ফটাঢোল

কবি নীলিম কুমাৰৰ দুটি কবিতাৰ এটি আলোচনা – চাহিন জাফ্ৰি

কবি নীলিম কুমাৰ অসমীয়া কাব্য জগতৰ এটা চিনাকি নাম। সাধাৰণ এটি বিষয়ক লৈ অথবা বিষয়বস্তুক বিশেষ গুৰুত্ব নিদিয়াকৈও কবি নীলিম কুমাৰে কিছুমান সুন্দৰ কবিতা ৰচনা কৰিছে।তেওঁৰ বিভিন্ন কবিতাত বিষয়বস্তুৰ পৰা ফালৰি কাটি আহিবলৈ বিচৰা দেখা যায়, য’ত বিষয়বস্তু মাত্ৰ এক অজুহাতহে হৈ পৰে। আমাৰ আলোচনাত তেওঁৰ তেনে দুটি ভিন্ন ধৰ্মী কবিতাৰ সম্পৰ্কে সামান্য বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। ‘ধুনীয়া তিৰোতাবোৰ আৰু অন্য কবিতা'(২০০০) কবিতা পুথিৰ অন্তৰ্গত ‘ধুনীয়া তিৰোতাবোৰ’ কবিতাটোও ইয়াৰ ব্যতিক্ৰম নহয়।কবিতাটোৰ শিৰোনামত থকাৰ দৰে ইয়াত কোনো ধুনীয়া তিৰোতাসমূহৰ বিষয়ে

Read more

হেৰুৱা শব্দৰ ৰিং – অসমী গগৈ বৰুৱা

জীবনত আপুনি নিশ্চয় কিবা নহয় কিবা এটা হেৰুৱাইছে। কলম-পেঞ্চিল, জোতা-চেন্দেল, কাপোৰ- কানি, টকা-পইচাৰে ভৰা বেগ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ, অতি দৰকাৰী এখন ৰচিদ। নহলেবা এখন ফণী বা ৰুমাল। নিশ্চয় হেৰুৱাইছে। কেনে লাগে তেতিয়া? ভাবিছে, সেইটোওনো এটা সুধিব লগা কথা হ’লনে– খঙে দুখে একাকাৰ। অতিপাত চোকা ৰদ। গৰমত বাছেৰে আপুনি কৰবালৈ গৈ আছে। তাকো ভৰি থ’বলৈ ঠাই নোহোৱা ভিৰত থিয় হৈ। ঘামে আপোনাৰ মুখ হাতকে আদি কৰি গোটেই দেহা ধুৱাই নিছে। যেনে তেনে গৈ নিৰ্দিষ্ট ঠাইত নামিল। মুখখন মুচিবলৈ ৰুমাল বিচাৰি দুয়োটা

Read more

হাঁহি – ড: জীৱন কলিতা

হাঁহি হ’ল মানুহে জন্মগতভাৱে লাভ কৰা এক জৈৱিক প্ৰবৃত্তি। বিশ্ব জগতৰ অন্যান্য প্ৰাণীবোৰৰ কিছুমানে দুখত চকুলো টুকিব পাৰে। কিন্তু আনন্দত হাঁহিব নোৱাৰে। হাঁহিব পাৰে কেৱল মানুহে। সেয়ে হাঁহিক মানৱ জীৱনৰ একচেতীয়া সম্পত্তি বুলি কোৱা হয়। হাস্যৰস উৎপত্তিৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে অসংগতিয়ে এই দিশত প্ৰধান ভূমিকা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে শিশু এটিয়ে বৃদ্ধ এজনৰ আচৰণ অনুকৰণ কৰিলে তাত অসংগতিৰ সৃষ্টি হয় আৰু এই অসংগতিয়ে মনত যি আকস্মিক আলোড়নৰ সূচনা কৰে তাৰপৰাই হাঁহিৰ উৎপত্তি হয়। প্ৰাচীন ভাৰতীয় আলংকাৰিকসকলে ‘নবিধ ৰস’ৰ

Read more

দ্বিধাহীনভাৱে দুৰ্ঘটনাগ্ৰস্তক সহায় কৰোঁ আহক – কৌস্তুভমণি শইকীয়া দত্ত

এই যান্ত্ৰিক পৃথিৱীত সকলো মানুহ নিজক লৈ ব্যস্ত। হৃদয়হীনতা এতিয়া সামাজিক ব্যাধি। কিন্তু মানৱদৰদী ব্যক্তি এতিয়াও আমাৰ মাজত নথকা নহয়। যি নিজৰ ব্যক্তিগত অসুবিধাক তল পেলাই থৈয়ো আৰ্ত মানুহক সহায় কৰিবলৈ সদা-প্ৰস্তুত। এনে মানৱ-দৰদীসকলৰ প্ৰতি সুখবৰ যে এতিয়া দুৰ্ঘটনাত পতিত আহত ব্যক্তিক সহায় কৰা সুনাগৰিকসকলৰ প্ৰতি চিকিৎসালয়, আদালত আৰু পুলিচে যথাযথ সন্মানপূৰ্বক ব্যৱহাৰ কৰিব। এই সম্পৰ্কত ৩০ মাৰ্চ, ২০১৬ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ নিৰ্দ্দেশনা অনুমোদন কৰে । ভাৰতীয় আইন আয়োগ (the Law Commission of India) ৰ মতে পথ-দুৰ্ঘটনাত মৃত্যু

Read more

ইংৰাজী নৱবৰ্ষৰ ইতিবৃত্ত – সঞ্জীৱ মজুমদাৰ।

সকলোকে নৱবর্ষ-২০১৯ ৰ শুভেচ্ছা জনালোঁ। সময়ৰ হিচাপ অনুসৰি আৰু এটা বছৰ মানুহৰ জীৱনৰ পৰা শেষ হৈ নতুন বছৰৰ আৰম্ভ হৈছে। প্ৰত্যেক বছৰেই এই বিশ্বৰ বিভিন্ন প্ৰান্তত ইংৰাজী নৱবর্ষক আদৰিবলৈ নানাধৰণৰ আড়ম্বৰপূৰ্ণ প্ৰস্তুতি চলে। মানৱ সভ্যতাৰ ক’ত, কেতিয়া নৱবৰ্ষৰ উদযাপন আৰম্ভ হৈছিল সঠিককৈ কোৱা সম্ভৱ নহয়। অজ্ঞাত অতীতত মানুহে প্রকৃতিৰ ৰূপৰ ভিন্নতা দেখি, সময়ক ভাগ কৰিছিল ঋতুৰ ৰূপত। কালক্ৰমত এইধৰণৰ ভিন্নতাৰ চক্রকাৰ গতিও তেওঁলোকে হয়তো লক্ষ্য কৰিছিল। এইদৰে এই ঋতুৰ গণনাচক্রক তেওঁলোকে ধৰি ল’লে বছৰ হিচাপে। এটা বছৰ কালৰ অতল গৰ্ভত

Read more

নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ফাগুনৰ ৰূপৰেখা – জীমণি গগৈ

সংগীত হ’ল সুৰ আৰু ধ্বনিৰ সমন্বয়ত সৃষ্ট এক শ্ৰৱণযোগ্য কলা। সু-সংবদ্ধ শব্দ আৰু নৈঃশব্দৰে সংগীতে মানুহক দান কৰে বাখ্যাহীন প্ৰশান্তি। সংগীতৰ আছে মানুহৰ অশান্ত মনক শান্ত কৰিব পৰা মায়াবী শক্তি, আছে সুৰৰ যাদুকৰী স্পৰ্শৰে হৃদয় জিনি ল’ব পৰা আশ্বৰ্যকৰ ক্ষমতা। সংগীতে সৃষ্টি কৰিব পাৰে সুৰৰ এখনি নিৰৱধি নৈ, য’ত অৱগাহন কৰি মানৱ হৃদয়ে লাভ কৰিব পাৰে অনির্বচনীয় সুখৰ শীতলতা। সংগীতৰ বুকুত প্ৰাণ পাই উঠে জীৱন-জগতৰ জীয়া ছবি। হৰ্ষ-বিষাদ, প্ৰেম-অপ্ৰেম জাগতিক ঘটনা-পৰিঘটনা, প্ৰকৃতিৰ মায়াময় ৰূপৰেখাও সংগীতৰ মাজেদিয়ে উজ্জ্বলি উঠে। সংগীতে মানৱ

Read more

সম্প্ৰীতিৰ অন্য এক নাম-আজান পীৰৰ জিকিৰ-জাৰী সমূহ : চাহিন জাফ্ৰি

মূলতঃ ধৰ্মী উদ্দেশ্যেৰেই ৰচনা কৰা জিকিৰ-জাৰী গীতসমূহ অসমীয়া সংস্কৃতিৰ যে অমূল্য সম্পদ তাক নুই কৰিব নোৱাৰি। এই জিকিৰ-জাৰী সমূহত ব্যৱহৃত ভাৱ, ভাষা, ছন্দৰ সৰলতা আৰু সাংগীতিক মূৰ্ছনাই প্ৰতিজন শ্ৰোতাৰ অন্তৰ যুগ যুগ ধৰি জয় কৰি আহিছে। অসমীয়া সংস্কৃতিৰ পথাৰত এই জিকিৰ-জাৰী সমূহৰ অনবদ্য অৱদানে সাহিত্যক সমৃদ্ধিশালী কৰি তোলাৰ উপৰিও হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী ডালো কটকটীয়া কৰি তুলিছে। ইয়াৰোপৰি জিকিৰ-জাৰী সমূহৰ আন এক উল্লেখযোগ্য অৱদান হ’ল- অসমীয়া সমাজত সম্প্ৰীতিৰ বাৰ্তা বজায় ৰখা।ভাষা আৰু আংগিকৰ ক্ষেত্ৰতো জিকিৰ-জাৰী সমূহে অসমীয়াৰ স্বকীয়তা বজাই ৰখাত সফলতা

Read more

কাপ আৰু কাকতৰ কথোপকথন – লক্ষ্মীনাথ বেজবৰুৱা

বৰবৰুৱাৰ বস্তু এটাই বিলাক জীয়া। ধোঁৱা খোৱা হোকাৰ পৰা সেই পনীয়া বিধ খোৱা গিলাচ লৈকে। কাকতে কাপে ফুফুফা- ফাকৈ কি মেলখন পাতিছে শুনাঃ “কাকত। কাপ-কাই। মুখ মেলি হাঁহি আহিচা দেখোন, খবৰ কি? বৰবৰুৱা বৰপেটৰ ওচৰৰ পৰা আহিছা যেন পাওঁ? কাপ। এ এৰা দেও! কিনো কবা কিনো শুনিবা! তোমাৰ বৰপেটৰ কথা দেখি হাঁহোতে পেটৰ নাড়ী ছিগিছে। আজি বৰবৰুৱাৰ বাপেকৰ শৰাধ। তেওঁ কালিৰ পৰা ডাড়ি গোঁফ খুৰাই নখ চখ কাটি হবিছ কৰি আছিল। আজি গা পা ধুই শৰাধত বহাৰ আগেয়ে, “মোৰ পেটতো

Read more

আকৌ এটা বছৰ শেষ হ’ল – অত্ৰেয়ী গোস্বামী

“ঘড়ীটোৱে কয় শুনা টিক্‌ টিক্‌ টিক্‌ সময় গৈছে উৰি ঠিক ঠিক ঠিক৷” এই কেইটা শাৰী আমি কুঁহিপাতত পঢ়িছিলোঁ৷ ঘড়ীটোৱে অহৰহ টিকটিকায়ে থাকে৷ সময় উৰি উৰি গৈয়েই থাকে৷ গোটেই ভূমণ্ডলত এই এটাই মাথো সম্পদ আছে যি নিজৰ গতি-বেগ সদায়ে অক্ষুণ্ণ ৰাখে৷যি কেৱল আগলৈ যায়৷যাৰ নেগুৰৰ পাচফাল দীঘল হৈ গৈ থাকিলেও আগফালৰ পৰা চুব নোৱাৰি, চাবও নোৱাৰি৷মুঠতে এবাৰ সৰকি যোৱা সময় দুনাই পোৱাৰ কোনো উপায় নাথাক৷সেইবাবেই হয়তো মানুহে সময়ক নিষ্ঠুৰ বুলি কয়৷ সময়ক লৈ আমাৰ আক্ষেপ অভিযোগৰ অন্ত নাই৷ ইমান সোনকাল,ইমান দেৰী

Read more

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা – লক্ষ্মীনাথ বেজবৰুৱা

মানুহৰ কাছুটি,কিতাপৰ পাতনি। কাছুটি নাথাকিলে মানুহ নাঙঠ,অসভ্য। পাতনি অবিহনে কিতাপ উদং, অভদ্ৰ আৰু বৰ্বৰ। সৰ্বসাধাৰণৰ অৰ্থাৎ সমজুৱা বাপুসকলৰ মূৰৰ মুকুট সভাশুৱনি সভ্য অবৰ্বৰ বৰবৰুৱাৰো সেই মত; কিয়নো সৰ্বসাধাৰণৰ বিপক্ষে গমন তেওঁৰ মনত অশোভন আৰু কুলক্ষণ। কিন্তু পাতনিৰ আজিকালি বিষম বঢ়াবঢ়ি হ’বলৈ ধৰিছে দেই। খালেদোঙে, বকৰাণিয়ে, বননিয়ে, টৌৱে টৌৱে, চৰিয়াই চৰিয়াই ‘লক্ষ্মীছাড়া’ পাতনি ইমান হৈছে যে তোমাৰ আমাৰ এগোহালি ৰাঙালী কাজলী বগী আৰু কলী গায়ে খাই তাৰ পৰালি পেলাব নোৱাৰে। তেওঁ বিহু নাম ছপাই কিতাপ উলিয়ালে। তাতো পাতনিৰ থেকেৰুপতীয়া পাগুৰি। মই

Read more
1 16 17 18 19 20 27