ফটাঢোল

বিবাহোত্তৰ-অমিতাভ মহন্ত

বিয়া বাৰু যে ধেমালি কৰা বস্তু নহয় সেয়া বিজয়ে বিয়াৰ আগতেই অনুমান কৰি লৈছিল৷ নিজৰ প্ৰিয় পল্টন বজাৰত কিনা খাটখন দলিয়াই বেডৰূমলৈ ডিভান কিনি অনাৰ দিনাই বুকুখন মোচৰ খাই উঠিছিল৷ বুজি উঠিছিল, কিবা এটা হ’বলৈ গৈ আছে৷ ডিভানখনত ড্ৰয়াৰ নামৰ তিনিটা বিশাল বাকচো আছে৷ বিজয়ৰ মনটো পুৰণি দিনবোৰলৈ উৰা মাৰিলে৷ নিজৰ পঢ়া টেবুলৰ ড্ৰয়াৰটোকেই কোনোদিন ভৰ্তি কৰিবপৰা নাছিল সি, ফলক্ৰমে কোনোবা এদিন সি গম নোপোৱাকৈয়ে সেইটো গৈ পৰিণত হৈছিল এচট্ৰেত৷ ইতিমধ্যে সি ষ্টীল আলমাৰী, ডিভান কিনিলেই৷ তাত সুমুৱাবলৈ এক-দুই ট্ৰাক বাচন- বৰ্তন, কাপোৰ কিনিবলৈ আছেই৷ আৰু ভাবিবলৈ মন নগ’ল বিজয়ৰ৷

পৰিৱৰ্তন আহিব বুলি জনা আছিলেই বাৰু৷ কিন্তু পৰিৱৰ্তন যে চুনামীৰ গতিত আহিবলৈ ৰৈ আছিল সেয়া বাৰু কোনে জানিছিল! পৰিৱৰ্তনৰ প্ৰথমজাক বতাহ আহিল বেডৰূমৰ চিলিং ফেনখনৰপৰা৷ ফেনৰ ৰেগুলেটৰ তিনি নে পাঁচত থাকিব সেই লৈ ফুলশয্যাৰ নিশা হোৱা তুমুল বিতৰ্কৰ অন্তত বিজয়ে শৰীৰ আৰু মনৰ সমস্ত বিৰক্তি একগোট কৰি পুৱাই বাথৰূমলৈ খোজ ল’লে৷

বাথৰূমত সোমায়েই বিজয়ৰ মূৰটো ৰিমঝিম কৰিবলৈ ল’লে৷ কি ৰং, কি কাৰুকাৰ্য্য… ইমানদিনে বাথৰূম মানে আছিল লাইফবয় এটুকুৰা, ৰেজৰ, সস্তীয়া শ্বেভিং ক্ৰীম, অলপ ফিটকিৰী আৰু হাৰপিকৰ এটা গেলন৷ সেই ৰূপটোকেই অতদিনে মন্দিৰ জ্ঞান কৰি আহিছে সি৷ কিন্তু আজি এয়া কি! সেইদিনা যেন বিধাতাই সমগ্ৰ পৃথিৱীখন ওলট পালট কৰি বিজয়ৰ শান্ত পৃথিৱীখন তচনচ্ কৰি পেলাইছিল৷ যিখিনি ঠাইত ঠিয় হৈ বিজয়ে সদায় প্ৰাৰ্থনাৰ নামত বিৰবিৰ কৰিছিল, আজি তাতে এটা যান্ত্ৰিক লেবৰেটৰী বিৰাজমান৷ ৰেক এখনত বিভিন্ন বটল, কোনোবাটো প্লাষ্টিকৰ, কোনোবাটো কাঁচৰ৷ তাতেই আছে পৃথিৱীৰ সমস্ত ৰঙৰ দোকানখন৷ ৰিমঝিম ভাৱটো সামান্য শাম কটাৰ পিছত বাথৰূমটো জৰীপ কৰাত নামি পৰিল বিজয়৷

চেম্পু দুই বটল, দেখিলেই ঘিণ লগা কণ্ডিচনাৰ এবটল, গা ধোৱা চাবোন, হাত ধোৱা চাবোন, চাৰি-পাঁচ ৰকমৰ অদ্ভুত বটল যাৰ কাম কি জানিবলৈ হ’লে চেলেকি চোৱাৰ বাহিৰে অন্য একো উপায় বিজয়ে দেখা নাই৷ তাৰোপৰি ৰেকত আৱিস্কাৰ হ’ল মুখ ধোৱাৰ চাবোন, মুখত সনা কিবা পেক, মুখত লগোৱা লোচন, মুখত লগোৱা জেল, মুখত লগোৱা স্ক্ৰাব, মুখত লগোৱা তেল, তাৰোপৰি আৰু মোটামুটি পইত্ৰিশবিধ নাম নজনা ক্ৰীম৷

মূৰ ঘূৰণি আৰু বমিৰ ভাবটোৰ ৰেশ কাটিছিলহে মাত্ৰ, হঠাৎ এক দৃশ্য দেখি বিজয় ভুলুণ্ঠিত হৈ পৰিল৷  বিজয়ৰ সেই কলেজীয়া দিনৰ চাবোনদানীটো আৰু লাইফবয় টুকুৰা ইতিমধ্যে স্থানচ্যুত হৈ অৱস্থান কৰিছে পাইখানাৰ মগটোৰ কাষত৷

দিব্যদৃষ্টিৰে বিজয়ে দেখিবলৈ পালে নিজৰ সুৰক্ষিত সাম্ৰাজ্য আজি মহম্মদ বিন টোগলকৰ আগ্ৰাসী আক্ৰমণৰ কবলত৷ ধুলিসাৎ হৈ পৰিছে সেই গৌৰৱ৷ মহন্ত বংশৰ ঐতিহ্যত যেন কোনোবাই ভেজাল কেৰাচিন ঢালি দিলে৷

খঙে ৰাগে উন্মত্ত বিজয়ে গীজাৰ বন্ধ কৰি বন্ধ দুৱাৰৰ ভিতৰৰপৰা চিঞৰ লগালে,

: বাথৰূমৰ এই দশা কিয়?

বিজয়ৰ গমগমীয়া কণ্ঠ তেতিয়াও দেৱালত থকা গণেশ হাৰ্ডৱেৰৰ কেলেণ্ডাৰত খুন্দা খাই অন্য দেৱালত থকা মাৰিয়া শ্বাৰাপ’ভাৰ পোষ্টাৰত খুন্দা খাই বতাহত ভাঁহি আছে৷ তেতিয়াই সেইফালৰপৰা ভাঁহি আহিল এজাক মলয়া বতাহ৷

: কিবা কৈছা সোণটো?

: নাই মানে, হেৰি মানে… বাথৰূমত…

: বাথৰূমত কি?

: মানে কৈ আছিলোঁ যে মোৰ স্কীণখনযে ইম্মান ডাঠ৷ কোনটো ফেইচৱাছ লগালে ভাল হ’ব কোৱানা! প্লিজ!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.