ধাৰাবাহিক সােণাৰুৰ হালধীয়া হাঁহি-মৃদুল নাথ (পঞ্চম খণ্ড)
“অঁ… হুজুৰ…..” ম’বাইলটোৰ কর্কশ মাতত অবিনাশে সাৰপাই সময়টো চালে, ছটা বাজিবলৈ দহ মিনিট বাকী। হিমেশ ৰেশমীয়াৰ কণ্ঠৰ গীত অবিনাশৰ বৰ এটা ভাল নালাগে, সেয়া কণ্ঠস্বৰ নে নাসিকাস্বৰ সেইটো আজিলৈকে সি অনুধাৱন কৰিব নােৱাৰিলে। অথচ সেই হিমেশৰ নাসিকাস্বৰেই অবিনাশৰ ম’বাইলত ঠাই পাইছে। পিচে তাৰ কাৰণ নথকা নহয়। টোপনি গধুৰ অবিনাশৰ বাবে ৰাতিপুৱা সােনকালে সাৰ পােৱাটো প্রায় অসম্ভৱ কথা। অবিনাশৰ মতে প্রিয়াৰ আলিংগণ এৰি আহিবলৈ সিমান কষ্ট নহয়, যিমান ৰাতিপুৱা বিছনাখন এৰাৰ সময়ত হয়। ৰাতিপুৱা আঠবজাৰপৰা ক্লাছ, প্রথম ক্লাছটো পােৱাটো অবিনাশৰ বাবে
Read more