ফটাঢোল

মই ভি তো বাপ বনিম – ডলী তালুকদাৰ

: বাইদেউ, আপুনি আজিৰ পৰা গকুলক আপেল, কল নিদিব। মই বেয়া পাইছোঁ তাক দিয়াত। 

জুহিয়ে মুখখন ফুলাই মোক ক’লে।

: কিয় দিব নালাগে? তোমাকো দিওঁ দেখোন ফলমূল! গকুলক বাৰু দুটা ফল বেছিকৈ দিওঁ। তাৰ কাৰণটো তুমি জানাই দেখোন জুহি। নাপায় দেই এনেকে ক’বলৈ।

: নহয় বাইদেউ, মই হিংচা কৰা নাইতো কিন্তু গকুলটো এক নম্বৰ হাৰামী আছে ৰে! একদম বদমাছ আছে। মানুহক বৰকৈ ঠগে আৰু আপোনাকো ঠগে সদায়।

: না বাইদো। এই জুহি বহুত ঝুঠি আছে। বহুত ঝুঠ কয়। মোক একদম দেখিব নোৱাৰে। সেইকাৰণে চুগ্লী কৰিবলৈ আহে।

: জুহি কাম কৰাগৈ। কাপোৰ ইস্ত্ৰি কৰাগৈ আৰু যদি কাম নাই বাৰাণ্ডাত ফুলৰ টাববোৰকে চাফা কৰাগৈ। মোক আমনি নকৰিবা। দুয়ো আঁতৰ হোৱা। এনেকৈ কাজিয়া নকৰিবা মোৰ আগত।

 

মুখখন ফুলাই জুহি গুচি গ’ল।

এয়া আমাৰ ঘৰত কাম কৰা জুহি আৰু গকুলৰ মাজত লাগি থকা প্ৰায়ে খুতখাত। আমি তেতিয়া ডিগবৈৰ পাৱৈ চাহ বাগানত আছিলোঁ। সেই বাগানৰে এটা ৰসাল চৰিত্ৰ গকুল। গকুলে মোৰ বাংলোত ৰান্ধনী হিচাপে কাম কৰিছিল। পঁচিশ ছাব্বিশ বছৰীয়া এটা ডেকা ল’ৰা কিন্তু ডেকা ল’ৰাতকৈ গাভৰু ছোৱালীৰ গুণহে বেছি আছিল। কথাবোৰো নাৰীসুলভ আৰু মাজে মাজে নখত নখপলিচ, হাতত জেতুকাও লগায় আহে। সুধিলে কয় মানুহজনীয়ে লগালে মোৰো মন যায়।

সেইদিনা দুপৰীয়া বাহিৰত জুহিয়ে মালি দুজনৰ লগত কথা পাতি আছে। বেডৰূমত আছোঁ যদিও কাণত সিহঁতৰ কথাবোৰ পৰি আছে।

: দেখ না নানা! আমি বাইদোকে ভাল কথা বল্লি কিন্তু বাইদো উল্টা মকে ৰাগ কৰে।

: তোৰ কি দৰকাৰ! বাইদো যি যি কৰে কৰক।

: নাৰে নানা! ওই গকুল বৈধ্য হাৰমী লাগে। সি বাইদোকে ঠগি আছে। আমাৰ ডাক্তৰ ছাৰ আৰু বাইদো কিমান ভাল আছে। দুখ লাগে ৰে। গকুলে ঠগি আছে। পাপ লাগবে তাৰ মুই বলি দিছি।

 সিহঁতৰ কথা শুনি বাহিৰলৈ ওলায় আহিলোঁ। এওঁ হস্পিতালৰ পৰা ভাত খাবলৈ অহা নাই তেতিয়াও। বাৰণ্ডাত আহি বাটলৈ চোৱাৰ দৰে কৰি  বহি দিলোঁ। তলৰ চিৰিত বৰ মালি দুৰাবাগ আৰু সহায়িকা জুহিয়ে ফুলৰ টাব চাফা কৰি আছে। বাহিৰত বন চাফা কৰি আছে ৰাজু মালীয়ে।

 

মই যোৱাৰ বাবে সিহঁতে চুপচাপ কাম কৰি আছে। জুহিক সুধিলোঁ,

: কি অ’ আজি কি হ’ল তোমাৰ? গকুলক কিয় ইমান গালি পাৰি আছা? মই সকলো শুনিছোঁ ভিতৰৰ পৰা। তোমালোকে মিলিজুলি থাকিব লাগে। বেয়া পাইছোঁ দেই মই।

 

: বাইদো মোক বেয়া পালে কি হ’ব? আপুনি যেতিয়া গকুলে কি কৰিছে জানিব তেতিয়া আপোনাৰো খং উঠিব।

: কি কৰিলেনো সি? ইমান যে ঘূৰাই পকাই কৈ আছা? চিধাচিধি নোকোৱা কিয়?

: বাইদো, আপুনি যে তাক ফলমূলবোৰ দিয়ে সি বাটতে সৱ খাই পেলায়। ঘৰত ঘৈণীয়েকক নিদিয়ে আৰু ফ্ৰীজত যে গাখীৰ কমি থাকে আৰু গকুলে গৰম কৰোঁতে শুহি যোৱা বুলি কয়, কেতিয়াবা ফাটি যোৱা বুলি কয়! আচলতে সিহে খাই থয় বাতিত ঢালি।

: কি ক’লা? গাখীৰবোৰ চুৰ কৰি খাই আৰু ফলমূল গোটেই অকলে খায়? কিয় তাৰ ঘৈনীয়েকক নিদিয়ে নেকি?

: নাই বাইদো। সি নিদিয়ে।

: সঁচানে জুহি! আজি তাক মই সুদাই নেৰোঁ। অহ্ সেইবাবেহে কিমান দিন লাল চাহ খাইছোঁ তাৰ বাবে। সি ফাটি যোৱা,শুহি যোৱা বুলি কয়। ৰহ বেটা, আজি মজা দিম। উলিয়াই দিম বাংলোৰ পৰা। নালাগে তাৰ দৰে ৰান্ধনী।

এওঁ আহি পালে দুপৰীয়া। মই কথাখিনি ক’লোঁ। এওঁৰো খং উঠিল। ক’লে গকুলৰ ঘৈণীয়েক গৰ্ভৱতী বাবেহে ফলমূল, হৰলিক্স তাক দিওঁ যাতে তাই খাব পাৰে। সি ঘৈণীয়েকক নিদি নিজে খায়। কেনেকুৱা গিৰিয়েক অ’ এইটো?

হঠাতে এওঁ ক’লে, “আৰু কথা আছে ৰ’বা, তোমাক ক’বলৈ পাহৰিছোঁ। ঘৈণীয়েকে হস্পিটেলত আহি কমপ্লেইন কৰিছে যে তাই আইৰণ টেবলেট, কেলচিয়াম টেবলেট বোলে পোৱা নাই। মইতো গকুলৰ হাততে দি পঠাইছিলোঁ। তাৰমানে সি  ঘৈণীয়েকক দিয়া আইৰণ টেবলেট আৰু কেলচিয়াম টেবলেটো মনে মনে খাই নেকি? তাক দিম মছলা ৰ’বা।”

পিছদিনা পুৱা আঠ বজাত গকুল আহিল। আহিয়ে প্ৰথমে সি বাৰীত থকা মধুৰিআমৰ তললৈ দৌৰ দিছে। মই জুহিক ক’লোঁ, “মাত তাক। ৰাতিপুৱাৰ জলপান বনাব এৰি সি মধুৰিআম বিচাৰিব নালাগে।”

ভিতৰত সোমাই চিধা ফ্ৰীজটো খুলিবলৈ বিচাৰি দেখে তলা মৰা। মোক ক’লে,

: বাইদো ফিৰিজটো তালা মাৰা। গাখীৰ গৰম কৰিম বুলি ভাবিছিলোঁ’ (গকুলে অলপ ছোৱালী সুৰত কথা কৈছিল)। 

মই ক’লোঁ “নালাগে কৰিব।”

: নহয় আপোনাক খুৱাম বুলি ভাবিছিলোঁ গাখীৰ আৰু গৰম  না কৰিলে বেয়া হ’ব গাখীৰ।

মই ক’লোঁ, “গৰম কৰি থৈছে জুহিয়ে। তুমি ব্ৰেকফাষ্ট আৰু ভাতৰ যোগাৰ কৰা। সব্জী উলিয়াই থৈছোঁ, চাউল, ডালি বাহিৰতে আছে।” মই পাত্তা দিয়া নাই বেছি। সি সেমেনাসেমেনি কৰি কাম কৰাত লাগিল।

 এওঁ আহিল কিছুসময় পিছত। পানী দিওঁতে সি জনালে,

: ছাৰ ফিৰিজটো বন্ধ আছে। গাখীৰ বাহিৰত নাই। চাহ কেনেকে বনাম?

এওঁ ক’লে “ৰঙা চাহ দে।”

সি সেমেনাসেমেনি কৰি গ’ল। আমি দুয়ো চকুৰে চাই মুখ টিপি হাঁহিলো।

অলপ পিছত গকুলক এওঁ মাতিলে ওচৰলৈ, জুহিকো মাতিলে। 

: গকুল জুহিয়ে কৈছে তোক দিয়া ফলমূল,হৰলিক্স তই অকলে খাৱ? মানুহজনীক নিদিয়? তাইৰ বাবেই বাইদেউৱে মৰমতে দিয়ে আৰু তই এনেকুৱা কৰ? তই নিজেহে খুৱাব লাগে আনি।

: নাই ছাৰ, মই তাইকে দিওঁ। এই জুহিয়ে মিছা কৈছে। কাহে ঝুঠ বোলছ ছাৰকে হা? 

এইবুলি সি জুহিক খেদা মাৰি যোৱাত এওঁ ধমকি দিলে।

“চুপ থাক, জুহি নহয় তোৰ মানুহজনীয়েও কৈছে তোৰ কথা

আৰু তই বোলে তোৰ ঘৈণীৰ কেলচিয়াম টেবলেট আৰু আইৰণ টেবলেটো খাৱ?

: আৰু ছাৰ ই আপোনালোকৰ ঘৰৰ গাখীৰো খাই চুৰ কৰি, 

জুহিয়ে চাঞ্চ পাই ক’লে।

গকুলে মূৰটো খজুৱাই ক’বলৈ ধৰিলে কন্দনামুৱা হৈ,

 : ছাৰ, চবে মোৰ মাইকীটোকে ভাল ভাল খাবলৈ দিয়ে যেতিয়াৰ পৰা তাই মা হ’ব ওলাইছে। দাৱাই, ভিটামিন ভি দিয়ে চেহেৰাটা ভাল হ’বলৈ। শাক, সব্জী, গাখীৰ তাইক খাব দিয়ে। ওচৰৰ মানুহে মাংস, মাছ বনালে তাইকে দিয়ে অকলে খাবলৈ। মোক কোনেও নিদিয়ে। মোৰ কথাও ভাবিব লাগে। আৰে মই ভি তো বাপ বনিম না! মোকো তো ভাল খানা খুৱাবা লাগে।

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    হয়োতো কথাটো বেচেৰা😂😂

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    গকুলৰ কথাৰ পইণ্ট আছে৷ ৰস পালোঁ পঢ়ি৷

    Reply
  • বন্দিতা জৈন

    😂😂😂😂অ হয়তো।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল ডলী৷

    Reply

Leave a Reply

Your email address will not be published.