ফটাঢোল

কাপ আৰু কাকতৰ কথোপকথন – লক্ষ্মীনাথ বেজবৰুৱা

বৰবৰুৱাৰ বস্তু এটাই বিলাক জীয়া। ধোঁৱা খোৱা হোকাৰ পৰা সেই পনীয়া বিধ খোৱা গিলাচ লৈকে। কাকতে কাপে ফুফুফা- ফাকৈ কি মেলখন পাতিছে শুনাঃ

“কাকত। কাপ-কাই। মুখ মেলি হাঁহি আহিচা দেখোন, খবৰ কি? বৰবৰুৱা বৰপেটৰ ওচৰৰ পৰা আহিছা যেন পাওঁ?

কাপ। এ এৰা দেও! কিনো কবা কিনো শুনিবা! তোমাৰ বৰপেটৰ কথা দেখি হাঁহোতে পেটৰ নাড়ী ছিগিছে। আজি বৰবৰুৱাৰ বাপেকৰ শৰাধ। তেওঁ কালিৰ পৰা ডাড়ি গোঁফ খুৰাই নখ চখ কাটি হবিছ কৰি আছিল। আজি গা পা ধুই শৰাধত বহাৰ আগেয়ে, “মোৰ পেটতো চিকুট মাৰি ধৰিছে” বুলি গোসাঁই ঘৰৰ পৰা ওলাই আহি দৰৱ খাওঁ বুলি কোঁটকৰে এগিলাছ ৰঙা পানী গিলি শৰাধত বহিলগৈ। মধুপৰ্ক আৰু ধূপৰ গোন্ধে সৈতে বান্ধ খাই মুখৰ ভেলেকা ভেলেক গোন্ধে শৰাধ গোটেইটো মলমলাবলৈ ধৰিলে। শৰাধ কৰোৱা পুৰোহিত বামুণে মধু পৰ্কৰ গোন্ধেই নে হেৰিয়াৰ গোন্ধ তাৰ কি তত ধৰিব? মোৰ হে দূৰৈৰ পৰা দেখি হাঁহি উঠিছে। পিণ্ড দিবলৈ পুৰাকল বখলিয়াওঁতে হাত থৰক বৰক, “বিষ্ণু বিষ্ণু মাধৱো” মন্ত্ৰ মাতোঁতে মাত লৰক ফৰক, পানীচলু দিব লাগে শালগ্ৰামৰ গাত, পৰিল পুৰোহিতৰ গাত।

পুৰোহিত বাপুৱে ডাঙৰীয়াৰ লঘোণে থকা বাবে পিত-পানী উজাৰ খাইছে ভাবি, শৰাধৰ মন্ত্ৰ জঁপিয়াই জঁপিয়াই সংক্ষেপ কৰি মাহ-কলৰ খোল একে ঠাই কৰিবলৈ লাগি গ ল। বুজ্- বুজ্ – বুজ্- বুজিছা নে এ- কাক্ – কাক্ ককাই?

কাকত। তোমাৰো দেখোন মাতবোৰ কিবা লেব্ লেব্ কৰে ওলাইছে। সেপেৰে মোৰ গা বুৰাই দিবা যেন দেখিছোঁ। আঁতৰ হোৱা। কাপ। তুমি মোক ইমানটো অবিশ্বাস কৰানে? ইমানটো অবিশ্বাস কৰানে? তুমি কি ভাবিছা? (চুমা খাবলৈ যায়)

কাকত। আঁতৰা! আঁতৰা! অবিশ্বাস কি আৰু, তোমাৰ পেটতো তাৰে এটোপা কেনেবাকৈ পৰিল।

কাপ। ইমানটো অবিশ্বাস কৰানে? বৰপেটে লৰালৰিত পেৰাটো মাৰিবলৈ পাহৰিলে, চল পাই ময়ো এটোপা। তোমাৰ আগত আৰু কি মিছা কথা কম? মই যে বৰবৰুৱাৰ বৰ কাপ।

কাকত। আৰু কি খবৰ শৰাধৰ কোৱাঁচোন। কাপ। খবৰ আৰু কি। তেওঁ হুতা কোমল চাউল আৰু একনমান গুড়েৰে সৈতে এটোপা গৰু গাখীৰৰ পানীৰে, শৰাধলৈ মতা মানুহক জলপান খুৱাই কাকো ডবল পইচা, কাকো চৰতীয়া এটাকে দক্ষিণা দি বিদায় কৰি গধূলি বন্ধুবৰ অমুক বৰুৱাৰ ঘৰত (বুজিছা নহয়? ) ডঢ়ীয়া কৰিমবকছ বাপুৰ হতুৱাই ৰাম পাৰ, হৰি পাৰ কৰি বটলৰ গংগোদকেৰে অমুক ভচুক বন্ধু বাপুসকলৰ সৈতে হবিযান্ন্য আহাৰ কৰিহে তত পাইছে। বৰ বৰুৱানীৰ গাত চেগ আছে দেই। তাত পুতেকৰ হতুৱাই সেই(বাতি সেৱাকে বোলোঁ দিয়া) নিৰ্বিকাৰ সভা বেৰ জুমি চোৱাই নহয় ঠিক কৰাই চৰুৰ তলৰ জাল নুমাই দুৱাৰ ডাং দি শয়ন কৰিলে। ৰাতি বাহিৰৰ পৰা বৰপেটে ভয়ে ভয়ে দুৱাৰত এখুন্দা মাৰে আৰু শোৱাপাটীত বৰবৰুৱানী বাজি উঠে। ওচৰ চুবুৰীয়াৰ কাণ তাল। এওঁৰ ইফালৰ পৰা শপত- শাতি, কাবৌ-কোকালি, – “হেৰ মোক মৰিয়াই নামাৰিবি।”

এইখন ভেকোঁভাওনা চাই হাঁহি উঠি তোমাক কবলৈ মই লৰি আহিছোঁ হক্। বুজ্- বুজ্ – বুজ্ বুজিছা নে এ খব্- খব্ – খবৰটো? ওৱাক।

কাকত। দূৰ! দূৰ! দূৰ হোঁৱা! দূৰ্গা! দূৰ্গা! বুজিছোঁ বুজিছোঁ তুমি মোক ৰক্ষা কৰা, আতঁৰ হোৱা! ছিঃ। সৰ্বনাশ কৰিলা, মোৰ গা বুৰিল! আজিলৈ যোৱা। নিতাল মাৰি শুই থাকাগৈ, কাইলৈ কথা হমহঁক। তুমি মোৰ জাতি কিষ্টা মাৰিলা বুজিছা নে?

মোৰ ঘৰতে মেল দুখন। মোৰ কাকত আৰু কাপেই মোক বিপৰ্চে চৰ্চ্চে, আনৰ কথা আৰু কি কম? এই বিলাক দেখি শুনি এই পৃথিৱী এৰি স্বৰ্গত ইন্দ্ৰৰে সৈতে সমান ভাগ কৰি ৰাজ্য লোৱািহে শ্ৰেয়স যেন অনুমান কৰিছোঁ। এই দুষ্ট পৃথিৱীত এনে বোৰ বন্ধু বান্ধৱকে লৈ মোৰ মোৰকৈ সাৱটি বুকুত বান্ধি আছোঁ! পুতৌ! বিশেষ আজি দুপৰীয়া বাৰ বজাৰ সময়ত কালি আহি ধৰ্ম্ম – ধেনুৰ চাৰিওচৰণ ভাঙি থৈ গ’ল। এনেস্থলত হিংসা ব্যাধৰ শৰক নিমিত্ত মাত্ৰ কৰি ” অশ্বথৰ তলে উদ্ধৱে সৈতে বহি আনন্দ কৰি লৈ” পৃথিৱী এৰি যাবলৈ কাৰবাৰ কৰাই যুগুত। মই এৰি গলেই অসম দ্বাৰকা কিন্তু সাগৰে বুৰাই থব। বুৰাওক। যি হয় হওক! সেই বুলি মই লগত গলগ্ৰহকৈ লৈ যাব নোৱাৰোঁ। ভোদা ৰামচন্দ্ৰই তাহানি অযোধ্যা নগৰী লগত বান্ধি লৈ গৈ কিন্তু ঠগ খাইছে। বৈকুণ্ঠত এটাই বিলাককে জোৰাকৈ ঘৰবাৰী প্ৰস্তুত নাছিল দেখি, ন ঘৰবাৰী নোহোৱা লৈকে লগত লৈ যোৱা খনেৰে সৈতে তেওঁ গছৰ তলত পৰি এপষ খৰলি খাবলগীয়াত পৰিছিল। কৃষ্ণ বুধিয়ক, কাকো নিনিয়ে। বৰবৰুৱাইও নিনিয়ে আহিলোঁহে! বিদায়! গুডবাই! চালাম আলোগোম।

(লক্ষ্মীনাথ বেজবৰুৱাৰ দেৱৰ ‘ কাপ আৰু কাকতৰ কথোপকথন’ শীৰ্ষক লেখাটোৰ ইউনিকড কৰোঁতাঃ তৃষ্ণা সোনোৱাল)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *