ফটাঢোল

অসমীয়া ভাষাৰ বিলৈ – সুৰেন গোস্বামী

অসমীয়া ভাষা সংকটত পৰিছে, সকলোৰে মুখে মুখে। ইয়াৰ বাবে আক্ষেপ, হতাশা যথেষ্ট দেখা গৈছে। ইয়াৰ লগে লগে আনৰ গালৈ বোকা ছটিয়াই নিজৰ দোষ ঢাকি ৰখাৰ প্ৰচেষ্টাও কম নহয়। বিশেষকৈ ” ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাচুৰ্য্য, নানান ভাষা-ভাষী লোকৰ আগমণ, ৰাজ্যভাষা প্ৰয়োগ কৰাত চৰকাৰী অৱহেলা, বৰ বৰ লোকে নিজৰ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমত নপঢ়োৱা”– ইত্যাদি আক্ষেপ আৰু হতাশাজড়িত কথাই বেছি প্ৰাধান্য লাভ কৰি আছে। ওপৰত উল্লেখ কৰা কাৰণবোৰ নোহোৱা বুলি ক’ব নোৱাৰি। কিন্তু তাৰ লগত আছে আমি অসমীয়াৰ নিজৰ প্ৰতি সচেতনতা নাই। আমি

Read more

অসমীয়া হাস্য ব্যংগ ৰচনা – ড° বসন্ত কুমাৰ ভট্টাচার্য

আধুনিক গদ্য সাহিত্যৰ এটি বিশিষ্ট সংলাপ হ’ল ৰস ৰচনা অথবা ৰম্য ৰচনা। ৰীতি-প্রকৃতিৰ দিশৰ পৰা এইবিধ সাহিত্য নির্মাতিক ব্যক্তি নিষ্ঠ লঘু ৰচনা বা হাস্যব্যংগাত্মক ৰচনাও বুলিব পৰা যায়। অসমীয়া সাহিত্যত এইবিধ ৰচনাৰ উন্মেষ আৰু বিকাশ ঘটিছিল প্রধানতঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। নক’লেও হ’ব যে এইবিধ ৰচনাত কৃতিত্ব অর্জন কৰিবলৈ সমৰ্থ হোৱাৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ বিভূষাৰে ভূষিত কৰা হৈছে। বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামত ‘জোনাকী’(১৮৮৯) আলোচনীত হাস্যব্যংগাত্মক যিবিলাক প্রবন্ধ ৰচনা কৰিছিল, সিবিলাকৰ এটি সংকলন প্রকাশ পায় ১৯০৪ চনত, সংকলনটোৰ নাম কৃপাবৰ বৰুৱাৰ

Read more

শৈশৱৰ হাঁহিৰ খোৰাক! – ৰিমঝিম বৰঠাকুৰ

“টোপনি আহিছে নেকি মইনা?” “নাই অহা আইতা, তাৰ পিছত…?” “তাৰপিছত… আৰু তেজীমলাৰ মাহীমাকে…..” আইতাই তাৰপিছত বুলি দুই কোৱাৰিৰ ফাঁকেৰে সেলেঙি বোৱাই বৈ অহা তামোলৰ পিকখিনি মোহাৰি সাধুটো আৰম্ভ কৰোঁতেই সিফালে নাতিনী নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰে। পিছদিনা আকৌ আগদিনা ৰাতি আধা কোৱাকৈ তাইক শুৱাই থোৱা বুলিয়েই অভিমানী আবদাৰেৰে সেই একেটা সাধুকে আধা এৰাৰপৰা শুনাব লগা হৈছিল। দিনৰ দিনটো ধূলিয়ে-বালিয়ে উমলি-জামলি পাৰ কৰি ফুট-গধূলিতে কলমটিয়াই থকা নাতিনীৰ এবহাত কাহানিও এটা সাধু সম্পূৰ্ণকৈ শুনা নহৈছিল। তথাপিও সাধু শুনিবলৈ বলিয়া নাতিনীয়েকক বুঢ়ীমাকে আকৌ গধূলি

Read more

চাণক্য বনাম মেকিয়াভেলী – সঞ্জীৱ মজুমদাৰ

আজিৰপৰা প্ৰায় দুহেজাৰ তিনি শ বছৰৰ আগতে ভাৰতবৰ্ষত এগৰাকী অতি তীক্ষ্ণবুদ্ধি সম্পন্ন শিক্ষাগুৰু, ৰাজগুৰু, আইন প্ৰণেতা, কূটনীতিজ্ঞ, মানবতাবাদী আৰু অৰ্থনীতিবিদৰ জন্ম হৈছিল। এইজনা বিচক্ষণ তথা মহান ব্যক্তিয়েই ভাৰতৰ ইতিহাস ৰচনা কৰিছিল। তেখেতৰ নাম আছিল বিষ্ণুগুপ্ত ওৰফে চাণক্য বা কৌটিল্য। আধুনিক যুগৰ ৰাজনীতি বিজ্ঞানীসকলে চাণক্যক প্ৰাচীন ভাৰতৰ মেকিয়াভেলী বুলি কয়। প্ৰসংগক্ৰমে এইখিনিতে মেকিয়াভেলীৰ বিষয়ে অকণমান জনাইছোঁ। চাণক্যৰ দৰেই নিকলো মেকিয়াভেলী আছিল পোন্ধৰ শতিকাৰ নৱ জাগৰণৰ সময়ৰ এগৰাকী কূটনীতিজ্ঞ, ৰাজনীতিজ্ঞ, ইতিহাসকাৰ, দাৰ্শনিক আৰু লিখক। ইটালীত সূত্ৰপাত হোৱা নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ বিচক্ষণ আৰু

Read more

পাশ্চাত্যৰ ইংৰাজী ভাষাৰ বোলছবি “The Shape Of Water” ৰ এটি পৰিচয়মূলক টোকা – বিকাশ দত্ত

প্ৰেম কেনেকুৱা আমি আছলতে কোনেও ভালদৰে নাজানো। প্ৰেমৰ সংজ্ঞাও বিভিন্ন। তথাপি গভীৰভাৱে চাবলৈ গ’লে প্ৰকৃততে প্ৰেমৰ সংজ্ঞা এটাই কিন্তু ধৰণ বেলেগ বেলেগ। যিদৰে সপ্তস্বৰৰ সাতোটাৰেই সুৰ তাল বেলেগ বেলেগ কিন্তু একেলগে শ্ৰুতিমধুৰ, তেনেদৰেই প্ৰেমৰ সংজ্ঞা বেলেগ বেলেগ হ’লেও প্ৰেম মানে আচলতে আৱেগ, অনুভূতি। সেই কথাটোৰ ওপৰতেই আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ ৷ ২০১৭ বৰ্ষত যেতিয়া “The Shape Of Water” য়ে মুক্তিলাভ কৰিছিল তেতিয়া হয়তো কোনেও ভবা নাছিল যে ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ কৰিব। কাৰণ Three Billboards Outside Ebbing Missouri, Darkest

Read more

এটুকুৰা আলসুৱা মেঘ- খগেশ সেন ডেকা

শৰৎ যাওঁ যাওঁ ৷ হেমন্ত ৰৈ আছে দুৱাৰডলিত ৷ আমি অসমীয়াই পিছে হেমন্ত ঋতুৰ কুহুমীয়া আহ্বান বৰকৈ অনুভৱ নকৰোঁ ৷ অসমীয়া সাহিত্যত হেমন্তৰ বৰ বিশেষ উল্লেখ বা আদৰো দেখা নাযায় ৷ যি আছে সেয়া যৎ সামান্য ৷ মহাপুৰুষজনায়ো বিভিন্ন উপমাৰে মনোমোহাকৈ “বৰ্ষা বৰ্ণন” আৰু “শৰৎ বৰ্ণন” কৰি থৈ গৈছে ৷ কিন্তু হেমন্ত বৰ্ণন অনুপস্থিত ৷ বাংলা সাহিত্যত অৱশ্যে হেমন্তৰ কিছু সমাদৰ দেখিছোঁ ৷ “বনলতা সেন”-ৰ কবি জীবনানন্দ দাশৰ “হেমন্ত আসিয়া গেছে”, হেমন্ত ঋতুৰ প্ৰতিচ্ছবি অংকিত এটা উৎকৃষ্ট কবিতা ৷ আচলতে

Read more

অসমীয়াৰ সংহতি আৰু সমন্বয় ৰক্ষাত মুছলমানৰ অৱদান- ডা০ ভূপেন শইকীয়া

মোৰ দুজন ভাল বন্ধুৰ কথাৰে লিখনিটোৰ পাতনি মেলিব খুজিছোঁ৷ প্ৰগতিশীল চিন্তাধাৰৰ বাহক সেই যুৱক দুজন হ’ল গুৱাহাটীৰ আবিদ আজাদ আৰু শিৱসাগৰৰ ফৰিদ আহমেদ ‘দুল’৷ যাৰ আদৰ্শ হ’ল – “মোৰ জন্ম এনে এখন সমাজত য’ত সংকীৰ্ণ জাতিভেদ নাই৷ ঈদত নতুন কাপোৰ লওঁ, বিহুতো লওঁ, দুৰ্গা পূজাতো লওঁ৷ হোলীও পাতোঁ, দেৱালীও পাতোঁ৷ সদায় গৌৰৱৰে কওঁ -‘আমি অসমীয়া’৷ মোৰ জনম শংকৰ-আজান ফকিৰৰ পৱিত্ৰ মিলন ভূমি “অসমত” য’ত তিলমানো সাম্প্ৰদায়িকতাৰ স্থান নাই৷” ইয়াৰ পিছতেই নাম ল’ম মোৰ এসময়ৰ প্ৰতিবেশী (সদ্যপ্ৰয়াত) ডা০ গৈ আহমেদ শ্বেখৰ৷

Read more

আধুনিক অসমৰ মঞ্চ আন্দোলন : অসমী গগৈ

যি সময়ত বিশ্বৰ বিভিন্ন ঠাইত নাটকৰ মঞ্চসজ্জা, মঞ্চ নিৰ্দেশনা বা মঞ্চ নীতিৰ বিভিন্ন ধাৰা গঢ় লৈ উঠাৰ লগতে সেইবিলাকৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হৈছিল, সেইসময়ত আমাৰ অসমত মঞ্চ আন্দোলনৰ বীজ ৰোপণ হৈছিলহে মাথোন। মঞ্চ নাটকৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন বয় বস্তু, নীতি নিৰ্দেশনা আদিক লৈয়ে অসমৰ নাট্যকাৰ তথা অভিনেতাসকল ব্যস্ত আছিল। উনবিংশ শতিকাৰ শেষলৈকে অৱশ্যে অসমত মঞ্চ আন্দোলনে গা কৰি উঠিব পৰা নাছিল। আনকি প্ৰাচীন লোকনাট্যসমূহো পৰিবেশিত হৈছিল মঞ্চহীন মুকলি পৰিবেশত। ইয়াৰ উদাহৰণ ওজাপালি আৰু অংকীয়া ভাওনাসমূহ। গুণাভিৰাম বৰুৱাই ৰামনৱমীৰে সূচনা

Read more

গজল: সঙ্গীতৰ এক যাদুকৰী পৰশ – সঞ্জীৱ মজুমদাৰ।

ঊৰ্দু সাহিত্যৰ আটাইতকৈ মনোমোহা তথা অভিন্ন অংগ হৈছে শ্বায়েৰী। শ্বায়েৰীৰ অৰ্থ হ’ল এক সাংগীতিক লয়যুক্ত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল এই শ্বায়েৰীসমূহ, যি মায়াজালে যুগ যুগ ধৰি মানুহক বিমুগ্ধ কৰি আহিছে। শ্বায়েৰীবোৰক ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু সুৰেৰে সমৃদ্ধ আৰু মননশীল প্ৰেমৰ কাব্যিক প্ৰকাশ এই শ্বায়েৰীবোৰ হৈ পৰে একো একোটা হৃদয়স্পৰ্শী গজল। শ্বায়েৰী আৰু ধ্ৰুপদী সঙ্গীতৰ সমন্বয়ৰ এক অপূৰ্ব অভিব্যক্তিৰ নিদৰ্শনেই হৈছে গজল। গজল

Read more

ভাষা-চিন্তাৰ ক্ৰমবিকাশ আৰু নৌম চমস্কীৰ ভাষা চিন্তা – খগেশ সেন ডেকা

ভাষা-চৰ্চাৰ চমু ইতিহাস পৰম্পৰাগত ধাৰা – পৃথিৱীৰ বুকুত মাত্ৰ দুটা জাতিয়ে বহু অতীজৰে পৰা সম্পূৰ্ণ স্বাধীনভাৱে ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়াৰ একোটাহঁত ঐতিহ্যমণ্ডিত পৰম্পৰাৰ সৃষ্টি কৰা দেখা গৈছে : পশ্চিমত গ্ৰীকসকল আৰু প্ৰাচ্যত ভাৰতীয়সকল ৷ প্ৰাচীন ভাৰতত যিদৰে বেদ-সম্পদৰ ভাষাৰ বিশুদ্ধতা ৰক্ষাৰ বাবে আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পূৰ্বে ভাষা-চিন্তাৰ উদ্ভৱ হৈছিল, গ্ৰীচ দেশতো তেনেদৰে প্ৰায় সমসাময়িকভাৱে মহাকবি হোমাৰৰ মহাকাব্যৰ ভাষাৰ সুসংৰক্ষণৰ চিন্তাৰে ভাষা-বিশ্লেষণ প্ৰক্ৰিয়াৰ উদ্ভৱ হৈছিল ৷ ৰক্ষণশীল দৃষ্টিভংগী দুয়ো পৰম্পৰাৰ ঘাই বিশেষত্ব হ’লেও, গ্ৰীক পৰম্পৰাৰ তুলনাত ভাৰতীয় আৰ্য সমাজৰ ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়া অধিক

Read more
1 17 18 19 20 21 27