গজল: সঙ্গীতৰ এক যাদুকৰী পৰশ – সঞ্জীৱ মজুমদাৰ।
ঊৰ্দু সাহিত্যৰ আটাইতকৈ মনোমোহা তথা অভিন্ন অংগ হৈছে শ্বায়েৰী। শ্বায়েৰীৰ অৰ্থ হ’ল এক সাংগীতিক লয়যুক্ত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল এই শ্বায়েৰীসমূহ, যি মায়াজালে যুগ যুগ ধৰি মানুহক বিমুগ্ধ কৰি আহিছে। শ্বায়েৰীবোৰক ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু সুৰেৰে সমৃদ্ধ আৰু মননশীল প্ৰেমৰ কাব্যিক প্ৰকাশ এই শ্বায়েৰীবোৰ হৈ পৰে একো একোটা হৃদয়স্পৰ্শী গজল। শ্বায়েৰী আৰু ধ্ৰুপদী সঙ্গীতৰ সমন্বয়ৰ এক অপূৰ্ব অভিব্যক্তিৰ নিদৰ্শনেই হৈছে গজল। গজল
Read more