ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১)
সমাগত লোভনীয় বৰভোজ
সুহৃদৰ দেখো খৰধৰ খোজ
সাজু মস্ত খাহী
খানা হ’ব ইলাহি
সেইবিধ নহ’লে কিহৰ মৌজ!

 

(২)
কাৰোবাক পালে খানা খোৱা ভূতে
ছাগলী বিচাৰি ঘূৰে হাটে-বাটে
খানা বুলিলেই ৰং
নায়কৰ দৰে ঢং
কথাই কথাই অবাইচ মাতে!

 

(৩)
চিঞৰবোৰ হয় অৰণ্যৰোদন
ঠগৰ হাতত খাওঁ ৰামঠগন
আমি হ’লো হোজা
নিমাখিত প্ৰজা
হাততালি বজাই কৰোঁ সংকীৰ্তন৷

 

(৪)
অনেকৰ মতে নেতা তেওঁ ধুৰন্ধৰ,
কামত সদায় ফাঁকি – কথাত বাখৰ
অৱশ্যে পাছত কয়
আগত মুক হৈ ৰয়
একাংশই আকৌ মাৰে ওলোটা খৰ৷

 

(৫)
ছাল-বাকলি এৰাই গ’লেও লোকে বোলে মাষ্টাৰ
অৰ্থহীন যাৰ বাবে পুৰস্কাৰ কিম্বা তিৰস্কাৰ
আশাভংগৰ পাওঁ জ্বালা
স্থিতপ্ৰজ্ঞৰ জপোঁ মালা
উন্নাসিকবোৰৰ মতে আমি জীৱ চমৎকাৰ!

 

(৬)
মনত লাগিলেও লাগক জুই
মাথোঁ যোৱা তেৰাৰ চৰণ চুই
মূৰটো বন্ধকত থোৱা
মহাৰাজৰ গুণ গোৱা
মাল খাই কিন্ত নাথাকিবা শুই৷

 

(৭)
উন্মাদ যেন হৈ পৰে বাৰিষা নদীৰ সোঁত
উচ্চাকাংক্ষী নেতাই ঘনাই সলায় মোট
আস্থা য’ত ক্ষণস্থায়ী
আচম্বিতে ধৰাশায়ী
উৰি থাকে মনাকাশত খমখমীয়া নোট৷

 

(৮)
মহাজনৰ লেঙুটি ধৰাটো তেওঁৰ স্বভাৱ
উপায় নাই, এয়া পৰিৱেশৰেই প্ৰভাৱ৷
অপূৰণ বহু ইচ্ছা,
চাৰিওপিনে সমস্যা;
সমাধানো নাই, কাৰণ চিন্তাশক্তিৰেই অভাৱ৷

 

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.