ফটাঢোল

৩০২০: যন্ত্ৰ উপত্যকা – জ্যোতিৰূপম দত্ত

(অন্তিম খণ্ড)

: শৰাইঘাট? বাঃ! তই বহু কথা জান’ দেখোন! – জেড নাইন ৰবটটোৱে লাহেকৈ কলে৷

: জানো মানে, মাইনিং ডছিয়াৰত সকলো কথা নাথাকে৷ সেয়ে আৰ্কাইভ খুচৰিছিলো৷ – আৰ জিৰ’ চিগমাই ক্ষীণস্বৰেৰে লাহে লাহে কৈ গ’ল৷

: তই পৰি থাক, মই যাও৷ বহু কাম পৰি আছে৷ বহুসময় ধৰি একো ট্ৰান্সমিশ্যনো পোৱা নাই৷ আমাৰ দৰে ৰবটবোৰে এনেকৈ বহি থাকিলে নহ’ব৷ জেড নাইনে এচিড বৰষুণক কেৰেপ নকৰে৷ বাহিৰত কি হৈ আছে চাওঁ৷ তই ইয়াতে বহি বহি আৰ্কাইভ খুচৰি থাক৷ চাৰিশ ঘণ্টাৰ পাছতহে ওলাব পাৰিবি৷ মই ৰিক’ভাৰি পইণ্ট এটা মাৰ্ক কৰি দি দিম বাৰু৷ ইয়াৰ পৰাই তোক লৈ যাব৷ মোৰ ইয়াত অসহ্য লাগিছে৷ দেহাটো ঘুৰাবলৈও জেগা অকণ নাই৷ – এইবুলি বিশালদেহী জেড নাইন ৰবটটোৱে সামান্য আগৰফালে হাউলি থিয় দিলে৷ যানখনৰ চিলিঙখন আৰু জেড নাইনটোৰ মুৰটোৰ মাজত সামান্য ব্যৱধানহে ৰ’ল৷

চিগমাই আগৰ ভংগীতেই মজিয়াত পৰি ৰ’ল৷ বাহিৰত তেতিয়াও তীব্ৰ বেগেৰে বতাহ আৰু এচিড বৰষুণ পৰি আছিল৷ হঠাতে জেড নাইন ৰবটটোৰ দেহৰ পিঠিফালৰ এক বিশেষ অংশলৈ চিগমাৰ চকু গ’ল৷

: ৱেইট! ৰ’বা!

চিগমাৰ কথা শুনি জেড নাইনটো ৰৈ গ’ল৷

: কি হ’ল? কিবা লাগে নেকি? তহঁতৰ দৰে পোৱালি ৰবটৰ চাৰ্জ শেষ হব বুলি ভয় কৰিছ নেকি? দেখা নাই নেকি, তোৰ কাষতেই একমখা বেকআপ চাৰ্জিং চেল পৰি আছে দেখোন! সেইবোৰ নষ্ট হোৱা নাই নহয়৷ মাৰ্কিং এতিয়াও সেউজীয়া হৈয়েই আছে৷ এটা চেলতেই এহেজাৰ ঘণ্টালৈ চাৰ্জ পাবি৷ মই যাওঁ৷

: ৰ’বা! তোমাৰ বাওঁফালৰ দুই নম্বৰ হাতখন লৰাবলৈ চোৱাচোন৷

জেড নাইনবোৰৰ দেহৰ দুইফালে চাৰিখনকৈ হাত থাকে৷ সোঁ-বাওঁ দুইফালেই সমুখৰ ফালে এখন, পিছফালে এখনকৈ থাকে যাতে বেছি ঘুৰা-পকা নকৰাকৈ গধুৰ কাম কৰাত সহজ হয়৷

: কিয়? – জেড নাইনটো ৰৈ গ’ল৷

: চোৱাচোন৷ – চিগমাই আকৌ এবাৰ জোৰ দি ক’লে৷

জেড নাইনটোৱে সামান্য ঘূৰি লৈ বাওঁফালৰ দুয়োখন হাত লৰাবলৈ চালে৷ সমুখৰ হাতখন ঠিকেই ঘূৰিলে, পিছে পিছৰখন ঘুৰাবলৈ লওতেই ঘৰ-ঘৰকৈ শব্দ এটা হ’ল৷ সেইখন সম্পূৰ্ণকৈ ঘুৰাবলৈ সক্ষম নহল৷

: কি এইবোৰ! আচৰিত! মোৰ ৱৰ্কিং পেনেলত একো এটা ৱাৰ্ণিং নাই অথচ এইখন সত্তৰ ডিগ্ৰীতকৈ বেছি ঘুৰাবলৈ নোৱাৰি দেখোন! তই কেনেকৈ জানিলি?

: তোমাৰ পিছফালৰ পেনেলখনৰ ৰিভেট কেইটামান খোলা আছে৷ মানে সেইকেইটা গলি গৈছে৷ এক্সপ’জ হৈ থকা বাবে সেইফালেৰে এচিড সোমাই লেফ্ট ৱৰ্কিং পেনেলখনলৈ গৈছে৷ মই অনুমান কৰিছিলো যে তোমাৰ ভৰিৰ ৰটৰৰ কমাণ্ড চাৰ্কিটকেইখন এতিয়ালৈ ঠিকেই আছে পিছে হাত দুখনৰ হয়টো কিবা এটা হৈছে৷ আচৰিত কথা এয়ে যে এচিডে তোমাৰ দেহৰ বৰ্ম গলাব নোৱাৰিলেও ৰিভেটকেইটা গলাব পাৰিলে৷ মোৰ এটা সন্দেহ হৈছে৷ এই বৰষুণজাক সাধাৰণ বৰষুণ নহয়!

জেড নাইনটোৱে একো উত্তৰ নিদিলে৷ এইবোৰ পৰিস্থিতিৰ বাবে জেড নাইনৰ দৰে ৰবটক কোনো আগতীয়া শিক্ষা দিয়া নহয়৷ কেৱল প্ৰবল শাৰীৰিক বলপ্ৰয়োগ কৰিবলগা বিধৰ কামৰ বিষয়েহে জেড নাইন ৰবটবোৰক আগতীয়াকৈ প্ৰগ্ৰেমিং কৰা থাকে৷ চিগমাই আকৌ কৈ গ’ল৷

: মোক ডাঙি নি এই যানখনৰ সৌটো ৰুমলৈ লৈ ব’লা৷ সেইটো এই যানখনৰ কণ্ট্ৰল ৰুম৷ সেইটোৰ লগতে লেবৰেটৰী এটাও থাকিব লাগে৷ দুই এপদ যন্ত্ৰ হয়তো ভালে আছে৷ মই দুটামান পৰীক্ষা কৰি চাব খুজিছো৷

কোনো কথাৰ অৱতাৰণা নকৰাকৈ জেড নাইনটোৱে চিগমাক লাহেকৈ ডাঙি নি কোঠাটোৰ দুৱাৰখন ঠেলিলে৷ কণ্ট্ৰ’ল ৰুমটোৰ দুৱাৰখন বন্ধ আছিল৷

: ভাঙি দিও নেকি? – জেড নাইনটোৱে এখন হাতেৰে মুঠি মাৰি চিগমাক সুধিলে৷

: নালাগে৷ মই এইধৰণৰ কেৰিয়াৰকপ্টাৰৰ ডিজাইনৰ বিষয়ে কিছু কথা জানো৷ এই মডেলৰ যানবোৰৰ ইণ্টাৰনেল ইমাৰ্জেন্সী পাছক’ডবোৰৰ ডাটাবেছ এটা মোৰ লগতে আছে৷ দুৱাৰখনত যদি মেকানিকেল লক নাই মই খুলিব পাৰিম৷ চেলবোৰ এতিয়াও সক্ৰিয় হৈয়েই আছে৷ মোক অলপ ওপৰলৈ তুলি ধৰা৷

কথামতেই জেড নাইনটোৱে চিগমাৰ একমাত্ৰ সক্ৰিয় হাতখনে ঢুকি পোৱাকৈ চিগমাক অলপ ওপৰলৈ ডাঙি ধৰিলে৷ দুৱাৰখনৰ পেনেলত লাগি থকা চুইচবৰ্ডখনৰ কেইটামান চুইচ টিপি দিওঁতেই সামান্য শব্দ কৰি দুৱাৰখন মেল খালে৷ জেড নাইন ৰবটটোৱে চিগমাক আলফুলে লৈ দুৱাৰ ঠেলি কণ্ট্ৰল ৰুমটোৰ ভিতৰলৈ সোমাই গ’ল৷

★★

বতাহৰ সৈতে হৰহৰাই বিধ্বংসী এচিড বৰষুণজাক পৰিয়েই আছিল৷ ডাৱৰখিনি ৰঙচুৱা৷ এৰিয়া বি-ৱান জিৰ’ৰ বাবে এইধৰণৰ বৰষুণ নতুন নহয়৷  আচলতে আগৰে পৰাই এৰিয়া বি-ৱান জিৰ’ অঞ্চলটো এটি বিবদমান অঞ্চল৷ বৰ্তমানৰ এৰিয়া বি-ৱান জিৰ’ই হ’ল অতীজৰ ব্ৰহ্মপুত্ৰ বেছিন৷ এই অঞ্চলটো অতীজৰে পৰা এটি বিবদমান অঞ্চল বুলি ধৰা হৈছিল৷

বৰ্তমান পৃথিৱীখনৰ ৰবটবোৰৰ মুখ্য কেন্দ্ৰসমূহ ঘাইকৈ আফ্ৰিকা মহাদেশত অৱস্থিত৷ তৃতীয় বিশ্বযুদ্ধৰ ফলত অতীজৰ পৃথিৱীখনৰ ঘন জনবসতি থকা মুখ্য চহৰসমূহৰ সৈতে পৃথিৱীৰ বেছিভাগ অঞ্চলেই ধ্বংস হৈছিল৷ যুদ্ধৰ সময়ত ঘটোৱা আণৱিক বোমাসমূহৰ বিস্ফোৰণত পৃথিৱীৰ অৰ্ধেকৰে মৃত্যু হৈছিল৷ তাৰ পিছতো বহুসংখ্যকে একো খাবলৈ নাপাই মৰিছিল৷ তাৰ পাছতেই মানৱজাতিক নিঃশেষ কৰিব পৰা আটাইতকৈ বিপদৰ সময়চোৱা সন্তপৰ্ণে আহিছিল৷ মানুহে নিজে লেবৰেটৰীত তৈয়াৰ কৰা মাৰাত্মক ভাইৰাছবোৰে কেনেবাকৈ মুকলি হৈ যুদ্ধ আৰু দুৰ্ভিক্ষত বাচি যোৱা সকলৰ দেহত সংক্ৰমিত হোৱা আৰম্ভ হৈছিল৷ এই মাৰাত্মক ভাইৰাছবোৰে কম সময়ৰ ভিতৰতেই সকলোকে শেষ কৰিছিল৷ কেৱল আদিম যুগৰে পৰা মহাসাগৰৰ মাজৰ কেইটামান দ্বীপত থকা তেতিয়াৰ মানুহে অসভ্য, বৰ্বৰ বুলি গণ্য কৰা অধিবাসীবোৰহে বাচি গৈছিল৷ এতিয়াও মানৱজাতিৰ নামত সেই এমুঠিমান মানুহেই কথমপি জীয়াই আছে৷ সেইখিনি মানুহলৈ ৰবটবোৰেও এতিয়া কোনো গুৰুত্ব নিদিয়ে৷

মুৰ্খ মানৱজাতিয়ে নিজকে নিজে ধ্বংস কৰাৰ পাছত ৰবটবোৰে নিজে সংগঠিত হৈ তেতিয়াৰ আফ্ৰিকা মহাদেশখনৰ বালিময় মৰুভূমিৰ মাজত নিজাকৈ বহু কলনি তৈয়াৰ কৰি লবলৈ আৰম্ভ কৰে৷ ৰবটবোৰে অতি সোনকালেই নিজৰ বাবে বাসোপযোগী স্থান তথা অন্য ব্যৱস্থাবোৰ কৰি লয়৷ তেতিয়ালৈ ভাইৰাছবোৰৰ সংক্ৰমণত আফ্ৰিকা মহাদেশত থকা প্ৰতিজন মানুহেই মৃত্যুৰ মুখত পৰিছিল৷

পিছে আগৰে পৰাই এখন দেশৰ আদৱ-কায়দাবোৰ আনৰ সৈতে মিলা নাছিল৷ বৰ্তমানৰ এৰিয়া চিএন চিক্স হিচাপে চিহ্নিত এক বিশাল অঞ্চলৰ ৰবটবোৰ এতিয়াও আনৰ সৈতে নিমিলে৷ বৰ্তমানৰ এৰিয়া চিএন চিক্স হ’ল আগৰ এচিয়া মহাদেশৰ চীন দেশ৷ এহেজাৰ বছৰৰ আগতেই কাৰিকৰী জগতখনত বিশ্বৰ ভিতৰতে চীনদেশে নিজৰ প্ৰভুত্ব বৰ্তাবলৈ সক্ষম হৈছিল৷ পিছে দেশখনৰ ভিতৰত সংগোপনে আৰম্ভ হৈছিল বিশ্বৰ আন দেশসমূহৰ প্ৰতি এক ভয়ংকৰ ষড়যন্ত্ৰ৷ চীন দেশৰ বিজ্ঞানীসকলে আণৱিক অস্ত্ৰৰ উপৰিও জৈৱিক অস্ত্ৰস্বৰূপে নানা মাৰাত্মক ভাইৰাছ আদিও তৈয়াৰ কৰিছিল৷ সকলোতে অনবৰতে সৰ্বাত্মক গোপনীয়তা বজাই ৰখা এই দেশখনে নিজাকৈ ৰবটবোৰৰ ছফটৱেৰ আদিও সাধাৰণভাৱে প্ৰচলিত ক’ডসমূহতকৈ বেলেগকৈ সাজি লৈছিল৷ পাছলৈ আন সকলো ৰবটেই এৰিয়া চিএন চিক্সৰ ৰবটসকলক একেলগে থাকিবলৈ বহু অনুৰোধ কৰাৰ পাছতো এৰিয়া চিএন চিক্সৰ ৰবটসমূহে সেই কথা মানি লোৱা নাছিল৷

এই বাবেই এতিয়াও বিশ্বৰ আন আন ৰবটবোৰৰ বাবে এৰিয়া চিএন চিক্স হ’ল এক শত্ৰুৰ দৰে৷ এৰিয়া চিএন চিক্সৰ ৰবটবোৰে প্ৰায়েই শত্ৰুৰ দৰে আচৰণ কৰে৷ পিছে আজিৰ এই আক্ৰমণটো হ’ল এক সুদীৰ্ঘ পৰিকল্পনাৰ অংশস্বৰূপ৷

আচলতে এই এৰিয়া বি-ৱান জিৰ’ বা ব্ৰহ্মপুত্ৰ বেচিনৰ চিলিকাখিনি বিশেষ গুণসম্পন্ন বুলি চিহ্নিত হোৱাৰ লগে লগে কাষৰীয়া এৰিয়া চিএন চিক্সৰ ৰবটসমূহে এই ভুখণ্ড নিজৰ কৰিবলৈ উঠি পৰি লাগিছিল৷ প্ৰায় এহেজাৰ বছৰ আগতেও তেতিয়াৰ চীনদেশে হিমালয়ৰ পৰা বৈ অহা ব্ৰহ্মপুত্ৰ নদীৰ মুল অৱবাহিকাক ভেটা দি পানীখিনি নিজৰ দেশলৈ বোৱাই নিছিল৷ তাৰো আগতে এক বিধ্বংসী ভাইৰাছৰ সহায়ত সমগ্ৰ পৃথিৱীৰ অৰ্থনৈতিক অৱস্থা তচনচ কৰি দেশসমূহৰ মাজত তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিছিল৷

পিছে বৰ্তমান এৰিয়া বি-ৱান জিৰ’ বা ব্ৰহ্মপুত্ৰ বেচিনৰ বিশেষ চিলিকাখিনি পৃথিৱীৰ আন ৰবটসমূহে অকল চিএন চিক্সৰ ৰবটসমূহক নিদি সকলোৱে সমানে ভগাই লবলৈ থিৰাং কৰিলে৷ এই ঘটনাৰ পিছৰ পৰাই এৰিয়া চিএন চিক্সৰ কিছুসংখ্যক ৰবটে আক্ৰমণাত্মক ৰূপ লবলৈ ধৰিলে৷

আজিৰ ঘটনাক্ৰম এই পৰিকল্পনাৰেই অংশবিশেষ৷ এই বৰষুণবিধো সাধাৰণ বৰষুণ নহয়৷ কৃত্ৰিম বৰষুণ! পৃথিৱীত কৃত্ৰিম বৰষুণ দিয়াৰ প্ৰযুক্তি বহু আগতেই ওলাইছিল৷ পিছে বৰ্তমানৰ পৃথিৱীখনত সাধাৰণ পানীৰ বৰষুণ নপৰে৷ বেছিভাগ অঞ্চলতেই বৰষুণৰ নামত বিধ্বংসী এচিডহে আকাশৰ পৰা পৰে৷ গতিকেই বেছিভাগ ৰবটে এচিড বৰষুণৰ পৰা বাচিবলৈ যিমান পাৰে সাৱধানতা অৱলম্বন কৰে৷

সমগ্ৰ অঞ্চলটোতেই ডাৱৰৰ আঁৰে আঁৰে কেইখনমান ড্ৰোণ উৰি আছিল৷ ড্ৰোণকেইখনৰ ৰং ৰঙা৷ মাজে মাজে হঠাতে চোঁ মাৰি দুই এখন ড্ৰোণ তললৈ নামি আহে আৰু উৰন্ত অৱস্থাতেই ড্ৰোণকেইখনে এটা এটাকৈ বিশেষ কেপচুল তলত থকা যানকেইখনলৈ লক্ষ্য কৰি এৰি দিছিল৷ বৰষুণজাকৰ ফাকে ফাকে এৰিয়া চিএন চিক্সৰ পৰা অহা এই ড্ৰোণসমূহে ঢালি দিয়া ৰাসায়নিক দ্ৰব্যসমূহে বৰ্তমান এৰিয়া বি-ৱান জিৰ’ত উপস্থিত থকা বেছিভাগ যানকেই অকামিলা কৰিবলৈ সক্ষম হৈছে৷ আনকি প্ৰকাণ্ড জেড নাইন চিৰিজৰ ৰবটবোৰো সাৰি যোৱা নাই৷

: গম পালো! আমাৰ শত্ৰু হ’ল চিএন চিক্সৰ ভি-প্লাছ চিৰিজৰ ৰবটকেইটা! – চিগমাই কণ্ট্ৰল পেনেলৰ এটা অংশলৈ চকু দি কলে৷

: অহ! এইকেইটাক কাষত পালে মই প্ৰছেচৰ মুচৰি মাৰিলোহেঁতেন! – জেড নাইনটোৰ গৰগৰীয়া মাত শুনা গ’ল৷

★★

এটা অতিকৈ সুৰক্ষিত এনক্ৰিপ্টেড চেনেলত কথাবতৰা চলিছে৷ ট্ৰান্সমিশ্যনত চিগমাৰ মাত ভাঁহি আহিল৷

: সকলোৱে মন দি শুনক৷ আমি এতিয়া কোনোৱেই সহজে ডিক’ড কৰিব নোৱাৰাকৈ এনক্ৰিপ্টেড চেনেলত কথা পাতিব লাগিব৷ আমাৰ এই চেনেলটোৰ ফ্ৰিকুৱেন্সীৰ সৈতে সিহঁতৰ চিগনেল নিমিলে৷ গতিকে কিছুক্ষণলৈ আমি সুৰক্ষিত৷ এতিয়া এক হোৱাৰ সময়৷ আমাৰ ৰবটৰ মাজত থকা বিভেদসমূহৰ এই যুদ্ধতেই অৱসান হব লাগিব৷ আমি এই সুৰক্ষিত অৱস্থাৰ পৰাই যুঁজিবও লাগিব, জিকিবও লাগিব৷

ইতিমধ্যে এচিড বৰষুণজাকত বেছিভাগ যানেই অকামিলা হৈ পৰিছিল৷ কিন্তু সেই সময়লৈকে যানবোৰৰ ভিতৰত থকা কিছুমান ৰবট তেতিয়াও সক্ৰিয় অৱস্থাত আছিল৷ পিছে অত্যাধুনিক বুদ্ধিসম্পন্ন বেছিভাগ ৰবটেই ভিন্ন প্ৰজাতিৰ হোৱা হেতুকে ইজনে আনজনৰ সৈতে মত বিনিময় কৰিব পৰা নাছিল৷ লাহে লাহে ওপৰত উৰি থকা ড্ৰোণসমূহ তললৈ নামি আহিবলৈ ধৰিলে৷ উদ্দেশ্য হ’ল তেতিয়াও বাচি থকা ৰবটবোৰক এটা এটাকৈ বিচাৰি বিচাৰি ধ্বংস কৰা৷ অৱশ্যে কিছুমান ৰবটে ড্ৰোণবোৰৰ উপস্থিতি গম পাইছিল৷ পিছে তেতিয়ালৈ বহু দেৰী হৈ গৈছিল৷

আচলতে যোৱা দুশবছৰমানৰ পৰা ৰবটবোৰৰ মাজতো বিভাজন আৰম্ভ হৈছিল৷ মানুহবোৰ শেষ হৈ যোৱাৰ পাছতো মানুহে প্ৰগ্ৰেম কৰি যোৱা ৰবটবোৰৰ কৃত্ৰিম মগজুৰ কিছুমান অংশত কিছুসংখ্যক বিভাজনমুখী ক’ড হয়তো ৰৈ গৈছিল৷ কালক্ৰমত ৰবটবোৰে নিজে সৃষ্টি কৰা ৰবটবোৰৰ মগজুতো সেইবোৰ ক’ড থাকি গৈছিল৷  তাৰেই ফলস্বৰূপে লাহে লাহে ৰবটবোৰৰ কলনিবোৰে নিজা নিজা ক’ড সৃষ্টি কৰিবলৈ ললে৷ ৰবটবোৰৰ মাজতো সামাজিক ব্যৱধান আহিবলৈ ধৰিলে৷

এই এৰিয়া বি-ৱান জিৰ’ বা ব্ৰহ্মপুত্ৰ বেচিনৰ বিশেষ চিলিকাখিনি আৱিষ্কাৰ হোৱাৰ লগে লগেও ভিন ভিন বৰ্গৰ ৰবটবোৰৰ মাজত প্ৰতিযোগিতা আহি পৰিছিল৷ সেয়ে একেলগে একেখিনি ঠাইত একে কামত ব্যস্ত থাকিলেও ৰবটবোৰৰ মাজত যোগাযোগ বহু কম আছিল বা নাছিলেই বুলিব পাৰি৷ এই পৰিস্থিতিৰেই সুযোগ ললে এৰিয়া চিএন চিক্সৰ ভি-প্লাছ চিৰিজৰ ৰবটকেইটাই! এৰিয়া চিএন চিক্সৰ ছত্ৰছায়াত পালিত হোৱা এইবিধ ৰবট বিশ্বৰ ভিতৰতে নৃশংস বুলি জনাজাত৷

: কাৰোবাৰ ওচৰত চি-নাইন চিৰিজৰ ড্ৰোণ আছে নেকি? – সুৰক্ষিত চেনেলটোত চিগমাৰ মাত আকৌ শুনা গ’ল৷

চিগমাই ধ্বংসপ্ৰাপ্ত কেৰিয়াৰকপ্টাৰখনৰ কণ্ট্ৰ’ল পেনেলখন জেড নাইনটোৰ সহায়ত কেইটামান চেল ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতেই কাৰ্য্যক্ষম কৰি তুলিলে৷ তাৰ পাছত চিগমাই এঘাৰশ বছৰ পুৰণি ক’ড এবিধৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সকলোৱে সহজেই বুজি পোৱাকৈ এটা প্ৰগ্ৰেম বা ৰবটৰ ভাষা তৈয়াৰ কৰি পেলালে৷ এই পুৰণি ক’ডবিধ মানৱজাতিৰ বহু যুদ্ধক্ষেত্ৰত ইতিপুৰ্বে ব্যৱহাৰ হৈছিল৷  আজিৰ পৰা প্ৰায় এঘাৰশ বছৰৰো অধিক কাল আগতে অৰ্থাৎ ১৮৪৪ চনতেই ছেমুৱেল মৰ্ছ নামৰ মানুহ এজনে মৰ্ছ ক’ড নামৰ এইবিধ ক’ড আৱিষ্কাৰ কৰিছিল৷ এৰিয়া চিএন চিক্সৰ ভি-প্লাছ চিৰিজৰ ৰবটকেইটাৰ চকুত ধূলি দি এটা গোপন চেনেলৰ সহায়ত বৰ্তমানেও বাচি থকা ৰবটকেইটাৰ মাজত এই মৰ্ছ ক’ডৰ মাধ্যমেৰে যোৱা কিছুসময় ধৰি যোগাযোগ স্থাপন কৰা হৈছে৷ এচিড বৰষুণৰ বাবে সমগ্ৰ অঞ্চলটোতেই চেটেলাইট সেৱা ব্যাহত হোৱা বাবে বাহিৰৰ পৰা সহায়ৰ আশা কৰাটোও ভুল হ’ব৷

: হয়, মোৰ ওচৰত দুখন চি-নাইন চিৰিজৰ ড্ৰোণ আছে৷ চেল ৰেঞ্জ প্ৰায় আশী পাৰ্চেণ্ট! – টাইগাৰ কপ্টাৰ এখনৰ পৰা চিগনেল এটা আহিল৷

: হৈ যাব৷ মই ক’অৰ্ডিনেট পঠিয়াইছো৷ পঠিয়াই দিয়ক৷ সহায় পোৱাৰ আশা নাই৷ আমিয়েই ভি-প্লাছ চিৰিজৰ ৰবটকেইটাই ব্যৱহাৰ কৰি থকা মাডাৰ শ্বিপখন ধ্বংস কৰিব লাগিব৷ – চিগমাই কথাখিনি কৈ জেড নাইনটোলৈ চালে৷

: হৈ যাব৷ মই লৈ আহিম!

চিগমাই নিজে লুকাই থকা ঠাইখিনিৰ ক’অৰ্ডিনেট নিদি অলপ দূৰৈৰ ঠাই এখনৰ কৰ্ডিনেট দিছিল৷ যাতে চি-নাইন চিৰিজৰ ড্ৰোণ দুখন ৰঙা ড্ৰোণবোৰে ধৰা পেলালেও কণ্ট্ৰলৰুমটো কিছুসময়লৈ সুৰক্ষিত হৈ থাকিব পাৰে৷

চিগমাৰ কথামতেই জেড নাইনটো সাজু হ’ল৷ আচলতে চিলিকাসন্ধানী ৰবটবোৰে কৰা ভুলটো চিগমাই ধৰা পেলাবলৈ সক্ষম হৈছিল৷ এৰিয়া চিএন চিক্স ঠাইটুকুৰা আনৰ বাবে অগম্য হলেও সেই ঠাইৰ উৎপাদিত সামগ্ৰীৰ বজাৰ বিশ্বৰ সমগ্ৰ ঠাইতেই উপলব্ধ হৈছিল৷ আগৰ চীনা সামগ্ৰীৰ দৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ ৰবটসমূহে ব্যৱহাৰ কৰা বহু নিত্য ব্যৱহাৰ্য্য সামগ্ৰী এৰিয়া চিএন চিক্সৰ পৰাই আহিছিল৷ এইখিনিতেই ভি-প্লাছ চিৰিজৰ ৰবটবোৰে এক বিশেষ উদ্দেশ্য লৈ লাহে লাহে এক বিধ্বংসী পৰিকল্পনা কৰিছিল৷ ৰবট তথা যানবোৰত ব্যৱহাৰ হোৱা এক নিৰীহ অংশ হৈছে ‘ৰিভেট’বোৰ বা গজালবোৰ৷ বিভিন্ন ধাতুৰে সজা ৰবটবোৰ তথা আন যন্ত্ৰবোৰ জোৰা লগাবলৈ ব্যৱহাৰ হোৱা বেছিভাগ ‘ৰিভেট’ আহিছিল এই এৰিয়া চিএন চিক্সৰ পৰা৷ এৰিয়া চিএন চিক্সত উৎপাদিত হোৱা এই গজালসমূহৰ কিছু সংখ্যকক ৰাসায়নিকভাৱে কিছু দুৰ্বলকৈ তৈয়াৰ কৰি ভালবোৰৰ সৈতে মিহলাই পঠিয়াই দিয়া হৈছিল৷ কালক্ৰমত পৃথিৱীৰ প্ৰায় সকলো যন্ত্ৰতেই দুই এটাকৈ দুৰ্বল ‘ৰিভেট’ সকলোৰে অলক্ষিতে থাকি আক্ৰমণৰ বাবে সুৰুঙাৰূপে বিবেচিত হৈছিল৷ আজিৰ এই আক্ৰমণতো ভি-প্লাছ চিৰিজৰ ৰবটবোৰে এই দুৰ্বল ৰিভেটবোৰ টাৰ্গেট হিচাপে লৈ ড্ৰোণেৰে ৰাসায়নিক দ্ৰব্য থকা কেপচুল নিক্ষেপ কৰি দুৰ্বল ৰিভেটবোৰ গলাই পেলাইছিল৷

চিগমাই সেয়ে জেড নাইনটোক ভঙা কেৰিয়াকপ্টাৰখনৰ পৰা চেৰামিকৰ টুকুৰা কিছুমানেৰে মুকলি হৈ থকা ৰিভেটবোৰ পাৰ্য্যমানে ঢাকি লবলৈ দিলে৷ চি-নাইন চিৰিজৰ ড্ৰোণদুখনত কোনো ৰিভেট নাথাকে বাবে সুৰক্ষিত৷ এই দুখনত তৰংগশোষক দ্ৰব্য এবিধ থাকে বাবে আনে সহজে ধৰা পেলাব নোৱাৰে৷ এইবিধ ড্ৰোণে চিকাৰী চৰাইৰ দৰে চোঁ মাৰি আক্ৰমণ কৰিবও পাৰে৷

এতিয়া জেড নাইনটোৰ কাম হ’ল চি-নাইন চিৰিজৰ এখন ড্ৰোণক এটা কেপচুলসদৃশ যন্ত্ৰ প্ৰদান কৰা৷

★★

অলপ দূৰ গৈয়েই জেড নাইনটো ৰৈ গ’ল৷ ইফালে বৰষুণ প্ৰকোপ বাৰুকৈয়ে চৰিছে৷ দুই এটা কেপচুলো চেৰামিকৰ আৱৰণখনত পৰা গম পালে৷ এনেতে চোঁ মাৰি কিবা এটা অহা জেড নাইনটোৰ দৃষ্টিগোচৰ হ’ল৷ এখন চি-নাইন! ক্ষণিক সময়ৰ ভিতৰতে ৰঙা ড্ৰোণকেইখনমানে চি নাইনখনক ধৰা পেলালে৷ চি-নাইনখনে বাগি দি এফালে তৰিৎগতিৰে পলাই যাবলৈ ধৰিলে৷ কিন্তু জেড নাইনটোৰ এনে লাগিল যেন চি-নাইনখনে সম্পূৰ্ণ গতিৰে উৰিবলৈ পৰা নাই৷ যেন সেইখনে ৰঙা ড্ৰোণসমূহক নচুৱাই নচুৱাই বাগি দি দি আঁতৰলৈ নি আছে৷ কিন্তু এনে গতিৰে আগুৱাই গলে অতি শীঘ্ৰেই ৰঙা ড্ৰোনসমূহে সেইখন খুন্দিয়াই ভাঙি পেলাব৷

এনেতে পিছফালৰ পৰা জেড নাইনৰ বৰ্মত কিহবাই টুকুৰিয়ালে৷ আনখন চি নাইন! ইতিমধ্যে আঁতৰলৈ যোৱা চি নাইনখনক ৰঙা ড্ৰোনকেইটাই খুন্দিয়াই ভূপতিত কৰিছিল৷

মাত্ৰ এটা সুযোগ বাকী! জেড নাইনে এই চি-নাইন ড্ৰোণখনত এটা কেপচুল লগাই দিলে৷ এই কেপচুলটোৰ ভিতৰত চিগমা আৰু আন ৰবটসমূহে মিলি তাৎক্ষণিকভাৱে তৈয়াৰ কৰা এটা ছফটৱেৰ আছে৷ চি-নাইন ড্ৰোণখনে এইবাৰ বিপৰীত দিশে উৰিবলৈ ধৰিলে৷ এইখনৰ লক্ষ্য এতিয়া দূৰৈত শূন্যতে ৰৈ থকা এখন ৰঙা ড্ৰোণ!

এই চি-নাইন ড্ৰোণখনে ৰঙা ড্ৰোণখন ইণ্টাৰচেপ্ট কৰি ধৰিব পাৰিলেই কাম হৈ যাব৷ কেপচুলটোৰ ভিতৰত থকা এই ছফটৱেৰসদৃশ ভাইৰাছবিধ ৰিভাৰ্ছ প্ৰগ্ৰেমিং কৰি ড্ৰোণখনত সোমাই পৰিব৷ তাৰ পাছত ৰঙা ড্ৰোণখনত এটা সামান্য বিজুতি দেখা দিব৷ তেতিয়াই এই ৰঙা ড্ৰোণখনে স্বয়ংক্ৰিয়ভাৱে মাডাৰ শ্বিপখনলৈ উভতি যাব৷ উভতি যোৱাৰ পৰত ৰঙা ড্ৰোণখনে নিজৰ লগতে ভাইৰাছবিধো লৈ যাব৷

এনেতে ভুপতিত হোৱা চি-নাইনখনৰ কাষৰ পৰা ৰঙা ড্ৰোণবোৰ আকৌ জেড নাইনটোৰ কাষলৈ উভতিবলৈ ললে৷ কেপচুলবহনকাৰী চি-নাইনখন জেড নাইনটোৰ কাষৰ পৰা ইতিমধ্যে নিৰাপদ দূৰত্বলৈ গুচি গৈছিল৷ জেড নাইনটোৱে পলাবলৈ চেষ্টা নকৰিলে৷ কাৰণ কেৰিয়াৰকপ্টাৰখনলৈ পলোৱা মানেই কণ্ট্ৰল ৰুমটোত থকা চিগমা ধৰা পৰিব৷

লাহে লাহে ৰঙা ড্ৰোণবোৰে জেড নাইনটোক আগুৰি ধৰি কেপচুলবোৰ নিক্ষেপ কৰিবলৈ ধৰিলে৷ দুখনমান উৰি আহি মুৰৰ ওপৰৰ চেৰামিকৰ আৱৰণখন গুচাবলৈ ধৰিলে৷ প্ৰচণ্ড শক্তিৰে জেড নাইনটোৱে ৰঙা ড্ৰোণবোৰ মহ মৰাৰ দৰে মাৰিবলৈ ধৰিলে৷ এনেতে চেৰামিকৰ আৱৰণখন ভাঙি পৰিল৷ জেড নাইনটোৰ বৰ্মৰ ৰিভেটবোৰ মুকলি হৈ পৰিল৷ ইতিমধ্যে ৰঙা ড্ৰোণবোৰে জেড নাইনটোৰ ইতিমধ্যে মুকলি হৈ পৰা বাওফালৰ ৱৰ্কিং পেনেলখনৰ ভগা অংশেৰে কেপচুলকেইটামান সুমোৱাই দিলে৷ অলপ পাছতেই বাওঁফালটো সম্পূৰ্ণৰূপে অকামিলা হৈ প্ৰকাণ্ড জেড নাইনটো পৰি গ’ল৷

দূৰৈত ইতিমধ্যে কেপচুলবহনকাৰী চি-নাইনখনে এখন ৰঙা ড্ৰোনৰ ভিতৰত ভাইৰাচটো সুমোৱাই দিবলৈ সক্ষম হৈছিল৷ বিজুতি ঘটা ৰঙা ড্ৰোনখন মাডাৰ শ্বিপখন পাবলৈ মাত্ৰ কিছুদূৰহে বাকী!

★★

বৰষুণ শেষ হ’ল৷ সকলো বাহিৰলৈ ওলাই আহিল৷ এৰিয়া বি-ৱান জিৰ’ বা শুকান ব্ৰহ্মপুত্ৰৰ বুকুত যেন এইমাত্ৰ আকৌ এখন শৰাইঘাটৰ অন্ত পৰিল৷

ৰবটবোৰৰ ইজনে সিজনক আলিংগন কৰিলে৷ এতিয়া কোনো ভেদাভেদ নাই৷ চাৰিওফালে ৰঙা ড্ৰোণসমূহৰ ধ্বংসাৱশেষ৷ অদূৰত বিস্ফোৰিত হোৱা ভি-প্লাছ চিৰিজৰ ৰবটবোৰৰ মাডাৰ শ্বিপখনৰ ভগ্নাৱশেষ৷

জেড নাইনটোৱে চিগমাক ডাঙি লৈ বাহিৰলৈ ওলাই আহিল৷ বাওঁফালৰ দুয়োখন হাত অকামিলা হলেও সোঁফালটো তেতিয়াও কাৰ্য্যক্ষম হৈ আছিল৷ চিগমাৰ হাতত এটা বিশেষ পাত্ৰ৷ ভিতৰত সেউজীয়া কিবা এটা৷ এসময়ত সেউজীয়াৰে ভৰি থকা এই অঞ্চলটোত বহুশ বছৰৰ মুৰত পুনৰ সেউজীয়া ৰঙ দেখা পোৱা গ’ল৷

: কি এইটো? – টাইগাৰ শ্বিপখনৰ টি-ৱান ৰবট এটাই চিগমাক সুধিলে৷

: এইবিধ উদ্ভিদ! অৰ্কিড! লেবটোত পৰিত্যক্ত অৱস্থাত থকা জাৰ এটাত আছিল৷ ভাগ্য ভাল যে বেকআপ চেলকেইটাই এইডালক কোনোমতে জীয়াই ৰাখিছিল৷ – চিগমাই লাহে লাহে কৈ গ’ল৷

: এইডালৰ পৰা এই দীঘলীয়াকৈ ওলাই অহাটো কি? ৰঙটো বেলেগ যে!

: এইবিধ ফুল৷

: ফুল! নাম কি?

: এই মাহটো এপ্ৰিল মাহ৷ এইবিধ অৰ্কিড এইসময়তে ফুলে৷ কপৌফুল!

(সমাপ্ত)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *