ফটাঢোল

উদ্ভিদ আৰু মানৱ সভ্যতা – আইনুল হক

উদ্ভিদ আৰু মানৱ সভ্যতা অতিজৰে পৰা ইটোৱে সিটোৰ সু-সম্পৰ্ক। তাৰেই ঘাইকৈ তিনিটা দিশ আলোচনা কৰিলোঁ। সেইবোৰ ক্ৰমে _
-জৈৱিক (Biological)
-পৰিবেশীয় (Environmental)
–অৰ্থনৈতিক (Economic)

জৈৱিক হিচাপে – উদ্ভিদৰ প্ৰথম গুৰুত্বপূৰ্ণ মূল্যটোৱে হ’ল জৈৱিক মূল্য। আমাৰ পৃথিৱীখনত থকা উদ্ভিদসমূহে বাস্তৱতন্ত্ৰৰ(পৰিবেশতন্ত্ৰ) লগত জড়িত হৈ খাদ্যশৃংখলৰ জৰিয়তে শক্তিৰ প্ৰবাহ (Energy current or Energy wave) অক্ষুন্ন ৰাখিছে আৰু পৰিবেশতন্ত্ৰৰ উৎপাদনশীলতা বজাই ৰাখিছে।
পৃথিৱীখন একেলগে এটা ডাঙৰ পৰিবেশতন্ত্ৰ সেয়েহে কোনো এটুকুৰা ঠাইৰ পৰিবেশতন্ত্ৰৰ অৱনমনে পৃথিৱীৰ অন্য ঠাইৰ তন্ত্ৰক প্ৰভাৱ পেলায়।
যি প্ৰভাৱ আধুনিক যুগৰ কাৰিকৰী বিজ্ঞানে পৰিপূৰ্ণ কৰিব নোৱাৰে।
সেইবোৰ হ’ল_
* মাটি আৰু পানীৰ লগত অনবৰত জৈৱিক ক্ৰিয়া কৰি জৈৱ দ্ৰব্য উৎপাদন।
* মানুহ আৰু সমস্ত বন্য-প্ৰাণীৰ খাদ্য দ্ৰব্য যোগান।
* আশ্ৰয়স্থল।
পৰিবেশীয় হিচাপে – সমস্ত উদ্ভিদজগতে পৃথিৱীৰ পৰিবেশীয় ভাৰসাম্যতা অতি সুন্দৰকৈ পৰিচালনা কৰে যি পৰিচালনা আধুনিক যুগৰ কাৰিকৰী বিজ্ঞানে পূৰণ কৰিব নোৱাৰে।
সেইবোৰ হ’ল_
* গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ।
* বিশুদ্ধ বায়ু প্ৰদান।
* মাটিৰ স্থানীয়কৰণ ।
* কিছুমান মাৰাত্মক গেছ শোষণ।
* বৰষুণৰ ভাৰসাম্য ৰক্ষা।

অৰ্থনৈতিক হিচাপে – মানৱ জাতিয়ে অতীতৰ পৰা বৰ্তমানলৈকে আৰু ভৱিষ্যতেও অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰজাতিৰ ওপৰত নিৰ্ভৰশীল ।
যি নিৰ্ভৰশীলতা আধুনিক যুগৰ কাৰিকৰী বিজ্ঞানে পৰিপূৰণ কৰিব নোৱাৰে।
যেনে _
* খাদ্য ।
* মানুহৰ স্বাস্থ্য নিয়ন্ত্ৰণ।
* নিত্য ব্যৱহৃত আচ-বাবৰ মঙ্গল সাধন ।
* বৈজ্ঞানিক গুৰুত্ব।

মানৱ ইতিহাস অধ্যয়ন কৰি দেখা গৈছে যে প্ৰায় ৩,০০০ বিধ উদ্ভিদ প্ৰজাতিক খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়। মানুহৰ সু-স্বাস্থ্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উদ্ভিদে বিশেষ ভূমিকা লৈ আহিছে। ভাৰতীয় আয়ুৰ্বিজ্ঞান সন্থাই ৩৫১ উদ্ভিদ প্ৰজাতিক ঔষধি গছ হিচাপে আখ্যা দিছে। চীন দেশত প্ৰায় ৫,০০০ প্ৰজাতিক ঔষধি উদ্ভিদ হিচাপে চিনাক্তকৰণ কৰা হৈছে। উদ্ভিদৰ পৰা উলিওৱা ১১৯ বিধ ৰাসায়নিক দ্ৰব্য সমগ্র পৃথিৱীজুৰি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰোপৰি উদ্ভিদৰ বিভিন্ন গুৰুত্ব আছে । যেন –
* নন্দন তাত্বিক গুৰুত্ব (Aesthetic value)
* নীতিশাস্রীয় গুৰুত্ব (Ethical value)
* বিনোদনমূলক গুৰুত্ব (Rereational value)

এতিয়া এবাৰ ভাবি চাওক এই উদ্ভিদ বিলাকৰ ৰোপণ আৰু সংৰক্ষণত আমাৰ মানৱ সমাজৰ কেনেকুৱা গুৰুত্ব দিয়া উচিত। এতিয়া আপুনি নাভাবিব যে মই এজন উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হিচাপে আপোনাক জ্ঞান দি আছোঁ, এয়া কাৰোবাৰ পৰা জানিব লগা জ্ঞান নহয় এয়া আপুনি নিজেই জ্ঞাত গতিকে মই এজন প্ৰকৃতিৰ প্ৰেমিক হিচাপে আপোনাক এবাৰ ভাবি চাবলৈ অনুৰোধ কৰিছোঁ।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *