ফটাঢোল

৮৩ৰ ‘প্ৰকাশ’ৰ গল্পত জুয়ে পােৰা ৮৩ৰ অসম – ড° স্বপ্নাস্মৃতি মহন্ত

অসমৰ সীমান্তত অৱস্থিত পূর্ব পাকিস্তানৰ জনতাৰ মুক্তি সংগ্ৰামৰ ফলশ্রুতি আছিল স্বাধীন বাংলাদেশ। চুবুৰীয়া ৰাষ্ট্ৰ এখনত হােৱা মুক্তি সংগ্রামে ভাৰতত বিশেষভাৱে অসমত এক সমস্যাৰ সৃষ্টি কৰিলে। সেয়া হ’ল শৰণাৰ্থীৰ সমস্যা। এই সমস্যাই অসমৰ আর্থ-সামাজিক জীৱনক জোকাৰি পেলালে। সত্তৰৰ শেষৰফালে বিদেশী অনুপ্রৱেশৰ সমস্যাটোৱে এক প্রচণ্ড ৰাজনৈতিক ধুমুহাৰ ৰূপ লৈ অসমৰ স্বাভাৱিক জীৱন-যাত্রা ব্যাহত কৰি তুলিছিল।

১৯৭৯ চনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত অসম আন্দোলন আৰম্ভ হৈছিল। চৰকাৰী পৃষ্ঠপােষকতাতে আন্দোলনকাৰী মানুহৰ ওপৰত অনেক অত্যাচাৰ চলিল। অসমৰ স্কুল-কলেজবােৰ বন্ধ হ’ল। মানুহৰ মাজত সুমুৱাই দিয়া হ’ল বিভেদৰ ৰাজনীতি। আনকি খিলঞ্জীয়া জনগােষ্ঠীসমূহেও পৰস্পৰে পৰস্পৰৰ ওপৰত বিশ্বাস হেৰুৱালে। মানুহৰ মনত উমি উমি জ্বলি উঠা ক্ষোভৰ জুয়ে ১৯৮৩ ত ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আৰু সেই জুইত অসমৰ বহু গাঁও-ভূঁই, বহু মানুহ জাহ গ’ল। এনে অশান্ত পৰিৱেশত অসমীয়া গল্পকাৰসকলৰ দৃষ্টি স্বাভাৱিকতে সমাজত ঘটি থকা ঘটনাৰাজিৰ ওপৰত নিৱিষ্ট হ’ল। অসমৰ জলন্ত পৰিস্থিতি, তথাকথিত গণতান্ত্রিক নির্বাচনৰ অসাৰতা, মানুহৰ প্রতি মানুহৰ মনত সৃষ্টি হােৱা অবিশ্বাস, বিভেদৰ ৰাজনীতি, অস্থিৰ সামাজিক পৰিৱেশৰ মাজতাে উজ্বলি উঠা মানৱীয় প্রমূল্যবােধ আদি বিষয়বস্তুৱে গল্পকাৰ সকলক আকর্ষণ কৰিলে। তেওঁলােকৰ লেখাত অনুভূত হ’ল অসমৰ ভয়াৱহ পৰিস্থিতিৰ হৃদয় বিদাৰক ৰূপ। অসম প্রকাশন পৰিষদৰ দ্বাৰা প্রকাশিত ‘প্রকাশ আলােচনী’ৰ ৮৩ ৰ সংখ্যাকেইটাত প্রকাশিত কেইবাটিও গল্পৰ মাজত সেই সময়ৰ জ্বলন্ত পৰিস্থিতিৰ ছবি অংকিত হৈছে।

‘প্রকাশ’ (মে’, ১৯৮৩)ৰ পাতত পঢ়িবলৈ পােৱা তেনে এটি গল্প হ’ল প্রৱীণা শইকয়াৰ ‘সুর্যোদয়’। গল্প কেন্দ্রীয় চৰিত্ৰ বাৰ্ধক্যই অমানুসিকভাৱে সকলােৰে পৰা বিচ্ছিন্ন কৰি ৰখা এজন নিঃসঙ্গ মানুহ। চকুৰ আগত ঘটি থকা ঘটনাৰ মাজত ঠাৱনি নাপাই তেওঁ মানসিকভাৱে আশ্রয় লয় অতীতৰ বুকুত। গাঁৱৰ আহিনৰ অন্তহীন পথাৰৰ কাষে কাষে তেওঁ এটি শিশু হৈ চেকুৰি ফুৰে। গাঁৱৰ কাষেৰে বৈ যােৱা ৰূপহী নৈখনত চেঙেলীয়া কিশােৰ হৈ সাঁতােৰে। বিলৰ দাঁতিত গজা বিৰিণাৰ মাজে মাজে এটা কাম চৰাই হৈ চৰি ফুৰে। অতীতৰ বুকুত বিচৰণ কৰি তেওঁ নিজেই এটা বিশ্বাস, প্রেম নাইবা এক পৰম্পৰা হৈ উঠে। কিন্তু বাস্তৱলৈ উলটি আহি তেওঁ শুনিবলৈ পাইছে নিজৰ চিনাকি গাঁওখন জ্বলি থকাৰ গুম গুম শব্দ। তেওঁৰ শৈশৱৰ লগৰী সেই পথাৰ, নদী, বিৰিণা, তেওঁৰ প্রিয় দুপৰীয়া, প্রেম, পৰম্পৰা সকলাে যেন গাঁওখনৰ লগতে দপদপকৈ জ্বলি উঠিছে। বৃদ্ধত্বই ধূৱলি কুঁৱলী কৰা স্মৃতিৰ ফাঁকেৰে তেওঁৰ শৈশৱ, কৈশােৰ, যৌৱন, তেওঁৰ গাঁৱৰ সেউজীয়াখিনি শােভাযাত্রা কৰি পাৰ হৈ গুচি গৈছে। স্থিৰ হৈ ৰৈ আছে জুয়ে পােৰা হালধীয়া তামােল-পাণৰ বাৰী আৰু ক’লা অঙঠাৰে ভৰা এখন স্মৃতিৰ শ্মশান। তেওঁৰ চিনাকি একালৰ বগী ঢকেঢকী ৰূপহী নৈখন তেজেৰে ৰাঙলী হৈ তেওঁৰ চকুৰ আগেদি বৈ গৈছে। বােমা বিস্ফোৰণ, গুলী চালনা, সংঘর্ষ আৰু জুইৰ বতৰা, ডেকা ল’ৰাৰ মৃত্যুৰ বতৰা চকুৰ আগতে ঘটি থকা এই ঘটনাবােৰে তেওঁৰ দৃষ্টি অধিক ধূৱলি-কুঁৱলী কৰি তুলিছে। তথাপিও, ছায়া-বিস্মৃতি, ধোঁৱা-কুঁৱলীৰ সিপাৰে তেওঁ এটি আশাৰ সপােন দেখে। সেই আশা এক নতুন সূর্যোদয়ৰ। গল্পটিত এজন বার্ধক্য পীড়িত মানুহৰ অতীত আৰু বৰ্তমানৰ মাজত সৃষ্টি হােৱা মানসিক সংঘাটৰ ছবি সমসাময়িক অস্থিৰ সামাজিক প্রেক্ষাপটত অংকন কৰা হৈছে। সেই সময়ৰ সংঘর্ষ জৰ্জৰ পৰিৱেশৰ ছবি গল্পৰ মূল বিষয় নহয় যদিও কেন্দ্রীয় চৰিত্ৰটিৰ মানসিক অৱস্থা চিত্ৰণৰ পৰিপ্ৰেক্ষিতত গল্পকাৰে সেই ছবিক পটভূমি ৰূপে গ্রহণ কৰিছে।

১৯৮৩ চনৰ আগষ্টৰ ‘প্রকাশ’ৰ সংখ্যাটো আছিল বিশেষ গল্প সংখ্যা। এই সংখ্যাৰ কেইবাটাও গল্পৰ বিষয়বস্তু সমসাময়িক অসমৰ জ্বলন্ত পৰিৱেশ। অৰূপা পটঙ্গীয়া কলিতাৰ ‘বৰষুণ’ তেনে এটি উল্লেখযােগ্য গল্প। গল্পকাৰগৰাকীয়ে সাম্প্রদায়িক সংঘৰ্ষৰ ভয়াৱহ ৰূপ বিচিত্র অভিজ্ঞতাৰ ভেটিত ইয়াত অংকিত কৰিছে। সৰু চহৰ এখনৰ সৰু সৰু খেৰী ঘৰবােৰত কোনােবাই জুই লগাই দিছে। একে সময়তে জ্বলি উঠিছে চহৰখনৰ কেইবাখনাে কাঠৰ দলঙো।সেনাবাহিনীৰ গুলীত কেইবাজনাে মানুহৰ মৃত্যু হৈছে। মাছৰ বজাৰত পেট্রল ঢালি থকা অচিনাকি ল’ৰাকেইটাক ৰমা কলিতা আৰু গােপাল সাহাই চিনি নাপাই খেদি গৈছে। কৰাল মৰা তেজৰ ডোঙাত যেন স্তব্ধ হৈ ৰৈ গৈছে সেই সৰু গণ-চাঞ্চল্য। অসমীয়া বঙালী কোনেও কাকো বিশ্বাস নকৰা, কৰিব নােৱাৰা এক পৰিস্থিতি। হিন্দু-মুছলমানৰ ক’ত কিমান মানুহ মৰিছে লেখ-জোখ নাই। মানুহৰ মুখে মুখে প্রচাৰ হােৱা উৰা বাতৰিবােৰ মানুহবােৰক শংকাত, আতংকত কঁপাই তুলিছে। উৰা বাতৰিবােৰ বতাহতহে যেন উৰি আহি মানুহৰ কাণত পৰেহি। বঙালীপাৰা আলিপুৰ দুৱাৰৰ গুণ্ডা আৰু পশ্চিমবঙ্গৰ বােমাৰে ভৰি পৰিছে। বঙালীপাৰাত ঘােষণা হ’ল, অসমীয়াই বােলে এইকেইদিন বঙালকেইটাক মাগুৰমাছ জীয়ন দিয়াদি জীয়াইহে ৰাখিছে। কছাৰী বস্তিত সােমালে আৰু কোনাে ওলাই আহিব নােৱাৰে। মুছলমানে বােলে একলাখ মানুহ গােটাইছে, তাৰে পঁচিশ হেজাৰ বােলে চুইচাইড স্কোৱাদ। হিন্দু এটাও বাচি নাযাব।” এনে পৰিস্থিতিত হিতাহিত জ্ঞান হেৰুৱাই এক শ্রেণীৰ মানুহে কৰা কেতবােৰ কামৰ সমালােচনা কৰা বা আবেগৰ ঢৌত উটি নগৈ বিবেকক প্রাধান্য দিয়া কিছুসংখ্যক মানুহে জীয়াতু ভূগিবলগীয়া পৰিস্থিতিৰে উদ্ভৱ হৈছিল।

