৰু তাৰ প্ৰয়োগৰ বিধি কৈ আছে সিমানেই মোৰফালে লগৰকেইটাই চকু বখলিয়াই চাই থাকিল। মই মুঠতে শিলপৰা কপৌ এটাৰ দৰে বহিহে আছোঁ। শেষত ধনখুড়াই ক’লেগৈ,

: এনেকৈ পুৱা আবেলি দৈনিক দুপালিকৈ দৰব ল’লে এমাহত পেট নিপেট হ’ব৷

মই কাৰো চকুলৈ চোৱা নাই৷ একদম ফাট মেলা বসুমতী বুলি বিলাপ জোৰা অৱস্থাত মই। ধনদাৰ ঘৰৰপৰা ওলাই বাট পালোঁ কি নাপালোঁ, গোটেইকেইটাই তালৈকেহে যেন বাট চাই আছিল। বিজয়ে টিকাতে এক গোৰ সোধাই দিলে। অভিজিতে ইমানেই জোৰত হাঁহি দিলে যে, তাৰ পেটৰ গোটেই মাংসপেশীবোৰেও যেন বল্লে বল্লে কৰি উঠিল।
ৰিণ্টুৱে ক’লে,

: গৰু, চুপতি কৰিবলৈ আন একো নাপালি?

মই বোলো,

: একদম মাফ কৰি দে দোচ্। মই কেনেকৈ জানিম, সপোনতো যে এনেকুৱা দৰব ওলাব পাৰে৷
শেষত যেনিবা মোৰ ওপৰত সেই সন্ধিয়াটোৰ জলযোগৰ গুৰুদায়িত্ব পৰিল। সেইদিনাৰ আড্ডাত ধনখুড়াৰ সপোনত পোৱা পেট কমোৱাৰ দৰবটোৰ কথা বৰ ৰগৰহৈ ওলাইছিল।

“ফজিৰতে শুই উঠি ঘৰৰপৰা তিনি কিলোমিটাৰ আঁতৰত থকা গছ জোপাৰ ওচৰ পাবগৈ লাগিব বিশ মিনিটত৷ তাত এখন্তেকো নৰৈ নিজতকৈ দুফুত ওখ ডাল এটাৰপৰা, জঁপিয়াই জঁপিয়াই এবাৰত এটাকৈ মুঠ এশ এটা পাত ছিঙিব লাগিব৷ তাৰপাছত এশ এটা পাত নদীৰ পানীত উটুৱাই দি সাতুৰি নাদুৰি বুৰ মাৰি পুনৰাই ধৰি আনি বিশ মিনিটত ঘৰ পাবহি লাগিব৷ আৰু এশ এটা পাত পানীকৃত হোৱাকৈ পটাত পিহিব লাগিব, পটাত পিহোঁতে আঠুকাঢ়ি ল’ব লাগিব৷ বুকড’ন মৰাৰ দৰে পিহনাৰ ছন্দত এবাৰ পেটটোৱে মাটি চুব লাগিব এবাৰ ডাং খাব লাগিব। তাৰ পিছতে একে দৌৰে বিশমিনিটত গৈ সেই গছ জোপাৰ গুৰিত সেইখিনি ধালি গছজোপাৰ আগৰ ফালে চাই জঁপিয়াই জঁপিয়াই এই কথাটো এশবাৰ দোহাৰি ক’ব লাগিব যে,

“পমি যা! মোৰ পেট পমি যা!”

☆ ★ ☆ ★ ☆

One comment

  • দীক্ষিতা

    কাহিনীও সাংঘাতিক দৰৱো সাংঘাতিক।

    Reply

Leave a Reply

Your email address will not be published.