বাল্মিকী বৰুৱাৰ আত্মজীৱনী- ড০ সৰোজ কাকতি
(যোৱা সংখ্যাৰ পিছৰ পৰা) প্ৰাথমিক স্কুলত আছিল মহীৰাম পণ্ডিত, আমি বাপ-পোক একেলগে দেখি তেৰাই, ভীমে বকাসুৰক দেখি হঁহাৰ দৰে, ‘অন্যদিনাৰ বলিৰ দেখো গৰ্ভ যাই গলি। আজিৰ বলি দেখো হাসে খলখলি।।’ অন্যমানুহে আমাক এনেকৈ একেলগে দেখিলে, বাহিৰত নেদেখুৱালেও পেটে পেটে ভয় কৰে কাৰণ কোন দিনা তেওঁৰ ঘৰত চিত্ৰলেখাৰ হৰমলুকি বিদ্যাৰ প্ৰয়োগ ঘটে তাৰ ঠিকনা নাই। আমৰ পৰিয়ালটোৰ মহিমাৰ কথা সকলোৱে জানে কিন্তু প্ৰমাণৰ অভাৱত আমাক কোনেও ধৰিব নোৱাৰে, তাৰোপৰি পিতাদেউৰ পুলিচৰ সৈতে ভাল সম্পৰ্ক আছিল। কোনোবা চকু চৰহাই কিবা কথা লগালেও
Read more