গল্পটিৰ তেনে এটি চৰিত্ৰ মদন বৰুৱা। দেৱালত বৰুৱাৰ নামৰপৰা তেজ বৈ অহা আর্টটোৰ দৰে অনেকৰ নাম সেই সময়ত লিখা হৈছিল, অনেকে আবেগ সর্বস্ব উত্তেজনাত উত্তেজিত হৈ পৰা নিজৰ মানুহৰ হাততে লাঞ্ছনাও ভােগ কৰিছিল। মদন বৰুৱাৰ মাজেৰে গল্পকাৰে সেইসকল মানুহে ভােগ কৰিবলগীয়া হােৱা যন্ত্রণাৰ ছবিও ইয়াত ফুটাই তুলিছে। সভ্য মানুহৰ বৰ্ম ফালি ওলাই অহা মানুহৰ হিংস্র দানৱীয় ৰূপটোৰ বৰ্ণনা গল্পকাৰে এনেদৰে দিছে–

“সভ্য মানুহৰ মাজৰ পৰা ওলাই আহে সেই অসভ্য, বর্বৰ, এক হিংস্র জানােৱাৰ। সি যুক্তি-বুদ্ধি নুবুজে, মানৱতা, দয়া-স্নেহ তাৰ বাবে অচিনাকি। সি তৃষ্ণার্ত, তাক লাগে মানুহৰ তেজ; সি ভােকাতুৰ, তাক লাগে মানুহৰ কোমল মাংস। তেজেৰে লুতুৰি-পুতুৰি হৈ জুইৰ পােহৰত সি তাণ্ডৱ নৃত্য কৰে। যি ব্যক্তিয়ে এই জানােৱাৰক এবাৰ দেখিছে সিহে জানে তাৰ দাঁত আৰু নখত কিমান মাৰাত্মক বিষ।”

অবিশ্বাস আৰু হিংসাৰ জুইত দগ্ধ অসমৰ চাৰিওফালে বিয়পি পৰিছিল গলিত মৰাশৰ গােন্ধ। মুকলি পথাৰত পৰি থকা মৰাশ শগুণ, কাউৰী, শিয়াল, কুকুৰে খাইছিল। ভয়াৱহ এক আতংকই মানুহৰ চকুৰ পৰা শেষ নিশাৰ টোপনিখিনিও কাঢ়ি নিছিল। সকলােৰে মনবােৰ এক বােবা ভয়ত কোঙা হৈ পৰিছিল। তাৰ মাজতে কার্ফিউ উঠাই লােৱা সময়কণতে চিকিৰিউটিৰ ব্যৱস্থা কৰি ৰাম গােস্বামী, অর্ধেন্দু গাঙ্গুলীৰ নিচিনা হাত দীঘল মানুহে নিজৰ পৰিয়ালসহ সেই চহৰ এৰি ৰাজ্যৰ বাহিৰলৈ আঁতৰি গৈছে, নিৰাপত্তাৰ খাতিৰত। এনেদৰে ‘বৰষুণ’ গল্পটিত গল্পকাৰে জুয়ে পােৰা ৮৩ ৰ অসমৰ নিৰ্মম ছবি অংকণ কৰিছে। তেখেতৰ বৰ্ণনাত সেই সময়ৰ পৰিৱেশৰ ভয়াৱহতাই বাংময় ৰূপ ধাৰণ কৰিছে।

