ফটাঢোল

মূল গল্প : অনাগত অসমীয়া অনুবাদ : অনাগত লেখক : আশাপূৰ্ণা দেৱী অনুবাদিকা : নীলাক্ষি দেৱী ডেকা

অনুৰাধাৰ আচৰণ সঁচাকৈয়ে বৰ বিসদৃশ যেন লগা হ’ল। বিয়াঘৰ মিতিৰ-কুটুমেৰে ভৰি আছে। তেওঁলোকৰ লগতে আনকি ঘৰৰ চাকৰ-বাকৰেও লুকাই চুৰকৈ ছিঃ ছিঃ কৰিবলৈ ধৰিলে। নকৰিবনো কিয়? যিয়েই শুনক লাগে অনুৰাধাৰ কামটো যে অতিশয় বেয়া হ’ল তাকেই কবলৈ যাব।

কামটোও কম বেয়া হোৱা নাই কিন্তু! ভটিজাকৰ বিয়া খাবলৈ পেহীয়েক আহিছিল। সুখে সন্তোষে বিয়া খোৱা আৰু গুচি যোৱা, লেঠা তাতেই শেষ। সামান্য কোঠা এটাৰ কথাকেই চেলু লৈ বিয়াৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই গুচি গ’লে ভাল দেখা হয় জানো? আৰু পেহীয়েকতো সৰু ছোৱালী নহয়। বয়সে কেতিয়াবাই ডেৰকুৰি গৰকিলে কিন্তু অলপো কাণ্ডজ্ঞান নহ’ল। কাণ্ডজ্ঞান নাথাকিলেও অন্ততঃ লাজ মান বুলিওতো কিবা অলপ থাকিব লাগিছিল!

বিয়াঘৰত উপস্থিত সকলোৰে ভিতৰত অনুৰাধাৰ নিজৰ মাক মনোৰমাৰেই গালি গালাজ সকলোতকৈ বেছি। নহ’বনো কিয়? মাকেতো আৰু লাজ-মান পুৰি খোৱা নাই। নবকিলে আনে এইটোওতো ভাবি ল’ব পাৰে যে অনুৰাধাৰ এই আচৰণৰ অন্তৰালত মাকৰেই উচতনি থাকিব পাৰে! ভাগ্য ভাল মন গহনত কি চলি থাকে সেইখিনি কোনেও নেদেখে। নহ’লে একমাত্ৰ জীয়েকৰ অভিমানভৰা মুখখনে মাকৰ মনত কি বেদনা দিছিল সেইটো একমাত্ৰ তেওঁ নিজেহে জানে৷ বিয়াঘৰত অনুৰাধাৰ অনুপস্থিতিৰ শূণ্যতা আনে পূৰাব পাৰিব জানো? জীয়েক গুচি যোৱাৰ লগে লগে কোলাহলমুখৰ বিয়াঘৰো খালী খালী যেন অনুভৱ হৈছে। এনে লাগিছে যেন সকলোৰে আনন্দ হাঁহি ধেমালিবোৰ যেন এক অৰ্থহীন ৰুদ্ধ শব্দশ্ৰোতহে মাথো! আন একো নহয়, হ’ব নোৱাৰে। বোৱাৰীয়েকৰ বিবেচনাহীন আচৰণ, বিয়াৰ কইনা নাতিনীয়েকৰ অনাহক স্বাৰ্থপৰতাই মনোৰমাক যেন শেল হৈহে শানি ধৰিছে। তথাপিও তেওঁ অনুৰাধাকেই দোষ দিবলৈ বাধ্য। দোষ নিদিলে এইখন সংসাৰত তেওঁৰ মান প্ৰতিষ্ঠাই সংকটৰ মুখত পৰিব। তেখেতে এইটোও বুজে যে য’ত অধিকাৰ নাই তাত অভিমানৰো কোনো স্থান নাই। জীয়েকৰো ভুল। আলহী হৈ আহিছ, দুদিন থাকি খাই বৈ ফূৰ্তি কৰি গুচি যা, লেঠা শেষ। নিজৰ জেদত মাকৰ মনটোৰ কথাও এবাৰলৈকো ভাবি নাচালে তাই। আঠ-ন বছৰৰ বিৰতিৰ পাছত মাকৰ ঘৰলৈ বুলি অহা। জোঁৱায়েকৰো ছুটি পাবলৈকে টান। তাৰপাছতো এনেকৈ হুৰমূৰকৈ গুচি গ’ল।

আচল ঘটনাটো হ’ল যে, তিনিমহলাৰ যিটো কোঠা ‘বেবীৰ ৰূম’ বুলি কোৱা হয় সেইটো এটা সময়ত বেবীৰ পেহীয়েক অনুৰাধাৰেই কোঠা আছিল। ঘৰ বনোৱাৰ সময়ত অনুৰাধাৰ দেউতাকেই সেইটো নাম দিছিল। অনুৰাধা সেই সময়ত নিচেই সৰু। কিতাপৰ পোক জীয়েকৰ কাৰণে দেউতাকে চকী মেজ, কিতাপৰ আলমাৰী দি কোঠাটোক সুন্দৰকৈ সজাই পৰাই তুলিছিল।

কিতাপ পঢ়াৰ নিচা অনুৰাধাৰ সৰুৰ পৰাই। নিজাকৈ কোঠা এটা পোৱাত সুবিধাই হ’ল। জীয়েকক কিতাপৰ মাজৰ পৰা উঠাই ভাত পানী খাবলৈ তললৈ আনিবলৈ মনোৰমাৰো কমখন কষ্ট হোৱা নাছিল। স্কুল কলেজৰ পৰীক্ষাৰ সময়ত মনোৰমাই বেছিভাগ সময় ভাতৰ কাঁহী ডাঙি নি তাতেই দি আহিবলগীয়া হৈছিল। অনুৰাধাৰ বিয়া হৈ যোৱাৰ পাছতো মাকৰ ঘৰলৈ আহোঁতে প্ৰতিবাৰ সেইটো কোঠাতেই থাকে। আন সময়ত কোঠাটো অনুৰাধাৰ সৰুকালৰ খেলাবস্তু আৰু দম দম কিতাপেৰে ভৰ্তি হৈ থাকে। পাছৰ সময়ছোৱাৰ ইতিহাস স্বতন্ত্ৰ। গিৰিয়েকৰ অফিচৰ ছুটিৰ অভাৱত আৰু এইফালৰ পৰাও উৎসাহৰ অভাৱত যোৱা আঠ-ন বছৰে মাকৰ ঘৰলৈ অহা হোৱা নাই অনুৰাধাৰ। ইতিমধ্যে ভটিজী বেবী গাভৰু হৈছে আৰু সকলোৰে অলক্ষিতে সেই কোঠাটোৱেই লাহে লাহে ‘বেবীৰ কোঠা’ নামেৰে অভিহিত হ’বলৈ ধৰিছে। অৱশ্যে ঘৰৰ চাকৰ বাকৰে তেতিয়াও ‘বাইদেউৰ কোঠা’ বুলিয়েই কৈছিল এতিয়াও কয়। বেছিভাগেই নতুনকৈ কামত ৰখা।
আগৰ কাম কৰা মানুহে মনোৰমাক মা বুলি মাতিছিল আৰু উষাৱতীক মাতিছিল নবৌ বুলি। বেবী, বেবীয়েই আছিল। এতিয়া চাকৰ-বাকৰে উষাৱতীক মা বুলি মাতে আৰু মনোৰমাক মাতে আইতা বুলি। বেবীক বহুতদিনৰ পৰা বাইদেউ বুলিয়েই মাতি আহিছে সকলোৱে। অনুৰাধাক দেখাৰ লগে লগে তাৰে দুগৰাকীয়ে পেহীদেউ বুলি আহি সেৱা কৰিলেহি।
অৱশ্যে সম্বোধন লৈ বিশেষ একো সমস্যা নাছিল। সমস্যা হ’ল কোঠাটোক লৈহে। অনুৰাধাৰ লগত অহা সহায়কাৰীজনে যে অনুৰাধাৰ বস্তু বাহানি নি চিধাই তিনিতলাৰ ওপৰত তুলিবগৈ সেইটো কোনোৱে কল্পনা কৰা নাছিল। উষাৱতীয়ে ভাবিছিল যে অনুৰাধাই মাকৰ কোঠাতেই থাকিব এইকেইদিন। বিয়াৰ ঘৰ মানুহেৰে ঠাঁহ খাই আছে। নন্দেকক অকলে এটা কোঠা এৰি দিয়াটো সম্ভৱ নেকি! ইপিনে ইচ্ছা থাকিলেও মাকৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ দিবই পৰা নাই উষাৱতীয়ে। গিৰিয়েকৰ পৰিয়ালৰ মানুহেই অজস্ৰ। এটা এটা কোঠাত বহুকেইজন আত্মীয় থকাৰ ব্যৱস্থা কৰিব লগা হৈছে। একমাত্ৰ বেবীৰ ৰূমটোতেই এতিয়ালৈকে ভিৰ নাই। বেবীয়ে মাকক আগতেই সাৱধান বাণী শুনাই থৈছে। বেবীৰ কোনোবা অন্তৰঙ্গ বান্ধৱী আহিব বিয়াৰ কেইদিন থকাকৈ। গতিকে বান্ধৱীৰ কাৰণে বেবীৰ কোঠা আগৰপৰাই ৰিজাৰ্ভড। তদুপৰি ইমান গণ্ডগোলৰ মাজত নতুন কইনাৰ কাৰণে কিনা বস্তু বাহানি ৰাখিবৰ কাৰণেওতো অলপমান সুৰক্ষিত ঠাই লাগে। নিজৰ কোঠাত পেহীয়েকৰ বস্তু বাহানি দেখিয়েই বেবীৰ মগজ নষ্ট। ঘৰৰ একমাত্ৰ কন্যাসন্তান বুলিয়েই বেবী সকলোৰে মৰমৰ তাতে এতিয়া তাই বিয়াৰ কইনা। গতিকে বেবীয়ে বিচাৰিলে মাক দেউতাকে আকাশৰ জোনটো আনি দিবলৈও প্ৰস্তুত। বেবীক আৱৰ্তিত কৰিয়ে বিয়াঘৰৰ উৎসৱ সমাৰোহ চলিছে। সেই বেবীয়েই খঙত মুখ ৰঙা কৰি আহি মাকক সুধিলেহি,

: এইবোৰ কি কাণ্ড মা? পেহীক মোৰ ৰূমত থাকিবলৈ পঠিয়াইছা নেকি?

উষাৱতীয়ে জীয়েকৰ কথা শুনি চক খাই উঠি ক’লে,

: সেইটো আকৌ কি কথা? কোনে কৈছে?

: ক’বলৈ আৰু কি আছে? পেহীৰ বস্তু বাহানি সৱ তাতেই পৰি আছেচোন। এতিয়া তেওঁ নিজৰ পেঁ পোঁ পেঁপা দুটাক লৈ তাত অধিস্থিত হ’বলৈহে বাকী। মই কিন্তু কৈ থ’লোঁ মা, যদি পেহী মোৰ কোঠাত থাকিবলৈ হয় তেন্তে মই কিন্তু দীপ্তিক মোৰ বিয়ালৈ আহিবলৈ মানা কৰি দিম।

উষাৱতীয়ে জীয়েকক সান্তনা দি ক’বলৈ ধৰিলে,

: কিয় ইমান চিন্তা কৰিছ? পেহীয়েৰ আইতাৰৰ কোঠাত থাকিব দে। মই এতিয়াই গৈ সকলো ঠিক কৰি থৈ আহিম।

ইফালে উষাৱতীৰ প্ৰস্তাৱ শুনি অনুৰাধাৰ মুখ ৰঙা কৰাৰ পাল।

: মোক মাৰ কোঠাত থকাৰ কথা কৈছা? কেনেকৈ থাকিম? ইয়াত থাকিবলৈ ঠাই ক’ত? সংসাৰৰ সমস্ত জঞ্জাল দেখোন মাৰ কোঠাতেই!

উষাৱতীয়ে ক’বলৈ ধৰিলে,

: এতিয়াতো মন্ত্ৰৰ বলেৰে ঘৰখন ডাঙৰ কৰি তুলিব নোৱাৰি! বিয়াৰ কেইদিন কষ্ট মস্তৰে মিলাই চলিলেই হ’ল দেখোন। নহ’লে এটা কাম কৰা, তোমাৰ অলপ বস্তু মোৰ বিছনাৰ তলতেই থৈ নিদিয়ানো কিয়? দুদিনৰ কাৰণে আহোঁতেও কমগাল বস্তু আনিছানে তুমি!

: ভুল হৈ গ’ল দেখিছোঁ।

এইবুলি কৈ অনুৰাধা গুচি গ’ল তাৰ পৰা। আৰু আপত্তি নকৰিলে। আপত্তি আহিল অলপ দেৰীৰ পাছত বেবীৰ দেউতাকৰ মুখৰ পৰাহে। নিজৰ পৰিবাৰক একাষৰীয়া কৰি মাতি আনি সুধিলে প্ৰভাসে,

: অনুক ক’ত থাকিবলৈ কৈছা? শুনিছোঁ তাইৰ পচন্দ হোৱা নাই হেনো। তেতিয়াৰ পৰা কাপোৰ কানিও নসলোৱাকৈ বহি আছে।

গিৰিয়েকৰ কথা শুনি গালে-মূৰে হাত দিলে উষাৱতীয়ে,

: হে প্ৰভু, কস্মিনকালেও শুনা নাছিলোঁ এনেহেন কথা! বিয়াঘৰত নিজৰ নিজৰ পচন্দৰ মতে কোঠা কোনে পাইনো? বাৰু আদেশ দিয়া, তোমাৰ চেনেহৰ ভনীয়েৰাক কোনটো কোঠাত অধিস্থিত কৰিব লাগে? দৰকাৰ হ’লে ময়েই মোৰ কোঠা এৰি চাদত শুবলৈ যাওঁ।

প্ৰভাসে সুধিলে,

: অনুৱে নিজে কোনটো কোঠাত থাকিবলৈ বিচাৰিছে নো?

: ভনীয়েৰাৰ জীয়েৰৰ কোঠাটো দখল কৰাৰ মন।

উষাৱতীয়ে উষ্মাৰে উত্তৰ দিলে।

: আৰে, এইটো আকৌ কেনেকৈ হ’ব? মই গৈ বুজাই আহোঁ ৰ’বা!

প্ৰভাস আহি ভনীয়েকৰ ওচৰ পালেহি।

: তই দেখোন কাপোৰ কানি সলোৱাই নাই! কাপোৰ সলাই মুখ হাত ধুই নলৱনো কিয়? তোৰ বস্তু বাহানি ক’ত? দেখা নাই যে? কোনোৱে আনি দিয়া নাই নেকি এতিয়ালৈকে? এই চাকৰমখা ক’ত মৰিলেগৈ?

: বস্তু অনা হৈছে দাদা। কেৱল অলপ বেছি ওপৰলৈ তুলি নিছিলোঁ। নমাই আনিছোঁ।

প্ৰভাসে হাঁহি হাঁহি ক’লে,

: তেনেহ’লে সাজি-কাচি ল সোনকালে। দৰাৰ ঘৰৰ পৰা অলপ মিতিৰৰ মানুহ কইনা চাবলৈ আহিব বুলি খবৰ দিছে। কি সমস্যা চাচোন। আকৌ যোগাৰ পাতি কৰিবলৈ লাগিল।

অনুৰাধাই সামান্য হাঁহি উত্তৰ দিলে,

: সমস্যা আৰু কি? তেখেতসকলতো আৰু থাকিবলৈ নাহে! যি থাকিবলৈ আহে সমস্যা তেওঁলোকক লৈহে৷

প্ৰভাসে আৰু কথা নবঢ়াই তাৰপৰা পলাল।

এইখিনি আছিল পুৱাবেলাৰ কথা। গধূলিলৈ শুনা পোৱা গ’ল অনুৰাধাৰ গা হেনো ভীষণ বেয়া। ৰাতিৰ ৰে’লত নিজৰ ঘৰলৈ উভতি যাবলৈ ওলাইছে।

ইয়াৰ পাছতো মানুহে ছিঃ ছিঃ নকৰাকৈ পাৰেনে? অনুৰাধা গুচি যোৱাৰ লগে লগে নিন্দাৰে ঘৰ ভৰি পৰিল। উষাৱতীৰ ভনীয়েকহঁতে মাজনিশালৈকে সাৰে থাকি বায়েকৰ নন্দেকৰ বদনাম গালে। পাছদিনা পুৱা অৱশ্যে কোনেও অনুৰাধাৰ কথা নুলিয়ালে। মনত পৰিলেহে উলিয়াব! সকলো ৰঙ ৰহৈচত ব্যস্ত। ইমানসোপা মানুহৰ মাজত কেৱল এগৰাকী মানুহৰ কথাত গুৰুত্ব দি থাকিবলৈ সময়েই বা ক’ত!

বেবীৰ বান্ধৱী দীপ্তি আহি পাইছেহি ইতিমধ্যে। দুয়ো বান্ধৱী তিনিতলাৰ কোঠাত সাজোন কাচোনত ব্যস্ত। তেনেতে দামী ফ্ৰেমত বন্ধোৱা এনলাৰ্জড ফটো এখন হাতত লৈ প্ৰভাস আহি বেবীৰ কোঠাৰ সন্মুখত থিয় দিলেহি।

বেবীয়ে দেউতাকক দেখিয়েই ব্যগ্ৰ হৈ পৰিল।

: ফটোখন বন্ধোৱা হ’লনে দেউতা? চাওঁ চাওঁ!

প্ৰভাসে দুহাতেৰে ফটোখন ডাঙি ধৰিলে,

: ধুনীয়াকৈ বন্ধাইছে ন?

: বহুত ধুনীয়া হৈছে। দীপ্তি চা এইফালে।

ফটোখন আন কাৰো ফটো নহয়, বেবীৰেই ফটো। বেবীৰ চখতেই তোলা।

ফটোখনত দক্ষিণফালৰ বাৰান্দাত কাৰ্পেট পাৰি বেবী বহি আছে। হাতত চেতাৰ। খোলা চুলিয়ে ডিঙি বুকু ঢাকি ৰাখিছে। অধোবদনা বেবীৰ মুখৰ এফালে আবেলিৰ আভা। বোধকৰো নিজৰ জীয়ৰী জীৱনৰ স্মৃতিক অক্ষুন্ন ৰখাৰ চেষ্টাতেই ফটোখনক বন্ধাই ৰখাৰ আব্দাৰ বেবীৰ।

: ৰ ময়েই আঁৰি দি যাওঁ।

এইবুলি কৈ প্ৰভাসে কোঠাৰ ইফালে সিফালে চকু ফুৰাবলৈ লাগিল।

: কোনখন ৱালত আঁৰি দিম কচোন তয়েই!

বেবীয়ে ঈষৎ লজ্জিতভাবে উত্তৰ দিলে,

: তোমাৰ য’ত মন যায় তাতেই ওলোমাই দিয়ানা দেউতা! মোক আৰু কিয় সুধি থাকিব লাগে?

: যাৰ ফটো তাকেইতো সুধিব লাগিব না! ইমান ডাঙৰ ছবিখন সৌখন ৱালৰ বাহিৰে বেলেগত আঁৰিবলৈ ঠাই নহ’ব৷

এইবুলি কৈ প্ৰভাসে সন্মুখৰ বেৰ এখনৰ ফালে খোজ ল’লে। বেৰখনত বহুদিনৰ পুৰণি ধূলিৰে আচ্ছাদিত হৈ এখন পুৰণি ছবি ওলমি আছিল। ফটোখন টানি নমাব খোজোঁতেই ওলোমাই থোৱা ৰছীডাল চিগিল।

: ভাগ্যভাল! আৰু দুদিনমান এনেকৈ ওলমি থাকিলে কোনোবা সময়ত পৰি কাঁচখন ভাঙি থাকিল হয়৷

এইবুলি কৈ প্ৰভাসে পুৰণি ছবিখন আঁতৰাই বেৰত একাষত আওজাই থ’লে আৰু তাৰপাছত একেটা গজালতেই বেবীৰ নতুনকৈ ফ্ৰেম বন্ধাই অনোৱা ছবিখন ওলোমাই দিলে।

: এইখন কাৰনো ফটো অ? ইমানবাৰ আহিছোঁ যদিও আজিহে চকুত পৰিল।

এইবুলি কৈ বেবীৰ বান্ধৱী দীপ্তিয়ে আগলৈ হাওলি ফটোখন তুলি লৈ ধূলি জোকাৰিবলৈ ধৰিলে।

: আৰে, এইখন দেখোন তোৰেই ফটো বেবী! কেতিয়া তুলিছিলি? ইমান দুৰৱস্থা হ’ল যে এইখনৰ?

: যাঃ মোৰ ফটো নহয় সেইখন। পেহীৰ ফটো। তোকযে কৈছিলোঁ মই, বিয়ালৈ আহিয়েই গুচি যোৱা বুলি!

দীপ্তিয়ে খিৰিকীৰ কাষলৈ আহি ছবিখন আকৌ ভালকৈ মন কৰি চাই ক’বলৈ ধৰিলে,

: পেহীয়েৰৰ অবিকল তোৰেই চেহেৰা। আনকি ফটো তোলা পজটোও একে।

নিজৰ ৰূপ লাৱণ্যৰ বিষয়ে বেবী অলপ বেছিকৈয়ে সচেতন। গতিকে পেহীয়েকৰ চেহেৰাৰ লগত নিজৰ তুলনাটো বৰ এটা পচন্দ নহ’ল তাইৰ।

: সকলোৱে কয় পেহীৰ চেহেৰাৰ লগত মোৰ অলপ মিল থকা বুলি। কিন্তু অবিকল বুলি গমেই পোৱা নাছিলোঁ। ক’তনো চাওঁ?

ফটোখন বেবীৰ ফটোৰ তুলনাত বহুত সৰু। কিন্তু কি আচৰিত কথা! ফটোখন ইমান দিনেনো কিয় মন কৰা নাছিল বেবীয়ে? ধূলি ধোঁৱাৰ প্ৰভাৱত ফটোৰ কাঁচখন ধূসৰ হৈ গৈছে। ফটোখন চাই চাই বেবী থৰ লাগে।

পেহীয়েকৰ চেহেৰাৰ লগত কেনেকৈনো ইমান মিল আছে বেবীৰ? বেবীৰ বহাৰ ভংগীমাটোকেই কোনেবা নকল কৰিবলৈ কৈছিল অনুৰাধাক? একেই খোলা চুলি। মুখৰ এফালে একেই আকাশৰ আভা। ফটো দুখনৰ একমাত্ৰ অমিলটো হ’ল যে অনুৰাধাৰ কোলাত বেবীৰ দৰে চেতাৰ নাথাকি কিতাপ এখনহে আছে।

সেই সময়তে তলৰ মহলাৰ পৰা উৰুলিৰ শব্দ ভাঁহি আহে। বোধকৰো কিবা অনুষ্ঠান আৰম্ভ হোৱাৰ সূচনা।দীপ্তি দৌৰি তললৈ নামি যায়। বান্ধৱীৰ বিয়াৰ সকলো অনুষ্ঠান পূৰামাত্ৰাই উপভোগ কৰিব এয়াই দীপ্তিৰ প্ৰতিজ্ঞা।

বেবী কইনা। এনেদৰে দৌৰাদৌৰি কৰি বিয়াৰ অনুষ্ঠান চাবলৈ যোৱাৰ নিয়ম নাই। দীপ্তি যোৱাৰ লগে লগে বেবী নিৰ্জীৱৰ দৰে বিছনাৰ একাষে বহি পৰে। নিজৰ ফ্ৰেম কৰা ছবিখনো যেন লাহে লাহে ধূসৰ হৈ আহে বেবীৰ দৃষ্টিত!

ছবিখনলৈ চাওঁতে চাওঁতে দৃষ্টিবিভ্ৰমেই ঘটিল নেকি বেবীৰ? নহ’লে ইমান ডাঙৰ ছবিখন লাহে লাহে সৰু হৈ পৰেনো কেনেকৈ? ছবিখন সৰু হৈ হৈ গৈ আছে।ফ্ৰেমটোও লাহে লাহে বিবৰ্ণ হৈ পৰিছে। ছবিখনৰ কাঁচখনো লাহে লাহে অস্বচ্ছ হৈ পৰিছে। কাঁচখনৰ তলত থকা বেবীৰ মুখখনো লাহে লাহে অস্পষ্ট হৈ পৰিছে!

লাহে লাহে কল্পনাৰ সাগৰত নিজকে এৰি দিয়ে বেবীয়ে। অনাগত ভৱিষ্যতৰ কোনো এক সময়ত ফটোখনৰ ৰঙীন জৰীডাল বাহী ফুলৰ মালাৰ দৰে বিবৰ্ণ আৰু জীৰ্ণ হৈ গৈছে। সেই অনাগতকালত যিসকলে এই ঘৰৰ ভিতৰত ঘূৰা-ঘূৰি কৰিছে তেওঁলোকৰ কোনো কৌতূহল নাই বেবীৰ ফটোৰ ফালে এবাৰো মূৰ ডাঙি চোৱাৰ। কোনে জানে কোনোবা অসতৰ্ক মুহূৰ্তত ফটোখনৰ ৰচীডাল চিগি ফটোখন নিজেই তলত পৰি যাব বা নতুন কোনো প্ৰয়োজনৰ খাতিৰত ছবিখন নমাই আনি দলিয়াই পেলোৱা হ’ব উদাসীন অৱহেলাত।

কিছুসময়ৰ পাছত তলৰ মহলাত কলৰৱ উঠে,

“বৰ কৈ আছিলা দেখোন বেবীৰ মনৰ জোৰৰ কথা! সৌৱা চোৱাগৈ যোৱা অকলশৰীয়া হোৱাৰ লগে লগে বেচেৰীয়ে কান্দি কান্দি বলিয়াৰ দৰে হৈছে!”

☆★☆★☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল বা। প্ৰত্যেক জনী ছোৱালীৰ মনৰ বেথা এইটোৱেই।

    Reply

Leave a Reply

Your email address will not be published.