ফটাঢোল

হেৰুৱা শব্দৰ ৰিং – অসমী গগৈ বৰুৱা

জীবনত আপুনি নিশ্চয় কিবা নহয় কিবা এটা হেৰুৱাইছে। কলম-পেঞ্চিল, জোতা-চেন্দেল, কাপোৰ- কানি, টকা-পইচাৰে ভৰা বেগ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ, অতি দৰকাৰী এখন ৰচিদ। নহলেবা এখন ফণী বা ৰুমাল। নিশ্চয় হেৰুৱাইছে। কেনে লাগে তেতিয়া? ভাবিছে, সেইটোওনো এটা সুধিব লগা কথা হ’লনে– খঙে দুখে একাকাৰ। অতিপাত চোকা ৰদ। গৰমত বাছেৰে আপুনি কৰবালৈ গৈ আছে। তাকো ভৰি থ’বলৈ ঠাই নোহোৱা ভিৰত থিয় হৈ। ঘামে আপোনাৰ মুখ হাতকে আদি কৰি গোটেই দেহা ধুৱাই নিছে। যেনে তেনে গৈ নিৰ্দিষ্ট ঠাইত নামিল। মুখখন মুচিবলৈ ৰুমাল বিচাৰি দুয়োটা জেপ চলাথ কৰিছে– নাই ৰুমালখন ক’তো নেপালে। আকৌ ধৰক খুব হেঁপাহেৰে এটা চাকৰিৰ সাক্ষাৎকাৰৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ, চাহ, তামোলৰ খৰচ বেগটোত ভৰাই সাৱধানে লৈ গৈছে। নিশাৰ বাছত চকু জাপ খাই আহিলেও হাতেৰে ভৰিৰ কাষত থকা বেগটো চুই চুই নিচিন্ত হ’বৰ চেষ্টা কৰিছে। নাই আপোনাৰ মনে মনা নাই। দুয়োটা ভৰিৰ চেপত বেগটো থৈহে আপুনি নিচিন্ত হৈছে। সেই নিৰ্ভয়ে আপোনাৰ দুচকু জাপ খুৱালে। আৰু পাছদিনা সাৰ পাই দেখিছে বেগ উধাও। এনেবোৰ পৰিস্থিতিৰ অনুভৱৰ সৈতে আমি পৰিচিত।

পিচে আজি আমি কিছুমান হেৰুৱা শব্দৰ বিষয়েহে আপোনালোকৰ লগত কথা পাতোঁ বুলি ভাবিছোঁ। যিবোৰ শব্দই আপোনাৰ মোৰ শৈশৱ কৈশোৰ ৰঙাই ৰাখিছিল। আমাৰ দৰেই আপুনিও বাৰু সৰুতে গাইছিল নে-

পেহী অ’ পেহা আমলখি কেঁহা,
টেকেলিপেটীয়া গোবিন্দাই জাল বাওঁগৈ আঁহা।

ককা অ’ ককা দাড়ি চুলি পকা।

আমাৰ সৰু কালছোৱা পেহী-পেহা, দদাই-খুড়ী, মোমাই-মামী, মাহী-মহা, ককা-আইতা, আই-পিতাই, বৰমা-বৰদেউতা আদি শব্দৰে মৰম হেঁপাহৰ বান্ধোনত বান্ধ খাই আছিল। প্ৰতিটো সম্বন্ধৰ সৈতে আমাৰ জীৱনৰ একোটা অধ্যায় জড়িত হৈ আছিল। জনা হোৱাৰে পৰা খেলৰ লগৰী হিচাবে পোৱা পেহীক আমি দাবী খটুৱাই তৎ নাপাইছিলোঁ। পেহীক আমি তই বুলিছিলোঁ। পেহী ভাত দে, পেহী চুলি বান্ধি দে, তাক বেছিকৈ দিলি, জাকৈ বাওঁগৈ বল, সকামলৈ মোক নিবি দেই ইত্যাদি ইত্যাদি। জোনাক নিশা ককা আইতাৰ পৰিৱৰ্তে আমাক মামাই সাধু শুনাইছিল। আইতাই ঔটেঙাৰ বীজেৰে চুলি ধুৱাই দিয়া, মামীয়ে ভাত খুৱাই দিয়া, মতগজ দদাইৰ কান্ধত উঠি গাঁও ফুৰা, ককাৰ লগত জাল বাবলৈ যোৱা কথা-কামবোৰেৰে আমি একাত্ম হৈ পৰিছিলোঁ। এনে স্বাভাৱিক হিয়াৰ বান্ধোনবোৰৰ বাহিৰেও যাকে য’তে পাইছিলোঁ তাৰে সৈতে আমি এক অকৃত্ৰিম সম্বন্ধ গঢ়ি তুলিছিলোঁ। তাহানিৰে পৰা আমাৰ ঘৰত, ককাহঁতৰ ঘৰত কাম কৰিবলৈ অহা মানুহবোৰৰ কোনোবা আমাৰ বাবে মামা-মামী, পেহী-পেহা, ককা-আইতা হৈ পৰিছিল। যাৰ বাবেই সাপ্তাহিক বজাৰখনৰ পৰা আঘোণা মামাই যদি মৰ্টন ফাগুমামাই চানা, ৰুকু পেহীয়ে ফিটা আনিলে মোহিনী মাহীয়ে পখিলা লগা দুটা ক্লিপ আনিছিল। সকলোৰে বাবে আজিও আমি মৰমৰ ভাগিন, ভতিজা। সেই সহজ সৰল মানুহখিনিৰ মৰমৰ মাতষাৰ বা মানুহকেইজনক উপেক্ষা কৰাৰ মানসিকতা আৰু সাহস আমাৰ কাহানিও নহ’ব।

কিন্তু এতিয়া যদি কোনোবাই আমাক আণ্টি, ঘৰৰ মানুহজনক আংকোল বুলি যিমান আন্তৰিকতাৰেই নামাতক কিয় আমাৰ কাণত মৌ বৰষিব নোৱাৰে। কাৰণ আজন্ম আমি সেই নিভাজ অসমীয়া সম্বন্ধবোৰেৰেই অভ্যস্ত। বুকু ভৰি থকা আবেগ আকুলতাৰে ভৰা তাহানিৰ শব্দবোৰ হেৰাই যোৱাৰ আশংকাত আমি কঁপি থাকোঁ অহৰহ। যিবোৰ শব্দৰ শিপালৈকে আমি বান্ধ খাই ৰ’ম আজীৱন। আমাৰ পাছৰ চামৰ বাবে আমি হয়তো সময়ৰ সৈতে খোজ দিব নজনা এটা অচল টকা। তথাপিও এটা বৃত্তৰ মাজত থাকিও আমি আকুলতাতে বাট চাম ক্ৰমে হেৰাই যাবলৈ ধৰা শব্দৰ ৰিং শুনিবলৈ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *