ফটাঢোল

মই তুমি নে তুমি মই?-পার্থ প্ৰতীম শৰ্মা

দিনটোৰ ব্যস্ততাৰ পিছত গধূলি ঘৰলৈ আহি হাত-মুখ ধুই অলপ ৰেষ্ট লৈ মোৰ নৈমিত্তিক কামফেৰাৰ বাবে সাজু হৈছোঁ। নৈমিত্তিক মানে, এতিয়াতো প্ৰায় প্ৰত্যেকটো কামেই নৈমিত্তিক হৈ পৰিছে। পুৱা উঠা,  ব্ৰেডজাতীয় কিবা এটা খাই গা-পা ধুই অফিচলৈ বুলি ওলাই যোৱা, দিনটো অফিচৰ সময়খিনি কেনেবাকৈ পাৰ কৰি ঘূৰি আহি হোটেলতে সন্ধিয়াৰ চাহকাপ খাই আহি এনেকৈ বহি অলপমান নিচা কৰি ছুইগীত কিবা এটা অৰ্ডাৰ কৰি খাই শুই থাকিম। ভাত দুপৰীয়াৰ অফিচ কেণ্টিনতে যি ভালকৈ খোৱা হয়। তেনেকৈয়ে চলি আছে জীৱন।

মদৰ বটলটোৰপৰা মদ অলপ গিলাছটোত বাকি লৈছিলোঁ মাত্ৰ, তেওঁ আহি কাষতে বহিল। এই মানুহজনো বৰ কামোৰ। মই অশান্তি পাওঁ‌ এওঁ আহিলে। পিচে আজিকালি তেওঁৰ বাহিৰে মোক খবৰ সোধা মানুহো নাই আন কোনো। প্ৰত্যেকদিনাই শেষত গৈ এওঁৰ লগতেই এখন কাজিয়া হয়। যোৱাবাৰ এওঁক ইমান বেয়াকৈ কৈছিলোঁ যে এওঁ আৰু কাহানিও নাহিব বুলিয়েই ভাবিছিলোঁ। তথাপিও তেওঁ আহিল। ঘৰলৈ অহা আলহী। বেয়া পালেও মুখত কৃত্ৰিম হাঁহি এটা লৈ তেওঁক সুধিলোঁ-

: কেনে আছা? বহুদিনৰ মূৰত দেখিলোঁ।

: তোমাৰ কেনে? তোমাৰ ভাল যদি মোৰো ভাল।

: হাঃ হাঃ। সলনি হোৱা নাই তুমি। একদম আগৰ দৰেই আছা মানে।

: মই কাহানিও সলনি নহওঁ। একেই থাকোঁ।

: জানোঁ। সেইকাৰণে মানুহে তোমাক গতিয়াই দিয়ে । আৰে, সময়ৰ লগত সলনি হ’বই লাগিব। ৰুল অফ নেচাৰ।

: ৰুল অফ নেচাৰ নহয় দেই। নেচাৰক এনেই বদনাম নকৰিবা।

: বাৰু বাৰু। কোৱাচোন, কিবা কামত আহিছিলা?

: কাম? নাই নাই কাম তেনেকৈ একো নাই। বহুদিনৰপৰাই আহিব খুজি আছিলোঁ। পিছে তোমাৰ ব্যস্ততা! দিনটো কামত ব্যস্ত। গধূলি আহি মুখ-হাত ধুইয়েই বটল খুলিয়েই লোৱা। আৰু সেইবিধ ধৰাৰ পিছত মইনো কি কথা ক’ম! তাৰপিছত তোমাৰ দুনীয়াই বেলেগ!

: হাঃ হাঃ। ভাল জমাইছা। কি কৰিবা অ’। জীৱনটো কোনফালে গৈ আছে ধৰিবই পৰা নাই। আনকি গৈ আছেনে নাই সেইটোও ধৰিব পৰা নাই। ইউনিভাৰ্চিটি এৰাৰ পিছৰেপৰা কোনফালে কি কৰি আছোঁ একো ততেই পোৱা নাই মই।

: তাইলৈ মনত পৰে?

: কোনজনী ‘তাই’ৰ কথা কৈছাবা?

: কোনজনী মানে তাৰ পিছত আৰু কোনোবা আহিল নেকি?

:  আৰু দুজনী আহি ঘূৰি গ’ল। হাঃ হাঃ।

: ধেৎ তেৰি। মই আকৌ ভাবিছিলোঁ তুমি তাইৰ দুখতে চেণ্টি ফালি খাই থাকা বুলি!

: আবে ইমানো ইমচ’নেল নহয় মই। মই জানো হোৱাট লষ্ট ইজ লষ্ট। ঐ শুনানা, তুমিতো এইবিধ বেয়া পোৱা বুলি জানোঁ। কিন্তু মোৰ অভ্যাস যে,  মই অলপ ধৰি দিলে বেয়া পাবা নেকি?

: মই বেয়া পাওঁ বুলি তুমি ইতিমধ্যে জানাই। কিন্তু তাৰপিছতো তুমি খাবা বুলি ময়ো জানোঁ।

: (এটা চিপ লৈ) তোমাৰ এই কথাটো মোৰ ভাল লাগে বুজিছা। এই যে লিবাৰ্টিখিনি মানুহক দিয়া। সেইটো ভাল কথা।

: তুমিওতো এয়েই, মানুহক নিজৰ মতে থাকিবলৈ দিয়া। কিয় মনত নাই, তাই যেতিয়া কোনো কাৰণ নেদেখুওৱাকৈ তোমাক এৰি যাবলৈ বিচাৰিছিল, তুমিও লগে লগে “তুমি যেনেকৈ সুখী হোৱা মই তাতেই সুখী” বুলি কৈছিলা!

: তুমি বে মোৰ দুখতি ৰগ মে হাথ ৰাখিবলৈ আহিছা। সেইটো চেপ্টৰ ক্লজ কৰা বে। সেইজনীৰ পিছত আৰু দুজনী আহি গুচি গ’ল।

: ইহঁত দুজনী কিয় গ’ল আকৌ?

: এহ মোৰ আদৰ্শবাদী কবিতা দুটামান পঢ়ি মোৰ প্ৰেমত পৰিছিল। পিচে যেতিয়া গম পালে মই সঁচাকৈয়ে আদৰ্শবাদী মানুহ, ব’ৰ হৈ গুচি গ’ল।

: এইটো আকৌ কেনেকুৱা কথা হ’ল! আদর্শবাদী চিন্তা ভাল পাই কিন্তু আদৰ্শবাদী মানুহ ভাল নাপায়।

: মই জানিছিলোঁৱেই এইটো তোমাৰ মূৰৰ ওপৰেৰে যাব। মানে সিহঁতক কেনেকুৱা মানুহ লাগে জানা? এই ধৰা মই দুৰ্নীতি কৰিব নালাগে বুলি ভাষণ দিলোঁ। জাউৰিৱে জাউৰিয়ে হাত চাপৰি পালোঁ। কিন্তু তাৰ পিছতেই মই নিজেই দুৰ্নীতিত লিপ্ত হ’লোঁ। কাৰণ , আদৰ্শবাদী কথাবোৰ শুনিবলৈয়ে ভাল, আচলত কাম নাই।

: কিয় কাম নহ’ব অ’। কিছুমান মানুহে সেই আদর্শবোৰক মনেপ্ৰাণে মানিছিল আৰু কিছুমানে এতিয়াও মানি আছে বাবে পৃথিৱীখন চলি আছে।

: আবে জীৱনে এনেই বহুত কামোৰ দি আছে বে, তুমিও ষ্টাৰ্ট নকৰিবা প্লিজ! এইকাৰণেই মই আহিয়েই মালটো খাই দিওঁ। মই জানোঁ- অলপ দেৰি হ’লেই তুমি আহি এইবোৰ বেবেৰিবাং কথা বকি থাকিবা।

: মোৰপৰা পলাব পাৰিবা জানো?

: আৰে নোৱাৰোঁ। তুমিয়েই কাল হ’লা মোৰ বাবে। এনেকুৱা আদৰ্শবাদী কথা তোমাৰ বাহিৰে মোক কোনেও নকয়। তুমি নথকাহেঁতেন মোৰ জীৱনত ইমান যন্ত্ৰণা নহয়। তুমিয়েই বৰবাদ কৰিলা মোক। তুমি নথকাহেঁতেন তেতিয়াই অলপ টকা ঘোঁচ দি সেই চাকৰিটো কিনি থলোঁহেঁতেন। তুমি নথকাহেঁতেন মোৰ লগৰ ছোৱালীজনীক অশ্লীল আচৰণ কৰা পি. এইচ. ডি.-ৰ গাইডজনক মই নামাৰিলোঁহেঁতেন, আজি এটলিষ্ট পি. এইচ. ডি. হ’লদাৰ হৈ থাকিলোঁহেঁতেন। যিজনী ছোৱালীৰ কাৰণে মই ছাৰৰ লগত যুদ্ধ কৰিলোঁ তাই কি কৰিলে জানাইতো? সেইজন ছাৰৰ অধীনত পি. এইচ. ডি. কমপ্লিত কৰিলে। বিচাৰত ক’লে- ছাৰে হেনো তাইক বেয়া ব্যৱহাৰ কৰাই নাছিল, মই ব্যক্তিগত আক্ৰোশৰ বাবে হেনো ছাৰক অপদস্ত কৰিছিলোঁ। চালা মোক আদৰ্শৰ কথা ক’বলৈ আহে! আবে সঁচা কওঁ, তুমি নথকাহেঁতেন মই সাগৰিকাক বিয়া পাতি আজি সুখৰ সংসাৰ কৰি থাকিলোঁহেঁতেন। ইয়াতে বহি গিলাছত মদ বাকি ট্ৰেজেদি ফালি নাথাকিলোঁহেঁতেন। কে(অশ্লীল), আদৰ্শৰ কথা মোক কয়!

: মই জানোঁ তুমি কষ্টত আছা। কিন্তু কষ্টত থকা মানেই জানো ভুল? শুদ্ধ জানো তুমিয়েই নহয়।

: কিন্তু সুখ? মোৰ সুখ ক’ত? মই যদি শুদ্ধ তেন্তে মোৰ ভাগৰ সুখ ক’ত?

: সুখ আছে। তুমি মন কৰা নাই। তোমাৰ মাজত শুদ্ধ হোৱাৰ সুখ আছে। তুমি আদৰ্শবাদী হোৱাৰ সুখ আছে। তোমাৰ একো নোহোৱাৰ পিছতো তুমি তোমাৰ দৰে হোৱাৰ গৌৰৱৰ সুখ আছে। আজি এই গোটেইখিনি কথা কওঁতেও কোনোবাখিনিত তুমি জানো নিজৰ অৱস্থিতিটোক লৈ অলপ গৌৰৱবোধ কৰা নাই!

: হুম। ঠিক গৌৰৱবোধ নহয় বুজিছা। কিন্তু কিবা এটা মিঠা সুখ আছে বে। সঁচা কথা। ঐ শুনা, আজি যোৱা বে। ৰাতিও হ’ল। কিন্তু আহি থাকিবাচোন। ভাল লাগে তোমাৰ লগত কথা পাতি।

: হাঃ হাঃ। তোমাক এৰি মই যাম ক’লৈ? মই জানো তুমিয়েই নহয়!

: এক মিনিট, যোৱাৰ আগতে এটা কথা ক্লিয়েৰ কৰি দিয়াচোন- মই তুমি নে তুমি মই বাৰু?

☆ ★ ☆ ★ ☆

One comment

  • ডলী

    ভাল লিখিছা পাৰ্থ

    Reply

Leave a Reply

Your email address will not be published.