ফটাঢোল

অসমৰ লোকনাট্যত হাস্যৰসৰ ফল্গুধাৰা– জীমণি গগৈ

অসমৰ লোকনাট্য সমূহত প্ৰচ্ছন্ন হৈ থকা হাস্যৰসৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে লোকনাট্যনো কি সেই বিষয়ত অলপ আলোকপাত কৰা যাওক। সাধাৰণভাবে, চহা লোকসকলৰ জীৱনৰ পটভূমিত যি নাট্যধৰ্মী ৰচনা জনসাধাৰণৰ মুখে মুখে ৰচিত আৰু প্ৰসাৰিত হয় তাকে লোকনাট্য আখ্যা দিব পাৰি। লোকনাট্য হৈছে গীত, নৃত্য, সংলাপ, বাদ্য আদিৰ সমষ্টি। এতেকে লোকাশ্ৰিত কাহিনী একোটা কিছুমান চৰিত্ৰ, চৰিত্ৰ আশ্ৰিত সংলাপ, গীত, নৃত্য আৰু বাদ্যৰ সংযোগত প্ৰদৰ্শন কৰিলে সিয়েই লোকনাট্য । লোকনাট্যত গীত আৰু নৃত্যৰ আধিক্য বেছি। যদিও নামটো “লোকনাট্য” সেয়ে হ’লেও এইবিধ নাটত সংলাপতকৈ

Read more

সমালোচনা সাহিত্য : এটি আলোকপাত — চবিনা ইয়াচমিন

সমালোচনা হৈছে সাহিত্যৰ এটা উল্লেখযোগ্য বিভাগ৷ ইয়াক নিবন্ধ সাহিত্যৰ এটা বিভাগ হিচাপে ধৰা হয়৷ কাৰণ সমালোচনাও এবিধ আলোচনাই৷ সম্যক ভাবে আলোচনা কৰিলেই সমালোচনা হয়৷ ই নিৰূপক ৰচনা৷ সমালোচনা হ’ল এক বিচাৰ পদ্ধতি৷ প্ৰাচ্য আৰু পাশ্চাত্য উভয় সাহিত্যই সমালোচনাক একে দৃষ্টিভংগীৰে গ্ৰহণ কৰি আহিছে৷ দোষ-গুণ উভয়কে সমান গুৰুত্ব দি বিচাৰ কৰিলেই কোনো বিষয়ৰ সমালোচনা এটা পোৱা যায়৷ সমালোচনাত বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰি যুক্তিৰে দোষ গুণ নিৰ্ধাৰণ কৰা হয়৷ সাধাৰণ অৰ্থত সমালোচনা মানে প্ৰয়োজনীয় সকলো দিশৰ পৰা কৰা যথোপযুক্ত আলোচনা৷ এইফালৰ পৰা

Read more

এখন ব্যতিক্ৰমী নাটক : সত্যপ্ৰসাদ বৰুৱাৰ ‘নায়িকা-নাট্যকাৰ’– চাহিন জাফ্রি

অসমীয়া নাট্যসাহিত্যৰ এটি চিৰ-পৰিচিত নাম সত্যপ্রসাদ বৰুৱাক (১৯১৭-২০১১) নাট্যপ্রভাকৰ নামেৰেও জনা যায়। একেধাৰে অভিনেতা, নাট্যকাৰ আৰু নাটসমালােচক সত্যপ্ৰসাদ বৰুৱা অসমীয়া নাট্য-সংস্কৃতিৰ জীৱনজোৰা সাধক। নাটক আৰু অভিনয়কে জীৱনৰ মূল হিচাপে লােৱা নাট্যকাৰ বৰুৱাই ঐতিহাসিক, পৌৰাণিক,সামাজিক আদি বিভিন্ন বিষয় বস্তুৰ বহুকেইখন নাটক ৰচনা কৰিছিল। মৌলিক নাটকসমূহৰ উপৰিও তেওঁ বহুকেইখন দেশী-বিদেশী নাটকৰ অসমীয়া অভিযােজনা আৰু অনুবাদো কৰিছিল। ইয়াৰ বাহিৰেও পূর্ণাঙ্গ মঞ্চ-নাটক, একাংকিকা আৰু অনাতাঁৰ কেন্দ্র যােগে প্রচাৰিত নাটকো তেওঁ ৰচনা কৰিছিল। বৰুৱাৰ দ্বাৰা ৰচিত মৌলিক নাটক সমূহ হৈছে— চাকৈ-চকোৱা (১৯৪০),কল্পনাৰ মৃত্যু (১৯৪০), শিখা

Read more

হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্ত্তন’ : এটি আলোচনা – ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য

হেমচন্দ্ৰ বৰুৱা আছিল প্রধানকৈ সংস্কাৰবাদী আৰু সমাজ সচেতন লেখক। এনে লেখকৰ ৰচনাত প্ৰায়েই প্রচাৰধর্মিতা স্পষ্ট হৈ জিলিকি উঠে। ‘কানীয়াৰ কীৰ্তন’তো প্রচাৰধর্মী সুস্পষ্ট। সংস্কাৰবাদী হেমচন্দ্রই কানিৰ বিৰুদ্ধে দ্রোহ আচৰণ কৰাৰ লগতে সমসাময়িক সমাজৰ উচ্চ শ্ৰেণীৰ লােকৰ ভেম ভণ্ডামি, অন্যায় অনীতি আদি উদঙাই দি সেইবােৰক ব্যংগ বিদ্ৰুপ বাণেৰে ক্ষত বিক্ষত কৰাৰ প্রয়াস কৰিছে ‘কানীয়াৰ কীৰ্তন’ নাটকত। ‘কানীয়াৰ কীৰ্তন’ৰ কাহিনী ভাগ: নাটকখনৰ কাহিনীটো এনে ধৰণৰ – ভদ্রেশ্বৰ বৰুৱা এজন ভদ্রলােক আৰু সোনাৰগাঁও মৌজাৰ মৌজাদাৰ। কীর্তি তেওঁৰ পুতেক। এদিনাখন পদ্মপাণি নামৰ এজন মহাপুৰুষীয়া পথত

Read more

ব্যংগ কি, কিয়, কেনেকৈ – অভিজিত কলিতা

(বি. দ্ৰ.- এই প্ৰবন্ধটি মূলতঃ ইণ্টাৰনেটত পোৱা বহু আলোচনাৰ সহায় লৈ তাৰ সাৰাংশ হিচাপে তৈয়াৰ কৰা হৈছে, ইয়াত প্ৰবন্ধ লেখকৰ নিজৰ অৱদান প্ৰায় শূন্য) ব্যংগনো কি? ব্যংগ সাহিত্যৰ সংজ্ঞা আৰু কৌশলবোৰনো কেনে ধৰণৰ? এজন ব্যংগ লেখকে কোনবোৰ কথালৈ মন কৰিব লাগে, ব্যংগৰ বিৰুদ্ধে কোনোবাই আইনী ব্যৱস্থা ল’ব পাৰে নেকি? ব্যংগ সাহিত্যৰ কলাটিৰ উৎকৰ্ষৰ বাবে কেনেধৰণৰ অভ্যাসৰ প্ৰয়োজন? এই প্ৰবন্ধটিত তেনে কিছুমান প্ৰশ্নৰে উত্তৰ অন্বেষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। লিখাটি প্ৰস্তুত কৰোঁতে মূলতঃ ইণ্টাৰনেটত উপলব্ধ ব্যংগ সাহিত্য সম্বন্ধীয় কেইটামান প্ৰবন্ধৰ সহায়

Read more

সংবাদ মাধ্যমৰ লগত জৰিত কিছু শব্দ – শান্তনু কৌশিক বৰুৱা

বাতৰিকাকত এখন মেলিলেই প্ৰথম পৃষ্ঠাৰ ওপৰতে কাকতখনৰ নামটো চকুত পৰে। জানে নে তাক কি বুলি কয়? একেদৰে টেলিভিছনৰ অনুষ্ঠান পৰিৱেশনকাৰী আৰু সংবাদদাতাৰ হাতত এক বিশেষ ধৰণৰ আহিলা আপুনি নিশ্চয় দেখিছে, যাৰ শীৰ্ষত এটা মাইক্ৰোফোন সংযুক্ত কৰা থাকে। তাৰেইবা নাম কি? দৰাচলতে বাতৰিকাকতৰ বিভিন্ন অংশৰ লগতে বাতৰি সংগ্ৰহ, বাতৰি পৰিৱেশন, সম্পাদনা আদি বিভিন্ন ক্ষেত্ৰ/পৰ্যায়ৰ সুকীয়া সুকীয়া নাম আছে। সেইদৰে ইলেকট্ৰনিক সংবাদ মাধ্যমৰ লগতো জৰিত হৈ আছে বহু শব্দ। আপুনি হয়তো এইবোৰ (যেনে : বাতৰিকাকত এখনৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত কাকতখনৰ নামটো, টেলিভিছনৰ

Read more

‘দুই নাৰী’ এটি আলোচনা – চবিনা ইয়াচমিন

আধুনিক কথা সাহিত্যত চুটি গল্পৰ এক বিশেষ স্থান আছে৷ বাস্তৱ জীৱনক আধাৰ হিচাপে লৈ চুটি গল্পত প্ৰয়াস কৰা হয় জীৱনৰ একোটি সত্যক সংক্ষিপ্ত ৰূপত তুলি ধৰিবলৈ৷ চুটি গল্পত লৌকিকতা বা বাস্তৱতা থকাটো বাঞ্ছনীয়৷ কাৰণ অলৌকিকতা বা অবাস্তৱ কথাই চুটি গল্পক সাধুৰ পৰ্যায়লৈ লৈ যায়৷ এতিয়া কথা হ’ল গল্প পৰ্যালোচনা মানেনো প্ৰকৃততে কি? গল্পটোৰ বিষয়ে সম্যক আলোচনাই হৈছে গল্পৰ পৰ্যালোচনা৷ সচৰাচৰ পঢ়িবলৈ পোৱা পৰ্যালোচনা সমূহত বহুক্ষেত্ৰত গল্প এটা পঢ়ি আমাৰ যি অনুভৱ হয়, তাৰে থূলমূল আভাস এটাৰ মাজতে সীমাবদ্ধ হৈ থকা

Read more

জাতিৰ উত্তৰণত সংস্কৃতিৰ ভূমিকা আৰু আমাৰ কৰণীয় – চাহিন জাফ্ৰি

সম্প্ৰতি অসমত বিৰাজমান হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটোৱেই হৈছে- জাতীয় সমস্যা। ছপা মাধ্যমৰ পৰা আৰম্ভ কৰি ইলেকট্ৰনিক মিডিয়া আৰু চছিয়েল মিডিয়ালৈকে সৰ্বত্ৰে উচ্চাৰিত হোৱা এটা অতি চিনাকি শব্দ হৈছে ‘জাতীয়তাবাদ’। জাতীয় উত্তৰণৰ বিষয়টোয়ে সমাজখনত গভীৰ ভাৱে জাতীয় সংকটৰ সৃষ্টি কৰাৰ লগতে পৰস্পৰবিৰোধী ধাৰণাৰে এক উদ্বেগজনক পৰিস্থিতিৰো সৃষ্টি কৰিছে। কথা হ’ল, এই জাতীয় সমস্যা সমূহৰ সমাধানৰ কাৰণে আমি কি কৰা উচিত? আমি সকলোৱে এইটো কথাও ভালদৰেই জানো যে, অসমৰ অমীমাংসিত জাতীয় প্ৰশ্নৰ স্থায়ী সমাধানৰ বিষয়টোৱেই হৈছে বৰ্তমান অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা। জনগোষ্ঠীয়

Read more

জীৱনৰ উপহাস আৰু গডোৰ বাবে অপেক্ষা – অসমী গগৈ

জীৱন! জন্মৰ পৰা মৃত্যু অবধি সময়ছোৱা। মানুহৰ প্ৰতি বিধাতাৰ আশ্চৰ্যজনক উপহাৰ। অকুন্ঠচিত্তে মানৱে আকোৱালি লয় এই জীৱন। ফুল তৰা নতুবা চৰাইৰ কাকলিৰে সজাব বিচাৰে জীৱন। সপোন দেখে নিতৌ নতুন নতুন। আজি যদি জীৱনক ৰূপৰ সাজ পিন্ধাইছে তেন্তে কাইলৈ সোণৰ সাজ পিন্ধোৱাৰ সপোন দেখে। পৃথিৱীত এনে এজন মানুহ নাই যি জীৱনক এক মুহুৰ্তৰ কাৰণে হ’লেও ভাল পোৱা নাই। কিন্তু জীৱন ইমান সহজলভ্যও নহয় যে মানুহে বিচৰামতেই জীৱন সজাব পাৰিব!! জীৱন! মাথোন তিনিটা আখৰৰ এক সমষ্টি। এই তিনিটা আখৰৰ সমষ্টিয়েই কিন্তু মানুহক

Read more

ব্যংগধাৰা – গীতাৰ্থী গোস্বামী

ব্যংগ শব্দৰ অৰ্থ হৈছে ব্যঞ্জনা কৰি হাস্যৰস সৃষ্টি কৰা। সাধাৰণতে আনৰ অনুকৰণৰ দ্বাৰা হাঁহিৰ খোৰাক যোগোৱাকে আদিতে ব্যংগ বোলা হৈছিল। লাহে লাহে কৌতুক বা হাঁহি উঠিব পৰা যিকোনো কথাকে ব্যংগ বুলি ধৰা হ’ল। আদিকাব্য ৰামায়ণ আৰু মহাকাব্য মহাভাৰতৰ পাছত লৌকিক সাহিত্যত যিবোৰ কাব্য ৰচিত হৈছিল সেইবোৰৰ ভিতৰত নাট্যকাব্যসমূহত ব্যংগ বা ব্যঞ্জনাৰ প্ৰথম আবিৰ্ভাৱ ঘটে৷ প্ৰাচীন সংস্কৃত নাটকসমূহত ‘বিদূষক’ নামৰ এটা চৰিত্ৰ ৰখা হৈছিল। বিদূষক হাস্যৰস উদ্বেগকাৰী মন্ত্ৰী। নাটকৰ গম্ভীৰ বাৰ্তালাপৰ মাজে মাজে হাস্যৰসৰ বাবে কবিয়ে বিদূষকক উপস্থাপন কৰে। লাহে লাহে

Read more
1 14 15 16 17 18 27