ফটাঢোল

বাংলা সাহিত্যত ক্ষুদ্র গল্পচর্চা: প্ৰাক চচিয়েল মিডিয়া যুগ – বৰুণ কুমাৰ সাহা

ক্ষুদ্ৰ পৰিসৰৰ গল্পচৰ্চা বৰ্তমান সাহিত্যৰ এক লক্ষণীয় বিষয়। একবিংশ শতিকাত, বিশেষকৈ চচিয়েল মিডিয়া যুগত এই ধৰণৰ গল্পৰ প্ৰতি আগ্ৰহ, চৰ্চা আৰু ইয়াৰ প্ৰসাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এনেধৰণৰ গল্পক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছে। ক্ষুদ্ৰ গল্প, এক মিনিটৰ গল্প, গল্পাণু, পোষ্ট কাৰ্ড চৰ্ট ষ্টোৰি, চৰ্ট চৰ্ট ষ্টোৰি, ফ্ল্যাশ ফিকচন, অণুগল্প ইত্যাদি। আকৌ ইয়াৰ মাজতেই বহুতে ভাবে যে অণুগল্প আৰু এক মিনিটৰ গল্পৰ মাজত তফাৎ আছে। পিচে অণুগল্প নামটিয়েই বৰ্তমান সবাতকৈ জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে। অণুগল্প-চাইট, গ্ৰুপ অথবা পত্ৰিকাও বৰ্তমান জনপ্ৰিয়

Read more

HBOৰ চেৰন’বিল (Chernobyl) আৰু কিছু কথা – বিকাশ দত্ত

এপ্ৰিল ২৭, ১৯৮৮, সময় নিশা ১ বাজি ২৫ মিনিট। এখন হাতত চিগাৰেট আৰু আনখন হাত মেজৰ ওপৰত ৰাখি নিজৰ টেপ ৰেকৰ্ডাৰত ভেলেৰি লেগাছ’ভে ক’বলৈ আৰম্ভ কৰে, “It was Dyatlov. The truth doesn’t care about our needs or wants. Its doesn’t care about our governments, our ideologies, our religions. It will lie in wait for all time. And this, at last, is the gift of Chernobyl.” কিয় কৈছিল লেগাছ’ভে এইটো কথা। কিয় তেওঁ কৈছে, এটা মিছা কথাৰ মূল্য Chernobyl দুৰ্ঘটনা বুলি!

Read more

অলপ বৰপেইটা – ড° বিৰিঞ্চি কুমাৰ দাস

প্ৰতিটো ভাষাৰে কিছুমান উপভাষা থাকে, যিবােৰে সেই উপভাষা প্রচলিত থকা স্থানৰ বা উপভাষাটো কোৱা জনগােটটোৰ সৈতে সম্পর্কিত কিছু বৈশিষ্ট্য বহন কৰি থাকে। এই উপভাষাবােৰে মূল ভাষাটোৰ অন্তর্নিহিত বৈচিত্র্যক তুলি ধৰাৰ লগতে সেই উপভাষা কোৱা মানুহখিনিৰ স্থানীয় আৰু জনগােষ্ঠীগত সমলেৰে সমৃদ্ধ স্বকীয় জীৱনৰীতি আৰু সংস্কৃতিৰাে কিছু আভাস দিয়ে। অসমীয়া ভাষাৰ কথালৈকে আহিছোঁ৷ ভাষাবিদসকলে অসমীয়াৰ যি চাৰিটা উপভাষা চিনাক্ত কৰিছে, তাৰে এটা হৈছে কামৰূপী৷ আচলতে কামৰূপী উপভাষাটোক তিনিটা উপভাষা(বা উপ উপভাষা – subdilect) সম্বলিত এটা উপভাষা গােট বুলি ধৰিব পাৰি। কামৰূপী উপভাষাৰ

Read more

ভাৰতীয় নাৰীৰ দশাত উদ্বিগ্ন বিষ্ণুপ্ৰসাদ ৰাভা – ড° জয়ন্ত পাঠক

সাম্যবাদী দর্শণেৰে ঋদ্ধ বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯-১৯৬৯) ভাৰতীয় নাৰীৰ সৰ্বস্তৰৰ বিকাশৰ বাবে উন্মুখ। সমাজৰ অন্যতম অংগ নাৰীৰ সর্বতােপ্ৰকাৰৰ বিকাশ অবিহনে যে সমাজৰ স্বাভাৱিক গতি সম্ভৱ নহয় সেইকথা তেওঁ গভীৰভাৱে উপলব্ধি কৰিছিল৷ নাৰীৰ অৱহেলিত অৱস্থাৰ বাবে সমাজ প্রধান অনুঘটক— ৰাভাই তাৰ চাক্ষুক প্রমাণ পাইছিল। নাৰীৰ সমস্যা কি হ’ব, ‘ছােভিয়েটৰ নাৰী’, ‘ছােভিয়েটত শিশু’, ‘সমসাময়িক ভাৰতৰ নাৰী’, ‘ছােভিয়েট দেশৰ নাৰী’, ‘ছােভিয়েট পাৰ্লিয়ামেণ্টৰ জনদিয়েক নাৰী প্রতিনিধি’ ইত্যাদি ৰচনাত ভাৰতীয় আৰু ছােভিয়েটৰ নাৰীৰ তুলনামূলক অধ্যয়নৰ মাজেৰে তেওঁ ভাৰতীয় নাৰীৰ দশা প্রতিভাত কৰিছিল। প্রাক্-স্বাধীনতাৰ কালত, মহাযুদ্ধকালীন সময়ত

Read more

অসমীয়া সমাজ বিৱৰ্তনৰ পটভূমিত শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰাসংগিকতা – পঙ্কজ বৰুৱা

সমাজ বিৱৰ্তনৰ পটভূমিত শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰাসংগিকতা বিষয়ে লিখাৰ আগত সমাজ সম্বন্ধে আমাৰ এক উচিত ধাৰণা থাকিব লাগিব, তেহে আমি শংকৰদেৱৰ অসমীয়া সমাজলৈ অৱদান, ইয়াৰ মহত্ত্ব, প্ৰাসংগিকতা আদিৰ বিষয়ে উপলব্ধি কৰিব পাৰিম ৷ সমাজ শব্দটো অতিকৈ সাধাৰণ ভাৱে প্ৰচলিত যদিও সমাজ শব্দৰ অৰ্থ ব্যাপক। সমাজ শব্দটোৱে একেলগে থকা, একেলগে চাল চলন কৰাৰ কথাক বুজায়। সমাজ কেৱল মানুহৰ মাজতে আছে এনে নহয়, পশু-পক্ষী, চৰাই-চিৰিকটি, কিট-পতংগ, পৰুৱা আদিৰ মাজতো সমাজ দেখিবলৈ পোৱা যায়। বিশিষ্ট সমাজতত্ব বিদ R.M.Maciver আৰু C . Page য়ে কৈছে “সমাজ

Read more

শালিধানৰ খেতি কৰাৰ মােৰ আনন্দ – খজেন ডেকা

অসম এখন কৃষি প্রধান ৰাজ্য। এটা সময়ত কৃষিয়েই অসমীয়া মানুহৰ প্ৰধান জীৱিকা আছিল। ৰজা-মহাৰজাৰ দিনৰ পৰাই অসমত খেতি কৰাৰ তথ্য পােৱা যায়। বিশ্ব মহাবীৰ চিলাৰায়ৰ দিনত কোচ ৰাজ্যত কৃষকসকলৰ বাবে চিলাৰায়ে পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়া বুলি ইতিহাসত উল্লেখ আছে। সেইদৰে আহােম ৰাজ্যতাে সৈন্য-সামন্তক পাৰিশ্রমিক হিচাপে খেতি কৰি খাবলৈ মাটি দিয়াৰ কথা ইতিহাসত পােৱা যায়। অসমৰ বিহুকে আদি কৰি অসমত বাস কৰা সকলাে জনগােষ্ঠীৰে বেছিভাগ সংস্কৃতিয়েই কৃষিক কেন্দ্র কৰি গঢ়ি উঠা। সময়ৰ লগে লগে অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত

Read more

৮৩ৰ ‘প্ৰকাশ’ৰ গল্পত জুয়ে পােৰা ৮৩ৰ অসম – ড° স্বপ্নাস্মৃতি মহন্ত

অসমৰ সীমান্তত অৱস্থিত পূর্ব পাকিস্তানৰ জনতাৰ মুক্তি সংগ্ৰামৰ ফলশ্রুতি আছিল স্বাধীন বাংলাদেশ। চুবুৰীয়া ৰাষ্ট্ৰ এখনত হােৱা মুক্তি সংগ্রামে ভাৰতত বিশেষভাৱে অসমত এক সমস্যাৰ সৃষ্টি কৰিলে। সেয়া হ’ল শৰণাৰ্থীৰ সমস্যা। এই সমস্যাই অসমৰ আর্থ-সামাজিক জীৱনক জোকাৰি পেলালে। সত্তৰৰ শেষৰফালে বিদেশী অনুপ্রৱেশৰ সমস্যাটোৱে এক প্রচণ্ড ৰাজনৈতিক ধুমুহাৰ ৰূপ লৈ অসমৰ স্বাভাৱিক জীৱন-যাত্রা ব্যাহত কৰি তুলিছিল। ১৯৭৯ চনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত অসম আন্দোলন আৰম্ভ হৈছিল। চৰকাৰী পৃষ্ঠপােষকতাতে আন্দোলনকাৰী মানুহৰ ওপৰত অনেক অত্যাচাৰ চলিল। অসমৰ স্কুল-কলেজবােৰ বন্ধ হ’ল। মানুহৰ মাজত সুমুৱাই দিয়া হ’ল

Read more

পানীমিঠৈ: অসমীয়া জনজীৱনৰ দাপোণ – অসমী গগৈ

অসমীয়া ভাষা-সাহিত্যৰ অলিখিত যুগৰ এক অসমীয়া সম্পদ হ’ল সাঁথৰ। এই সাঁথৰৰেই আন এটা নাম হ’ল ‘পানীমিঠৈ’। এই সাঁথৰ বা পানীমিঠৈৰ জন্মৰ ইতিহাস বিচাৰিলে দেখ যায় যে বৈদিক যুগতেই ইয়াৰ বীজ ৰোপিত হৈছিল। প্ৰাচীন গ্ৰীক সাহিত্যৰ কিংবদন্তিস্বৰূপ স্ফিংছৰ প্ৰশ্নও সাঁথৰৰ এক প্ৰাচীনতম ৰূপ। যিহেতু সাঁথৰ এবিধ মৌখিক সাহিত্য, গতিকে ইয়াৰ জন্ম বা ৰচয়িতাক বিচৰাটো এক বাতুলতাহে মাথোন। সেয়ে হ’লেও অসমীয়া জনজীৱনক, মানুহৰ মনস্তত্বক এই সাঁথৰে কেনেদৰে জোকাৰি গৈছে তাকেই এই আলোচনাত বিচাৰ কৰি চাবলৈ যত্ন কৰা হৈছে। মানুহৰ মগজুক বা চিন্তাশক্তিক

Read more

ৰসৰাজ বেজবৰুৱা আৰু কৃপাবৰী শৈলী – যোজনাগন্ধা পাঠক

কৃপাবৰ বৰুৱা! জন্ম ঊনবিংশ শতিকাৰ প্ৰথম ভাগত৷ বংগদেশত৷ ‘জোনাকী’ কাকতত৷ সাহিত্যৰথী বেজবৰুৱাদেৱে কেৱল ৰস বা সাহিত্য সৃষ্টিৰ খাটিৰতে নহয়, অসমীয়া জাতিক স্বৰূপাৰ্থত গঢ় দিবলৈহে কৃপাবৰক জন্ম দিছিল৷ ‘জোনাকী’ৰ দ্বিতীয় বছৰ সপ্তম সংখ্যাৰ পৰা আৰম্ভ হোৱা কৃপাবৰী ৰচনা নিৰৱচ্ছিন্নভাবে জোনাকীৰ পাছত ‘বাঁহী’ত প্ৰকাশিত হৈছিল৷ বিক্ষিপ্তভাবে পৰৱৰ্তী সময়ৰ কাকতত দুই এটা ৰচনা প্ৰকাশিত হোৱাৰ পাচত প্ৰবন্ধসমূহ পুথি আকাৰে সংকলিত হয়৷ বাহ্যিক দৃষ্টিত তত্ত্বকথাৰ স্ৰষ্টা বেজবৰুৱা আৰু কৃপাবৰী ৰচনাৰ বেজবৰুৱাক দুজন ভিন্ন ব্যক্তি যেন লাগিব পাৰে৷ কিন্তু, দকৈ গমি চালে স্পষ্ট হৈ পৰে

Read more

হাস্য-ব্যঙ্গ সাহিত্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সাম্প্ৰতিক সম্প্ৰসাৰণ –গায়ত্ৰী চাহু

সাহিত্য মানৱ জীৱনৰ অভিব্যক্তি। প্ৰগতিশীল জীৱন, অনুভূতিশীল সমাজ, মন্থন আৰু অৱগুন্থণৰ বাবে যিকোনো সাহিত্যই সৱল ভুমিকা পালন কৰে। বৰ্তমান সময় আৰু সমাজৰ পৰিবৰ্তনশীলতাৰ মূল মাপকাঠিয়েই হ’ল সাহিত্য। বৰ্তমান মানৱ সমাজ বহুজাতিক,বহুভাষিক আৰু বহুগোষ্ঠীয় সংস্কৰণ হৈ পৰাৰ কাৰণে মানুহৰ মানসিক উৎকৰ্ষ সাধনাৰ বৈচিত্ৰও হৈ পৰিছে। নতুনত্বৰ অভিভাষিক , প্ৰতিভাশীল লেখকসকলে এনে এক বৈচিত্ৰময় জীৱনৰ আঁত ধৰি মানৱ সভ্যতাকো নৱৰূপত নিৰ্মান কৰিবলৈ উদ্যত হৈছে। সাম্প্ৰতিক বাস্তৱৰ বিশাল বোজাই মানুহৰ জীৱনটো দুৰ্বিসহ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত মানুহে জীৱনৰ ভাৱ গম্ভীৰতাক কাটি কৰি কাজেই ব্যঙ্গ

Read more
1 13 14 15 16 17 27