ফটাঢোল

পানীমিঠৈ: অসমীয়া জনজীৱনৰ দাপোণ – অসমী গগৈ

অসমীয়া ভাষা-সাহিত্যৰ অলিখিত যুগৰ এক অসমীয়া সম্পদ হ’ল সাঁথৰ। এই সাঁথৰৰেই আন এটা নাম হ’ল ‘পানীমিঠৈ’। এই সাঁথৰ বা পানীমিঠৈৰ জন্মৰ ইতিহাস বিচাৰিলে দেখ যায় যে বৈদিক যুগতেই ইয়াৰ বীজ ৰোপিত হৈছিল। প্ৰাচীন গ্ৰীক সাহিত্যৰ কিংবদন্তিস্বৰূপ স্ফিংছৰ প্ৰশ্নও সাঁথৰৰ এক প্ৰাচীনতম ৰূপ। যিহেতু সাঁথৰ এবিধ মৌখিক সাহিত্য, গতিকে ইয়াৰ জন্ম বা ৰচয়িতাক বিচৰাটো এক বাতুলতাহে মাথোন। সেয়ে হ’লেও অসমীয়া জনজীৱনক, মানুহৰ মনস্তত্বক এই সাঁথৰে কেনেদৰে জোকাৰি গৈছে তাকেই এই আলোচনাত বিচাৰ কৰি চাবলৈ যত্ন কৰা হৈছে।

মানুহৰ মগজুক বা চিন্তাশক্তিক জোকাৰি যাব পৰাটোৱেই সাঁথৰৰ প্ৰধান কাম। ইয়াৰ লগতে কোনো কোনো সাঁথৰে একোটা সম্পূৰ্ণ কাহিনী লোকচক্ষুৰপৰা লুকুৱাই ৰাখে। উদাহৰণস্বৰূপে চেঙেলী মাছৰ সাধুটোলৈ আঙুলিয়াব পৰা যায়। শিয়াল সূৰুযমুখী/ কাউৰী ৰজপক্ষী/ ভেকুলী পাত্ৰ/ গণকে পাই জোলোঙাত/ ভৰালে মাত্ৰ/ ছাই লেটি-পেটি/ চাৰি কাণ কটা/ চৈধ্যভূৱন দেখুৱালে চিলনীৰ বেটা।

এটা চেঙেলী মাছে লগৰবোৰৰ আগত তাৰ বিলাই-বিপত্তিৰ কথা বৰ্ণনা কৰিছে এনেদৰে। এদিন এটা খালত পানী শুকাই যোৱাত চেঙেলী মাছটো আন এটা খাললৈ গৈছিল। বাটত লগ পোৱা শিয়ালক মাছটোৱে প্ৰশংসা কৰিলে সূৰুযমুখী বুলি। কাউৰীয়ে ক’লে ৰাজপক্ষী। ঠিক তেতিয়াই এজন গণকে তাক বাটত পাই জোলোঙাত ভৰাই পত্নীক দিলে। মাছটোৰ চাৰিখন কাণ কাটি বাকলি গুচাবলৈ ৰ’দলৈ আনোতেই চিলনীয়ে মাছটো থপিয়াই লৈ গ’ল। পিছে আকাশত আন এজনী চিলনীৰ সৈতে থপিয়াথপি লাগি থাকোতেই চেঙেলীটো পুনৰ পানীত সৰি পৰিল।

কাহিনী বৰ্ণনাৰ বাহিৰেও কোনো কোনো সাঁথৰত অঙ্কশাস্ত্ৰৰ পাণ্ডিত্য লুকাই থকাও পৰিলক্ষিত হয়। তিনি তেৰ/ মধ্যে বাৰ/ ন দি যোগ কৰ/ তাৰ নিচত লগাই ৰাম/ পাৰ কৰি দিয়া / ঘৰলৈ যায় । (ষাঠিৰাম)

ইয়াত যদিও এগৰাকী পত্নীয়ে পাকে – প্ৰকাৰে স্বামীৰ নাম উল্লেখ কৰিছে, তথাপিও অঙ্কশাস্ত্ৰৰ জ্ঞান নাথাকিলে এনেদৰে উত্তৰ দিয়াটো সম্ভৱ নহ’য়। মধ্য যুগত কাইথেলী অঙ্ক সমাধানৰ ক্ষেত্ৰতো সাঁথৰ ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ সংখ্যাৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে গগন, আকাশ আৰু শূন্যৰ মান শূন্য (০); চন্দ্ৰ, সূৰ্য আৰু ঈশ্বৰ মানে এক (১); কাণ, চকু, পাখী, ভৰি, হাত মানে দুই (২); জগত, লোক মানে তিনি (৩); বেদ মানে চাৰি (৪), বান মানে পাঁচ (৫), বস মানে ছয় (৬), মুনি মানে সাত (৭), বসু, ঐশ্বৰ্য মানে আঠ (৮), গ্ৰহ মানে ন (৯), দিশ মানে দহ (১০) ইত্যাদি। আধুনিক ভাষাৰ সাঁথৰবোৰৰ বাহিৰেও একালত অসংখ্য সংস্কৃতি আৰু অন্যান্য ভাষাৰ সাঁথৰৰো প্ৰচলন আছিল।

জনজাতীয় বা আঞ্চলিক ভাষাৰ সাঁথৰৰেও লোক-সাহিত্য চহকী। কিছুমান সাঁথৰেৰে আকৌ নীতিজ্ঞান দিবলৈ চেষ্টা কৰা দেখা পোৱা যায়। এনেধৰণৰ  নীতিজ্ঞান ঘাইকৈ ভকতীয়া ঠাঁচৰ সাঁথৰত দেখিবলৈ পোৱা যায়।

সাঁথৰবিলাকৰ সাহিত্যিক বৈশিষ্ট বিচাৰ কৰিলে দেখা পোৱা যায় যে এইবোৰ সাধাৰণতে বৃত্তগন্ধী। সমাসোক্তি, পৰ্যায়োক্তি ৰূপক আদি অলংকাৰেৰে এইবিলাক ভৰপূৰ। ছন্দৰ ক্ষেত্ৰত ঘাইকৈ মিত্ৰাক্ষৰী, কুসুমমালা, ৱুমুৰি আদি ছন্দই প্ৰাধান্য পায়। চুটি চুটি বাক্যত ৰচনা কৰিবলগা হোৱা বাবেই এই ছন্দৰ প্ৰয়োগ কৰা হয়। মৌখিক সাহিত্য হোৱা বাবেই সাঁথৰবিলাক চুটি চুটি বাক্যৰে ৰচনা কৰিবলগীয়া বুলি অনুমান কৰিব পাৰি। সাঁথৰৰ আন এটা লক্ষ্য কৰিবলগীয়া কথা হৈছে যে ইয়াৰ ধনাত্মক শব্দৰ মিল। ইয়াত আখৰৰ সংখ্যাগত মিললৈ চকু দিয়া নহয়।

নিৰক্ষৰ চহা লোকৰ বৌদ্ধিক কচৰতৰ মাধ্যম সাঁথৰৰ সংখ্যা কিমান সঠিককৈ জনা নাযায়। বিশেষকৈ সংৰক্ষণৰ কোনো ব্যৱস্থা নথকা বাবে বহু সাঁথৰ পাহৰণিৰ গৰ্ভত লোপ পালে। কিন্তু বৰ্তমানলৈকে উদ্ধাৰ হোৱা সাঁথৰৰ সংখ্যা প্ৰায় এশমান বুলি ঠাৱৰ কৰিব পৰা যায় আৰু এইয়াই আজি লোক-সাহিত্যৰ আপুৰুগীয়া সম্পদৰূপে চিহ্নিত হৈছে। বৰ্তমানো যদি এই সাঁথৰৰ পুনৰ চৰ্চা চলোৱা যায়, তেন্তে নতুন নতুন সাঁথৰৰ জন্ম দিব পৰা যাব বুলি আমাৰ বিশ্বাস‌।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *