ধাৰাবাহিক সােণাৰুৰ হালধীয়া হাঁহি-মৃদুল নাথ (পঞ্চম খণ্ড)
“অঁ… হুজুৰ…..”
ম’বাইলটোৰ কর্কশ মাতত অবিনাশে সাৰপাই সময়টো চালে, ছটা বাজিবলৈ দহ মিনিট বাকী। হিমেশ ৰেশমীয়াৰ কণ্ঠৰ গীত অবিনাশৰ বৰ এটা ভাল নালাগে, সেয়া কণ্ঠস্বৰ নে নাসিকাস্বৰ সেইটো আজিলৈকে সি অনুধাৱন কৰিব নােৱাৰিলে। অথচ সেই হিমেশৰ নাসিকাস্বৰেই অবিনাশৰ ম’বাইলত ঠাই পাইছে। পিচে তাৰ কাৰণ নথকা নহয়। টোপনি গধুৰ অবিনাশৰ বাবে ৰাতিপুৱা সােনকালে সাৰ পােৱাটো প্রায় অসম্ভৱ কথা। অবিনাশৰ মতে প্রিয়াৰ আলিংগণ এৰি আহিবলৈ সিমান কষ্ট নহয়, যিমান ৰাতিপুৱা বিছনাখন এৰাৰ সময়ত হয়। ৰাতিপুৱা আঠবজাৰপৰা ক্লাছ, প্রথম ক্লাছটো পােৱাটো অবিনাশৰ বাবে দূৰূহ কাম। দীপকে মাজে মাজে প্রক্সি দিয়ে যদিও সদায় দিয়াটো সম্ভৱ নহয়। দীপকে তাক প্ৰায়ে কয়,
: তইতাে ডুবিবিয়েই, লগতে মােকো ডুবাবি।
কথাষাৰ অবিনাশে নুবুজা নহয়, প্রক্সি দিওঁতে কেতিয়াবা ধৰা পৰিলে দুয়াে যে বেয়াকৈ ফচিব, সেয়া ধ্ৰুবসত্য কথা। ক্লাছত উপস্থিতিৰ হাৰ কম হ’লে ছেচ’নেলৰ নম্বৰ আশা কৰি লাভ নাই। আৰু ফাৰ্ষ্ট ক্লাছটো থাকিবলৈ হ’লে ছেচ’নেলত ভাল নম্বৰ পােৱাটো যে অপৰিহাৰ্য্য সেয়া সি ভালকৈয়ে জানে। সেয়ে এইবাৰ অবিনাশে ভাবিছে, বহুত হ’ল, আৰু নােৱাৰি। এতিয়াৰে পৰা যেনেতেনে প্রথম ক্লাছটো সি পাবই লাগিব। পিচে পুৱাৰ টোপনিৰ সংগসুখৰ পৰা নিজকে মুক্ত কৰিব পৰাটো সিমানাে উজু নহয়। উপায় বিচাৰি অবিনাশে অবশেষত হিমেশৰ শৰণাপন্ন হ’ল। ফলস্বৰূপে যােৱা ৰাতিৰে পৰা অবিনাশৰ ম’বাইলত এলার্ম কলটিউন ৰূপে হিমেশৰ নাসিকাস্বৰ প্রৱেশ কৰে, যাতে বিতৃষ্ণাত তাৰ টোপনি পলাই ফাঁট মাৰে।
ম’বাইলটোৰ এলার্ম বন্ধ কৰি অবিনাশে বিচনাৰ পৰা উঠি খিড়িকীখন খুলি দিলে, চেঁচা বতাহ এছাটি আহি অবিনাশৰ গাত লাগিল। এয়া দীপৰ বিলৰপৰা অহা বতাহ, লগত কঢ়িয়াই আনিছে হেমন্তৰ আগমনৰ বতৰা। এইবাৰ সি খােলা খিড়িকীৰে সন্মুখৰ ফিল্ডখনলৈ চালে, নিয়ঁৰত তিতি থকা দুৱৰিবােৰ দেখি অবিনাশৰ খােজ কাঢ়িবলৈ মন গ’ল। খালি ভৰিৰে নিয়ঁৰ গচকি অবিনাশে খুব ভাল পায়। অবিনাশৰ গাঁৱৰ ঘৰখনৰ পিছফালে বিশাল পথাৰখন, পথাৰখনৰ সিমূৰত নদী, নদীৰ সিপাৰে পাহাৰখন। এই সময়খিনিত বিশাল পথাৰখন শালি ধানেৰে ভৰি থাকে, যেন সেইজীয়া দলিছাহে এখন। সেই সেউজীয়াৰ মাজে মাজে নিয়ঁৰেৰে জীপাল হােৱা দুৱৰিৰে ঢাক খাই থাকে সৰু সৰু আলিবােৰ, সেই আলিৰ দাঁতিত ফুলি থাকে নিয়ঁৰসনা সৰু সৰু বনৰীয়া ফুলবােৰ। ফিল্ডখনাে নিয়ঁৰেৰে তিতি আছে, খালি ভৰিৰে খােজ কাঢ়ি থাকোঁতে দেউতাকৰ লগত খােজকঢ়া ল’ৰালিৰ দিনবােৰ তাৰ চকুৰ আগত ভাঁহি আহিল। হঠাতে তাৰ অনুভৱ হ’ল, সি বহুদিন দেউতাকৰ লগত একেলেগে খােজ কঢ়া নাই, একেলগে বহি ভালদৰে কথা পতা হােৱা নাই। কলেজ বন্ধৰ সময়ত ঘৰলৈ গ’লে বেছিভাগ সময় লগৰবােৰৰ লগত ঘূৰি ফুৰােঁতেই যায়, অলপ সময় যদি দেউতাকৰ লগত বহা হয়, সেয়া হৈছে ৰাতি ভাত খােৱা সময়খিনি৷ ৰাতিৰ ভাত সাঁজ পৰিয়ালৰ সকলােৱে একলগে খােৱাটো ঘৰখনৰ নিয়ম, যিটো পৰম্পৰা বুলি ক’লেও ভুল নহ’ব। কিন্তু আন সময়ত! আন সময়ত একেলগে বহি কথাপতা তাৰ মনত নপৰেচোন, ইমানেই তাৰ হাতত সময়ৰ অভাৱনে? প্রশ্নটো নিজকে নিজে কৰাত অবিনাশে নিজকে নিজে অপৰাধী যেন অনুভৱ কৰিব ধৰিলে। ক্ৰমাত বয়সৰ চাপ পৰা দেউতাৰ মুখখন অবিনাশৰ মনলৈ অহাত কিবা এটা শােকে তাৰ বুকুখন খুন্দা মাৰি ধৰিলে। এই মুহূৰ্তত তাৰ বৰকৈ মন গৈছে, এতিয়াই যেন সি দেউতাকৰ হাতখন চুই এবাৰ সুধিব,
“দেউতা, তুমি কেনে আছা?”
: ঐ, কি হ’ল আজি তােৰ, ইমান জলদি উঠিলি যে?
: আৰে, জগ’ দা, আজিৰপৰা সদায় উঠিম বুজিছে, আপােনাৰ লগত ফিল্ডখন দহ ৰাউণ্ড মাৰিম।
: বঢ়িয়া, পিছলৈ যেন জোশটো কমি নাযায়। ব’ল তেন্তে, শুভ কামত দেৰি কৰাৰ দৰকাৰ নাই।
: বলক, মই দৌৰিবলৈ সাজু।
শৰীৰচৰ্চাবিদ হিচাবে জগজিৎ দাসৰ নাম আছে। অবিনাশহঁতৰ এটা বেটছ চিনিয়ৰ, জগজিৎ দাস আজি চাৰি বছৰ ধৰি ক্রমাগত ভাৱে ‘মিষ্টাৰ এইচি’ খিতাপ লাভ কৰি আহিছে। হােষ্টেলত সােমােৱা দিনটোৰপৰা চিনিয়ৰ হিচাপে পােৱা এইজন মানুহক অবিনাশে বিৰাটেই শ্রদ্ধা কৰে। কাৰাটেত ব্লেক বেল্ট হােৱা স্বত্বেও মানুহজনে নিজৰ ব্যৱহাৰত কেতিয়াও সেয়া প্রতিফলিত হ’বলৈ দিয়া নাই। আনকি হােষ্টেলত ৰেগিঙৰ নামত কাকো চৰ এটাও মাৰি নােপােৱা এই মানুহজন আৰু কেইটামান মাহ যােৱাৰ পিছতে হােষ্টেল এৰি যাবগৈ, চাৰি বছৰীয়া এইচিৰ হােষ্টেলীয়া জীৱনৰ অৱসান ঘটাই এক নতুন জীৱনৰ ফালে ঢাপলি মেলিব।
: জগ’ দা, আপুনি যােৱাৰ আগতে আপােনাৰ ষ্টেমিনা অলপ মােক দি যাবচোন।
ফোঁপাই ফোঁপাই অবিনাশে ক’লে।
: মােৰ হােষ্টেল এৰি যাবৰ হ’লেই বিশ্বাসেই নহয় বে৷ ইয়াৰ পৰা ওলাই গৈ মনেই নবহিব।
: আপুনি কিবা প্লেন কৰিছেনে?
: বাংগালােৰ যাম বুলি ভাবিছোঁ, লগৰ ভালে কেইজন যাব। তাতে গৈ কিবা এটা কৰিব লাগিব।
: তাত চিনিয়ৰবােৰে নিশ্চয় হেল্প কৰিব ন জগ’ দা?
: কৰিব বুলিয়ে আশা কৰিছোঁ, পিচে সেয়া সময়েহে ক’ব। প্রথমে অলপ ষ্ট্ৰাগ’ল কৰিব লাগিব, সেয়া লাগিবই। নিজকে তেনেকৈয়ে প্রস্তুত কৰিব ধৰিছোঁ। আচলতে কি জানা, ইমানদিনে ভৱিষ্যতৰ বিষয়ে তেনেকৈ চিন্তা নকৰিলোঁ, এতিয়া চিন্তা সােমাইছে। আমাৰ বেলিকা কেম্পাছ ইণ্টাৰভিউ নহ’লেই, তােমালােকৰ বাবে কেম্পাছ আহিব বুলি গম পাইছোঁ, সেয়ে তােমালােকক লাকী বুলিয়েই ক’ম। ভালকৈ পঢ়িবা, এই সুযােগ নেহেৰুৱাবা। আৰু এটা কথা, চাবা যাতে ফাৰ্ষ্ট ক্লাছ থাকে, আৰু ভুলতাে বেক নালাগে। কেম্পাছত চিলেক্ট হৈ গ’লে আৰু চিন্তা নাথাকে। কথাবােৰ তােক এই কাৰণে কৈছোঁ, কাৰণ তােৰ মনটোক মই জানো, চিনিপাওঁ। বহু ক্ষেত্ৰত তই মােৰ দৰেই কথাবােৰ চিন্তা কৰ বুলি ভাৱ হয়। আজি সামৰোঁ দে, তােৰ ক্লাছলৈ দেৰি হ’ব।
অবিনাশে ঘড়ীটোলৈ চাই দেখিলে সাত বাজিলেই, এঘণ্টা সময় কোন পলকত উৰি গ’ল, সি ধৰিবই নােৱাৰিলে। গা-পা ধুই ব্রেকফাষ্ট কৰা মানে আৰু আধা ঘণ্টা,যদিহে বাথৰূমৰ আগত লাইন ধৰিব লগা নহয়। দুয়াে লৰালৰিকৈ হােষ্টেলৰ নিজ নিজ ৰূমলৈ খােজ দিলে।
ডাইনিং হলত অবিনাশক দেখি দীপকে আচৰিত হৈ সুধিলে,
: তােকে দেখিছোঁ নে ভূত দেখিছোঁ?
: কামােৰ বাদ দে, জলদি খা, ক্লাছলৈ দেৰি হ’ব।
: তাৰমানে মােৰ চাকৰি গ’ল?
: প্রক্সি দিয়াৰ কথা কৈছ?
: আৰু কি? পিচে শুন, নতুনকৈ গেষ্ট লেকচাৰাৰ এজনী আহিছে, জেইচি পাছড আউট। এমাহ হ’ল, ফাৰ্ষ্ট ক্লাছটো সেইজনীয়ে লৈ আছে, কামােৰ খাব পাৰ, কৈ থ’লোঁ।
: দেখাত ধুনীয়া নে?
: আজি নিজে দেখিবিয়ে নহয়, গম পাই যাবি।
: কলেজলৈ খােজকাঢ়ি যাবি নে বাছত?
: বাছতে যাম দে, ৰাতিপুৱা জগ’ দাৰ লগত ফিল্ডত দহ ৰাউণ্ড দৌৰিছোঁ। ভৰিৰ বিষত অৱস্থা নাই এতিয়া।
: কি কৱ বে, এনে ড্রাষ্টিক চেঞ্জ যে, কেছটো কি?
দীপকৰ কথাত অবিনাশে হাঁহে, দুয়াে বাছষ্টপলৈ যাবলৈ সাজু হওঁতে অলপ আঁতৰত নয়নক দেখি কাষলৈ মাতে।
: তােক কিবা লিখিব দিছিলোঁ যে, লিখা হ’লনে?
: হৈছে দাদা।
: কিবা এটা ঢালিব কৈছিলোঁ যে?
: হয় দাদা।
: কি বাৰু ?
: আৱেগ।
: ঢালিছ নে?
: ঢালিছোঁ দাদা।
: গুড, আবেলি লৈ আহিবি, চাম কিমান আৱেগ সােমাই আছে তােমাৰ বুকুত। দীপকে নাটকীয় ভংগীৰে কয়। দুয়াে বন্ধু হাঁহি হাঁহি বাছষ্টপলৈ আগবাঢ়ে।
ক্লাছত সােমাওঁতে অবিনাশ সাগৰিকাৰ মুখামুখি হয়, আচৰিত হৈ সাগৰিকাই অবিনাশক সােধে,
: আজি হাইঠা মাটিত পৰিল যে?
: এইটো মােৰ ডায়লগ হয়, এনিৱে, এদিন তুমি হাইঠা সাজিছিলা, আজি মই, চিম্পল।
কথাখিনি কৈয়ে অবিনাশে ঢাপলি মেলে, তাৰ লক্ষ্য লাষ্ট বেঞ্চৰ চুকৰ চিটটো, দীপকে পিছে পিছে গৈ কাষতে বহে। লাহে লাহে ক্লাছৰূমটো ভৰি পৰে। অলপ পিছতে শাৰী পিন্ধা অচিনাকি মুখ এখন হুৰমূৰকৈ ক্লাছৰূমটোলৈ সােমাই আহিল। পিন্ধনত শাৰী, হাতত ৰেজিষ্টাৰ আৰু নােটছখিনি দেখি অবিনাশে বুজিলে, এয়া নতুনকৈ অহা ‘গেষ্ট লেকচাৰাৰ’ গৰাকীয়ে হয়। বয়সত সিহঁততকৈ খুব বেছি এবছৰ মান ডাঙৰ হ’ব। এনেও জেইচিৰ চেচনটো এইচিতকৈ আগবঢ়া। কথাবােৰ ভাবি থাকোঁতেই মিঠা মাত এষাৰ তাৰ কাণত পৰিল,
: ৰােল নম্বৰ 45!
দীপকে অবিনাশৰ ভৰিত হেঁচুকি দি ক’লে,
: আব্বে তােৰ ৰােল নম্বৰ মাতিছে, ৰেছপণ্ড কৰ।
: হয় নেকি?
: ইয়েছ মেম।
খৰখেদাৰ বাবে অবিনাশৰ মাতটো জোখতকৈ অলপ ডাঙৰকৈয়ে ওলাল।
: টোপনি ভঙা নাই নেকি? প্লীজ ষ্টেণ্ড আপ।
অবিনাশ থিয় হ’ল, কিন্তু একো উত্তৰ নিদিলে। মেডাম গৰাকীয়ে ৰেজিষ্টাৰখন চাই আকৌ ক’লে,
: ৰােল নম্বৰ 45, অবিনাশ বৰুৱা। তুমিয়ে তেন্তে অবিনাশ বৰুৱা?
: হয়।
: তােমাকচোন আগে-পিছে দেখা মনত নপৰে, এটেনডেন্স মােটামােটি ঠিকেই দেখিছোঁ। প্রক্সি প্রক্সি খেল চলিছে নেকি?
: নাই, আচলতে মােৰ চেহেৰাটো মনত ৰাখিব লগীয়া বিধৰ নহয় বুলিয়ে লগৰবােৰে কয়। আজি বুজিলোঁ মােৰ লগৰবােৰে মিছা নকয়।
অবিনাশৰ কথা শুনি ক্লাছত হাঁহিৰ গুঞ্জণ উঠিল। দীপকে মূৰে কঁপালে হাত দি অবিনাশৰ মুখলৈ চালে, অবিনাশ নির্বিকাৰ।
কথাখিনি আচলতে অবিনাশে কওঁ বুলি কোৱা নাছিল, হঠাতে মুখৰ পৰা ওলাই গ’ল। লাজত ৰঙা-চিঙা পৰি মেডাম গৰাকীয়ে ক’লে,
: অ ৰিয়েলী, তােমাৰ মনৰ ব্যাথা বুজিছোঁ, লগতে দুখৰ সমভাগী হৈছোঁ। এতিয়াৰে পৰা তােমাৰ চেহেৰা যাতে মই পাহৰিবলগীয়া নহয় তাৰ সুব্যৱস্থা ময়ে কৰিব লাগিব। তুমি আজিৰ পৰা, ওহোঁ, এই মুহূৰ্ত্তৰ পৰা ফাৰ্ষ্ট বেঞ্চত বহিবা। মােৰ সদায় চকুৰ সন্মুখত থাকিবা, ঠিক আছে। নাও, কাম অন, মুভ।
প্রথমবাৰৰ বাবে অবিনাশ কিছু অপ্রস্তুত হ’ল। অসহায় ভাবে সি দীপকৰ ফালে চালে, দীপকে লাহেকৈ ক’লে,
: তােৰ ৰাহুৰ দশা চলিছে, জলদি গৈ বহ, নহ’লে ছেচ’নেল গেলাব তােৰ।
অগত্যা বেলগ উপাই নেদেখি অবিনাশ আহি প্রথম শাৰীৰ বেঞ্চখনত বহি দিলে। আকৌ এবাৰ ক্লাছত হাঁহিৰ গুঞ্জণ উঠিল, সেই হাঁহিত যােগ দি মেডামগৰাকীয়ে অবিনাশক উদ্দেশ্যি ক’লে,
: এটা কথা মনত ৰাখিবা অবিনাশ, আই হেভ মাই আইজ অন ইউ। কথাষাৰ নাপাহৰিলে তােমাৰ
বাবে মংগল।
অবিনাশে একো নক’লে, মাথাে এটাই ভাৱ তাৰ মনত খেলাই গ’ল, হাঁহিলে মেডামগৰাকীক ধুনীয়া দেখি।
(আগলৈ)
☆ ★ ☆ ★ ☆
1:44 pm
সাংঘাতিক ৷ ভাল লাগিল৷
7:40 pm
ধন্যবাদ দেই
3:01 pm
বৰ ভাল লাগিল৷
পাছৰখিনিৰ বাবে একমাহ ৰব লাগিব, সেইটোহে দুখৰ কথা
7:41 pm
মেডামজী ??এইবাৰ বৰ দৌৰাদৌৰি হ’ল, লাষ্ট মমেন্টত দিব পাৰিছোঁ। নেক্সট সোনকালে লিখিব লাগিব, নহলে বৰ প্ৰেচাৰ পৰে
9:47 pm
পঢ়ি গৈছো। ভাল লাগি গৈ আছে।পিছৰ খণ্ডলৈ অপেক্ষাত ৰলো।