৮৩ ৰ ভাতৃঘাটি সংঘর্ষত দাউ-দাউকৈ জ্বলিছিল অসমৰ গহপুৰ, ওদালগুৰি আদি ঠাই আৰু সেইবােৰ ঠাইৰ ৰাজনীতি নুবুজা মানুহৰ এনে কৰুণ সময়ৰ দুঃসহ অথচ সঁচা কাহিনীৰ আধাৰত ৰচিত, ৮৩ ৰ আগষ্টৰ সংখ্যাতে প্রকাশিত গল্প পূৰবী মুদৈৰ ‘ৰাজনীতি নুবুজা মানুহ’ গল্পটিৰ মুখ্য চৰিত্ৰ মালতী এজনী সাধাৰণ নৱবিবাহিতা যুৱতী। তাই ৰাজনীতি কি নাজানে। ৰাজনীতি বুজি নাপায় তাইৰ শাহুৱেক বা গিৰীয়েক ভদ্রেশ্বৰেও। গাঁৱৰ কোনেও এইবােৰ কথাৰ আও-ভাও নাপায়। ওচৰৰে বীৰেণ নাৰ্জাৰীহঁতৰ চুবুৰীৰ মানুহখিনিয়েও এইবােৰ কথাৰ তলা-নলা নাজানে। কিন্তু হঠাৎ দুয়ােটা চুবুৰীৰে মানুহবােৰ এটা পক্ষ আনটো পক্ষৰ শত্ৰু হৈ উঠিল। চাৰিওফালে জুই জ্বলিল। সেই জুইত মালতীহঁতৰ ঘৰ, পাকঘৰ, ভঁড়ালঘৰ, গােসাঁইঘৰ সকলাে জাহ গ’ল। দাউ দাউকৈ জ্বলা জুইৰ পােহৰত দেখা গৈছিল মাত্র ডকাইতৰ দৰে কঠিন, নিষ্ঠুৰ, দয়া-মমতাহীন জল্লাদৰ দৰে কিছুমান মুখ। জুইৰ পােহৰত সিহঁতৰ হাতত থকা দীঘল দাবােৰ চিকমিকাই উঠিছিল, যাঠি আৰু কাঁড়ৰ আগবােৰ তিৰবিৰাইছিল। হিংসা প্রতিহিংসাৰ জুয়ে দুয়ােটা চুবুৰীৰ মানুহকে নিঃশেষ কৰি থৈ গ’ল। মালতীৰ গিৰীয়েক ভদ্রেশ্বৰৰ লগতে বহু মানুহ নােহােৱা হ’ল। বীৰেণ নাৰ্জাৰীৰ ভনী-জোঁৱায়েকক কাটি পাঁচ টুকুৰা কৰিলে। কোনােবা বসুমতাৰীৰ দুয়ােটা পুতেকেই গ’ল। যুগ যুগ ধৰি বান্ধি ৰখা সম্প্রীতিৰ এনাজৰীডাল কোনােবাই ক্ষমতা লােভত পৰি বা আন কিবা কাৰণত টুকুৰা টুকুৰ কৰিলে। সেই জুই আৰু যন্ত্ৰণাৰ মাজতে শাহুৱেক আৰু গাঁৱৰ মানুহবােৰৰ লগত পলাই যােৱাৰ বাটত মালতীয়ে এটি সন্তান জন্ম দিলে। শিবিৰত থকা সময়ত বাৰে বাৰে তাইৰ মনলৈ আহিছে গিৰীয়েকৰ কথা, বীৰেণ নাৰ্জাৰীৰ ভনীয়েক ৰেণুমাইৰ সৈতে দুপৰীয়া টেঙা আম কুটি নিমখ-জলকীয়া দি খােৱাৰ কথা, ৰেণুৰ গিৰীয়েকটোৱে নবৌ বুলি মাতি তাইৰ হাতৰ পৰা তামােলখন খােৱাৰ কথা, হলিৰ ককায়েকে ধুনীয়াকৈ তাঁতশালখন পাতি দিয়াৰ কথা। শিবিৰত কটোৱা দিনকেইটাত এই মানুহবােৰৰ চিনাকি মুখবােৰ তাইৰ মনলৈ অহা-যােৱা কৰি থাকিল। কেলেই এনেকুৱা কটাকটি-মৰামৰি হ’ল। নিজৰ মানুহবােৰ শত্ৰু হ’ল, দদাই, খুৰী, ককাই বােলা দুয়াে পক্ষৰ মানুহে দুয়াে পক্ষৰ মানুহ মাৰিবলৈ বুলি হাতত অস্ত্র তুলি ল’ব পাৰিলে। সেই কথাৰ উত্তৰ তাইৰ সীমিত জ্ঞানৰ উৰ্দ্ধত।

এদিন তাই কোলাত কেঁচুৱাটো লৈ শাহুৱেকৰ সৈতে আপােন ভেটিটোলৈ উলটি আহিছে। সাতামপুৰুষীয়া ভেটিটোৰ অ’ত ত’ত সৃপিকৃত হৈ থকা ছাঁইৰ মাজত তাই থিয় দিছে। পুৰণি ঘৰৰ ভেটিটোতে গাঁৱৰ ডেকা ল’ৰা কেইটামানে নতুনকৈ ঘৰ এটা সাজি দিছে। সিহঁত অহা বুলি জানি বীৰেণ নাৰ্জাৰীৰ মাক আহি ঘৰটো থান-থিত লগাই দিছেহি। তেওঁৰ কথাত, দৃষ্টিত কোনাে অসূয়া নাই। মানুহজনীলৈ চাই থাকোতেই মালতীয়ে দেখিছে সিফালে থিয় দি থকা আন এজনী মালতীক। তাইৰ দৰেই সর্বস্বান্ত আৰু জুৰুলা হােৱা আন এজনী মালতী। সেইজনী ৰেণুমাই। ৰেণুমাই আগবাঢ়ি অহাত মালতীয়ে তাইৰ কেঁচুৱাটো ৰেণুৰ কোলাত তুলি দিছে। এজনী ৰাজনীতি নুবুজা স্বামীহাৰা নাৰীয়ে আন এজনী ৰাজনীতি নুবুজা স্বামীহাৰা নাৰীৰ দুখ-বেদনা সকলােবােৰ যেন সমানে ভগাই ল’লে। এফালে মালতী আৰু তাইৰ শাহুৱেক, আনফালে ৰেণুমাই আৰু মাক – এই দুয়ােপক্ষৰ হৃদয়ৰ পৰা যেন নিগৰি নিগৰি সহানুভূতি আৰু আত্মীয়তাবােধ এখন নৈ হৈ বৈ আহিল পৰস্পৰৰ হৃদয়লৈ।

‘প্রকাশ’ৰ একে সংখ্যাতে প্রকাশ পােৱা ‘তমসা’ নামৰ গল্পটিৰ লেখক ভগৱান শর্মা। ইয়াতাে গল্পৰ মূল বিষয়বস্তু তৎকালীন অসমৰ সামাজিক সমস্যা। সংঘৰ্ষত নিহত আৰু আহত মানুহেৰে ভৰি পৰা এখন হস্পিতাল। কোনােবাখন বিচনাত পৰি আছে শৰীৰৰ ওপৰত পাশৱিক অত্যাচাৰ সহি জীৱনৰ সকলাে ৰং হেৰুৱাই পেলােৱা এজনী ছােৱালী। কোনােবাখনত মূৰত চোকা অস্ত্ৰৰ আঘাত পাই মানসিক ভাৰসাম্য হেৰুৱাই পেলােৱা এজনী অসহায়া নাৰী৷ কোনােবাখনত আকৌ পৰি আছে শৰীৰত অসংখ্য আঘাতৰ চিন লৈ ডেকা ল’ৰা এটা। হস্পিতালৰ সন্মুখত কেইবাটাও মৰা শ। ডিঙিত চোকা অস্ত্ৰৰ ঘাপ পৰা শিশু, তেজেৰে ৰাঙলী গাভৰু, পেটত যাঠিৰ খোচ খােৱা আদবয়সীয়া মানুহৰ শ। হস্পিতালৰ সকলাে কৰ্মচাৰী সকলাে সময়তে তৎপৰ হৈ আছে। ডাক্তৰসকলৰ জিৰণি নােহােৱা হৈছে। ড° দীপক দাসে ঘৰৰ পৰা চিঠি পাইছে – গাঁৱৰ খবৰবােৰাে ভয়লগা। তেওঁৰ কেইদিনমানৰ আগতে আহি যােৱা কলেজত পঢ়া ভায়েকটোৰ মুখখন মনত পৰিছে, নিশা উজাগৰে থাকি পহৰা দি দি টোপনি খতি কৰা ৰঙা পৰা উখহা চকুৰে ভায়েকৰ মুখখন। দীপক সন্মুখৰ অপাৰেশ্যন টেবুলত পৰি আছে এটা সুঠাম স্বাস্থ্যৰ ডেকা ল’ৰা – যাৰ দেহ বন্দুকৰ গুলীৰ আঘাতত ক্ষত-বিক্ষত।

গল্পটোত ফুটি উঠিছে এক অস্থিৰ সময়ৰ ছবি। চাৰিওফালে হত্যা, সংঘর্ষ, ধ্বংসৰ বিভীষিকা। কিন্তু এইবােৰ কিহৰ কাৰণে আৰু ইয়াৰ ফলাফল কি হ’ব পাৰে সাধাৰণ মানুহে নাজানে। দীপকৰ মনৰ মাজত উদয় হােৱা প্রশ্নবােৰ যেন গল্পকাৰৰ প্ৰশ্ন – “হত্যাৰ ৰাজনীতি কোনে খেলিছে? ঘৃণা, বিভেদ আৰু ধ্বংসৰ বীজ বিয়পাই অন্ধকাৰৰ বুকুত ঘূৰি ফুৰা এই ছদ্মবেশীবােৰ কোন?” গভীৰ নিশা প্রণতি নামৰ নাৰ্ছ গৰাকীয়ে মৃত মাতৃ এগৰাকীয়ে সাবটি ধৰি থকা জীৱিত কেঁচুৱা এটি উদ্ধাৰ কৰি কোলাত তুলি লৈছে। গুলীবিদ্ধ ডেকাজনৰ অপাৰেশ্যন শেষ কৰাৰ পাছত দীপকৰ চকুৰ সন্মুখতে ঘটনাটো ঘটিছে। প্রণতিৰ মানৱীয়তাবােধে দীপকৰ হৃদয় চুই গ’ল। পৃথিৱীত এতিয়াও মানুহ আছে। তেওঁৰ মনটো হঠাতে এক অনাবিল আনন্দত ভৰি উঠিল। মুহূৰ্তৰ ভিতৰতে জীৱনৰ এক গুৰুত্বপূর্ণ সিদ্ধান্ত লৈ পেলালে। কল্পনাৰ হাতেৰে তেওঁ সেই মুহূর্ততে তাইৰ শিৰত সেন্দুৰ আঁকি দিলে। এনেদৰে গল্পটোৰ পৰিসমাপ্তিত গল্পকাৰে মানৱীয় মূল্যবােধৰ জয় দেখুৱাইছে।

এই গল্পসমূহত পৰিলক্ষিত হৈছে সমাজৰ ওপৰেৰে পাৰ হৈ যােৱা ৰাজনৈতিক ধুমুহজাকৰ প্ৰতি খেদ আৰু তিক্ততা। মাজে মাজে ফুটি উঠিছে গল্পকাৰৰ ব্যক্তিগত ক্ৰোধৰ উৰ্গীৰণ। কোনােটো গল্পত যদি আবেগে ক্ৰোধৰ সৃষ্টি কৰিছে, ক’ৰবাত হিংসা-অসূয়াৰ সীমা ভাঙি মানৱতাবােধ জাগ্ৰত হৈ উঠিছে। এই ৰচনাসমূহ প্ৰকৃততে সাহিত্যৰ ৰূপত লিপিবদ্ধ হৈ ৰােৱা অসমৰ মাটি, অসমৰ মানুহৰ তেজৰ বুৰঞ্জী। এইবােৰেই প্ৰকৃতাৰ্থত সময়ৰ দলিল। কল্পনাৰ চৰিত্ৰবােৰৰ মাজেৰে লিখা নিষ্ঠুৰ সময়ৰ সঁচা কাহিনী।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *