ফটাঢোল

চাণক্য বনাম মেকিয়াভেলী – সঞ্জীৱ মজুমদাৰ

আজিৰপৰা প্ৰায় দুহেজাৰ তিনি শ বছৰৰ আগতে ভাৰতবৰ্ষত এগৰাকী অতি তীক্ষ্ণবুদ্ধি সম্পন্ন শিক্ষাগুৰু, ৰাজগুৰু, আইন প্ৰণেতা, কূটনীতিজ্ঞ, মানবতাবাদী আৰু অৰ্থনীতিবিদৰ জন্ম হৈছিল। এইজনা বিচক্ষণ তথা মহান ব্যক্তিয়েই ভাৰতৰ ইতিহাস ৰচনা কৰিছিল। তেখেতৰ নাম আছিল বিষ্ণুগুপ্ত ওৰফে চাণক্য বা কৌটিল্য।

আধুনিক যুগৰ ৰাজনীতি বিজ্ঞানীসকলে চাণক্যক প্ৰাচীন ভাৰতৰ মেকিয়াভেলী বুলি কয়। প্ৰসংগক্ৰমে এইখিনিতে মেকিয়াভেলীৰ বিষয়ে অকণমান জনাইছোঁ। চাণক্যৰ দৰেই নিকলো মেকিয়াভেলী আছিল পোন্ধৰ শতিকাৰ নৱ জাগৰণৰ সময়ৰ এগৰাকী কূটনীতিজ্ঞ, ৰাজনীতিজ্ঞ, ইতিহাসকাৰ, দাৰ্শনিক আৰু লিখক। ইটালীত সূত্ৰপাত হোৱা নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ বিচক্ষণ আৰু তীক্ষ্ণবুদ্ধি সম্পন্ন দাৰ্শনিক, ৰাজনীতিজ্ঞ, বুৰঞ্জীবিদ, আৰু কূটনীতিজ্ঞ আছিল মেকিয়াভেলি।

মেকিয়াভেলীৰ জন্ম হৈছিল ইটালীৰ ফ্লোৰেন্স চহৰত ১৪৬৯ খ্ৰীষ্টাব্দত, অৰ্থাৎ আজিৰপৰা ৫৫০ বছৰৰ আগত। আনহাতে চাণক্যৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৩৭১ চনত অৰ্থাৎ আজিৰপৰা ২৩৮৯ বছৰৰ আগত। অৰ্থাৎ মেকিয়াভেলী আৰু চাণক্যৰ জন্মৰ ব্যৱধান ঠিক ১৮৪০ বছৰ।

সমাজশাস্ত্ৰ, সাহিত্য, দৰ্শন, ধৰ্ম্ম, বিজ্ঞান আদি বিষয়ত পাৰদৰ্শী ভাৰতীয় মণীষীসকলে আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃতি তথা প্ৰকৃত প্ৰাপ্যৰপৰা সদায় বঞ্চিত হৈ আহিছে। চাৰি-পাঁচ হাজাৰ বছৰৰ আগতেই বিভিন্ন বিষয়ত বিশ্ববাসীক জ্ঞান-বিজ্ঞানৰ পোহৰ বিলোৱা ভাৰতীয় ঋষি-মুনিসকলে কেতিয়াও স্বীকৃতি নোপোৱাৰ দৰে চাণক্য‌ইও ব্যৱহাৰিক ৰাজনীতিৰ এগৰাকী বিচক্ষণ পণ্ডিত হৈয়ো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা পোৱাৰপৰা পিছ পৰি ৰ’বলগীয়া হ’ল।

একেদৰেই প্ৰায় ১৮৪০ বছৰৰ পিছত জন্মগ্ৰহণ কৰা মেকিয়াভেলীয়ে ইতিমধ্যে চাণক্য‌ই কৈ যোৱা কথাৰ সৈতে কিছু পৰিমাণে সাদৃশ্য থকা মতামত পোষণ কৰি আধুনিক ৰাজনীতি বিজ্ঞানৰ জনক বুলি আখ্যা লাভ কৰিবলৈ সক্ষম হ’ল। ১৮৪০ বছৰৰ আগতে জন্মগ্ৰহণ কৰি ব্যাৱহাৰিক ৰাজনীতি আৰু কূটনীতিৰ উৎকৃষ্ট প্ৰমাণ দি চন্দ্ৰগুপ্তৰ দৰে এগৰাকী অখ্যাত যুৱকক একচ্ছত্ৰী সম্ৰাট হিচাবে প্ৰতিষ্ঠা কৰাত অভূতপূৰ্ব অৰিহণা আগবঢ়াইও চাণক্য আধুনিক ৰাজনীতি বিজ্ঞানৰ জনক হ’ব নোৱাৰিলে। বিড়ম্বণা চাওক, মেকিয়াভেলীক আধুনিক চাণক্য বুলি কোৱা নহয়, অথচ চাণক্যক প্ৰাচীন কালৰ মেকিয়াভেলী বুলি কোৱা হয়।

চাণক্য আৰু মেকিয়াভেলীৰ মাজৰ এক তুলনামূলক পৰ্য্যালোচনাঃ

সাদৃশ্যঃ

১) চাণক্য আৰু মেকিয়াভেলী দুয়োগৰাকী আছিল ব্যৱহাৰিক (Pragmatist) ৰাজনীতিবিদ।

২) নিজৰ সমসাময়িক ৰাজনীতিৰ ওপৰত দুয়োৰে যথেষ্ট দখল আৰু জ্ঞান আছিল অপৰিসীম।

৩) ৰাজনৈতিক সিদ্ধান্তৰ ওপৰত দুয়োৰে অতুলনীয় জ্ঞান আছিল।

৪) চাণক্য আৰু মেকিয়াভেলী দুয়োগৰাকী আছিল উচ্চপৰ্য্যায়ৰ বাস্তৱবাদী।

৫) তেওঁলোকে ৰাজকাৰ্য্য আৰু শাসন প্ৰণালীত নৈতিকতাক কেতিয়াও আগস্থান নিদিছিল।

বৈসাদৃশ্যঃ

১) চাণক্যৰ তুলনাত মেকিয়াভেলীৰ চিন্তা আৰু কৰ্মক্ষেত্ৰৰ পৰিসৰ ঠেক আছিল। মেকিয়াভেলীৰ লিখনিসমূহ শাসনকৰ্তাৰ “ইণ্ষ্ট্ৰাকশ্বন মেনুৱেল”ৰ দৰে আছিল।

২) চাণক্য চতুৰ আছিল কিন্ত ক্ৰুৰ নাছিল। তেখেত মেকিয়াভেলীৰ তুলনাত মানবীয় গুণৰাজিৰে সমৃদ্ধ আছিল।

৩) চাণক্যৰ কৰ্মৰাজিৰ পৰিধি আছিল বিশাল। অকল শাসকৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজত সীমাৱদ্ধ নাথাকি তেওঁ সাম্ৰাজ্য পৰিচালনা, কূটনীতি, যুদ্ধ-বিগ্ৰহ, অৰ্থনীতি আৰু ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাবে জড়িত থাকি অভিভাৱক তথা নিৰ্ণায়কৰ ভূমিকা পালন কৰিছিল।

এক কথাত মেকিয়াভেলী আছিল এটা বিষয়ৰ ২০-২০ টা প্ৰশ্ন থকা এখন “কোৱেশ্বন্ বেঙ্ক”, যিখন পঢ়ি পৰীক্ষাত অকল উত্তীৰ্ণ হ’ব পাৰি, আনহাতে চাণক্যৰ জ্ঞানৰ কোনো পৰিসীমা নাছিল। চাণক্য আছিল কোনো এক বিষয়ৰ যেন চলমান পুথিভড়াঁল। এগৰাকী বিচক্ষণ ধাৰাভাষ্যকাৰ।

মেকিয়াভেলীয়ে বিভিন্ন সময়ত কোৱা অথবা তেখেতৰদ্বাৰা ৰচিত “দ্য প্ৰিন্স” নামৰ কিতাপখনত উল্লেখ কৰা টিপ্পণীসমূহলৈ মন কৰক :

আজিলৈকে বিপদৰ অবৰ্তমানত কোনো মহৎ কাৰ্য্য সম্পাদন হোৱা নাই।

কোনোবাই আপোনাক ভাল পোৱাতকৈও, ভয় কৰাটো বেছি নিৰাপদজনক।

এজন ৰাজকুমাৰৰ কাৰণে প্ৰতিজ্ঞা ভঙ্গ কৰিবলৈ কোনো ধৰণৰ বৈধ অজুহাতৰ অভাৱ নহয়।

ৰাজনীতিৰ সৈতে নৈতিকতাৰ কোনো সম্পৰ্ক নাই।

যিটো বস্তু ঠগি আয়ত্ব কৰিব পাৰি, বল প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাই।

জ্ঞানীসকলে একেবাৰতে কৰা কামটো মূৰ্খ‌ই সৰ্বশেষত কৰে।

মানুহক পাৰিলে সাধাৰণভাবে সন্মুখীন হোৱা উচিত আৰু নহ’লে একেবাৰে ধ্বংস কৰা উচিত, কাৰণ প্ৰায়েই দেখা যায় যে মানুহে সৰু সৰু আঘাতৰ বাবে প্ৰত্যাঘাত কৰে অথচ ডাঙৰ ডাঙৰ আঘাত মুখ বুজি সহ্য কৰে।

চিকাৰীয়ে পতা জাল চিনিব পৰাকৈ শিয়ালৰ দৰে ধূৰ্ত আৰু শিয়ালক ভীতিগ্ৰস্থ কৰিব পৰাকৈ সিংহৰ দৰে হ’ব লাগিব। অকল সিংহৰ দৰে হোৱাটো মূৰ্খামি।

মানুহে পিতৃ শোক পাহৰি যায়, কিন্তু পৈতৃক সম্পত্তি হেৰুওৱাৰ শোক নাপাহৰে।

যিজনে ঠগিব জানে, তেওঁ ঠগিব পৰা মানুহ কিছুমান বিচাৰি উলিয়াব‌ই।

আনহাতে চাণক্য‌ই বিভিন্ন বিষয়ৰ ওপৰত কৰা বিশেষ টিপ্পণীসমূহ মন কৰক যাৰ বাবে আজিৰ তাৰিখতো তেখেত এজন বহুচৰ্চিত ব্যক্তিৰ তালিকাত অন্তৰ্ভূক্ত :

সন্তুলিত মনৰ সমান কোনো তপস্যা বা আত্মসংযম নাই, আত্মসন্তুষ্টিৰ দৰে একো সুখ নাই, লোলুপতাৰ দৰে একো ৰোগ নাই আৰু দয়াৰ দৰে কোনো মানৱিক গুণ নাই।

পুথিগত জ্ঞান আৰু পৰহস্তগত ধন কেতিয়াও কোনো কামত নালাগে।

এই পৃথিৱীৰ প্ৰধান শক্তি হৈছে নাৰীৰ সৌন্দৰ্য্য আৰু যুৱশক্তি।

অশিক্ষিত মানুহৰ জীৱন কুকুৰৰ নেজডালৰ দৰে, পশ্চাদদেশ সম্পূ্ৰ্ণৰূপে ঢাকিবলৈ অপাৰগ আৰু ম’হ ডাঁহৰ কামোৰৰপৰাও ৰক্ষা নাপায়।

যদি কাৰোবাৰ স্বভাৱ ভাল হয় তেনেহলে অন্য গুণৰ প্ৰয়োজনেই বা কি? যদি কাৰোবাৰ প্ৰসিদ্ধি আছেই তেনেহ’লে অন্য আ-অলঙ্কাৰৰ প্ৰয়োজনেই বা কি?

এজন মানুহ অতি বেছি সৎ হোৱাতো উচিত নহয় কাৰণ পোন গছজোপা প্ৰথমতে কটা যায় আৰু একেদৰেই চিধা মানুহক হাৰাশাস্তি কৰা হয়।

যদি কোনো এডাল সাপৰ বিষ নাথাকেও তথাপি সি বিষধৰৰ ভাও জোৰা উচিত।

জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বীজ মন্ত্ৰ হৈছে, কাৰো সৈতে নিজৰ গোপন কথা আলোচনা নকৰিবা। ই তোমাৰ ধ্বংস আনিব।

সুগন্ধি ফুলৰ সৌৰভ মাথোঁ বতাহৰ দিশতহে বিয়পে কিন্তু গুণী মানুহৰ যশস্যা চাৰিওফালে বিয়পি পৰে।

জীৱনৰ প্ৰথম পাঁচ বছৰ বয়সলৈ আপোনাৰ সন্তানক অপৰিসীম মৰমেৰে ওপচাই দিয়ক। পৰৱৰ্তী পাঁচ বছৰ বয়সলৈ আপোনাৰ সন্তানক উপযুক্ত শাসন কৰক। ষোল্ল বছৰ বয়স অতিক্ৰম কৰাৰ পিছত আপোনাৰ সন্তানক বন্ধুৰ মৰ্যদা দিয়ক। আপোনাৰ উঠি অহা সন্তানগৰাকী আপোনাৰ পৰম মিত্ৰ।

এগৰাকী অন্ধ মানুহৰ বাবে আইনাৰ যি প্ৰয়োজন, এগৰাকী মূৰ্খৰ বাবেও কিতাপৰ প্ৰয়োজনো একেই।

শিক্ষা মানুহৰ পৰম মিত্ৰ। এগৰাকী শিক্ষিত মানুহে সকলোতে সন্মান লাভ কৰে। শিক্ষাই সৌন্দৰ্য্য আৰু যৌৱন দুয়োকে প্ৰতিহত কৰিব পাৰে।

নিজৰ পত্নী, জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজনীয় আহাৰ আৰু সৎ পথত থাকি কৰা উপাৰ্জন, এই তিনিওটা বিষয়কলৈ প্ৰত্যেকেই সন্তুষ্ট হোৱা উচিত। কিন্তু অধ্যয়ন, নিজৰ ইষ্ট দেৱতা অৰ্থাৎ ঈশ্বৰৰ নাম জপ আৰু দান, এই তিনিওটা বিষয়কলৈ কোনোৱেই সন্তুষ্ট হোৱা উচিত নহয়।

তোমাৰ দেহ সুস্থ আৰু নিজৰ নিয়ন্ত্ৰণত যেতিয়া থাকে, মৃত্যুও দূৰৈত থাকে আৰু এই অমূল্য সময়কণতেই আত্মাক সংৰক্ষণ কৰাত মনোনিবেশ কৰা উচিত কাৰণ মৃত্যু যিহেতু অাৱশ্যম্ভামি গতিকে পিছলৈ কৰিবলগীয়া কিবা থাকে জানো?

এগৰাকী মানুহ সাধাৰণ অৱস্থাৰপৰা স্বৰ্গীয় অৱস্থানলৈ উত্তৰণ হ’বলৈ হ’লে মানুহগৰাকী পৱিত্ৰ বাক্যৰ, পৱিত্ৰ মনৰ, পৱিত্ৰ অনুভূতিৰ আৰু দয়াৰে পৰিপূৰ্ণ এখন অন্তৰৰ গৰাকী হোৱাতো বাঞ্ছনীয়।

মানুহৰ জিভাখন হৈছে অমৃত বা হলাহলৰ প্ৰকৃত উৎসস্থল।

প্ৰত্যেক বন্ধুত্বৰ মাজত কিছু পৰিমাণৰ স্বাৰ্থ নিহিত হৈ থাকিব‌ই, স্বাৰ্থবিহীন বন্ধুত্ব কেতিয়াও সম্ভৱ নহয়। এইয়া এক তিতালগা সত্য।

এটা সাধাৰণ দোষৰ বাবে মানুহৰ মাজত থকা বহুতো গুণ তল পৰি যায়।

মূৰ্ত্তিৰ মাজত ঈশ্বৰ নাথাকে। তোমাৰ অনুভৱেই হৈছে ঈশ্বৰ আৰু তোমাৰ আত্মা হৈছে মন্দিৰ।

ভয় নামৰ বস্তুটো তোমাৰ ওচৰ চাপিলেই তাক আক্ৰমণ কৰা আৰু একেবাৰে নিৰ্মূল কৰা।

ফুলৰ আশা কৰা ব্যক্তিয়ে কেতিয়াও শুকান গছৰ গুৰিত পানী নাঢালে।

নিজৰ গোপন কথা কাৰো ওচৰত সদৰি নকৰিবা, তেনে কৰিলে তোমাৰ ধ্বংস অনিবাৰ্য্য।

কাইঁট আৰু দুষ্ট প্ৰকৃতিৰ মানুহৰপৰা পৰিত্ৰাণ পোৱাৰ মাথো দুটাই উপায় আছে, এটা হৈছে পদপিষ্ট কৰি চূৰ্ণ-বিচূৰ্ণ কৰি দিয়া অথবা এই দুয়োটাৰপৰা নিৰাপদ দূৰত্ব বজাই ৰখা।

আৰ্থিক অনাটনৰ সময়ত পত্নীক, প্ৰয়োজনৰ সময়ত বন্ধুক, বিপদৰ সময়ত আত্মীয়-স্বজন আৰু সুনিৰ্দিষ্ট কামৰ বাবে চাকৰক চিনিব পাৰি। এই ধৰণৰ সংকটজনক পৰিস্থিতিত সকলোৱে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে।

মানুহে সদায় সমপৰ্য্যায়ৰ লোকৰ সৈতে বন্ধুত্ব কৰা উচিত অৰ্থাৎ নিজতকৈ তলখাপৰ বা উচ্চখাপৰ লোকৰ সৈতে বন্ধুত্ব কেতিয়াও কৰা উচিত নহয় কাৰণ এই ধৰণৰ বন্ধুত্বৰপৰা কোনো সুখ পোৱা নাযায়।

অত্যাধিক সৌন্দৰ্য্যৰ বাবে ৰাৱণে সীতাক হৰণ কৰিছিল আৰু অত্যাধিক অহমিকাৰ বাবে ৰাৱণৰ পতন হৈছিল। অত্যাধিক দানবীৰ হোৱা বাবে বলি ৰজা সঙ্কটত পৰিছিল। গতিকে যিকোনো বিষয়ৰ “অত্যাধিক” সদায় বিপদজনক। মানুহে সদায় “অত্যাধিক”ৰপৰা আঁতৰি থকা উচিত।

চাণক্যৰ চিন্তন ক্ষমতা আৰু জ্ঞানৰ গভীৰতা জানিবলৈ, চাণক্য‌ই এবাৰ এজন ছাত্ৰ‌ই সোধা প্ৰশ্নৰ উত্তৰ মন কৰক।

ছাত্ৰ : বিহ কি?

চাণক্য : মানুহৰ জীৱনত প্ৰয়োজনতকৈ পোৱা অধিক যিকোনো বস্তুৱেই হৈছে বিহৰ দৰে। সেইয়া ক্ষমতা, সম্পত্তি, ক্ষুধা, অহমিকা, লালসা, আলস্য, প্ৰেম, আকাংক্ষা, ঘৃণা বা যিকোনো কিবা হ’ব পাৰে।

ছাত্ৰ : ভয় কি?

চাণক্য : অনিশ্চয়তাক অস্বীকাৰ কৰা মানেই হৈছে ভয়। যদি অনিশ্চয়তাক স্বীকাৰ কৰা হয় তেনেক্ষেত্ৰত ভয় হৈ পৰিব এক ৰোমহৰ্ষক অভিজ্ঞতা।

ছাত্ৰ : ঈৰ্ষা কি?

চাণক্য : বেলেগ এগৰাকী ব্যক্তি বিশেষৰ উৎকৰ্ষতাক অস্বীকাৰ কৰাটোৱেই হৈছে ঈৰ্ষা। উৎকৰ্ষতাক স্বীকাৰ কৰিলেই সেইয়া হৈ পৰিব অনুপ্ৰেৰণা।

ছাত্ৰ : খং কি?

চাণক্য : মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰ এক বিশেষ অনুভূতিৰ উগ্ৰ বহিঃপ্ৰকাশৰ নামেই খং। যদি ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় তেনেহ’লে সেইয়া হৈছে সহিষ্ণুতা।

ছাত্ৰ : ঘৃণা কি?

চাণক্য : কোনো এগৰাকী ব্যক্তিৰ অস্তিত্বক অস্বীকাৰ কৰাৰ আন এটা নাম হৈছে ঘৃণা। যদিহে ব্যক্তিগৰাকীক নিঃচৰ্তে স্বীকাৰ কৰা হয় তেনেহ’লে সেয়াই হৈছে প্ৰেম।

অৱশেষত মাৰিলেও মাৰক কাটিলেও কাটক, নাৰী বিদ্বেষী বুলিলেও উপায় নাই। চাণক্য‌ই নাৰী সম্পৰ্কে কোৱা বিশেষ কথা এষাৰ উল্লেখ নকৰি নোৱাৰিলো।

“এগৰাকী পুৰুষৰ তুলনাত নাৰী এগৰাকীৰ ভোজনৰ পৰিমাণ দুগুণ, বুদ্ধি বা চতুৰতাৰ পৰিমাণ চাৰিগুণ, সাহস প্ৰদৰ্শনৰ পৰিমাণ ছগুণ আৰু কামনাৰ পৰিমাণ আঠগুণ অধিক।”

☆★☆★☆

2 Comments

  • Asomi Gogoi

    বহুত কথা জানিব পাৰিলো। ভাল লাগিল।

    Reply
  • পুলিন দত্ত।

    কথা খিনি জানি বহুত ভাল লাগিল।
    জানিলো বুজিলোঁ।সছাই আচৰিত
    চান‍্যকৰ জ্ঞান।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *