ফটাঢোল

ফটাপ্ৰেম – ডলী তালুকদাৰ

সঁচা কথা ক’বলৈ গ’লে মোৰ ক্ষেত্ৰত প্ৰেম ফটা নাছিল তেনেকৈ। কাৰণ প্ৰেম ফাটিবলৈ যোৰাবও লাগিব নহয়? গতিকে প্ৰেম যেতিয়া মই যোৰাব পৰাই নাছিলোঁ তেনেকৈ ফাটিবও পৰা নাছিল। অৱশ্যে দুবাৰ এবাৰ নফটা নহয় মোৰো প্ৰেম। গতিকে ইমানো দূৰ্ভগীয়াৰ শাৰীত নপৰোঁ চাগে  কিন্তু সেয়াও মোৰ কল্পনাতে হৈছিল। তথাপিও বহুতৰ তুলনাত মই নিঃকিনে আছিলোঁ প্ৰেমৰ ক্ষেত্ৰত। কাৰণ মোৰ বহুতো বান্ধৱীৰ হাইস্কুলৰপৰা কলেজলৈ কেইবাবাৰো প্ৰেম ফাটি যোৰা লাগিছিল। মানে যোৰা আৰু ফটা হৈয়েই থাকিছিল। প্ৰেম যোৰা লাগোঁতে কত যে কবিতা, মিঠা মিঠা  ভৰা চিঠি  আৰু  যেতিয়া ফাটে তেতিয়া কিমান যে বিৰহ বেদনাৰ সংলাপ! কোনোবাই আকৌ গালিও বৰষে মধুৰ কণ্ঠেৰে। মুঠতে যোৰা-তাপলি মৰা হৈয়ে আছিল বহুতৰ।  পিচে মোৰহে প্ৰেমৰ  যোৰা ফটা আনকি তাপলিও মৰা হোৱা নাছিল। কিন্তু মই  প্ৰেম যোৰা লগোৱাত এক্সপাৰ্টে আছিলোঁ। মানে বহুতকে মই এসময়ত বহুত উপকাৰ কৰি দিছিলোঁ প্ৰেম যোৰা লগোৱাত। কাৰণ ‘দো দিলক মিলোৱাতো বহুত পূণ্যৰ কাম’  বুলি হিন্দি চিনেমাসমূহত প্ৰায়ে এই ডায়লগটো শুনিছিলোঁ। গতিকে ময়ো এই  কামটো কৰিবলৈ পিছ হুহুকি নাথাকিছিলোঁ।

এটা প্ৰধান অস্ত্ৰ বা প্ৰেম প্ৰকাশৰ সকলোতকৈ জৰুৰী সম্পদবিধ হ’ল চিঠি। অন্ততঃ আমাৰ সময়ত। (সেইবুলি ইমানো মান্ধাতা যুগৰ বুলি নাভাবিব) অৱশ্যে লেণ্ডফোনো আছিল কিন্তু সেইটো আকৌ পাৰিবাৰিকহে। ফোনৰ ৰিং হ’ল কি নহ’ল আগতে ঘৰৰ সৰু কেইজনে দৌৰিব নহ’লে ফোন থোৱা ঠাইকণৰ কাষতে দেউতা, খুড়াৰ টিভি চোৱা, বাতৰিকাকত পঢ়া চকীখনো থাকিব। এখন হাতেৰে বাতৰিকাকতখন ধৰি তাত থকা ক’লা আখৰকেইটাত চকু ৰাখি আনখন হাতৰে যি ৰাজকীয় কায়দাত ফোনটো কাণত লগাই ‘হেল্ল’ বুলি ক’ব সাধ্য আছে কোনোবা প্ৰেমিক বা প্ৰেমিকাক ফোন কৰিবলৈ ক’বলৈ? ম’বাইলো আমি কলেজত সোমোৱাৰ সময়তহে আহিছিল তাকো দুষ্প্ৰাপ্য। সেই সময়ত ম’বাইল ফোন কিনাজন আম্বানী লাইট বুলিয়েই ক’ব লাগিব। তাতে ম’বাইলত ফোন কৰোঁতাৰ যিমান যাব ৰিচিভ কৰাজনেও ভৰিব লাগিব। সেইবাবে চিঠিয়েই সহজ আৰু সুলভ ব্যৱস্থা আছিল। অৱশ্যে চাহজাহান, জাহাংগীৰৰ দৰে বাদশ্বাহী প্ৰেমিক বা ৰোমিঅ’, মজনুৰ দৰে পাগল প্ৰেমিকবোৰে বা মমতাজ, নুৰজাহানৰ দৰে প্ৰেমিকাই আৰ্চিজ গেলাৰীত পোৱা বা কিছুমান কিতাপৰ দোকানতো পোৱা চিঠি লিখা স্পেচিয়েল বহীত লিখিছিল। য’ত পাতটোৰ মাজত গোলাপ ফুল বা I LOVE YOU  লিখা ধুনীয়াকৈ অঁকা আছিল। তাতে গোট গোট আখৰেৰে ৰোমাণ্টিক শব্দৰে লিখিছিল প্ৰেমপত্ৰ। কিছুমানে মনেট পাৰ্ফিউমো চটিয়াই দিছিল চিঠিৰ মাজত।

হাইস্কুলৰ কথা। ক্লাচ এইট পাওঁতে ঐচ্ছিক বিষয় হিচাপে সংস্কৃত লৈছিলোঁ। আমাৰ ঘৰৰ প্ৰায় ভাগৰে সংস্কৃত আছিল আনকি মোৰ মাৰো সংস্কৃত আছিল। গতিকে পৰম্পৰা অনুসৰি মইও সংস্কৃত ল’ব লগা হ’ল। পিচে সংস্কৃত বিষয়টো লৈ মই নিজকে সৰুসুৰা পণ্ডিতনী বুলিয়ে ভাবিবলৈ ধৰিলোঁ। শ্লোকবোৰো মুখস্থ কৰিলোঁ পৰাখিনি। পিচে মনত নাথাকে ইমান। তাতে ছমহীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই অহংকাৰো বাঢ়িল অলপ। সৰ্বোচ্চ নম্বৰ মানে বাকী কেইজনী ছাত্ৰীয়ে চাগৈ ত্ৰিশৰপৰা চল্লিশমান পাইছিল আৰু মই সিহঁততকৈ তিনি বা চাৰি নম্বৰহে বেছিকৈ পাইছিলোঁ। আমাৰ স্কুলৰ সংস্কৃত বিষয়ৰ বাইদেউৱে ইমান শুৱলাকৈ সংস্কৃতৰ শ্লোকবোৰ গাই শুনোৱাৰ লগতে অনুবাদ কৰি দিয়ে যে বহুত ভাল লাগে। মোৰ তাৰে এটা শ্লোক মনত থাকি গ’ল।

ক্লাচ নাইন পালোঁ। আমাৰ ঘৰৰ ওচৰৰে ল’ৰা এজন মোৰ লগৰজনীৰ প্ৰেমত পৰিল। আমি তিনিওজনে একেজন চাৰৰ ওচৰত টিউচন কৰিছিলোঁ।  তাতে তাই মোৰ স্কুলৰ বান্ধৱী বাবে আমাৰ ঘৰলৈ আহোঁতে  দেখে প্ৰায়ে। লাহে লাহে চিনাকি হ’ল আৰু তাইৰো অলপ ভাল লগা হ’ল। চকুৱে চকুৱে পৰিলে হাঁহিৰো বিনিময় হয়। দুয়ো পক্ষৰপৰা ভাল লগা কথাটো মোক জনোৱা হ’ল কিন্তু এতিয়া প্ৰেম নিবেদন কোনেও নকৰে লাজতে। গতিকে মোলৈ অনুৰোধ আহিল। দুয়োজনে যিহেতু মোৰ বন্ধু-বান্ধৱী গতিকে মই সহায় কৰিবলৈ আগবাঢ়িলোঁ। বিনিময়ত বান্ধৱীয়ে মোক আমাৰ স্কুলৰে চকীদাৰ মনমোহনৰ ঘৈণীয়েকে বেচা তেতেলী, বগৰী গুড়াৰ আচাৰ, চানাচুৰ, আলু চাট খুওৱাৰ দায়িত্ব ল’লে। বন্ধুজনে টিউচনলৈ গ’লে বেলতলা তিনিআলিৰ কৃষ্ণা চুইটচৰ চিংৰা আৰু পেৰা খুৱাব।  মই দুয়োকে ক’লোঁ চিন্তা নকৰিবি। মই এনেকৈ লিখিম নহয় শুৱলা শব্দৰ মালা গাঁঠি তহঁতৰ প্ৰেমো তেনেকৈ গঁঠা যাব। কেতিয়াও নিছিগে। তাৰ পিছৰপৰা তেতেলী,বগৰীৰ গুড়া কিমান পেকেট খালোঁ হিচাপ নাই। চিংৰা আৰু পেৰা খোৱাৰ লগতে ঘৰলৈ ভাইটিৰ কাৰণেও আনো। অৱশেষত চিঠি লিখা সম্পূৰ্ণ আৰু আদান-প্ৰদান কৰি পিয়নৰ দায়িত্বও ময়েই ল’লোঁ। কথামতে সোমবাৰে চিঠি দিয়া হ’ল যিহেতু সদাশিৱৰ বাৰ প্ৰেমৰ দেৱতাৰ বাৰ আৰু বিদ্যালয় সপ্তাহ, ক্লাছো নহয় বাবে সোনকালে স্কুল শেষ হ’ব। লগতে আমি টিউচনলৈ পিছদিনা সোনকালে যাম কিন্তু আমি টিউচন নকৰোঁ আৰু ৰাস্তাই ৰাস্তাই খোজকাঢ়ি দুয়ো কথা পাতিব। বেলতলা তিনিআলিৰপৰা সেউজ নগৰৰ ৰাস্তাত খোজ কাঢ়িম। মানুহে সিমান চিনি নাপায়। কথা মানে পত্ৰৰ উত্তৰখন দুয়ো হাতে হাতে দিব। মই  দুয়োৰে লগত থাকিম যাতে কোনোবা আহিলে সজাগ কৰিব পাৰোঁ।

কিন্তু চিঠি দিয়াৰ পিছদিনাই তাই স্কুললৈ আহি মোক উধাই মুধাই গালি পাৰিবলৈ ধৰিলে। ক’লে যে তোৰ লগত মোৰ আৰু আজিৰপৰা মাতবোল বন্ধ। ভুলতো নামাতিবি।  মই একো বুজি নাপালোঁ।

আবেলি টিউচনত  ওচৰৰ ল’ৰাজনে মোক  লগ পায়ো নামাতিলে আৰু মই মাত দিওঁতেও টেলেকাকৈ চাই গুচি গ’ল। সেইদিনা বান্ধৱীজনী টিউচনলৈ নাহিল। মই স্কুলত পিছদিনা টিফিন টাইমত  বাহিৰলৈ বান্ধৱীজনীক মাতি নি সুধিলোঁ কি হ’ল? তই মোক কিয় নামাত? সিফালে সেইজনেও মতা নাই মোক। এমাহ নহওঁতে এদিনতে মোক পাহৰিলিয়ে দুয়ো। তাই লগে লগে খঙেৰে মোক চিঠিখন দলিয়াই দি ক’লে কি লিখিছ এইসোপা? এইখন তোৰ চিঠি নহয়, মূৰহে? মোৰ প্ৰেম আৰম্ভ হওঁতে সমাপ্ত কৰিলি। মোৰ দুখো লাগিল ইমান সুন্দৰকৈ সংস্কৃত শ্লোকেৰে উদাহৰণ দি প্ৰেমপত্ৰ লিখি দিছোঁ আৰু এই মোক গালি পাৰে। ঠিকেই কয় মানুহে বান্দৰে নাৰিকলৰ মোল নুবুজে। আমাৰ লগত আৰু এজনী আছিল তাই চিঠিখন পঢ়িবলৈ ধৰিলে।

মৰমৰ

            সোণ,

পত্ৰৰ যোগেৰে মৰম পঠিয়ালোঁ। তোমাক মোৰ যেনেকৈ ভাল লাগে নিশ্চয় মোকো তোমাৰ ভাল লাগে। তুমি টিউচনত মোক যেনদৰে চাই থাকা কেঁৰা-কেঁৰিকৈ  মই দেখিছোঁ। প্ৰেম জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। সংস্কৃতত কৈছে “সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশুপুচ্ছবিষানহীন” অৰ্থাৎ সাহিত্য, সংগীত, কলা অবিহনে মানুহ নেজ নোহোৱা পশুৰ দৰে। তেনেকৈ প্ৰেম নকৰা মানুহো নেজ নোহোৱা পশুৰ দৰে। তেনেদৰে প্ৰেমিকা নথকা ল’ৰা নেজ নোহোৱা বান্দৰৰ দৰে, শুৰ নোহোৱা হাতীৰ দৰে। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক নেজ নোহোৱা জন্তুৰ দৰে কোনোপধ্যে চাব নিবিচাৰোঁ।  গতিকে মোৰ প্ৰেম গ্ৰহণ কৰিবা বুলি আশা কৰিলোঁ। এইয়া মোৰ তোমাৰ ওচৰত সৰল প্ৰাৰ্থনা।

                                        ইতি

                                    তোমাৰ ….

আনখন চিঠিও মই ইয়াতকৈও সুন্দৰকৈ লিখিছিলোঁ কিন্তু সঁচা কথা সকলোৱে সাহিত্য বুজি নাপায়।

☆ ★ ☆ ★ ☆

16 Comments

  • Jayshree Sarmah

    বাপৰে!! ইমান মৰম থকা সাহিত্য কিয় বুজি নাপায় নঃ 😂😂

    Reply
  • Abhijit Kalita

    হা হা, এনেই হৰেনকা হাবু ডুবো খোৱা নাই, কম গোলাপী চিঠি নে এইখন

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কম চিঠি লিখিছেনে এইখন বাৰু😁😁

    Reply
    • ডলী

      হাঃ হাঃ! ধন্যবাদ

      Reply
  • হাঃহাঃ৷ হাঁহিত থাকিব পৰা নাই৷

    Reply
  • বন্দিতা জৈন

    হা:হা:,,,,,,,বাপৰে ইমানবোৰ সাহিত্য বুজিবলৈ টান অলপ,,,,বেচেৰা শুৰ নোহোৱা হাতী হৈয়ে থাকিল

    Reply
  • জয়ন্ত দাস

    হাঃ হাঃ সাংঘাতিক চিঠি দেই৷ বঢ়িয়া লাগিল৷

    Reply
  • Bandana Hazarika

    মজ্জা😂😂

    Reply

Leave a Reply

Your email address will not be published.