ফটাঢোল

ভিলেইন – তৃপ্তি মাধুৰী বৰগোঁ‌হাই

“ঐ, তোৰ হিৰ’লে ৰওঁতে ৰওঁতে আমাৰ ফালে জিৰ’ হ’ব..”

” — এ ৰহ ঔ এইজনী”

চকুদুটা ডাঙৰ কৰি উত্তৰ দিয়াত বৰ্ষা মনে মনে ৰ’ল।

“তোক কথা এটা ক’বলৈ আছে, স্কুল যোৱাৰ আগত

দলঙৰ আগত ৰ’বিচোন, একেবাৰে ‘ইম্পৰটেণ্ট’ কথা।” — চকলেট এটা হাতত দি সি কোৱা কথা কেইশাৰীয়েহে মোৰ অধৈৰ্য মনটোক ধৰি ৰাখিছিল৷

“বৰ্ষা, তই থেন-থেনাই থাকিব নালাগে, তই যা স্কুললৈ, মই গৈ আছোঁ৷”

বেল পৰাৰ আগে আগে কোনোমতে স্কুল পোৱাৰ আশাত তাই কোবা-কোবিকৈ গুচি গ’ল৷

মই ৰৈ গ’লোঁ, মনত কেৱল এটাই আশা ‘ইম্পৰটেণ্ট’ কথাটো মই ভবাটোৱেই হওক…

“পাতলীয়া বয়সৰ কুমলিয়া মন

বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ..”

” আওও… তই এইখন কি গাব লৈছ হেৰৌ, পাতলীয়া বয়স ঠিকে আছে কিন্তু দন্দুৰী স্বভাৱৰ মানুহে কুমলীয়া মন বুলিলে শোভা নাপায়, আৰু তই তোৰ অভিজিত চাৱন্তৰ ‘মোহাৱতেই লুটাওঁংগা’ বাদ দি মিঠা ক্ষণত ধৰিছ যে? কিবা কুক্ষণে পাইছে নেকি?”

মোৰ খং চাবলৈকে কোৱা কথাখিনিৰ উত্তৰ মই মিচিকিয়া হাঁহিৰে দিয়াত তাই অলপ আচৰিত হ’ল.. তাতে টিফিন খোৱা সময়ত মুখৰে টু শব্দ এটা নকৰাজনীৰ মুখত গান, খাটাং কিবা গণ্ডগোল হৈছে৷ পিছে সেইয়া যে মোৰ বাবে বুকুৰ মাজৰ প্ৰথমটি ধুমুহাৰ মিঠা বহিঃপ্ৰকাশ, সেয়া তাইৰ সপোনৰো অগোচৰ৷

নৱম শ্ৰেণীত ‘ক্ৰাছ’ মানে কি নাজানাটো স্বাভাৱিক, পিছে মই প্ৰথম নে দ্বিতীয় শ্ৰেণী থাকোতে ‘1st Indian idol’ হোৱা অভিজিত চাৱন্তক যে সপোন কোঁৱৰ দেখাদি দেখিছিলোঁ সেই কথা ঘৰত, বন্ধু-বান্ধৱী সকলোৱে জানে, মই গান শিকাৰ প্ৰেৰণাৰ ক’ৰ পৰা কেনেকৈ আহিছিল সেই কথাও কাৰো অগোচৰ নহয়৷ সকলো ঠিকে আছিল, হঠাতে এদিন ওলালহি নিবিড়দাদা, আমাৰ গাঁৱৰে ল’ৰা, চতুৰ্থমান শ্ৰেণীলৈকে ইয়াতে পঢ়ি গুৱাহাটীৰ খুড়াকৰ ঘৰলৈ গৈ দ্বাদশ শ্ৰেণীলৈকে তাতে পঢ়িছিল.. ডিগ্ৰীৰো এটা semester তাতে পঢ়ি আহি এতিয়া ইয়াৰ কলেজতে নামভৰ্তি কৰিছেহি৷

“ঐ নিৰি” স্কুললৈ দেৰি হৈ আছিল, তাতে ঘৰৰ নামদি কোনোৱাই চিঞৰি মতাত কোনেনো মাতিছে বুলি খঙতে মুখখন ঘূৰাওঁতে একেবাৰেই আচৰিত হৈ ৰৈ গ’লোঁ..বাইকখন তেনেই ওচৰ পাইছিলহি৷

“কি হ’ল, মোক চিনি পোৱা নাই নেকি.. মই নিবিড় আকৌ.. তোকো মই চিনিবই পৰা নাছিলোঁ, পিছে ঘৰখন চিনি পাওঁ, তহঁতৰ ঘৰত তয়েই একমাত্ৰ সন্তান যেতিয়া ওলাই আহোঁতে ভাবিলোঁ তয়েই হ’বি! কি হ’ল ঐ, ভেৱা লাগিলি যে?”

নিবিড়, নিবিড় মূৰতে পাগুলিব ল’লোঁ, সৰুতে একেলগে খেলা-ধূলা কৰা কেটেং-মেটেং ল’ৰা এটাৰ ছবি মনলৈ আহিল৷

“তুমি দেখোন একেবাৰে অভিজিত চাৱন্তৰ নিচিনা হৈ গ’লা..” আচৰিতভাৱে কেতিয়ানো মুখৰ পৰা কথাষাৰ ওলাল মই গমকে নাপালোঁ, চকুদুটা তেতিয়াও মোৰ টৰ-টৰকৈ মেল খাই আছে৷

“অহ হয় নেকি? তয়ো ধুনীয়াজনী হ’লি, চুলিকোছাও ইমান দীঘল হ’ল.. ক্লাছ নাইন পালিগৈ, অংকত বোলে তই বৰ ভাল, মোক দেউতাই কৈছে…. ” গুৱাহাটীৰ পৰা কেতিয়া আহিলে, ক’ত নাম লগালে, এমাহো যে হোৱা নাই অহা ইত্যাদিবোৰ অনৰ্গলভাৱে কৈ যোৱাত মই কেৱল বেঙাৰ দৰে চাই ৰ’লোঁ৷

“ব’ল মই কলেজলৈ গৈ আছোঁ, তোকো স্কুলত নমাই দিম” কেতিয়া বাইকত উঠিলোঁ, কেতিয়া স্কুল পালোঁগৈ একো গমকে নাপাওঁ, মোক নমাই হাঁহি এটা মাৰি নিবিড়দা গুচি গ’ল.. মই ক’তে মৰোঁ, হাঁহিটোও সাইলাখ সপোন কোঁৱৰৰ দৰে৷ ক্লাছত সোমাওঁতে সদায়ৰ দৰে আজিও অভিনৱে মাত লগালে, “নিৰিবিলি.. আহিলা” ছোৱালীবোৰৰ মতে স্কুলৰ সকলোতকৈ মৰমলগা ল’ৰা! পিছে মোৰ আকৌ তাক দেখিলেই খঙে চুলিৰ আগ পাইগৈ, বৰ্ষাৰ মতে তাৰ মোলৈ মন, পিচে ভয়তে নকয়৷

“উমম… ” হাঁহি এটা মাৰি উত্তৰ দিয়াত সিও অলপ আচৰিত হ’ল৷ গোটেই দিনটো কেৱল এটা কথাই কাণত বাজি থাকিল “… তয়ো বহুত ধুনীয়া হ’লি দেখিব, চুলিকোছাও দীঘল হ’ল…”

এনেকৈয়ে ছটাকৈ দিন পাৰ হ’ল, ইচ্ছা কৰি ময়ো অলপ দেৰিকৈ  স্কুললৈ বুলি ওলোৱা হ’লোঁ লগ পোৱাৰ আশাতেই, লগো পাওঁ, নিতৌ সি স্কুলত থৈ আহেগৈ। এদিনটো মৌমিতাবায়েও দেখিছে আমাক খুড়াৰ লগত কলেজলৈ গৈ থাকোঁতে..  পিছে “প্যাৰ কিয়া তৌ ডৰনা ক্যা”৷ বৰ্ষাই মোৰ স্বভাৱত নিকা পৰিৰ্ৱতন দেখি মতি-গতিযে বৰ ঠিক নহয় ভালদৰেই বুজি উঠিল৷

“তোৰ কি হৈছে কচোন? খং নুঠে নেকি আজি-কালি? আৰু কথা কম কৱ! যি কেইটা কৱ একেবাৰে হাঁহি মাৰি নম্ৰভাৱে ক’বলৈ লৈছ যে? আৰু মেখেলা-চাদৰযোৰো এক সপ্তাহৰ পৰা পৰি-পাটীকৈ পিন্ধিবলৈ লৈছ!”

মই তাইক বিৱৰি ক’লোঁ কথাখিনি, “কালিলৈ বোলে কিবা ইমপৰটেণ্ট কথা ক’ব।”

“কাইলৈতো প্ৰপজ দে’.., ঐ কাইলৈ ময়ো ৰৈ থাকিম তোৰ লগত প্লিজ..।” তাই যি সাত জাঁপ মাৰি কথাকেইটা ক’লে মই নুই কৰিবই নোৱাৰিলোঁ৷ পিছে ন বজাতে অহা মানুহৰ খবৰ নাই, চাৰে ন বাজিবৰ হ’ল…

কথাখিনি ভাবি থাকোঁতেই বাইক এখন ওচৰ পালেহি…

“তোৰ চাগে দেৰিয়েই হ’ল ন? মই থৈ আহিমগৈ দে..শুনচোন কথাটো..।”

“কোৱা।” মই আগ্ৰহেৰে ক’লোঁ।

“বহুদিনৰ পৰা ক’ম বুলি ভাবি আছোঁ তাইক, প্ৰথম দেখাতেই ভাল লাগিছিল, কলেজত একে চেমিষ্টাৰ হ’লেও তাই B.A। লগেই নাপাওঁ, তাই ক্লাছো ইমান কৰে, বাপেকে অনা-নিয়া কৰে, কেনেকৈ মই কওঁ বাৰু তই কচোন..।”

“তাই? কোন তাই?”

” মৌ-মিতা আকৌ.. তোৰ খুড়াৰ ছোৱালী, মই সদায় তাইক চাবলৈ বুলিয়েই ৰৈ থাকোঁ, তেতিয়াই তোকো লগ পাঁও.. শুনচোন আজি প্ৰপজ দে’, এই চিঠিখন দি দিবিচোন৷ তইতো মোৰ নিজৰ ভণ্টীৰ নিচিনা, এইকণ হেল্প কৰিদেচোন প্লিজ… মোৰ তাইক চিধা-চিধিকৈ দিবলৈ লাজ লাগে..।”

বাইকৰ পৰা নামি ঘূৰি নোচোৱাকৈ স্কুললৈ বুলি খোজ ল’লোঁ।

“আজিয়েই দিবি দেই নিৰি, কাইলৈ মোক জনাবি..।” চিঞৰি কোৱা কথাকেইটা মোৰ কাণত নোসোমাল৷ ইতিমধ্যে ক্লাছ আৰম্ভ হৈছেই, প্ৰথম পিৰিয়ড অংক.. সেয়ে হয়তো গালি কেইটা নুশুনাকৈ সোমাই অহাৰ সুবিধাকণ পালোঁ৷ ক্লাছ শেষ হওঁতেই পোনচাতেই অভিনৱৰ ওচৰ পালোঁগৈ,

“… তই কালি স্কুল অহাৰ আগত মোলৈ ৰ’বি দলঙৰ আগত, একেলগে আহিম৷ কি হ’ল? ৰ’বি নে নাই ক? কেৱল এদিনৰ বাবে.. লাগিলে মই তই কৰিব নোৱাৰা অংকবোৰ কৰি দিম..।”একেবাৰে ধুমুহা অহাদি আহি কথাকেইটা কোৱাত সি থত্-মত্ খাইছিল যদিও সন্মতি জনালে৷ মুখৰ ৰং দেখি কিবাযে অঘটন ঘটিছে বৰ্ষায়ে ভাল দৰেই গম পাইছিল..!

আমাৰ কাষৰ ঘৰখনেই খুড়াৰ ঘৰ। সন্ধিয়াই মৌ-মিতাবাৰ হাতত চিঠিখন দিলোঁগৈ, বোলো আমাৰ নিবিড় দাদায়ে দিছে৷

“তোক দেখোন মই তাৰ লগত দেখিছোঁ বাইকত এদিন.. মোকো ইমান চাই থাকে কলেজত..!”

“অকল মোকেই নহয়, মোৰ লগৰযে বৰ্ষাকো থৈ আহে কেতিয়াবা.. আৰু দলঙৰ কাষতে ৰৈ থাকে ছোৱালী চাবলৈকে… মই সৰুৰে চিনাকি বুলি উঠিছিলোঁ বাইকত.. মোক আকৌ তোমাক এইখন কোনো প্ৰকাৰে দিবলৈ সহায় বিচাৰিলে.. চহৰত থাকি অহা ল’ৰা, উতনুৱা হ’বই.., এনে ল’ৰাৰ পৰা ভয়হে আজি-কালি।” মই মিছা মাতিলোঁ

“ৰ’ নিৰি তাক এশিকনি দিব লাগিব।”

কাগজ-কলম উলিয়াই মৌ বায়ে লিখাত লাগিল, মোৰ কেইটামান শাৰীহে মনত আছে –“দ্বিতীয়বাৰলৈ এনেধৰণৰ চিঠি যদি আহে নাইবা ভণ্টীক দিচটাৰ্ব কৰ.. পুলিচৰ সহায় ল’ম..।”

পিছদিনা সময়মতেই অভিনৱ আৰু মই দলংৰ আগত লগ হ’লো। “লৰা এজন আহিব, ওচৰ পালেই আমি হাঁহি হাঁহি কথা পতা আৰম্ভ কৰিম.. বুজিছনে?”….

সি আচৰিত হ’ল। যথা সময়ত নিবিড় দাদা আহিল, মই মৌবাৰ চিঠিখন গুজি দিলোঁ তাৰ হাতত৷

“এতিয়া নালাগে পিছত চাবা।”

“হ’ব বাৰু, তোক থৈ আহোঁ ব’ল।”

“মই আজি অভিনৱৰ লগতে যাম, তুমি যোৱা।”

“বাৰু হ’ব দে” .. তেনেই সাধাৰণভাৱে উত্তৰ দি কোন ল’ৰা কি কথা একো নুসুধি ভো-ভোৱাই গুচি যোৱাত মোৰ অলপ খং উঠিল!

“আজিৰ তোৰ অংকৰ হম-ৱৰ্কখিনি মই কৰি দিম দে।”

“নালাগে, তোমাৰ লগত এনেদৰে স্কুললৈ খোজ কাঢ়ি আহিব পৰাটোৱেই মোৰ বাবে বহুত ডাঙৰ কথা।” লাজ লাজকৈ অভিয়ে কোৱা কথাকেইশাৰীয়ে জ্বলা জুইত ঘিঁউহে ঢালিলে। খঙে-ৰাগে একো নাই হৈ স্কুললৈ কুবাকুবিকৈ খোজ ল’লোঁ৷

কথাখিনি ছবছৰ পুৰণি, সেইদিনাৰ পৰা নিবিড়দাক মই ৰৈ থকা দেখা নাই, দুখে-ভয়ে পঢ়াতে মন দি এতিয়া phD কৰি আছে, মৌবা এতিয়া স্কুল এখনত সোমাল৷ মিছা মাতি নিবিড় দাদাক ভিলেইন সজাইছিলোঁ যদিও তেওঁৰ অধুৰী প্ৰেম কাহানীৰ আচল ভিলেইন যে মইহে আছিলোঁ, এই কথা এতিয়া ভাবিলে হাঁহিও উঠে.. কিন্তু তাতকৈয়ো বেছি বেয়া লাগে!… পিচে প্ৰত্যেকটো কাহিনীতে ভিলেইনৰ প্ৰয়োজন, নহ’লে সেই প্ৰেম কাহিনী ৰোমাঞ্চকৰ নহয়.. নে কি কয়? তদুপৰি সেই বয়সে “তুমহাৰী খুচি মেই মেৰা খুচী..” এইষাৰ নহয়, “তুম হমাৰা নহি তৌ ঔৰ কিচিকা নহি” এইষাৰহে মানিব বিচাৰে, — এই বুলিয়েই সান্ত্বনা লভোঁ, বেলেগ উপায়ো নাই যে!

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    হা হা হা। ভিলেইন গৰাকী কমলিকায়ে যেন একেবাৰে।

    Reply

Leave a Reply

Your email address will not be published.